
SAFIUL ISLAM
ছফিউল ইছলাম দৈনিক গণ অধিকাৰ কাকতৰ জ্যেষ্ঠ উপ-সম্পাদক, দিশপুৰ জাতীয় বিদ্যালয়ৰ সহকাৰী শিক্ষক হিচাপে বৰ্তমান কাৰ্যৰত৷ ইয়াৰ উপৰি অসমৰ বিভিন্ন কাকত আলোচনী আদিত সমসাময়িকভাৱে বিভিন্ন লেখা লেখি আহিছে৷
জ্ঞান সম্ভাৰ, নিয়মীয়া বাৰ্তা, আমাৰ অসম, অসমীয়া খবৰ, সাপ্তাহিক মুজাহিদ, শিৱসাগৰৰ পৰা প্ৰকাশিত আজানপীৰ, হিদায়ৎ, ডবাক, প্ৰতিশ্ৰুতিৰ উপৰি চিন্তা মঞ্চৰ পৰা প্ৰকাশিত কবিতা পুথি, পাঁচমাইল হাই মাদ্ৰাছাৰ আলোচনীকে আদি কৰি অসমৰ সৰু বৰ বিভিন্ন আলোচনীত লেখা প্ৰকাশিত হৈছে৷ ৰেডিঅ’ তেহৰান আৰু কেৰালাৰ সুপ্ৰভাত কাকতত সাক্ষাৎকাৰ প্ৰকাশ হয়৷
এছ’ছিয়েচন ফৰ প্ৰটেক্সন অৱ ছিভিল ৰাইটচৰ অসমৰ সহকাৰী সাধাৰণ সম্পাদক আৰু ব্ৰহ্মপুত্ৰ চিভিল ছ’ছাইটিৰ সদস্য হিচাপে বৰ্তমানো কৰ্মৰত৷
সাপ্তাহিক মুজাহিদৰ উপ-সম্পাদক হিচাপে কৰ্মজীৱন আৰম্ভ কৰা ছফিউল ইছলাম মাহেকীয়া হিদায়ৎ আলোচনীৰ মুখ্য সম্পাদক হিচাপেও কিছুদিন সেৱা আগবঢ়াইছিল৷
কলেজীয়া দিনতে ছাত্ৰ ৰাজনীতিৰ লগত জড়িত হৈ পৰা ছফিউল ইছলাম প্ৰথমে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ তেজপুৰ পূৰ্বাঞ্চল সমিতিৰ সাধাৰণ সম্পাদক আৰু পিছলৈ ষ্টুডেণ্টছ ইছলামিক অৰ্গেনাইজেশ্বন অৱ ইণ্ডিয়াত যোগদান কৰে৷
ষ্টুডেণ্টছ ইছলামিক অৰ্গেনাইজেশ্বন অৱ ইণ্ডিয়াৰ অসম শাখাৰ ৰাজ্যিক সম্পাদক হিচাপে প্ৰথমে কাৰ্যনিৰ্বাহ কৰাৰ পিছত ২০০৬ চনত অসমৰ ৰাজ্যিক সভাপতি হিচাপে নিৰ্বাচিত হয়৷
১৯৮৪ চনত শোণিতপুৰ জিলাৰ খলিহামাৰীত জন্ম গ্ৰহণ কৰা ছফিউল ইছলাম পেছাত এগৰাকী সাংবাদিক আৰু শিক্ষক৷ বৰঘাট ফখৰ উদ্দিন আলি আহমেদ মধ্য-ইংৰাজী বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত পাঁচমাইল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা দ্বাদশ শ্ৰেণী সফলতাৰে পাৰ হয়৷২০০৫ চনত তেজপুৰ মহাবিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞান বিষয়ক গুৰু বিষয় হিচাপে লৈ স্নাতক উত্তীৰ্ণ হয়৷
পিতৃ জয়নাল আবেদিন আৰু মাতৃ ছকিনা খাতুন৷
মাদ্ৰাছাৰ শিক্ষকৰ যোগ্যতা নিৰূপক পৰীক্ষা চমুকৈ এমটেট ২০১৫ত আৰু ২০১৯ত চিটেট উত্তীৰ্ণ৷
ষ্টুডেণ্টছ ইছলামিক অৰ্গেনাইজেশ্বন অৱ ইণ্ডিয়াৰ অসমৰ সভাপতি হিচাপে ভাৰতৰ ৰাজস্থান, পশ্চিমবংগ, কেৰালা, তামিলনাডু, ঝাৰখণ্ড, মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, উত্তৰ-প্ৰদেশ, বিহাৰ, দিল্লী আদিত অনুষ্ঠিত বিভিন্ন সভা আৰু অধিৱেশনত অসমক প্ৰতিনিধিত্ব কৰিছিল৷
সামাজিক মাধ্যমত সক্ৰিয় ছফিউল ইছলাম ফেচবুক, টুইটাৰ, ইউটিউব, ইনষ্টাগ্ৰাম আৰু ব্যক্তিগত ৱেবছাইট আছে৷
Social Media Presents:
E-mail ID : safitech.ghy@gmail.com
safiulislams@gmail.com
Facebook: www.facebook.com/safiulIslam
Twitter : https://twitter.com/safiulislams
Instagram: https://www.instagram.com/safiulislams
Youtube: https://www.youtube.com/safiulislams
Join for membership https://www.youtube.com/channel/UCeLyEEfILhXgWCU32WvAhhg/join
Patreon: https://www.patreon.com/safiulislams