Page Nav

HIDE

Grid

GRID_STYLE

Pages

Classic Header

{fbt_classic_header}

Header Ad

Breaking News

latest

মহৰমঃ মহানবীৰ উম্মতৰ হাততে শ্বহীদ হৈছিল ইমাম হুছেইন(ৰাঃ)

১০ মহৰম ইছলামৰ ইতিহাসত বহু কাৰণত গুৰুত্বপূৰ্ণ যদিও কাৰবালা ময়দানৰ ঘটনাটো আমাৰ সমাজত আটাইতকৈ বেছি জনপ্ৰিয়৷ সেয়েহে আজিৰ এই বিষয় ৬১হিজৰীত সংঘটি...

১০ মহৰম ইছলামৰ ইতিহাসত বহু কাৰণত গুৰুত্বপূৰ্ণ যদিও কাৰবালা ময়দানৰ ঘটনাটো আমাৰ সমাজত আটাইতকৈ বেছি জনপ্ৰিয়৷ সেয়েহে আজিৰ এই বিষয় ৬১হিজৰীত সংঘটিত কাৰবালা ময়দানৰ কৰুণ ঘটনাৰ সৈতে জড়িত৷

ইমাম হুছেইনক শ্বহীদ কৰাৰ স্থান
কাৰবালাৰ ঘটনাৰ পৃষ্ঠভূমি

হজৰত আলী ৰাঃ যেতিয়া ২৪ জুন, ৬৫৬ চন তথা ৩৫ হিজৰি বছৰৰ ২৫ জিলহজ্জত খলিফাৰ দায়িত্ব গ্ৰহণ কৰি মদিনাৰ মছজিদত উপস্থিত মুছলমানসকলৰ আনুগত্য স্বীকাৰ কৰিছিল, তেতিয়া কিছুমান গুৰুত্বপূৰ্ণ লোকে স্বতঃস্ফূৰ্তভাৱে তেওঁৰ খিলাফৎ স্বীকাৰ কৰা নাছিল৷ উদাহৰণস্বৰূপে, তেনে তিনিজন লোকৰ নাম–আব্দুল্লাহ বিন চাদ বিন চাবুৰ, ইজি৫১ তদানীন্তন শাসক; দুই–তেতিয়াৰ চিৰিয়াৰ শাসক আৰু বিশিষ্ট চাহাবী হজৰত মুয়াবিয়া বিন আবু চুফিয়ান আৰু তৃতীয়জন–তৃতীয় খলিফা হজৰত উচমান [ৰাঃ]ৰ মন্ত্ৰণাদাতা হজৰত মুয়াবিয়াৰ দূৰসম্পৰ্কীয় ভাতৃ মাৰৱান বিন হাকাম৷ কাৰ্যভাৰ গ্ৰহণ কৰাৰ কেইমাহমানৰ ভিতৰতে আলী[ৰাঃ]য়ে বিদ্ৰোহ বা যুদ্ধৰ মোকাবিলা কৰিবলগীয়া হৈছিল৷ তেতিয়া আলী [ৰাঃ]য়ে চেলডিয়া আৰু মেছোপটেমিয়াৰ বিদ্ৰোহ দমন কৰিছিল৷ এইবোৰ শেষ নৌহওতেই চিৰিয়াৰ শাসক হজৰত মুয়াবিয়াই বিদ্ৰোহ আৰম্ভ কৰিছিল৷ এই সন্দৰ্ভত তেওঁ প্ৰশাসনিক ৰাজধানী মদিনাৰ পৰা বৰ্তমান ইৰাকৰ কুফালৈ স্থানান্তৰিত কৰিছিল৷ মোৱাবিয়াৰ দ্বাৰা প্ৰৰোচিত যুদ্ধৰ এটা সময়ত এটা চুক্তি হৈছিল৷ ৬৬১ চন তথা ৪০ হিজৰী বৰ্ষৰ ১৭ ৰমজানত ৰাজধানী চহৰ কুফাত হজৰত আলী [ৰাঃ]ক আততায়ীয়ে আক্ৰমণ কৰি ছহীদ কৰিছিল৷ কুফা চহৰৰ কাষেৰে বৈ গৈছিল বিখ্যাত ফোৰাত নৈ৷ কুফা চহৰৰ পৰা অলপ দূৰত হজৰত আলী [ৰাঃ]ক ফোৰাত নদীৰ পাৰত সমাধিস্থ কৰা হৈছিল; সেই ঠাইখন এতিয়া নাজাফৰ এখন সমৃদ্ধশালী চহৰলৈ পৰিগণিত হৈছে৷

কাৰবালা ময়দান

হজৰত হাছান [ৰাঃ] আৰু হুছেইন [ৰাঃ]

হজৰত আলী [ৰাঃ] শ্বহীদ হোৱাৰ পিছত তেওঁৰ জ্যেষ্ঠ পুত্ৰ হজৰত হাছান[ৰাঃ] [হুছেইন [ৰাঃ]ৰ জ্যেষ্ঠ ভাতৃ] ৩৬ বছৰ বয়সত ৪০ হিজৰীত ইৰাক প্ৰদেশৰ খলিফা নিৰ্বাচিত হয় আৰু তাৰ পৰাই তেওঁ হিজাজ আৰু খোৰাচান প্ৰদেশৰো শাসন কৰিছিল৷ তেওঁৰ শাসনকালৰ চাৰি মাহৰ ভিতৰত মোৱাবিয়াই পুনৰ বিদ্ৰোহৰ ষড়যন্ত্ৰ কৰিছিল বুলি অভিযোগ উঠিছিল৷ অৱশেষত, দুয়োপক্ষৰ মাজত এক চুক্তি সম্পাদিত হৈছিল৷ চুক্তিৰ অন্যতম চৰ্ত অনুসৰি, হজৰত হাছান [ৰাঃ]ই মোৱাবিয়াৰ বাবে খিলাফত ত্যাগ কৰে৷ তেওঁ ক্ষমতা পৰিত্যাগ কৰি মদিনালৈ গুচি যায়৷ সেই চুক্তিৰ আন এটা অন্যতম চৰ্ত আছিল যে মোৱাবিয়াৰ মৃত্যুৰ পিছত হজৰত হাছান [ৰাঃ]ৰ কনিষ্ঠ ভাতৃ ইমাম হুছেইন [ৰাঃ] খলিফা নিৰ্বাচিত হ’ব৷ যেতিয়া ৬৮০ চনত মোৱাবিয়াৰ মৃত্যু হয়, তেতিয়া তেওঁৰ পুত্ৰ ইয়াজিদে তেওঁৰ পিতৃৰ দ্বাৰা স্বাক্ষৰিত চুক্তি মানিবলৈ অস্বীকাৰ কৰে আৰু নিজে ক্ষমতা কুক্ষিগত কৰে৷ তৎকালিন মুছলমান উম্মাহৰ ভিতৰত বিশিষ্ট ব্যক্তিসকলৰ মতে, ইছলামিক ৰাজ্যৰ শাসক আৰু খলিফা হ’বলৈ ইয়াজিদৰ কোনো চাৰিত্ৰিক বিশেষত্ব, নৈতিকতা, শিক্ষাগত অৰ্হতা নাছিল৷ সেই কাৰণে হজৰত আলী [ৰাঃ]ৰ ইৰাকী সমৰ্থক আৰু ইমাম হাছান [ৰাঃ]ৰ সমৰ্থকসকল অবৈধ আৰু অনিয়মেৰে বা প্ৰথাবহিৰ্ভূতভাৱে ক্ষমতালৈ অহাৰ লগে লগে ইয়াজিদৰ বিৰুদ্ধে বিদ্ৰোহী হৈ পৰিছিল৷

ইমাম হুছেইন [ৰাঃ]

কাৰবালাৰ যুদ্ধত যিগৰাকী শ্বহীদ হৈছিল তেওঁ আছিল আমাৰ সকলোৰে প্ৰিয় নবী, ৰহমতুল্লিল আলামিন হজৰত মুহাম্মাদ [ছাঃ]ৰ প্ৰিয় আৰু কনিষ্ঠ নাতি হজৰত ইমাম হুছেইন[ৰাঃ]৷ তেওঁৰ জন্ম হৈছিল ৫ জুন, ৬২৬ আৰু চতুৰ্থ হিজৰীৰ ৫ চাবান মাহত৷ তেওঁৰ পিতৃ আছিল হজৰত মহম্মদ[ছাঃ]ৰ নিজৰ খুৰাকৰ ফালৰ ভাতৃ আৰু ইছলামৰ চতুৰ্থ খলিফা হজৰত আলী [ৰাঃ]৷ তেওঁৰ মাতৃ আছিল হজৰত মহম্মদ[ছাঃ]ৰ কন্যা  হজৰত ফাতেমা [ৰাঃ]৷


হুছেইন [ৰাঃ]ৰ দায়িত্ব লোৱাৰ প্ৰসংগ

উক্ত ঘটনাৱলীৰ সময়ত ইমাম হুছেইন [ৰাঃ] অস্থায়ীভাৱে পৱিত্ৰ মক্কা চহৰত অৱস্থান কৰিছিল৷ সংকটজনক পৰিৱেশ আৰু পৰিস্থিতিত কুফাবাসীসকলৰ উপৰ্যুপৰি আমন্ত্ৰণ আৰু আনুগত্যৰ আশ্বাসত ইমাম হুছেইন [ৰাঃ] মুছলমানসকলৰ হৈ নেতৃত্ব ল’বলৈ সন্মত হৈছিল৷ সেই সময়ত, যিকোনো পদক্ষেপ লোৱাৰ আগতে, ইমাম হুছেইন [ৰাঃ] পৰিস্থিতি পৰ্যবেক্ষণ কৰিবলৈ তেওঁৰ এজন সম্পৰ্কীয় ভাতৃক [মুছলমান ইবনে আকিল] ইৰাকৰ কুফালৈ পঠিয়াইছিল৷ তাত হাজাৰ হাজাৰ মুছলমানে মুছলিম ইবনে আকিলক সাক্ষী ৰাখি ইমাম হুছেইন [ৰাঃ]ৰ প্ৰতি আনুগত্য প্ৰকাশ কৰিছিল৷ সেই হাজাৰ হাজাৰ মুছলমানৰ দাবীৰ প্ৰতি লক্ষ্য ৰাখি জ্ঞাতি ভাতৃ মুছলিম ইবনে আকিলে ইমাম হুছেইন [ৰাঃ]লৈ চিঠি লিখিছিল, তেওঁ যাতে মক্কা এৰি ইৰাকলৈ আহে৷ ইফালে, ইয়াজিদৰ খ্ৰীষ্টান পৰামৰ্শদাতাসকলৰ পৰামৰ্শ অনুসৰি ইয়াজিদে ওবাইদুল্লাহ বিন জিয়াদ নামৰ এজনক কুফাৰ শাসক হিচাপে নিযুক্তি দিয়ে৷ দায়িত্ব গ্ৰহণ কৰিয়েই ওবাইদুল্লাহ বিন জিয়াদে তৎক্ষণাত মুছিলম ইবনে আকিলক বন্দী কৰি হত্যা কৰে৷ ইমাম হুছেইন [ৰাঃ]এ বন্দী আৰু হত্যাৰ বিষয়ে অৱগত নাছিল৷ কুফাবাসীসকলৰ আমন্ত্ৰণত খলিফা হিচাপে দায়িত্ব গ্ৰহণ কৰিবলৈ ইমাম হুছেইন [ৰাঃ] ৬০ হিজৰীৰ জিলহজ মাহৰ ৩ তাৰিখে মক্কা এৰি ৰাজধানী কুফালৈ যায়৷ কাৰণ ইমাম হুছেইন [ৰাঃ]ৰ পৰা সহায় বিচৰা মুছলমানসকলক স্বেচ্ছাচাৰী শাসনৰ অভিশাপৰ পৰা পৰিত্ৰাণ দিবলৈ সহায় কৰাটো তেওঁ কৰ্তব্য বুলি বিবেচনা কৰিছিল৷ কুফাৰ বাবে আগবাঢ়ি অহা ইমাম হুছেইন [ৰাঃ]ৰ দলটো আছিল এটা সৰু গোট, য’ত পৰিয়ালৰ উপৰি আত্মীয়-স্বজনৰ লগতে পৰিয়ালৰ সৈতে সম্পৰ্কিত থকা বিশিষ্ট লোক আছিল৷ এই দলটো কোনো অৱস্থাতে যুদ্ধ গোট বা যুদ্ধদল নাছিল৷


কাৰবালাৰ প্ৰান্তৰত বাধ্যতামূলক অৱস্থান

কুফালৈ যাওঁতে দলটো ওবাইদুল্লাহ বিন জিয়াদৰ অশ্বাৰোহী বাহিনীৰ দৃষ্টিগোচৰ হয়৷ এই অশ্বাৰোহী বাহিনীটোৱে ইমাম হুছেইন [ৰাঃ]ৰ দলটোক বাধা প্ৰদান কৰিছিল আৰু ইয়াজিদৰ প্ৰতি আনুগত্য প্ৰকাশ কৰিবলৈ আহ৩ান জনাইছিল৷ কিন্তু ইমাম হুছেইন [ৰাঃ]এ এই দাবী মানি ল’বলৈ অস্বীকাৰ কৰিছিল৷ কিয়নো এই দাবী স্বীকাৰ কৰাৰ অৰ্থ আছিল অন্যায় আৰু অসত্যৰ সৈতে আপোচ কৰা অথবা নতিস্বীকাৰ কৰা৷ অৱশেষত, হুছেইন [ৰাঃ]ৰ দলটো ফোৰাত নদীৰ পাৰত কাৰবালাৰ প্ৰান্তত অৱৰুদ্ধ হৈ পৰিছিল৷ ফোৰাত নদীৰ ইংৰাজী নাম হৈছে ইউফ্ৰেটিছ৷ এই ফোৰাত নদীৰ পাৰত সেই সময়ৰ কাৰবালা প্ৰান্তৰ আছিল মৰুভূমি৷ ইয়াত শSn পক্ষই¸ ইমাম হুছেইন [ৰাঃ]ৰ দলক আত্মসমৰ্পণ কৰিবলৈ বাধ্য কৰিবলৈ, ফোৰাত নদীৰ পানী ব্যৱহাৰ কৰাৰ সকলো পথ অৱৰোধ কৰিছিল৷ পৰৱৰ্তী কেইটামান দিন আছিল শ্বাসৰুদ্ধকাৰী আৰু একপক্ষীয় শক্তি প্ৰদৰ্শনৰ চৰম সীমা৷ অৱৰুদ্ধ অৱস্থাত ইমাম হুছেইন[ৰাঃ]ৰ দলে কুফাৰ পৰা সহায় আশা কৰিছিল৷ কিন্তু কুফাৰ পৰাও অনুগত মুছলমান বাহিনীয়েও বিভিন্ন কাৰণত আৰু কুফাৰ পৰিৱৰ্তিত পৰিস্থিতিত ইমাম হুছেইন [ৰাঃ]ক সহায় কৰিবলৈ কাৰবালালৈ ৰাওনা হ’ব নোৱাৰিলে৷ এনে পৰিস্থিতিত, ৬১ হিজৰী ১০ মহৰমৰ  ৰাতিপুৱা উমাৰ ইবনে চাদ ইবনে আবি ৱাক্কাছ, চ্ছ্ৰ,০০০ উমায়া সৈনিকৰ কমাণ্ডাৰ হিচাপে, ইমাম হুছেইন [ৰাঃ]ৰ মাত্ৰ ৭০ বা ৭২ জনীয়া সদস্যৰ এটা দলৰ বিৰুদ্ধে থিয় দিছিল৷ পুনৰ আত্মসমৰ্পণ কৰিবলৈ অস্বীকাৰ কৰাৰ পিছত, উমায়া বাহিনীয়ে ইমাম হুছেইন [ৰাঃ]ৰ সৰু দলটোক আক্ৰমণ কৰে৷ ফলস্বৰূপে, ইমাম হুছেইন [ৰাঃ]ৰ দলৰ সকলোৱে শ্বহীদ হৈছিল৷

কাৰবালাৰ ত্যাগ 

কাৰবালা ময়দানত ইমাম হুছেইন [ৰাঃ]ৰ শ্বহীদৰ মূল্যাঙ্কন কৰোঁতে প্ৰথমে ক’ব লগা ইতিবাচক বিষয়টো হ’ল বেদনাৰ লগতে এটা গৌৰৱময় দিশো আছে৷ কিয়নো ইমাম হুছেইন [ৰাঃ] সত্য আৰু ন্যায়, সমতা আৰু মানৱ অধিকাৰ প্ৰতিষ্ঠাৰ বাবে তেওঁ যিদৰে বীৰ বিক্ৰমৰ সৈতে স্বৈৰাচাৰী ইয়াজিদৰ বিৰুদ্ধে থিয় দিছিল, সেই ত্যাগ চিৰকাল দেশে দেশে যুগ যুগ ধৰি এনে ধৰণৰ সংকট আৰু সমস্যা আৰু তাৰ পৰা উত্তোৰণৰ অনুপ্ৰেৰণা যোগাব৷ কাৰবালা ময়দানৰ ঘটনাৰ ঠিক পিছতে, ইয়াজিদৰ ভেঁটি কঁপি উঠিছিল৷ লাঞ্চিত বঞ্ছিত মুছলমানে পুনৰুজ্জীৱিত হোৱাৰ সুযোগ পাইছিল৷ মুছলমানসকলে পুনৰ ক্ষমতালৈ ঘূৰি আহিছিল৷ এই ঘটনাটোৱে মুছলমান ৰাষ্ট্ৰক তেওঁলোকৰ ভিতৰৰ শত্ৰুসকলক চিনি পোৱাত সহায় কৰে৷

ব্ৰিটিছে প্ৰায় দুশ বছৰ ধৰি দক্ষিণ-এছিয়া আৰু ইন্দো-বাংলাদেশ-পাকিস্তান উপমহাদেশ শাসন কৰিছিল৷ ব্ৰিটিছ শাসনৰ পৰা মুক্তিৰ অৰ্থ আছিল স্বাধীনতা আৰু স্বাধীনতা পুনৰুদ্ধাৰ৷ সেই স্বাধীনতাৰ বাবে, ১৯০ বছৰৰ ইতিহাসত, বিভিন্ন আন্দোলন আৰু ত্যাগ কৰিবলগীয়া হৈছিল৷ মুছলমানসকলে আন্দোলন কৰিছে, হিন্দুসকলে আন্দোলন কৰিছে, শিখসকলে আন্দোলন কৰিছে৷ ভাৰত এই মুহূৰ্তত এখন স্বাধীন সাৰ্বভৌম ৰাষ্ট্ৰ; কিন্তু মোৰ ব্যক্তিগত মূল্যায়ন যে আমাৰ স্বাধীনতাক কোনো এক অদৃশ্য শক্তিয়ে আচ্ছন্ন কৰি ৰাখিছে৷ দেশপ্ৰেম বিশ্বাসৰ অংশ৷ সেয়েহে, পাঠকসকলক কাৰবালা ময়দানৰ পৰা শিক্ষা ল’বলৈ অনুৰোধ জনাইছো৷

ইতিহাস সাক্ষী, মুছলমানসকলে যেতিয়াই শত্ৰু আৰু মিত্ৰশক্তিক চিনাক্ত কৰাত ভুল কৰে তেতিয়াই দুয্যেৰ্াগৰ সন্মুখীন হৈছে৷ কোৰআন আৰু চুন্নাহৰ পিছত কাৰবালাৰ ঘটনাটো কোৰাণ আৰু চুন্নাহৰ ইতিহাসৰ অন্যতম গুৰুত্বপূৰ্ণ উপাদান, যি ইছলামৰ সুৰক্ষা আৰু প্ৰায় ১৪০০ বছৰৰ মুছলমান উম্মাহৰ বীৰত্বৰ ভাৱনাত সক্ৰিয় হৈ আহিছে৷ কাৰবালাৰ ঘটনাটো মুছলমানসকলৰ মাজতে হৈছিল৷ এফালে আছিল ইছলামৰ মান মৰ্যাদা আৰু ঈমানৰ শক্তি থকা কম লোক আনফালে শক্তিশালী পক্ষত আছিল মুছলমান নামধাৰী, ভণ্ড, স্বাৰ্থপৰ, উপভোক্তাবাদী আৰু ক্ষমতাপ্ৰেমী লোকৰ বৃহৎ দল৷ কাৰবালা ঘটনাৰ জৰিয়তে শাসকসকল জয়ী হৈছিল; কিন্তু বিশ্বজুৰি নন্দিত হ’ব নোৱাৰিলে৷

কাৰবালাৰ ঘটনাটো এই সত্যৰ এক ডাঙৰ উদাহৰণ যে আপুনি অন্যায়ৰ দ্বাৰা জিকিলেও, আপুনি নন্দিত হ’ব নোৱাৰে, ধিকৃত হ’বলগীয়া হয়৷ অন্যায়কাৰীৰ বিৰুদ্ধে থিয় দিবলৈ কাৰবালাৰ কৰুণ বীৰত্বপূৰ্ণ ঘটনাৰ পৰা শিকিব লাগিব৷

ছফিউল ইছলাম

ফোনঃ ৯৪০১২৪৮৫১০


No comments