Page Nav

HIDE

Grid

GRID_STYLE

Pages

Classic Header

{fbt_classic_header}

Header Ad

Breaking News

latest

What is Uniform civil code? ইউনিফৰ্ম চিভিল ক’ড কি জানো আহক৷

 ইউনিফৰ্ম চিভিল ক’ড কি ? ইয়াক ভাৰতৰ দৰে বিশাল দেশত ৰূপায়ণ কৰিব পাৰিনে?                                                                      ...

 ইউনিফৰ্ম চিভিল ক’ড কি ? ইয়াক ভাৰতৰ দৰে বিশাল দেশত ৰূপায়ণ কৰিব পাৰিনে?

                                                     


                                                                                   ছফিউল ইছলাম

২৭ জুন, ২০২৩। মঙলবাৰ। মধ্যপ্ৰদেশ এক অভিযানত অংশগ্ৰহণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰমোদীয়ে ইউনিফৰ্ম চিভিল ক’ডৰ পোষকতা কৰিছিল। মোদীয়ে কৈছিল যে এখন দেশ দুখন আইনেৰে কেনেদৰে চলিব? এটা পৰিয়ালত দুটা নিয়ম থাকিলে মানুহ চলিব পাৰিব নে বুলিও প্ৰশ্ন উত্থাপন কৰিছিল। ২০২৪ত সংসদীয় নিৰ্বাচনক লক্ষ্য ৰাখি বিৰোধী দলসমূহে ইয়াক মোদীৰ মাষ্টাৰষ্ট্ৰোক আখ্যা দিছে। কাৰণ ৰাম মন্দিৰ, অনুেচ্ছদ ৩৭০ৰ পিছত এটাই বাকী থাকিল সেইটো হ’ল ইউনিফৰ্ম চিভিল ক’ড।

এইখিনিতে উল্লেখ কৰিব পাৰি যে ২০১৪ আৰু ২০১৯ৰ লোকসভাৰ নিৰ্বাচনত বিজেপিৰ নিৰ্বাচনী ইস্তেহাৰত গুৰুত্ব পাইছিল ইউনিফৰ্ম চিভিল ক’ডে। উত্তৰাখণ্ড, মধ্যপ্ৰদেশ, অসম, হিমাচল প্ৰদেশ, কৰ্ণাটক আৰু গুজৰাটৰ বিজেপি চৰকাৰে এই আইন প্ৰণয়নৰ কথা সজোৰে কৈছিল।
যি কি নহওক আজি আলোচনা কৰিম ইউনিফৰ্ম চিভিল কোড কি? ইয়াৰ খচৰা, ব্লুপ্ৰিণ্ট আদি মানুহে পঢ়িছেনে? এই সন্দৰ্ভত সংবিধান সভাত কি হৈছিল, পৰৱৰ্তী সময়ত কেনেদৰে এই আইনে প্ৰাসংগিকতা লাভ কৰিলে, কাৰ লাভ হ’ব, কোনে লোকচানৰ সন্মুখীন হ’ব সেইবিষয়ে আলোচনা কৰিম। এই ভিডিঅ’টো বৰ গুৰুত্বপূৰ্ণ, সেয়ে সম্পূৰ্ণকৈ চোৱাৰ লগতে সকলোৰে মাজত বিলাই দিবলৈ অনুৰোধ জনালো। যিসকলে এতিয়াও চেনেল চাব¦ক্ৰাইব কৰা নাই তেওঁলোকে সোনকালে কৰি ল’ব।
সংবিধানত সমান নাগৰিক সংহিতা
ইউনিফৰ্ম চিভিল ক’ড কি—সাধাৰণ ভাষাত বুজাবলৈ চেষ্টা কৰিম। ভাৰতত অপৰাধীক শাস্তি দিবলৈ ইউনিফৰ্ম ক্ৰিমিনেল ল’ আছে। যেনে চোৰ, ডকাইতি, ধৰ্ষণ, হত্যা আদি অপৰাধৰ বাবে দেশৰ এটা আইনৰ অধীনতে সকলো ধৰ্মৰ লোককে শাস্তি প্ৰদান কৰা হয়। কিন্তু বিবাহ, তালাক, ভৰণ-পোষণ, দত্তক লোৱা, পৈতৃক সম্পত্তিৰ অধিকাৰ আৰু উত্তৰাধিকাৰৰ ক্ষেত্ৰত বিভিন্ন ধৰ্মৰ লোকৰ বাবে ধৰ্মৰ ভিত্তিত বেলেগ বেলেগ আইন আছে।
বৰ্তমান কোন ধৰ্মৰ কি কি ব্যক্তিগত আইন আছে—
হিন্দুসকলৰ—দ্য হিন্দু মেৰিজ এক্ট, ১৯৫৫, দ্য হিন্দু চাকচেছন এক্ট ১৯৫৬, দ্য হিন্দু মাইন’ৰিটী এণ্ড গাৰ্জেনশ্বিপ এক্ট ১৯৫৬, দ্য হিন্দু এডপশ্বন এণ্ড মেইেণ্টনেন্স এক্ট,১৯৫৬। দ্য স্পেচিয়েল মেৰিজ এক্ট, ১৯৫৪।
মুছলমানৰ—দ্য মুছলিম পাৰ্ছনেল ল’(ছৰীয়াহ) এপ্লিকেশ্যন এক্ট, ১৯৩৭, দ্য ডিজছলিউশ্যন অৱ মুছলিম মেৰিজ এক্ট, ১৯৩৯, দ্য মুছলিম উইমেন(প্ৰটেক্সন এৱ ৰাইটচ অন মেৰিজ) এক্ট, ২০১৯, দ্য স্পেচিয়েল মেৰিজ এক্ট, ১৯৫৪।
খ্ৰীষ্টানসকলৰ—দ্য ইণ্ডিয়ান খ্ৰীষ্টিয়ান মেৰিজ এক্ট, ১৮৭২। এই আটাইবিলাক আইন গোৱাত কাৰ্যকৰী নহয়। গোৱাত ইউনিফৰ্ম চিভিল কোড বলৱৎ হৈ আছে। গোৱাত ১৮৬৭ চনৰ ইউনিফৰ্ম চিভিল কোড বলৱৎ হৈ আছে। গোৱাৰ ইউনিফৰ্ম চিভিল কোড মতে হিন্দুসকলক দুটা বিবাহৰ অনুমতি আছে, প্ৰথমবাৰৰ পত্নীয়ে ২১ বছৰলৈ গৰ্ভধাৰণ নকৰিলে বা ৩০ বছৰলৈ পুত্ৰ সন্তান জন্ম নিদিলে দ্বিতীয় বিবাহ কৰিব পাৰে। মুছলমানসকলে বিবাহ-বিবাহ-বিেচ্ছদ আদি ইউনিফৰ্ম চিভিল কোডমতে পঞ্জীয়ন কৰিব লাগিব।
ভাৰতীয় সংবিধান নিৰ্মাতাসকলে যিহেতু ভাৰত এখন ধৰ্ম নিৰপেক্ষ দেশ সেয়ে বিবাহ-বিেচ্ছদ, উত্তৰাধিকাৰ, সম্পত্তি, দত্তক লোৱা আদিৰ ক্ষেত্ৰত সকলোৰে বাবে এখন উমৈহতীয়া আইনৰ পোষকতা কৰিছিল। তেতিয়া ড০ ভি আৰ আম্বেদকাৰে কৈছিল যে দেশ এতিয়া সকলোৰে বাবে এখন আইনৰ দ্বাৰা চলিবলৈ প্ৰস্তুত নহয়, গতিকে এই আইন প্ৰণয়নৰ দায়িত্ব ৰাজ্যসমুহক অৰ্পণ কৰিছে এই বুলি যেতিয়া সময় সুযোগ আহে তেতিয়া ইয়াক প্ৰণয়ন কৰা হ’ব। সেয়ে সংবিধানৰ অনুেচ্ছদ ৪৪ ৰ নিৰ্দেশাত্মক নীতিৰ অধীনত ইয়াক অন্তৰ্ভুক্ত কৰিছে। উদ্দেশ্য যাতে সকলো ধৰ্ম আৰু সম্প্ৰদায়ৰ বাবে একেই ব্যক্তিগত আইন হয়।
সময়ে সময়ে এই আইনৰ প্ৰাসংগিকতা
  • ১৯৮০ চনত মিনাৰবা মিলছ গোচৰত উচ্চতম ন্যায়ালয়ে কৈছিল যে মৌলিক অধিকাৰ আৰু নিৰ্দেশাত্মক নীতিৰ মাজত এক সৌহাৰ্দমূলক সম্পৰ্ক আছে।
  • ইয়াৰ পিছত ১৯৮৫ চনত চাহবানু গোচৰত উচ্চতম ন্যায়ালয়ে ক’লে যে এইটো দূখৰ কথা যে অনুেচ্ছদ ৪৪ মৃতপ্ৰায় আখৰ হৈ পৰিছে।
  • আকৌ ১৯৯৫ চনত সৰলা মুদগল গোচৰত উচ্চতম ন্যায়ালয়ে প্ৰশ্ন কৰিলে যে চৰকাৰে সংবিধান নিৰ্মাতাসকলৰ ইচ্ছা কেতিয়া পূৰণ কৰিব, ইয়াৰ বাবে কিমান সময় লাগে?
  • ২০০৩ চনত জন বলৱত্তম গোচৰত আদালতে ক’লে যে এই দূখৰ কথা যে অনুেচ্ছদ ৪৪ আজিলৈ বলৱৎ নকৰিলে। সংসদে এতিয়া এই দিশত এখন সমান নাগৰিক সংহিতা বলৱৎ কৰাৰ বাবে প্ৰয়াস কৰা উচিত।
  • ২০১৭ চনত আদালতে ক’লে যে আমি ভাৰত চৰকাৰক নিৰ্দেশ দিও যে তেওঁলোকে উপযুক্ত আইন বনোৱাৰ ক্ষেত্ৰত বিবেচনা কৰক।
  • ২০১৯ চনত জোছ পাঅল’ গোচৰত আদালতে ক’লে যেদেশত সমান আইন বলৱৎ কৰাৰ বাবে এতিয়ালৈ চৰকাৰে কোনো প্ৰয়াস নকৰিলে।


এতিয়া আহো মূল কথালৈ। প্ৰধানমন্ত্ৰীৰ এনে মন্তব্যক কঠোৰ ভাষাৰে সমালোচনা কৰিছে বিৰোধী দলসমুহে।  মুছলমান সংগঠনসমূহেও সমালোচনা কৰিছে। ইয়াকে কেন্দ্ৰ কৰি দেশ এতিয়া দুটা ভাগত বিভক্ত হৈ পৰিছে। এটা ভাগে উমৈহতীয়া দেৱানী আইনৰ সমৰ্থনত সামাজিক মাধ্যমত নামি পৰিছে। আন এচামে ইয়াৰ বিৰোধীতা কৰি এই আইন প্ৰয়োগ কৰিলে ভয়ানক পৰিণাম ভুগিব লাগিব বুলি সকিয়নী দিছে।
উত্তৰ-পূবৰ তিনিখন ৰাজ্যই উমেহতীয়া দেৱানী আইনৰ বিৰোধীতা কৰিছে। ২ জুলাইৰ দ্য হিন্দুত প্ৰকাশিত বাতৰি মতে নাগালেণ্ডৰ এটা সংগঠনে সকিয়নী দি কৈছে যে যদি ৰাজ্য বিধানসভাই কেন্দ্ৰৰ আগত মূৰ দোৱায় আৰু সমান নাগৰিক সংহিতাৰ সমৰ্থনত বিধেয়ক পাৰিত কৰে তেন্তে ৬০গৰাকী বিধায়কৰ আটাইকেইগৰাকীৰ চৰকাৰী আবাস জ্বলাই দিয়া হ’ব। ৰাষ্ট্ৰীয় কাকত দ্য হিন্দুত দুই জুলাইত প্ৰকাশিত এক বাতৰি অনুসৰি নাগালেণ্ড ট্ৰান্সপেৰেচি, পাব্লিক ৰাইটচ এডভোকেচী এণ্ড ডাইৰেক্ট-এক্সন অৰ্গেনাইজেশ্যনে কৈছে যে উমৈহতীয়া দেৱানী আইনে ৰাজ্যখনক দিয়া বিশেষ সাংবিধানিক অধিকাৰক উলংঘা কৰিব আৰু ই নগা লোকসকলৰ অদ্বিতীয় ৰীতি-নীতি আৰু পৰম্পৰাত বাধা প্ৰদান কৰিব। খ্ৰীষ্টান সংখ্যাগৰিষ্ঠ নাগালেণ্ডৰ ৰাইজিং পিপুলচ পাৰ্টীয়ে এই বলৱৎ কৰাৰ প্ৰয়াসক বিৰোধ কৰিছে এইবুলি যে ইয়াৰ আঁৰত আছে একত্ববাদৰ কেন্দ্ৰীয় ধাৰণা। দলটোৱে এই আইন ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ এক ৰাষ্ট্ৰ, এক ধৰ্ম, এক ভাষাৰ অনুৰূপ বুলি মত প্ৰকাশ কৰে।
মেঘালয়তো এই আইন সন্দৰ্ভত বিৰূপ প্ৰতিক্ৰিয়া হৈছে। মেঘালয়ৰ মাতৃ প্ৰধান খাচী সম্প্ৰদায়ৰ প্ৰতিনিধিত্ব কৰা হিনইউত্ৰেপ ইয়ুথ কাউন্সিলৰ প্ৰকাশ কৰি মতামত অনুসৰি তেওঁলোকে ইতিমধ্যে এই আইনৰ বিৰুদ্ধে বিধি আয়োগলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। পৰিষদৰ অধ্যক্ষ ৰবাৰ্ট ইয়ুন খাৰজহৰিনে কয় এই আইন স্থানীয় ৰীতি-নিয়ম, আইন আৰু আনকি সংবিধানৰ ষষ্ঠ অনুসূচীকো প্ৰভাৱিত কৰিব। চিভিল চ’ছাইটিৰ মহিলা সংগঠনৰ অধ্যক্ষা এগ্ৰেছ খাৰশ্বিঙে শ্বিলঙত সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কৈছে যে সংবিধান ভাৰতীয় লোকৰ বাবে, কিছুমান ৰাজনৈতিক শক্তিক সন্তুষ্ট কৰিবলৈ নহয়।
মিজোৰামৰ মুখ্যমন্ত্ৰী জৌৰামথাংগাই ভাৰতৰ বিধি আয়োগক চিঠি লিখি নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। তেওঁ কৈছে উমৈহতীয়া  দেৱানী আইন মিজো নাগৰিকৰ হিতৰ বিৰোধী।
আমি যদি চাও—২০১১ৰ জনগণনা মতে মেঘালয়ত খ্ৰীষ্টানৰ জনসংখ্যা ৭৪.৫৯ শতাংশ, মিজোৰামত ৮৬.৯৭ শতাংশ আৰু নাগালেণ্ডৰ ৮৭.৯৩ শতাংশ। ইয়াতে উল্লেখ কৰাটো বাঞ্ছনীয় হ’ব যে উত্তৰ-পূব ভাৰত সাংস্কৃতিকভাৱে বিবিধাপূৰ্ণ আৰু ২২০তকৈ অধিক জাতি-জনজাতিৰ আবাসস্থল। সকলোৰে এটাই ভয় এই আইনে সংবিধানৰ দ্বাৰা সংৰক্ষিত কৰা তেওঁলোকৰ পাৰম্পৰিক আইনক প্ৰভাৱিত কৰিব।
দ্য হিন্দুৰ আন এটা বাতৰি মতে চেণ্ট্ৰেল নাগালেণ্ড ট্ৰাইবচ কাউন্সিলে বিধি আয়োগলৈ লিখা পত্ৰত উল্লেখ কৰিছে যে সংবিধানে ভাৰতৰ নাগৰিকৰ মাজত বিবিধতা আৰু বহুলতাক মান্যতা প্ৰদান কৰিছে আৰু সেয়ে উমৈহতীয়া দেৱানী আইনে বৰ্তমান স্বৰূপত ভাৰতৰ ধাৰণাৰ বিৰুদ্ধ। ৰাজ্যখনৰ তিনিটা প্ৰমুখ জনজাতি এঅ’, লোথা আৰু চুমী জনজাতিক প্ৰতিনিধিত্ব কৰা চিএনটিচিয়ে বিধি আয়োগৰ সদস্য সচিবলৈ চিঠি লিখি জনাইছে যে যি আইনৰ বিষয়ে আদিবাসীসকলে নাজানে, তেনে আইন প্ৰয়োগ কৰিলে গুৰুতৰ পৰিণাম ভূগিব লাগিব। নাগালেণ্ডত বিভিন্ন জনজাতিৰ নিজৰ নিজৰ ৰীতি-নীতি, কলা সংস্কৃতি আৰু পৰম্পৰা আছে, যি যুগ যুগ ধৰি হাতে হাত ধৰি কোনো ধৰণৰ সংঘাত নোহোৱাকৈ ব্যক্তিগত আইনৰ দ্বাৰা চলি আহিছে। এটা কথা নুই কৰিব নোৱাৰি যে অলপতে একৰূপতা অনুৰূপতাৰ ধাৰণাই বিশেষ কৰি বিভিন্ন অঞ্চলত বসবাস কৰা জাতীয়, সাংস্কৃতিক, ভাষাগত আৰু ধাৰ্মিক সংখ্যালঘুৰ মাজত গভীৰ নিৰপত্তাহীনতাৰ সৃষ্টি কৰিছিল।
ছত্তীশগড়তো এই আইনক লৈ ব্যাপক বিতৰ্কৰ সৃষ্টি কৰিছে। ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে এই আইনৰ বিৰোধিতা কৰিছে। আদিবাসী সংস্কৃতি নষ্ট হৈ পৰিব বুলি বাঘেলে মন্তব্য কৰিছে। আদিবাসীসকলৰ এটা সংগঠন ছত্তীশগড় ছাৰ্ব আদিবাসী সমাজে কেন্দ্ৰীয় চৰকাৰক সমান নাগৰিক সংহিতা বলৱৎ কৰাত লৰালৰি নকৰিবলৈ সকিয়নী দিছে।  সংগঠনটোৰ সভাপতি তথা প্ৰাক্তন মন্ত্ৰী অৰবিন্দ নেতামৰ মতে আদিবাসী সম্প্ৰদায়, জন্ম, তালাক, বিভাজন, উত্তৰাধিকাৰ, ভুমি আৰু সম্পত্তিৰ ক্ষেত্ৰত পাৰম্পৰিক আইনৰ দ্বাৰা শাসিত হয়। এইটোৱে আমাৰ পৰিচয়। উদাহৰণ হিচাপে আদিবাসী সমাজত বিবাহিত মহিলাক স্বামীয়ে এৰি দিয়াৰ পিছত কেবাবাৰো বিয়া কৰোৱাৰ ক্ষেত্ৰত স্বতন্ত্ৰতা থাকে আৰু পৈতৃক সম্পত্তিৰ ওপৰত অধিকাৰ নাথাকে। আদিবাসীসকলৰ প্ৰথাগত ৰীতি-নীতিক সংবিধানৰ অনুেচ্ছদ ১৩(৩)(এ)ৰ অধীনত আইনী অধিকাৰ প্ৰাপ্ত। আদিবাসীসকলক সংবিধানৰ পঞ্চম আৰু ষষ্ঠ অনুসূচী আৰু পঞ্চায়ত(অনুসূচীত ক্ষেত্ৰলৈ বিস্ত´ত) অধিনিয়মৰ অধীনত অধিকাৰ প্ৰাপ্ত।
ইপিনে অল ইণ্ডিয়া মুছলিম পাৰ্ছনেল ল’ বোৰ্ডে ভাৰতৰ বিধি আয়োগক পত্ৰ লিখি সমান নাগৰিক সংহিতাৰ বিৰোধিতা কৰিছে। ব’ডৰ মতে সংখ্যাগৰিষ্ঠৰ নৈতিকতা সংখ্যালঘুৰ ধাৰ্মিক স্বতন্ত্ৰতা আৰু অধিকাৰৰ ওপৰত প্ৰভাৱ পৰিব নালাগে। ১০০ পৃষ্ঠাৰ স্মাৰক পত্ৰত লিখিছে যে সংখ্যাগৰিষ্ঠই এক আইনৰ নামত ব্যক্তিগত আইন, ধাৰ্মিক স্বতন্ত্ৰতা আৰু সংখ্যালঘুৰ অধিকাৰ হনন কৰা উচিত নহয়। এক বিবৃতিত ব’ৰ্ডে কয় যে মুছলিম পাৰ্ছনেল ল’ পোনপটীয়াকৈ পৱিত্ৰ কোৰান আৰু হাদীছৰ পৰা লোৱা হৈছে। ভাৰতৰ মুছলমানে নিজৰ পৰিচয় হেৰুৱাবলৈ সন্মত নহয়।
হিন্দু ধৰ্মতো উত্তৰ-প্ৰদেশ, ৰাজস্থান, বিহাৰ আদিত বেলেগ বেলেগ ৰীতি-নীতিৰে বৈবাহিক কাৰ্য সমাপন হয়। ইপিনে দক্ষিণ ভাৰতৰ অন্ধ্ৰপ্ৰদেশৰ হিন্দুসকলৰ মাজতো ধৰ্মীয় পৰম্পৰা বেলেগ বেলেগ। এনে ক্ষেত্ৰত ভাৰতৰ দৰে এখন বিশাল দেশত কেনেদৰে এখন আইনৰ দ্বাৰা শাসিত হ’ব, তাক লৈ নিশ্চয় প্ৰশ্ন উত্থাপন হ’ব। মই ভাবিলো ভাৰতত ইউনিফৰ্ম চিভিল ক’ড ৰূপায়ণ কৰিব পাৰি নেকি? আপোনাৰ মতে কি? কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।
                                                                                                 লেখকৰ ই-মেইল—safiulislams@gmail.com
#Uniformcivilcode #Muslimpersonallaw #hindumarriagelaw #christianmarriagelaw #safiulislam
Uniform Civil Code, India Uniform Civil Code, UCC, Uniform Civil Law, Uniform Code of Conduct, Secular Civil Code, Personal Law, Common Civil Code, Civil Code Debate, Gender Equality, Constitutional Reform, Family Law, Religious Practices, Plural Legal System, Marriage Laws, Minority Rights, Legal Uniformity, Cultural Diversity, Legal Equality, Women's Rights, Dissolution of Marriage, Law Commission, Personal Freedom, Judicial Reforms, Social Justice, Citizenship Rights, Public Opinion, Civil Rights, Legal Harmonization, Secularism, Uniformity in Law, Legal Reforms, Social Cohesion, Cultural Integration, Fundamental Rights, Human Rights, Legal Pluralism, Customary Laws, National Integration, Legal Modernization, Legal Framework, Civic Rights

No comments