Page Nav

HIDE

Grid

GRID_STYLE

Pages

Classic Header

{fbt_classic_header}

Header Ad

Breaking News

latest

ভৰা-শিঙৰী-গৰুডুবা উচ্ছেদঃ কাৰ ষড়যন্ত্ৰৰ বলি ফৰিদ, শ্বহিদুল, আৰিফ আৰু ইলিয়াছ

মোগল আৰু সভ্যতাৰ যুঁজত বিধ্বস্ত হোচনাৰা, শ্বুৰা মহম্মদ আৰু ৰাছিদা ছফিউল ইছলাম ‘আমাৰ ঘৰত সিহঁতে প্ৰথমে কোৰোনা বুলি প’ষ্টাৰিং কৰে, তাৰ পিছত পু...

মোগল আৰু সভ্যতাৰ যুঁজত বিধ্বস্ত হোচনাৰা, শ্বুৰা মহম্মদ আৰু ৰাছিদা

ছফিউল ইছলাম


‘আমাৰ ঘৰত সিহঁতে প্ৰথমে কোৰোনা বুলি প’ষ্টাৰিং কৰে, তাৰ পিছত পুৱা ৮ বজাত জেচিবি লগোৱাৰ সময়ত মোৰ পিতৃ মূৰ্ছা যায়। এফালে মোৰ পিতৃক ততাতৈয়াকৈ চিকিৎসালয়লৈ নিয়া হয়, আনফালে সিহঁতে আমাৰ ঘৰত জেচিবি লগাই ভাঙি চূৰমাৰ কৰি পেলায়। এইদৰে কান্দি কান্দি সিদিনাৰ ভয়াৱহ দিনটোৰ কথা সোঁৱৰে চাদেৰ আলীৰ প্ৰথমা কন্যা ৰাছিদা বেগমে।

ভৰা শিঙৰী গাঁৱৰ গাঁওবুঢ়া মোহন চমলাকায়ে শাক-পাচলি বিক্ৰী কৰি চাৰিজনীয়া পৰিয়াল পোহপাল দিয়া চাদেৰ আলীৰ ঘৰ উচ্ছেদ কৰিবলৈ জিলা প্ৰশাসনক আঙুলিয়াই দিছিল। তেনে সময়তে চাদেৰ আলী মুৰ্ছা গৈছিল। পিছত চাদেৰ আলিক এম্বুলেঞ্চৰ সহায়ত চিকিৎসালয়লৈ প্ৰেৰণ কৰে। পুত্ৰ শ্বহিদুল ইছলাম ছিলিকাবাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ, নিজৰ কিতাপ-পত্ৰখিনিও ৰক্ষা কৰিব নোৱাৰিলে বুলি মাতৃ শ্বহিদা বেগমে গভীৰ দুখেৰে আমাক জনায়।

শোণিতপুৰ জিলা উপায়ুক্ত মানৱেন্দ্ৰ প্ৰতাপ সিঙৰ নেতৃত্বত চলা উক্ত উচ্ছেদ অভিযানত শ্বহিদুল, আৰিফ, ইলিয়াছ, ফৰিদ আৰু শ্বহিদাৰ দৰে আন বহুতৰে স্কুলৰ কিতাপ-বহী, কলম, বেগ, কাপোৰ-কানি আদি ধ্বংসস্তুপত পৰিণত হয়। জেচিবিৰ আঁচোৰত কিতাপ-কলম আদি মাটিত পোত গৈছে। সিহঁতৰ মলিন মুখবোৰত ভয় আৰু হতাশাৰ ভাব স্পষ্ট হৈ আছিল। সিহঁতে তেতিয়ালৈ এসাঁজ ভালদৰে খাবলৈ পোৱা নাছিল।
ভৰাশিঙৰীত বিধ্বস্ত সপোণৰ দস্তাৱেজ কঢ়িয়াই ফুৰা ইলিয়াছ, ফৰিদ আৰু অন্যান্য


 ২০ অক্টোবৰৰ পুৱা জিলা প্ৰশাসনে অৰ্ধসামৰিক বাহিনী আৰু আৰক্ষীৰ এক বিশাল দল লৈ উপস্থিত হৈছিল ভৰা-শিঙৰী আৰু গৰুডুবাত। আগতীয়াকৈ কোনো জাননী প্ৰদান নকৰাকৈ বুলডজাৰেৰে ইখনৰ পিছত সিখন ঘৰ ভাঙি চূৰমাৰ কৰিছিল। জেচিবিৰে টানি-আঁজুৰি ছিৰাছিৰ কৰি পেলাইছিল কপালৰ ঘাম মাটিত পেলাই ৰোৱা গছ-লতিকা, উভালি পেলাইছিল দমকল। কণ কণ শিশুবোৰৰ কিতাপ-পত্ৰ মাটিৰে পুতি পেলাইছিল।

ৰন্ধা ভাতখিনিও খাবলৈ দিয়া নাছিল৷উচ্ছেদৰ সময়ত চৰুৰ ভাত পেলাই দিছিল পুখুৰীত। মুকলি আকাশৰ তলত ৰজনী কটোৱা দুৰ্ভগীয়া মুছলিম পৰিয়ালসমূহে ভাবিয়েই নাপালে ক’ৰ পৰা কি হ’ল? কাৰণ নিৰ্বাক-নিস্তব্ধ হৈ প্ৰত্যক্ষ কৰাৰ বাহিৰে আন কোনো গত্যন্ত নাছিল। অসহায় হৈ পৰিছিল বিশাল আৰক্ষীৰ তৰ্জন-গৰ্জন আৰু জেচিবিৰ কৰ্কশ শব্দত।

কি কয় স্থানীয় লোকে?


এসময়ত ৩৫০ বিঘা মাটিৰ গৰাকী শ্বুৰা মহম্মদ আলীৰো ঘৰ উচ্ছেদ কৰিলে জিলা প্ৰশাসনে। আলীয়ে কয়, ‘আমি ধিৰাই আটিৰ বাসিন্দা আছিলো। আমাৰ পিতৃৰ ৩৫০ বিঘা ম্যাদী মাটি আছিল। ব্ৰহ্মপুত্ৰই সকলোখিনি খহাই নিয়াত আমি ইয়াৰে নেপালী মানুহৰ পৰা মাটি ক্ৰয় কৰি ঘৰ সাজিছিলো। মাটি ম্যাদী কৰাও হৈছিল। তাৰ পিছতো আমাক চৰকাৰী মাটি বুলি উচ্ছেদ কৰিলে। আমি ম্যাদী মাটিৰ কাগজ, ৰছিদৰ তথ্য দিয়াৰ পিছতো সিহঁতে নামানিলে।’

সন্দেহজনক নাগৰিকৰ প্ৰসংগ উত্থাপন কৰাত অন্যান্যসকলৰ উপৰি আলীয়ে কয়, ‘মোৰ পূৰ্বপুৰুষৰ এনআৰচিত নাম আছে। মোৰ পৰিয়ালৰো নাম আছে। মোৰ মাতৃ নূৰবান বেগম ২০১২-১৩ত ৪নং পশ্চিম বৰগাঁও গাঁও পঞ্চায়তৰ সদস্যা হিচাপে ৩নং ভৰা-শিঙৰীৰ পৰা নিৰ্বাচিত হয়।’

উল্লেখ্য যে উচ্ছেদিত লোকসকল যে সন্দেহজনক নহয়, তাৰ বহু প্ৰমাণ-পত্ৰ তেওঁলোকৰ হাতত মজুত আছে। গৰাখহনীয়াৰ প্ৰমাণ-পত্ৰ, এনআৰচিৰ তালিকাত থকা নামৰ নথি, শোণিতপুৰ জিলা ৰিটাৰ্নিং বিষয়াই দিয়া নিৰ্বাচনী প্ৰমাণ-পত্ৰ আদি তেওঁলোকৰ হাতত মজুত আছে। আমি যোৱাৰ উমান পাই সকলোৱে নিজৰ নথি-পত্ৰলৈ আমাক দেখুৱাবলৈ সাজু আছিল৷

অভিযানকাৰী দলে লুটি নিছিল গুৰুত্বপুুৰ্ণ সামগ্ৰী


স্মৰ্তব্য যে অন্যান্য ঠাইৰ দৰে ভৰা-শিঙৰী-গৰুডুবাতো উচ্ছেদিত পৰিয়ালৰ গুৰুত্বপূৰ্ণ সা-সামগ্ৰী অভিযানকাৰী দলে লুটি নিয়াৰ অভিযোগ কৰে স্থানীয় লোকে।
নিজৰ ঘৰখনৰ ধ্বংসস্তুপত থিয় দি চকুলো টুকিছে সময়ত ৩৫০ বিঘা মাটিৰ গৰাকী শ্বুৰা মহম্মদ


লাইলা বেগমে অভিযোগ কৰি কয় যে সিহঁতে আমাৰ তিনিখন ৰেচন কাৰ্ড কাঢ়ি লৈ যায়। তিনি দিন পিছত আৰক্ষীয়ে ওভতাই দিয়ে। আজগৰ আলীয়ে অভিযোগ কৰি কয়- উচ্ছেদৰ পিছত আৰক্ষীয়ে ট্ৰাকত ভৰাই আমাৰ ঘৰৰ ভাল ভাল দুৱাৰ-খিৰিকী লুটি নিয়ে। কেৱল সেয়াই নহয়, সিহঁতে মুৰ্গী, ছাগলী, নগদ ধন, আচবাব, গৰু আদিও লৈ যায়।

একাংশক মাটিৰ পট্টা, একাংশক উচ্ছেদ

আছগৰ আলীয়ে আৰু কয় ‘আমি ভাৰতীয় নাগৰিক। কিন্তু চৰকাৰে আমাৰ লগত জীৱ-জন্তুৰ দৰে ব্যৱহাৰ কৰি আছে। আমি বানাক্ৰান্ত, আমাৰ মাটি-বাৰী পানীত উটি-ভাহি গৈছে। চৰকাৰে এফালে আমাক উচ্ছেদ কৰি আছে আনফালে অন্যান্য সম্প্ৰদায়ক মাটিৰ পট্টা বিতৰণ কৰি আছে। আমাৰো জীয়াই থকাৰ অধিকাৰ আছে, আমাৰ ঘৰবোৰ উচ্ছেদ কৰাৰ সলনি চৰকাৰে আমাক মাৰি পেলাওক।’

দক্ষিণে ব্ৰহ্মপুত্ৰ আৰু পশ্চিমে বেলশিৰি নৈয়ে আগুৰি থকা ভৰা-শিঙৰী আৰু গৰুডুবাৰ উচ্ছেদিত লোকসকলে অভিযোগ কৰি কয়, ‘আমি নেপালী লোকৰ পৰা ভূমি ক্ৰয় কৰি বসবাস কৰি আছোঁ। আমাৰ হাতত সেইবোৰ নথি-পত্ৰ আছে। চৰকাৰে আমাক চৰকাৰী মাটি দখল কৰাৰ অভিযোগত উচ্ছেদ কৰিলে। কিন্তু সেই একেই চৰকাৰী মাটিৰ ৫৪২ বিঘা নেপালীসকলে দখল কৰি আছে, কিন্তু সিহঁতক উচ্ছেদ কৰা নাই। এয়া ন্যায়াই নেকি?

বজৰংগ দলেও অংশ লৈছিল

স্থানীয় মছজিদৰ ইমাম তুৰাব আলীয়ে কয় ‘উচ্ছেদৰ সময়ত বজৰংগ দলৰ কৰ্মীয়ে আৰক্ষীৰ পোছাকত আহি উচ্ছেদত অংশ লৈছে। সিহঁতে চৰকাৰে যোগান ধৰা প্ৰধানমন্ত্ৰীৰ আৱাস যোজনা, বিনামূলীয়া বিদ্যুৎ, দমকল আৰু শৌচাগাৰসমূহ ভাঙি তচ্‌নচ্‌ কৰি পেলায়। ’ উল্লেখ্য যে চলিত বছৰত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত মুঠ ২১টা পকীঘৰ আৱণ্টন দিছে৷তাৰে ৪টা পকীঘৰ ভাঙি পেলায়৷

তিনিজন বিধায়কে নিৰীক্ষণ কৰিছিল উচ্ছেদ অভিযান

তোৰাব আলীয়ে আৰু কয় যে উচ্ছেদৰ সময়ত স্থানীয় বৰছলা সমষ্টিৰ বিধায়ক গণেশ লিম্বু, ঢেকীয়াজুলি সমষ্টিৰ বিধায়ক অশোক সিংঘাল আৰু চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা গৰুডুবাতে উপস্থিত থাকি আঁৰৰ পৰা উচ্ছেদ পৰ্যৱেক্ষণ কৰি আছিল।

সিদিনা ভুক্তভোগীৰ বুজ ল’বলৈ বিধায়ক আমিনুল ইছলাম ঘটনাস্থলীত উপস্থিত আছিল৷ উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এআইইউডিএফৰ বিধায়ক আমিনুল ইছলামে কয়- ‘যি চৰকাৰে ভূমিহীন নাগৰিকক পুনৰ্সংস্থাপিত কৰিব নোৱাৰে, সেই চৰকাৰৰ উেচ্ছদ কৰাৰ অধিকাৰ নাই। চৰকাৰৰ দায়িত্ব হ’ল বানপীড়িত লোকক সহায় কৰা, ক্ষতি কৰা নহয়। এয়া চৰকাৰী সন্ত্ৰাসৰ চূড়ান্ত ৰূপ।’
পৰিস্থিতি বুজ লোৱাৰ মূহুৰ্তত বিধায়ক আমিনুল ইছলাম আৰু জামাত-ই-ইছলামী হিন্দৰ সম্পাদক ইছফাকুল হুছেইন



নেপালী সম্প্ৰদায়ৰ স’তে গাঁৱবাসীৰ সম্পৰ্ক


চুবুৰীয়া নেপালীসকলৰ সৈতে গাঁওখনৰ মুছলমানৰ আছিল মধুৰ সম্পৰ্ক। কিন্তু হঠাৎ যেন পৰিৱৰ্তন হৈ গ’ল। নেপালীৰ চাহ বাগানত কাম কৰা স্থানীয় মহিলা হোচনাৰা বেগমে কয়—‘আগতে ভাল আছিল। কোনো কাজিয়া-পেচাল নাছিল। কাজিয়াৰ পিছৰ পৰা সিহঁতে আমাক কামত নলয়। তহঁত মুছলমানক কামত নলওঁ বুলি কয়।’

এই উচ্ছেদ সেই ষড়যন্ত্ৰৰেই অংশ নেকি?


এইখিনিতে উল্লেখ কৰিব পাৰি যে ৫ আগষ্টত ৰাম মন্দিৰৰ ভূমিপূজনৰ দিনা বজৰংগ দলে গাঁও দুখনৰ মূল ৰাস্তাত বাইক ৰেলী উলিয়াই মুছলিমবিৰোধী শ্ল’গান দিয়াত কাজিয়াৰ সূত্ৰপাত হৈছিল। উক্ত ঘটনাৰ পিছত ঢেকীয়াজুলিৰ বিধায়ক অশোক সিংঘাল, বৰছলা সমষ্টিৰ বিধায়ক গণেশ লিম্বু আৰু চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই অঞ্চলটো পৰিভ্ৰমণ কৰি মুছলমানক এশিকনি দিয়াৰ ভাবুকি দিছিল। তেওঁলোকে মুছলিমক বাংলাদেশী আখ্যা দিছিল আৰু চৰকাৰী ভূমি দখল কৰাৰ অভিযোগ কৰিছিল। তেওঁলোকে সন্দেহজনক বাংলাদেশীক উচ্ছেদ কৰাৰ ভাবুকি দিছিল।

তাৰ পিছত তেওঁলোকে হৰগৌৰী শিৱ মন্দিৰৰ চৌহদত এখন সভাৰ আয়োজন কৰে। উক্ত সভাত চতিয়া সমষ্টিৰ বিতৰ্কিত বিধায়ক পদ্ম হাজৰিকা, হোজাইৰ বিধায়ক শিলাদিত্য দেৱ, বৰছলাৰ বিধায়ক গণেশ লিম্বু, ঢেকীয়াজুলিৰ বিধায়ক অশোক সিংঘালৰ উপৰি বজৰংগ দল, আৰ এছ এছ আৰু বিজেপিৰ নেতা-কৰ্মী উপস্থিত থাকে। উক্ত সভাত গাঁও দুখন মুছলমানমুক্ত কৰাৰ সংকল্প লয়।

আজগৰ আলীৰ মতে উেচ্ছদৰ দিনা বজৰংগ দলৰ কৰ্মীয়ে প্ৰতিশোধ লোৱা বুলি উল্লাস প্ৰদৰ্শন কৰে।

সভ্যতাৰ মাজত যুঁজ

সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰে ক্ষমতাত আহিয়েই বানপীড়িত ভূমিহীন মুছলমানক উচ্ছেদ কৰি আহিছে। প্ৰথমে কাজিৰঙা তাৰ পিছত চাপৰ, মায়ং, দৰঙৰ ফুহৰাতলীত উচ্ছেদ চলোৱাৰ পিছত শেহতীয়াকৈ চতিয়া সমষ্টিৰ গটাইমাৰী, মকোৱা চাপৰি, লালটাপুত ৫০০ৰো অধিক মুছলমান পৰিয়ালক উচ্ছেদ কৰি তেওঁলোকৰ ভূমি স্থানীয় যুৱকক কৃষি কৰ্ম কৰিবলৈ গতাই দিছে। তাৰে কিছু অংশ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত সংযোজন কৰিছে। এইবাৰ ভৰা-শিঙৰী আৰু গৰুডুবাত উচ্ছেদ কৰি সৰ্বানন্দ সোণোৱাল চৰকাৰে দেখুৱাই দিলে যে মুছলমান এই দেশৰ দ্বিতীয় শ্ৰেণীৰ নাগৰিক।

উল্লেখ্য যে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ভাষণ দিবলৈ গৈ থলুৱা লোকক মোগলৰ বিৰুদ্ধে একত্ৰিত হৈ মোগল খেদিবলৈ আহবান জনাইছিল। মুখ্যমন্ত্ৰীয়ে কৈছিল ‘ৰাজ্যত এতিয়াও মোগল আছে। স্থানীয় লোকে মোগলক পৰাজিত কৰিব লাগিব। মুখ্যমন্ত্ৰীয়ে সাৱধানবাণী শুনাই কৈছিল, বিদেশীৰ ক্ষমতা প্ৰদৰ্শন সহ্য কৰা নহ’ব।

ইপিনে, সোণোৱাল মন্ত্ৰীসভাৰ কেবিনেট মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আগন্তুক নিৰ্বাচন কেৱল ভোট বিচৰাৰ নিৰ্বাচন নহ’ব, ই হ’ব দুটা সভ্যতাৰ মাজত যুঁজ বুলি সদম্ভে ঘোষণা কৰিছিল। তেওঁলোকে আৰু কৈছিল—‘সিহঁতে হিন্দুৰ নাম লৈ হিন্দু জীয়ৰীক লাভ জিহাদৰ ভুক্তভোগী বনাব আৰু শ্ৰীমন্ত শংকৰদেৱৰ পৱিত্ৰ জন্মভূমিক স্বীকৃতি দিয়াৰ সলনি ভূমি বেদখল কৰিব। আমাৰ সভ্যতাই তাত সিহঁতক থিয়  হ’বলৈ নিদিয়ে।’

মুখ্যমন্ত্ৰীৰ ‘মোগল খেদা’ আৰু হিমন্ত বিশ্বৰ ‘সভ্যতাৰ যুঁজ’ৰ চূড়ান্ত পৰিণাম ভুঞ্জিলে ভৰা-শিঙৰী আৰু গৰুডুবাৰ মুছলিম পৰিয়ালে।

অসম চৰকাৰৰ দ্বাৰা ১৯৮৪ চনৰ বানপানীত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত মাটি সম্পূৰ্ণৰূপে জাহ যোৱাৰ প্ৰমাণ থকা আব্দুল ৰহিমে কয়, আমি মোগল আৰু সভ্যতাৰ মেৰপাক বুজি নাপাওঁ, আমাক লাগে থাকিবলৈ ঘৰ আৰু ঘৰৰ বাবে ভূমি। আমাৰ হাতত চৰকাৰী নথি থকাৰ পিছতো আমি বাৰে বাৰে প্ৰমাণ দি থাকিব লগা হৈছে। আমি দেশৰ নাগৰিক নহয় নেকি? মুছলমান হোৱাটোৱেই আমাৰ অপৰাধ নেকি?

বিঃদ্ৰঃ ২০ অক্টোবৰত ভৰা-শিঙৰী-গৰুডুবাৰ উচ্ছেদিত লোকৰ বুজ ল’বলৈ ২৪ অক্টোবৰত এছ’চিয়েচন অৱ প্ৰটেকচন অৱ চিভিল ৰাইটছ(APCR)ৰ নেতৃত্বত এটি প্ৰতিনিধি দল তালৈ গৈছিল। প্ৰতিনিধি দলটোত আছিল এপিচিআৰৰ সাধাৰণ সম্পাদক, অধিবক্তা আনোৱাৰ হুছেইন, উপ-সভাপতি নজমূল ইছলাম মাজাৰভূঞা, দৈনিক গণ অধিকাৰৰ উপ-সম্পাদক ছফিউল ইছলাম (এপিচিআৰৰ সহকাৰী সাধাৰণ সম্পাদক), সাংবাদিক আব্দুৰ ৰহমান আমান আৰু জামাতৰ সম্পাদক ওমৰ আলী আহমেদ আৰু ইছফাকুল হুছেইন। ভুক্তভোগীৰ বক্তব্য আৰু স্বচক্ষে দেখা পৰিস্থিতিৰ ওপৰত উক্ত প্ৰতিবেদন যুগুতোৱা হৈছে। 
লেখকৰঃ ৯৪০১২৪৮৫১০

(নিৰপেক্ষ আৰু সঠিক তথ্যসমৃদ্ধ সাংবাদিকতাক উৎসাহিত কৰিবলৈ সমৰ্থন আগবঢ়াওঁক৷)

No comments