উচ্চ কাৰ্যক্ষমতাৰে ৰেডমি K50i 5G ৰ সৈতে ঘূৰি আহিছে ৰেডমিৰ কে ছিৰিজ - ফ্লেগশ্বিপ মিডিয়া টেক ডাইমেনছিটি ৮১০০ চিপছেট...
উচ্চ কাৰ্যক্ষমতাৰে
ৰেডমি
K50i 5G ৰ
সৈতে
ঘূৰি
আহিছে
ৰেডমিৰ
কে
ছিৰিজ
-
ফ্লেগশ্বিপ মিডিয়া টেক ডাইমেনছিটি
৮১০০ চিপছেট, ১৪৪
এইচ জেদ এফ এফ এছ এডাপ্টিভ ছিংক ডিছপ্লে,
অভূতপূৰ্ব বেটাৰি আৰু
‘ইণ্ডিয়া ৰেডি ৫জি’
যুক্ত সৰ্বকালৰ আটাইতকৈ শক্তিশালী ৰেডমি ফোন
-
ৰেডমি ইণ্ডিয়াই লগতে মুকলি
কৰিছে ইয়াৰ সম্পূৰ্ণ নতুন ৰেডমি ইয়েৰবাডছ ৩ লাইট,
এক উত্তম ৱায়াৰলেছ সহযোগী
: দেশৰ নম্বৰ ১ স্মাৰ্টফোন ব্ৰেণ্ড ছাঅ’মি ইণ্ডিয়াই আজি ৰেডমি K50i 5G মুকলিৰে
পুনৰ ঘূৰাই আনিছে ইয়াৰ সৰ্বাধিক বিক্ৰী হোৱা ৰেডমি কে ছিৰিজ । মূল্যক
প্ৰদৰ্শন অনুপাতলৈ পৰিবৰ্তন কৰি ৰেডমি K50i য়ে ফ্লেগশ্বিপ মিডিয়া টেক ডাইমেনছিটি ৮১০০ চিপছেট, ১৪৪ এইচ জেদ এফ এফ এছ এডাপ্টিভ ছিংক ডিছপ্লে, ৬৭ ডব্লিউ টাৰ্বো চাৰ্জ আৰু ব্যয়সাধ্য মূল্যত ত্ৰিপল কেমেৰা ছেট-আপৰ সৈতে শক্তিশালী প্ৰদৰ্শন দাঙি ধৰিব । এই মুকলিৰ জৰিয়তে ৰেডমিয়ে ভাৰতৰ স্মাৰ্টফোনৰ বজাৰৰ মধ্যম প্ৰিমিয়াম শাখালৈ উন্নত প্ৰদৰ্শনৰ এক সম্পূৰ্ণ নতুন বিশ্ব কঢ়িয়াই অনাৰ প্ৰতিশ্ৰুতি দিছে ।
“ৰেডমি কে ছিৰিজে ২০১৯ ত ৰেডমি কে২০ আৰু ৰেডমি কে২০ প্ৰ’ৰে ভাৰতত প্ৰদৰ্শনৰ ক্ষেত্ৰত এক নতুন বেঞ্চমাৰ্ক গঢ়িবলৈ সক্ষম হৈছিল আৰু ইয়াক পুনৰ ঘূৰাই আনিবলৈ পাই আমি নথৈ আনন্দিত হৈছোঁ,” এই কথা কয় ছাঅ’মি ইণ্ডিয়াৰ মুখ্য ব্যৱসায় বিষয়া ৰঘু ৰেড্ডীয়ে । “ৰেডমি K50i 5G হৈছে সৰ্বকালৰ আটাইতকৈ শক্তিশালী ৰেডমি ফোন । ইয়াত গ্ৰাহকে বিচৰা সকলো সুবিধাই আছে, এক শক্তিশালী প্ৰচেছৰৰ পৰা সৰ্বোচ্চ ৰিফ্ৰেশ্ব ৰেটযুক্ত ডিছপ্লেকে ধৰি উৎকৃষ্ট কেমেৰা, ছুপাৰ ফাষ্ট চাৰ্জিঙৰ সৈতে আকৰ্ষণীয় বেটাৰি লাইফ । এনেবোৰ হৈছে শূণ্য আপোচৰ সৈতে উচ্চ কাৰ্যক্ষমতা । এক ৰেডমি ডিভাইচৰ বাবে উপযুক্ত হোৱাকৈ এই ফোনটো ব্যয়সাধ্যও,
যিয়ে
আমাৰ
প্ৰযুক্তিক
কাটিং
এডজ
কৰাৰ
লগতে
এক্সেছিবল
কৰি
তোলাৰ
প্ৰতিশ্ৰুতিক
প্ৰতিফলিত
কৰিছে
।“
উচ্চ কাৰ্যক্ষমতা:
ৰেডমি K50i 5G ক চূড়ান্তভাৱে কাৰ্যক্ষম কৰি তুলিছে ফ্লেগশ্বিপ প্ৰচেছৰে, যিয়ে ইয়াক পৰিচালিত কৰে । ফোনটোৰ মূল হৃদপিণ্ড হৈছে মিডিয়া টেক ডাইমেনছিটি ৮১০০ প্ৰচেছৰ,
যাক টি এছ এম চি এন৫ (৫ এন এম-ক্লাছ) প্ৰচেছ ব্যৱহাৰ কৰি নিৰ্মাণ কৰা হৈছে আৰু ইয়াত আগবঢ়োৱা হৈছে চাৰিটাকৈ এ আৰ এম কৰ্টেক্স এ৭৮ ছুপাৰ কোৰ্ছ, আৰু চাৰিটা এ আৰ এম কৰ্টেক্স এ৫৫ কোৰ্ছ, যিয়ে পাৱাৰ-পেকড প্ৰদৰ্শন আৰু শক্তিৰ ক্ষমতাৰ মাজত সঠিক ভাৰসাম্য ৰক্ষা কৰে । এক প্ৰচেছৰে যিকোনো বা সকলোবোৰ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম আৰু প্ৰায় সকলোবোৰ ফ্লেগশ্বিপ চিপছেটৰ তুলনাত অধিক এন্টুটু স্কোৰ আগবঢ়ায় । এই উচ্চ কাৰ্যক্ষমতাত সহায় কৰে ক্ষিপ্ৰ LPDDR5
ৰেম
আৰু
UFS 3.1 ষ্টোৰেজে,
যিয়ে
দ্ৰুত আৰু মসৃণ মাল্টিটাস্কিং নিশ্চিত কৰে । ডজনৰো অধিক এপৰ মাজত মাল্টিটাস্কিং কৰাই
হওক, ভিডিঅ’ আৰু ছবি এডিটিং কৰাই
হওক নাইবা বি জি এম আই, জেনছন ইমপেক্ট আৰু এছফেল্ট ৰেচিঙৰ তীব্ৰ ছেছনৰ মাজেৰে যাওঁতেই হওক, ৰেডমি K50i 5G য়ে উচ্চ কাৰ্যক্ষমতাৰে অসাধাৰণভাৱে আৰাম অনুভৱ প্ৰদান কৰিব । ফোনটোত আগবঢ়োৱা হৈছে লিকুইডকুল ২.০, য’ত থাকিব ৭ তৰপীয়া গ্ৰেফাইট শ্বীট, যিয়ে কাম যিমানেই কঠিন নহওক কিয় ফোনটো ঠাণ্ডা কৰি ৰাখিব ।
অত্যন্ত মসৃণ ডিছপ্লে:
প্ৰদৰ্শনৰ মাত্ৰা বৃদ্ধি কৰি ইয়াত ১৬.৭ চি
এম (৬.৬) সম্পূৰ্ণ এইচ ডি+ লিকুইড ফিল্ড ফ্ৰিঞ্জ ছুইটচিং (এফ এফ এছ) ডিছপ্লে
সংযুক্ত কৰা হৈছে । এয়া, ১০০% ডি চি আই-পি৩ গেমাট কভাৰেজৰ সৈতে ডলবি ভিজন™ সমৰ্থন কৰিবলৈ ৰেডমি ডিভাইচত প্ৰথমবাৰলৈ আগবঢ়োৱা হৈছে, যিয়ে ১ বিলিয়ন ৰং আৰু বজাৰ অগ্ৰণী ১৪৪ এইচ জেদ ৭-ষ্টেজ এডাপ্টিভ ৰিফ্ৰেশ্ব ৰেট সমৰ্থন কৰে । ফোনটোৰ ডিছপ্লেয়ে অতি চতুৰতাৰে প্ৰত্যক্ষ হোৱা কনটেন্টৰ ওপৰত নিৰ্ভৰ কৰি ৰিফ্ৰেশ্ব ৰেট ছুইটচ আৰু বেটাৰি অপ্টিমাইজ কৰিব পাৰে । ফিল্ড ফ্ৰিঞ্জ ছুইটচিঙে ডিছপ্লেক উন্নত লাইট ট্ৰান্সমিটেন্স, উন্নত ৰঙৰ পুনৰ উৎপাদনশীলতা আৰু ব্যাপক ভিৱিং এংগল আগবঢ়াবলৈ সক্ষম কৰি তোলে ।
K50i
5G য়ে
লগতে অসাধাৰণ মাল্টিমিডিয়াৰ সুবিধা আগবঢ়ায় । এই ফোনটোৱে ডলবি এটম’ছ® ৰ লগতে হাই-ৰেছ ৱায়াৰ্ড আৰু ৱায়াৰলেছ অডিঅ’ৰ পৰা সমৰ্থন লাভ কৰিছে । চমৎকাৰী ছাউণ্ডৰ বাবে ইয়াত ডুৱেল ষ্টেৰিঅ’ স্পীকাৰৰ সৈতে ডিভাইচত ৱায়াৰ্ড হেডফোন ব্যৱহাৰ কৰিব বিচৰাসকলৰ বাবে ৩.৫ এম এম অডিঅ’ জেক আগবঢ়োৱা হৈছে । ই সাধাৰণ ইয়েৰফোন সমৰ্থন কৰাৰ লগতে শক্তিশালী হেডফোনো সমৰ্থন কৰে, ইয়াত সহায় কৰে ৩২ অ’ এইচ এম এছত ৫০০ এম ভি আউটপুট ক্ষমতাই । অডিঅ’ফাইলছে তেওঁলোকৰ ডি এ চিক এৰি যাব পাৰে! ৰেডমি K50i 5G ত লগতে আগবঢ়োৱা হৈছে ডুৱেল ভয়চ এছিষ্টেন্ট, যিয়ে ফোনটোক অধিক বুদ্ধিমান আৰু মনোৰঞ্জন সহযোগী কৰি তোলে ।
ৰেডমি K50i 5G ত লগতে সংযুক্ত আছে এনে সুবিধা, যাৰ জৰিয়তে ব্যৱহাৰকাৰীয়ে তেওঁলোকৰ নিজা কাটিং এডজ কনটেন্ট সৃষ্টি কৰিব পাৰিব । ফোনটোৱে টপ-নোটচ ফটোগ্ৰাফী প্ৰদৰ্শন আগবঢ়ায় আৰু ইয়াত সহায় কৰিছে ত্ৰিপল কেমেৰা ব্যৱস্থাই, য’ত আছে ফ্লেগশ্বিপ পৰ্যায়ৰ ৬৪ মেগাপিক্সেল মুখ্য ছেন্সৰ, বিস্তৃত দৃষ্টিকোণৰ বাবে ৮ মেগাপিক্সেল আল্ট্ৰাৱাইড কেমেৰা । স্থিতি যিমানেই
চূড়ান্ত পৰ্যায়ৰ নহওক কিয়, এই কেমেৰাসমূহে ষ্টাৰ্লিং ৰং আৰু সমৃদ্ধ বিস্তৃত ফটো আৰু ভিডিঅ’ আগবঢ়ায়
। ফকাছ পিকিং, সুদৃঢ় এক্সপ’জাৰ, টাইম বাৰ্ষ্ট এণ্ড ক্লনে এই কেমেৰাসমূহক কনটেন্ট ক্ৰিয়েটৰৰ সপোন
কৰি তোলে । ইমেজিক ৭৮০ ইমেজ
ছিগনেল প্ৰচেছিঙৰ জৰিয়তে ব্যৱহাৰকাৰীয়ে ডিভাইচটোৰ পৰাই শ্বুট, এডিট
আৰু শ্বেয়াৰ কৰিব পাৰিব ।
তদুপৰি K50i 5G ফোনটো হৈছে ‘ইণ্ডিয়া ৰেডি ৫জি’ ডিভাইচ, যিয়ে শব্দটোৰ প্ৰকৃত অৰ্থ বহন কৰিছে । ই হৈছে ১২ টাকৈ ৫জি বেণ্ড সমৰ্থন কৰা প্ৰথমটো ৰেডমি ডিভাইচ, যিয়ে পৰীক্ষণ প্ৰক্ৰিয়াত চিত্তাকৰ্ষক ফলাফল দাঙি ধৰিবলৈ সক্ষম হয়, ৰিলায়েন্স জিঅ’ৰ সহযোগত এক আউট-অব-লেব ছেটআপত ৫জি নেটৱৰ্কৰ পৰীক্ষণ কৰা হৈছিল ।
“সুদীৰ্ঘ সময় ধৰি স্পেক শ্বীটত ৫জি কেৱল এটা নাম বা সংখ্যা হৈ আহিছে । কিন্তু ৰেডমি K50i 5G ত ৫জি কেৱল এটা নাম আৰু প্ৰদৰ্শন নহয়, ই বাস্তৱিকতে এক প্ৰকৃত আৰু পোনপটীয়াকৈ পৰীক্ষণ কৰা কাৰ্যক্ষমতাৰ প্ৰমাণ ।“ ৰঘু ৰেড্ডিয়ে কয় । ঘটনাক্ৰমে, ৰেডমি
K50i 5G কেৱল শেহতীয়া কানেক্টিভিটিৰেই
সংযুক্ত নহয়, লগতে ই পৰম্পৰাগত আন সুবিধাও সমৰ্থন কৰিব – ইয়াক
ব্যৱহাৰকাৰীয়ে ৰিম’টৰ দৰে ব্যৱহাৰ কৰিব পৰাকৈ থাকিব ইনফ্ৰা-ৰেড সমৰ্থন ।
এই উচ্চ
প্ৰদৰ্শনকাৰী ডিভাইচটো ৫০৮০ এম এ এইচ বেটাৰিৰ জৰিয়তে বহু সময়লৈ সক্ৰিয় হৈ থাকে, ইয়াত ১৯৯৯ টকা মূল্যৰ ৬৭ ডব্লিউ টাৰ্বো চাৰ্জাৰ বিনামূলীয়াকৈ আগবঢ়োৱা
হ’ব । এই উচ্চ ক্ষমতাৰ বেটাৰি ব্যৱহাৰৰ পিচতো দিনটোলৈ সক্ৰিয় হৈ থাকিব । ইয়াক মাত্ৰ ৪৬ মিনিটতে সম্পূৰ্ণৰূপে চাৰ্জ কৰিব পাৰিব । তদুপৰি, মাত্ৰ ১৫ মিনিটৰ চাৰ্জত দিনটোলৈ ফোনটো ব্যৱহাৰ কৰিব পাৰিব । ফোনটো আইকনিক
এম আই ইউ আই ১৩ ইন্টাৰফেচৰ সৈতে এন্ড্ৰয়ড ১২ ৰে পৰিচালিত, যিয়ে ব্যৱহাৰকাৰীক বহু বৈশিষ্ট্যৰ সুবিধা আগবঢ়াব ।
এই সকলোবোৰ
সুন্দৰকৈ তৈয়াৰ কৰা ডিজাইনত সংযুক্ত থাকিব । ৰেডমি K50i 5G ত থাকিব কৰ্ণিং® গৰিলা® গ্লাছ ৫ প্ৰটেকচন আৰু আই পি ৫৩ ৰেটিং, যিয়ে চূড়ান্ত স্থিতিৰ বাবে সঠিক সহযোগী হৈ পৰিব । এই ফোনটো কুইক ছিলভাৰ, ষ্টীলথ ব্লেক আৰু ফেন্টম ব্লু এই তিনিটা আকৰ্ষণীয় ৰঙত আগবঢ়োৱা হৈছে ।
ই যথেষ্ট
পাতল, স্মাৰ্ট আৰু সকলো ক্ষেত্ৰতে ফোনটোৱে উচ্চ প্ৰদৰ্শন আগবঢ়াব । প্ৰথমটো ৰেডমি কে ছিৰিজৰ ফোনৰ দৰে এই ফোনটোৱেও উপভোক্তাৰ সকলো আকাংক্ষা পূৰণ কৰিব ।
ৰেডমি বাডছ ৩ লাইট
ৰেডমি ইণ্ডিয়াই লগতে ইয়াৰ অবিৰতভাৱে সম্প্ৰসাৰিত অডিঅ’ পৰ্টফলিঅ’ত এক
নতুন সংযোগ কৰি মুকলি কৰিছে ইয়াৰ আটাইতকৈ এডভান্সড ৱায়াৰলেছ ইয়েৰবাড, ৰেডমি বাডছ ৩ লাইট ।
ৰেডমি বাডছ ৩ লাইট
টি ডব্লিউ এছে ইয়াৰ আৰ্গনমিক ডিজাইনেৰে কোলাহলৰ
পৰা সুৰক্ষা প্ৰদান কৰিব আৰু ই মাত্ৰ ৩৫ গ্ৰামৰ হোৱাৰ বাবে ইয়াক সহজে পকেটত কঢ়িয়াব পাৰিব । এয়া হৈছে ৰেডমিৰ প্ৰথমটো ডাবল-টিয়েৰ্ড ইয়েৰবাডছ, যিয়ে কানত ধুনীয়াকৈ খাপ খাই আৰামদায়ক অনুভৱ প্ৰদান কৰে । আপুনি ইয়াক কানত লগাই কোলাহলৰ মাজতো ঘন্টাজুৰি থাকিব পাৰিব, ৬ এম এমৰ এই ইয়েৰবাডত শ্ৰেষ্ঠ মানৰ অডিঅ’ৰ বাবে আছে ছাঅ’মি ছাউণ্ড লেব ।
ৰেডমি বাডছ ৩ লাইটত
লগতে আছে এডভান্সড ব্লুটুথ ৫.২, আৰু পৰিবেশগত কোলাহল প্ৰতিৰোধী (ENC) , যিয়ে স্থায়ী আৰু ক্ষিপ্ৰ কানেক্টিভিটি নিশ্চিত কৰে আৰু লগতে বেটাৰিৰ ব্যৱহাৰ কমাই আগবঢ়ায়
ক্ৰিষ্টেল ক্লিয়েৰ কলিং অভিজ্ঞতা । সম্পূৰ্ণ চাৰ্জ হোৱাৰ পিছত ৰেডমি বাডছ ৩ লাইটক ৫ ঘন্টালৈ অবিৰামভাৱে ব্যৱহাৰ কৰিব পাৰিব আৰু কেছৰ সৈতে ১৮ ঘন্টালৈ ষ্টাৰ্লিং অডিঅ’ আগবঢ়াব । বাডছ আৰু কেছৰ দুয়োটাতে এল ই ডি ইণ্ডিকেটৰ আছে, যিয়ে ব্যৱহাৰকাৰীক কানেক্টিভিটি আৰু বেটাৰি ষ্টেটাছৰ বিষয়ে অৱগত কৰে । ইউ এছ বি টাইপ চি কানেক্টিভিটিৰ জৰিয়তে বেটাৰি চাৰ্জিং যথেষ্ট মসৃণ হয় । ৰেডমি বাডছ ৩ লাইট মাত্ৰ ১০ মিনিট চাৰ্জ কৰিয়ে ১০০ মিনিটলৈকে গান শুনিব পাৰিব ।
ৰেডমি বাডছ ৩ লাইটত
লগতে সংযুক্ত আছে আই পি ৫৪ ধূলি আৰু পানী প্ৰতিৰোধ ক্ষমতা, যিয়ে ইয়াক আউটড’ৰৰ লগতে জিমৰ বাবেও উত্তম সহযোগী কৰি তোলে ।
মূল্য আৰু সহজলভ্যতা:
২৫,৯৯৯ টকা আৰু ২৮,৯৯৯ টকা মূল্যৰ ৬ জি বি+১২৮ জি বি আৰু ৮ জি বি+২৫৬ জি বিৰ নতুন ৰেডমি K50i 5G ফোনটো মি ডট কম, মি হোম, এমাজন ডট ইনযোগে অনলাইন আৰু অফলাইন মাধ্যমত উপলব্ধ হ’ব । গ্ৰাহকে ২৩ জুলাইৰ পৰা K50i 5G ফোনটো মুকলিৰ অফাৰ হিচাপে ২০,৯৯৯ টকা* (৬ জি বি+১২৮ জি বি) আৰু ২৩,৯৯৯ টকা* (৮ জি বি+২৫৬ জি বি) ত লাভ কৰিব পাৰিব ।
১,৯৯৯ টকা মূল্যৰ ৰেডমি বাডছ ৩ লাইট ৩১ জুলাইৰ পৰা উপলব্ধ হ’ব মি ডট কম, মি হোম, এমাজন ডট ইনত । গ্ৰাহকে মুকলিৰ অফাৰ হিচাপে ৫০০ টকাতে লাভ কৰিব পাৰিব এই ইয়েৰবাডছ ।
No comments