Page Nav

HIDE

Grid

GRID_STYLE

Pages

Classic Header

{fbt_classic_header}

Header Ad

Breaking News

latest

ন্যায়ৰ অপেক্ষাত দুগৰাকী উদীয়মান যুৱকৰ পৰিয়াল

প্ৰতি শ্ৰু তিবদ্ধ ছহীদ আজমী আৰু তৰুণ ছাত্ৰ নেতা লাফিকুলৰ হত্যা ছফিউল ইছলাম লাফিকুল ইছলাম আহমেদৰ হত্যাকাৰীক আজিও আৰক্ষী প্ৰ...

প্ৰতিশ্ৰুতিবদ্ধ ছহীদ আজমী আৰু তৰুণ ছাত্ৰ নেতা লাফিকুলৰ হত্যা

ছফিউল ইছলাম


লাফিকুল ইছলাম আহমেদৰ হত্যাকাৰীক আজিও আৰক্ষী প্ৰশাসনে গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে স্মাৰ্ট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে নে গ্ৰেপ্তাৰ কৰিবলৈ অনিচ্ছুক তাক এতিয়াই নোৱাৰি এনেকুৱাও পাৰে যে কেঁচু খান্দিবলৈ গৈ সাপ ওলোৱাৰ ভয়তে আৰক্ষীয়ে অপৰাধী ধৰাত তাপ মাৰিলে ৰৌ-বৰালি জালত পৰাৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি, কাৰণ উক্ত হত্যাকাণ্ডত কোকৰাঝাৰৰ তদানিন্তন আৰক্ষী অধীক্ষক ৰাজেন সিঙৰ নাম সাঙুৰ খাই আছে

দেশত ছাত্ৰ নেতা বা দুখীয়াৰ হকে কাম কৰা, ন্যায়ৰ পৰা উপেক্ষিত লোকৰ হৈ কাম কৰা লোকক বা কৰ্মীক হত্যা এইটোৱে প্ৰথম নহয় ইয়াৰ পূৰ্বে এনে বহুতো তৰুণ যুৱকক ৰহস্যময় কাৰণত হত্যা কৰা হৈছে তাৰ ভিতৰত ছহীদ আজমীৰ হত্যাকাণ্ডই সমগ্ৰ দেশক জোকাৰি গৈছিল লাফিকুলৰ দৰেই আন এজন দৰিদ্ৰৰ বন্বুূ, ভুক্তভোগীৰ ন্যায়ৰ বাবে জীৱন পাত কৰা তৰুণ যুৱক, মানৱাধিকাৰ কৰ্মী ছহীদ আজমীক আততায়ীয়ে সন্ধিয়া সময়ত নিজ কাৰ্যালয়ত গুলীয়াই থকা-সৰকা কৰিছিল তেওঁৰ অপৰাধ আছিল নিৰীহ, নিৰপৰাধী আৰু নিৰ্দোষী তেজাল যুৱকৰ হৈ আইনী যুঁজত অৱতীৰ্ণ হৈছিল লাফিকুল ইছলামৰ লগত ছহীদ আজমীৰ জীৱন সংগ্ৰাম আৰু মৃত্যুৰ ঘটনাৰাজীৰ এক সাংঘাতিক মিল আছে

1977 চনত মহাৰাষ্ট্ৰৰ মুম্বাইৰ বস্তি অঞ্চল শিৱাজীনগৰত জন্ম গ্ৰহণ কৰা ছহীদ আজমী মাত্ৰ 16 বছৰ বয়সতে 1992 চনৰ মুম্বাইৰ সাম্প্ৰদায়িক সংঘৰ্ষৰ বলি হৈছিল 1992 চনৰ 6 ডিছেম্বৰত বাবৰি মছজিদ ধবংসক কেন্দ্ৰ কৰি সংঘটিত সাম্প্ৰদায়িক সংঘৰ্ষৰ সময়ত আজমীয়ে স্বচক্ষে প্ৰত্যক্ষ কৰিছিল কেনেদৰে আৰক্ষীয়ে মুছলমান সম্প্ৰদায়ৰ ওপৰত বৰ্বৰ আক্ৰমণ চলাইছিল এটা সময়ত সেই বৰ্বৰ আক্ৰমণে ছহীদ আজমীক বিচ্ছিন্নতাবাদী সংগঠনত যোগ দিয়াৰ বাবে প্ৰেৰিত কৰিছিল প্ৰেৰিত কৰাই নহয়, সেই আক্ৰমণৰ পোতক তুলিবলৈ ছহীদ আজমীয়ে পাক-অধিকৃত কাশ্মিৰত বিচ্ছিন্নতাবাদী সংগঠনৰ শিবিৰত যোগ দিয়ে টাইমছ অৱ ইণ্ডিয়াত প্ৰকাশিত এক সাক্ষাৎকাৰত ছহীদ আজমীয়ে বৰ্ণনা কৰিছিল তাত কেনেদৰে মুছলমানক শীতল মস্তিষ্কৰে হত্যা কৰা হয় সেই দৃশ্যবোৰে প্ৰায়ে ছহীদ আজমীক আমনি কৰাৰ লগতে মনত তীব্ৰ অসন্তুষ্টিৰ ভাৱ জগাই তুলিছিল আৰু তাৰ পৰিণামস্বৰূপেই ছহীদ আজমীয়ে বিচ্ছিন্নতাবাদত যোগ দিছিল বুলি তেওঁ নিজে উল্লেখ কৰিছিল কিন্তু সেই সংগঠনসমুহৰ নীতি আদৰ্শৰ লগত ছহীদৰ নিমিলাত নিজৰ ভুল উপলব্ধি কৰি নিজ গৃহলৈ উভতি আহে

ঘৰৰ ৰা ঘৰলৈ উভতি আহিল বুলি কি · মুম্বাই আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে গভীৰ ষড়যন্ত্ৰ ৰচনা কৰি 1994 চনত গ্ৰেপ্তাৰ কৰে অপৰাধ শিৱসেনাৰ মুৰববী বাল থাকৰেক হত্যাৰ ভয়াৱহ ষড়যন্ত্ৰ গ্ৰেপ্তাৰ কৰাৰ পিছত অমানৱীয় নিৰ্যাতন চলায় আৰু প্ৰাণৰ মমতাত কেতিয়াও নকৰা অপৰাধ স্বীকাৰ কৰে ছহীদে টাডাৰ অধীনত গ্ৰেপ্তাৰ কৰি দিল্লী আৰক্ষীৰ বিশেষ শাখাই লোধী ৰোডত চলোৱা নিৰ্যাতন আছিল অসহনীয় পিছলৈ ছহীদ আজমীক আদালতে 5 বছৰ কাৰাদণ্ড বিহে

কাৰাগাৰৰ অন্ধ কুঠৰীত ছহীদ আজমীৰ মন উদাসীনতা আৰু হতাশাই যদিও আচ্ছন্ন কৰি পেলাইছিল, তথাপিও অদম্য সাহস আৰু অসীম ধৈৰ্য্যৰে শৈক্ষিক জীৱন আৰম্ভ কৰে কাৰাগাৰতে আজমীয়ে দ্বাদশ আৰু স্নাতক ডিগ্ৰী অৰ্জন কৰাৰ পিছত সৃজনীশীল লেখনি পাঠ্যক্ৰমত স্নাতকোত্তৰ মহলাত সুখ্যাতিৰে উত্তীৰ্ণ হয় 2001 চনত কাৰাবাস সমাপ্ত কৰি উঠি আইন বিষয়ত স্নাতকোত্তৰ আৰু সাংবাদিকতা অধ্যয়ণ কৰে

সন্ত্ৰাসবাদৰ কলংক কপালত লৈ অৱশেষত জীৱন সংগ্ৰামত নামি পৰে ছহীদ আজমী সাংবাদিকতাৰে আনুষ্ঠানিক কৰ্মজীৱন আৰম্ভ কৰি ছহীদ আজমীয়ে তেতিয়াৰ মুম্বাইৰ প্ৰখ্যাত আইনজীৱী মজীদ মেমনৰ অধীনত মাত্ৰ 2000 টকাৰ জলপানিত কিছুমাহ আইনৰ অনুশীলন কৰে সাংবাদিকতাৰ পৰা অব্যাহতি লৈ ছহীদ আজমী নামি পৰিল মুছলিম যুৱকৰ ওপৰত ৰাষ্ট্ৰ যন্ত্ৰই চলোৱা দমন নিপীড়নৰ বিৰুদ্ধে আইনী যুঁজত সন্ত্ৰাসবাদ নিৰোধক আইন, 2002 চমুকৈ টাৰ অধীনত গ্ৰেপ্তাৰ কৰা মুছলিম যুৱকৰ হৈ ওকালতি আৰম্ভ কৰিছিল বিভিন্ন লা আইনৰ অধীনত কাৰাগাৰত ইঁতৰ জীৱন কটোৱা বলিৰ পঠা মুছলিম যুৱকৰ বাবে আইনী সাহাৰ্য আগবঢ়োৱা মুম্বাইৰ স্বেচ্ছাসেৱী সংগঠন আৰু জমিয়ত-- উলেমা হিন্দৰ হৈ ছহীদ আজমীয়ে আইনী সেৱা আগবঢ়াইছিল

অতি কম দিনৰ ভিতৰতে ছহীদে এক বৃহৎ সাফল্য লাভ কৰিলে 2002 চনত ঘাটকপাৰ বাছত সংঘটিত বোমা বিস্ফোৰণৰ গোচৰত আৰিফ পানৱালাক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে কেৱল এয়াই নহয় তেওঁক মূল অভিযুক্ত কৰি শপতনামা দাখিল কৰিছিল আল্লাহক সাৰথি কৰি এনে এক গোচৰ হাতত লৈ কঠোৰ সাধনাৰে ছহীদে ন্যায়িক যুক্তি আগবঢ়োৱাত আদালতে আৰিফ পানৱালাক তথ্য-প্ৰমাণৰ অভাৱত মুকলি কৰি দিছিল কেৱল সেয়াই নহয়, পানৱালাৰসহ অভিযুক্ত অন্যান্য 8 জনকো মোকলাই দিবলগীয়া হৈছিল এয়া আছিল ছহীদ আজমীৰ বাবে প্ৰথমটো সফলতা উক্ত সফলতা কেৱল আৰিফ পানৱালাক মুক্তি দিয়াই নাছিল, বৰঞ্চ টা নামৰ লা আইনখন পুনৰ সংশোধন কৰিবলগীয়া হৈছিল

এই সফলতাত ছহীদ আজমী অধিক সামাজিকভাৱে দ্বায়বদ্ধ হৈ পৰিল ছহীদ আজমীয়ে এটাৰ পিছত এটা সন্ত্ৰাসবাদীৰ গোচৰ মূৰ পাতি লে তাৰ ভিতৰত 9/11 মুম্বাই লোকেল Îট্ৰইনত সংঘটিত বোমা বিস্ফোৰণ, 2006 চনৰ ঔৰংগাবাদ অস্ত্ৰ সৰবৰাহ আৰু একেবছৰৰে মালেগাওঁ বোমা বিস্ফোৰণৰ গোচৰ উল্লেখযোগ্য উক্ত গোচৰ সমুহত মহাৰাষ্ট্ৰ সংগঠিত অপৰাধ নিয়ন্ত্ৰণ অধিনিয়ম চমুকৈ এমকোকা জাপি দিয়াৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰে কিন্তু আদালতে সেই আবেদন খাৰিজ কৰে 2008 চনত উচ্চতম ন্যায়ালয়ে তিনিটা বিচাৰ প্ৰক্ৰিয়া স্থগিত কৰে একে বছৰৰে জ্জ্ব জুলাইত ছহীদ আজমীয়ে উচ্চ নায়ালয়ত আবেদন দাখিল কৰি 7/11ৰ মুম্বাই বিস্ফোৰণৰ অভিযুক্তক আৰ্থাৰ ৰোড কাৰাগাৰত অমানুষিক অত্যাচাৰ চলোৱাৰ অভিযোগ কৰে এই আবেদন গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ে উক্ত অভিযোগৰ তদন্ত কৰিবলৈ এক সমিতি গঠন কৰি দিছিল উক্ত সমিতিৰ তদন্তত ছহীদ আজমীয়ে অনা অভিযোগৰ সত্যতা প্ৰমাণিত হৈছিল চ্ছযৰৰৰ আক্ৰমণৰ অভিযুক্ত ফাহিম আনছাৰীৰ গোচৰ হাতত লৈছিল ছহীদ আজমীয়ে ফাহিম আনছাৰী নিৰ্দোষী প্ৰমাণিত হৈ শেষ পৰ্যায় পাইছিল ঠিক তাৰ পূৰ্বে ছহীদ আজমীক হত্যা কৰা হৈছিল 2012 চনৰ 18 আগষ্টত ফাহিম আনছাৰীক উচ্চতম ন্যায়ালয়ে তথ্য প্ৰমাণৰ অভাৱত সসন্মানে মুকলি কৰি দিয়ে 7 বছৰীয়া ক্ষুদ্ৰ কৰ্মজীৱনত ছহীদ আজমীয়ে মুঠ 17টা গোচৰত ভূৱা অভিযোগত অভিযুক্ত মুছলিম যুৱকক মুকলি আকাশৰ তলত অহাৰ সুবিধা কৰি দিছিল

এইখিনিতে উল্লেখ কৰিব পাৰি যে সন্ত্ৰাসবাদৰ গোচৰত মুছলমান যুৱকৰ হৈ ওকালতি কৰাৰ বাবে ছহীদ আজমীৰ জীৱনলৈ মৃত্যুৰ ভাৱুকি আহিছিল কাৰণ মুছলিম যুৱকক বলিশালত তুলিবলৈ কৰা চক্ৰান্তৰ বিৰুদ্ধে ছহীদ আজমীৰ অৱস্থানে ষড়যন্ত্ৰকাৰীৰ ভেঁটি কঁপাই দিছিল তাৰোপৰি, যিসময়ত হিন্দু সন্ত্ৰাসবাদী সংগঠনৰ ভয়ত বহু মুছলিম অধিবক্তাই নিৰ্দোষী যুৱকৰ হৈ ওকালতি কৰিবলৈ এৰি দিছিল, সেই সময়ত ছহীদ আজমীয়ে বিনা পইচাত সাহাৰ্য্য আগবঢ়াইছিল সান্দহ খোৱা ভেঁটি তল যোৱাৰ ভয়তে ছহীদ আজমীকে লক্ষ কৰি লৈছিল ছহীদ আজমী মুম্বাই আৰক্ষী, চোৰাংচোৱা সংস্থাৰ মূৰৰ কামোৰণি হৈ পৰিছিল সেয়ে 2006 চনত স্থানীয় আদালতত নিৰাপত্তা বিচাৰি আবেদন কৰিছিল যদিও আদালতে নাকচ কৰিছিল

ছহীদ আজমীয়ে নিৰ্দোষী মুছলিম যুৱকসকলক উদ্ধাৰৰ নামত কোনো ধৰণৰ পাৰিতোষিক লোৱা নাছিল আনকি বহু ক্ষেত্ৰত নিজৰ গাঁঠিৰ ধন ভাঙি নিৰীহ যুৱকৰ হৈ আইনী যুঁজত অৱতীৰ্ণ হৈছিল এই কাৰ্যকলাপ ষড়যন্ত্ৰকাৰীবোৰে ভাল নাপাইছিল

2010 চনৰ এক সন্ধিয়া বোম্বে উচ্চ ন্যায়ালয়ৰ পৰা কৰ্ম সম্পাদন কৰি আহি ছহীদ আজমীয়ে কানি-কাপোৰ খুলি আছিল মাতৃ ৰেহেনা আজমীয়ে পুত্ৰৰ বাবে একাপ চাহ বনোৱাত ব্যস্ত আছিল তেনেতে ছহীদ আজমীৰ বাইলত ফোন আহে সিমুৰৰ পৰা তেওঁৰ ব্যক্তিগত সহায়ক ইন্দৰে লে কেইজনমান লোকে তেওঁক লগ পাবলৈ আহিছে ছহীদ আজমীয়ে ইন্দৰক মানুহখিনিক পিছদিনা আহিবলৈ লে কাৰণ এইমাত্ৰ তেওঁ ঘৰ সোমাইছে প্ৰত্যুত্তৰত সহায়কজনে লে যে তেওলোকৰ কিবা জৰুৰী কাম আছে গ্ৰাহকৰ প্ৰতি থকা দ্বায়বদ্ধতাৰ বাবেই পুনৰ যাবলৈ ওলোৱাত মাকে চিঞৰি লে –‘বেটা চায় তো পিতা যা’ ‘আম্মী অভি আতা হুবুলি কৈ ওলাই যোৱা আদৰৰ পুত্ৰ আৰু কোনো দিনেই ঘৰলৈ উভতি নাহিল সিদিনা সন্ধিয়া মুম্বাইৰ কুৰ্লাস্থিত টে’ক্সীমেন কলনীৰ তেওঁৰ কাৰ্যালয়ত কোনোবা অচিনাক্ত বন্দুকধাৰীয়ে গুলীয়াই থকা সৰকা কৰে ছহীদ আজমীক

ছহীদ আজমীক হত্যাৰ অভিযোগত ভাৰত নেপালী গেঙৰ সদস্য দেবেন্দ্ৰ বাবু জগতাপ ওৰফে জেডি পিণ্টু দেওৰাম দাগাল, ভিনোদ যশৱন্ত ভিচাৰে আৰু হাছমুখ ছোলাংকাক গ্ৰেপ্তাৰ কৰিছিল কিন্তু আৰক্ষীয়ে তথ্য-প্ৰমাণ লুকুৱাৰ ভৰপুৰ চেষ্টা চলালে আদালতে অভিযুক্তৰ বিৰুদ্ধে সন্ত্ৰাসবাদ নিৰোধক আইনৰ ধাৰা প্ৰয়োগৰ যুক্তিযুক্তা নাপালে ফল স্বৰূপে অভিযুক্তৰ বিৰুদ্ধে থকা এমকোকা(এমচিঅচিএ) গোচৰ প্ৰত্যাহাৰ কৰে আনকি আৰক্ষীয়ে ছহীদ আজমীৰ হত্যাত ব্যৱহৃত অস্ত্ৰৰ বৈজ্ঞানিক পৰীক্ষাও নকৰিলে অভিযুক্তসকলে 50,000 টকাৰ জামিনত মুকলি হৈ স্বাভাৱিক জীৱন অতিবাহিত কৰিছে আজিলৈ সেই গোচৰৰ পৰিণাম পোহৰলৈ নাহিল কোন দোষী, কোন দায়ী একো গমকে নাপালে পৰিয়ালে

সেই সময়ত ছহীদ আজমীৰ হত্যাৰ ঘটনা ইমানেই চৰ্চা হৈছিল যে চিনেমা জগতে উক্ত ঘটনাৰ আধাৰত চিনেমা নিৰ্মাণ কৰিবলৈ এক গভীৰ ক্লাইমেবিচাৰি পালে প্ৰযোজক অনুৰাগ কাশ্যপ আৰু পৰিচালক হানছাল মেহতাৰ নিৰ্দেশনাত চ্ঙ্মৰ3 চনত মুক্তি লাভ কৰে ছহীদ আজমীৰ জীৱনৰ ওপৰত নিৰ্মিত বায়পিকছহীদ উক্ত হিন্দী ছবিখন 2012 চনত টৰ’ণ্ট আন্তঃৰাষ্ট্ৰীয় ফিল্ম ফেষ্টিভেলত প্ৰদৰ্শন কৰাত ব্যাপক প্ৰশংসা পাবলৈ সক্ষম হৈছিল

ছহীদ আজমী ন্যায় ভাল পাইছিল, ন্যায়ৰ বাবে জীয়াই আছিল আৰু ন্যায়ৰ বাবে মৃত্যুক আকোঁৱালী লৈছিল কিন্তু দূৰ্ভাগ্য যে আজিও  ছহীদ আজমীৰ পৰিয়াল ন্যায়ৰ পৰা বঞ্চিত হৈ আছে পুত্ৰৰ মৃত্যুৰ শোকত ম্ৰিয়মাণ মাতৃয়ে চকুলো টুকি কৈছিল–‘আল্লাহ কে ঘৰ মে দেৰ হে, অনদেৰ নেহী হে, ন্যায় ইহা নেহী মিলা লেকিন ওহা জৰুৰ মিলেগাএতিয়া প্ৰশ্ন ছহীদ আজমীৰ মাতৃ ৰেহেনাই ন্যায়ৰ বাবে চিৰদিন অপেক্ষা কৰিব লাগিব নে ভাৰতীয় ন্যায় ব্যৱস্থাই তেওঁক পুত্ৰৰ হত্যাকাৰীৰ শাস্তি দিব৷

যি কি নহওক ছহীদ আজমীৰ জীৱন আছিল আমেৰিকাৰ আচামী পক্ষৰ অধিবক্তা বেৰিষ্টাৰ ৰয় ব্লেকৰ মন্তব্যৰ জীৱন্ত সাক্ষী ৰয় ব্লেকে কৈছিলBy showing me injustice, he taught me to love justice. By teaching me what pain and humiliation were all about, he awakened my heart to mercy.

ছহীদ আজমীৰ দৰেই লাফিকুল ইছলাম আহমেদক হত্যা কৰা লাফিকুল ইছলামে যে ন্যায় পাব সেয়া সদূৰপৰাহত মুখ্যমন্ত্ৰী, হাগ্ৰামাৰ আশ্বাসৰ পিছতো আজিও ছাত্ৰনেতা গৰাকীৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে পৰিয়ালটো ন্যায়ৰ পৰা উপেক্ষিত হৈ মুছলিম সন্ত্ৰাসবাদীৰ খবৰ ছেকেণ্ডৰ ভিতৰতে পোৱা অসম আৰক্ষী, চোৰাংচোৱা বিভাগে আজিলৈ হত্যাকাৰীৰ সন্ধান নোপোৱাৰ আৰঁত গভীৰ ৰহস্য লুকাই আছে আৰক্ষী অধীক্ষক ৰাজেন সিঙৰ বিৰুদ্ধে উঠা অভিযোগে এই কথাক আৰু অধিক ৰহস্যৰ পিনে ঠেলি দিছে জনগোষ্ঠীটোক আগুৱাই নিয়াত সংখ্যালঘু সংগঠনসমুহৰ ভুমিকা আওকান কৰিব নোৱাৰি মুম্বাই বিস্ফোৰণৰ অভিযুক্ত ইয়াকুব মেমনক ফাঁচি দিয়াৰ সময়ত চৰকাৰী পক্ষৰ উকিলে যুক্তি দৰ্শাই কৈছিল যে অপৰাধীক শাস্তি বিহাটো ৰজাৰ ৰাজধৰ্ম সেই একেষাৰ কথা লাফিকুল বা ছহীদ আজমীৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়নে· বিজেপি চৰকাৰে ৰাজধৰ্ম পালন কৰিবনে· 

ফোন নংঃ 9401248510

ই-মেইলঃ safiulislams@gmail.com

আপোনালোকে যদি নিৰপেক্ষ সাংবাদিকতাক উৎসাহিত কৰিব বিছাৰে তেন্তে তলৰ যিকোনো মাধ্যমৰ জৰিয়তে যোগাযোগ কৰিব পাৰে৷

Facebook: www.facebook.com/safiulIslam

Twitter : https://twitter.com/safiulislams

Instagram: https://www.instagram.com/safiulislams

Youtube: https://www.youtube.com/safiulislams

Join for membership https://www.youtube.com/channel/UCeLyEEfILhXgWCU32WvAhhg/join

Patreon: https://www.patreon.com/safiulislams

No comments