নান্দেড় জিলাৰ এখনি সৰু গাঁৱত দৰিদ্ৰতা আৰু সামাজিক সংৰক্ষণশীলতাৰ বান্ধ ছিঙি মহাৰাষ্ট্ৰ অসামৰিক সেৱাৰ মহিলা শাখাত তৃতীয় স্থান প্ৰাপ্ত এগৰাকী ...
নান্দেড় জিলাৰ এখনি সৰু গাঁৱত দৰিদ্ৰতা আৰু সামাজিক সংৰক্ষণশীলতাৰ বান্ধ ছিঙি মহাৰাষ্ট্ৰ অসামৰিক সেৱাৰ মহিলা শাখাত তৃতীয় স্থান প্ৰাপ্ত এগৰাকী যুৱতীৰ কাহিনী৷
ছফিউল ইছলাম
এমপিএছচি অৰ্থাৎ মহাৰাষ্ট্ৰ লোকসেৱা আয়োগে ১৯ জুনত ২০১৯ বৰ্ষৰ চূড়ান্ত
ফলাফল ঘোষণা কৰে৷এই পৰীক্ষাত মুঠ ৪২০ পৰীক্ষাৰ্থী সফলতাৰে উত্তীৰ্ণ হৈছে৷ এই সকলৰ
ভিতৰত কিছুমান এনে পৰীক্ষাৰ্থীও আছে, যিসকলে ভয়ানক পৰিস্থিতিৰ মাজেৰে কঠোৰ শ্ৰম
কৰিছে আৰু এই পৰীক্ষাত সফল হৈছে৷
এনে এগৰাকী সফল পৰীক্ষাৰ্থী হৈছে নান্দেড় জিলাৰ
লোহা তহচিলৰ সৰু এখন গাঁৱ সাংঘৱীৰ বাসিন্দা ৱাছিমা শ্বেখ৷ ৱাছিমাই দৰিদ্ৰ আৰু প্ৰতিকুল পৰিস্থিতিৰ মাজেৰে অতিক্ৰম কৰি কঠোৰ পৰিশ্ৰমৰ
ফলত এই পৰীক্ষাত সফলতা অৰ্জন কৰিছে৷ এইটো ৱাছিমাৰ দ্বিতীয় প্ৰয়াস আছিল৷ ৱাছিমাই
মহিলাৰ শ্ৰেণীত তৃতীয় আৰু মুঠ ২৬তম স্থান প্ৰাপ্ত কৰি নিজৰ লগতে পৰিয়াল আৰু সেই
এলেকাৰ নাম উজলাইছে৷
ৱাছিমা সেইসকলৰ বাবে এক দৃষ্টান্ত হৈ পৰিছে, যিসকল দৰিদ্ৰ বা অন্য কোনো
কাৰণত আধাতে পৰাজয় স্বীকাৰ কৰি লয়৷ মাৰাঠী মাধ্যমত অধ্যয়ণ কৰা ৱাছিমা শ্বেখক
মহাৰাষ্ট্ৰৰ ডেপুটী কালেক্টৰ অৰ্থাৎ উপ-জিলাধিকাৰীৰ পদত নিযুক্তি দিয়া হৈছে৷ ৱাছিমাৰ
পথেৰে যাত্ৰা কৰি তেওঁৰ দুগৰাকী ভণ্টিয়েও এতিয়া অসামৰিক পৰীক্ষাৰ বাবে প্ৰস্তুতি
গ্ৰহণ কৰি আছে৷
নিউজলণ্ড্ৰীৰে হোৱা এক সাক্ষাৎকাৰত ৱাছিমাই নিজৰ দূখেৰে ভৰা অতীত বৰ্ণনা
কৰিছে এইদৰে—সেইদিনবোৰ বৰ মছকিল আছিল৷ শৈশৱত যি ধৰণে সংঘৰ্ষ কৰিছিলো, সেইধৰণেই প্ৰতিযোগিতামুলক
পৰীক্ষাৰ বাবে প্ৰস্তুতি গ্ৰহণ কৰিছিলো৷ সেয়ে বেছি কষ্টকৰ নাছিল৷
নিজৰ শৈশৱ আৰু সংগ্ৰামৰ কাহিনী বৰ্ণনা কৰি ৱাছিমাই কয় মই মহাৰাষ্ট্ৰৰ
নান্দেড় জিলাৰ গ্ৰামাঞ্চলৰ পৰা আহিছো৷ প্ৰায় ১৫০০ জনসংখ্যাবহুল সাংঘৱী গাঁৱত আমি
৪ বাই-ভনী আৰু দুই ভাই পিতৃ-মাতৃৰ সৈতে বসবাস কৰিছিলো৷ মোৰ পিতৃ যিহেতু মানসিকভাৱে
ৰুগীয়া আছিল সেয়ে ঘৰৰ সম্পুৰ্ণ দায়িত্ব মাতৃৰ ওপৰত আছিল৷ মোৰ মাতৃয়ে মানুহৰ ঘৰত
কাম কৰি ঘৰৰ খৰচ বহন কৰিছিল৷ দশম শ্ৰেণীলৈ আমিও কেতিয়াবা কেতিয়াবা তেওঁৰ লগতে
কামলৈ গৈছিলো৷ কিন্তু ঘৰত মানুহ বেছি আছিল সেয়ে সমগ্ৰ দায়িত্ব তেওঁৰ ওপৰতে আছিল৷
ভাতৃৰ সহযোগিতা সন্দৰ্ভত ৱাছিমাই কয়, যেতিয়া মই দশম শ্ৰেণীত পঢ়ি আছিলো
তেতিয়া মোৰ ককায়েক, যিগৰাকী তেতিয়া স্নাতক প্ৰথম বৰ্ষৰ ছাত্ৰ আছিল, তেওঁ ঘৰৰ উপাৰ্জনত
সহযোগ আৰু মোৰ পঢ়াৰ খৰচ উলিয়াবলৈ নিজৰ পঢ়া বাদ দি ই-ৰিক্সা চলাবলৈ লৈছিল৷ মাতৃ
আৰু ভাতৃৰ এই অৱদান তেওঁ কেতিয়াও পাহৰিব নোৱাৰে বুলি দোহাৰে৷
ৱাছিমাই সপ্তম শ্ৰেণীলৈ বেছিক জিলা পৰিষদৰ দ্বাৰা পৰিচালিত বিদ্যালয় সম্পন্ন
হৈছিল৷ তাৰ পিছত গাঁৱতে থকা এক সৰু ব্যক্তিগত বিদ্যালয়ত দশম শ্ৰেণীলৈ পঢ়িছিল৷ দশম
শ্ৰেণীৰ পিছত একাদশ শ্ৰেণী পঢ়িবলৈ গাঁৱত কোনো বিদ্যালয় নথকাত দৈনিক ছয় কিলোমিটাৰ
খোজকাঢ়ি বিদ্যালয়লৈ গৈছিল৷ সেই সময়ত স্কুললৈ যোৱাৰ বাবে কোনো পৰিবহণ নাছিল৷ তাতে
আকৌ ভূতৰ ওপৰত দানহ পৰাদি সেই গাঁৱৰ কোনো ছোৱালী পঢ়িবলৈ যোৱা নাছিল৷ যেনেতেনে
একাদশ শ্ৰেণী পঢ়িলে যদিও দ্বাদশ শ্ৰেণী পঢ়িবলৈ ৱাছিমাই মাকৰ ফালৰ পৰা আইতাকৰ ঘৰত
থাকি ওচৰৰ বিদ্যালয়ত নাম ভৰ্তি কৰিছিল৷অৱশ্যে তাতো দহ কিলোমিটাৰলৈ
কোনো স্কুল নাছিল৷ কিন্তু যাতায়াতৰ বাবে স্থানীয় বাছৰ সুবিধা উপলব্ধ
আছিল৷ তাৰেই অহা-যোৱা কৰিছিল৷
দ্বাদশ শ্ৰেণীৰ পিছত মই মহাৰাষ্ট্ৰৰ মুক্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক অধ্যয়ণ
কৰাৰ লগতে প্ৰাথমিক শিক্ষাৰ শিক্ষকৰ ডিপ্লমা বিপিএড সম্পন্ন কৰিছিল৷
যিসময়ত ৱাছিমাৰ লগৰ কোনো ছোৱালীয়ে শিক্ষা গ্ৰহণ কৰা নাছিল, তেনে সময়ত শিক্ষা
গ্ৰহণ কৰাটো ৱাছিমাৰ বাবে এক বৃহৎ বাধাৰ প্ৰাচীৰ আছিল৷ ওচৰ-পাজৰৰ মানুহে ৱাছিমা
আৰু তেওঁৰ পৰিয়ালক ককৰ্থনা কৰিছিল আৰু সামাজিক বাধাৰ সন্মুখীন হৈছিল৷ কিন্তু মাতৃ
আৰু ভাতৃৰ সমৰ্থনত ৱাছিমা সফলতাৰ উচ্চ শিখৰত আৰোহণ কৰিছিল৷
ৱাছিমাৰ মতে এগৰাকী প্ৰশাসনিক বিষয়া হ’বলৈ
কোনো টাৰ্ণিং পইণ্ট নাছিল৷ কিন্তু প্ৰায়ে ভাৱিছিল যে এগৰাকী চৰকাৰী বিষয়াই সমগ্ৰ
চিষ্টেমক সমৰ্থন কৰে৷ যদি এগৰাকী বিষয়াই কোনো ভাল সিদ্ধান্ত লয় তেন্তে সমাজৰ লাখ
লাখ লোকৰ ওপৰত ইয়াৰ সকাৰাত্মক প্ৰভাৱ পৰে৷ যিহেতু ৱাছিমা গ্ৰামীণ এলেকাৰ পৰা
আহিছিল, সেয়ে তেওঁ গ্ৰাম্য জীৱনৰ মানুহৰ সমস্যা একেবাৰে ওচৰৰ পৰা প্ৰত্যক্ষ
কৰিছিল৷ সৰু সৰু কামৰ বাবে মানুহবিলাকে কিমান যে যন্ত্ৰণা ভুগিছিল? সেই
মানুহবিলাকৰ সমস্যা লাঘৱ কৰিবলৈ ৱাছিমাই লক্ষ্য থিৰাং কৰিছিল এগৰাকী অসামৰিক বিষয়া
হোৱাৰ৷
স্নাতক ডিগ্ৰীৰ পিছত ২০১৬ত এমপিএছচি পৰীক্ষাৰ
বাবে প্ৰস্তুতি আৰম্ভ কৰিছিল৷ যিহেতু অসামৰিক সেৱাৰ বাবে ধাৰাবাহিক আৰু কঠোৰভাৱে
দৈনিক ১০-১২ ঘণ্টা অধ্যয়ণ কৰিবলগীয়া হৈছিল, সেই সুযোগ আৰু পৰিৱেশ ৱাছিমাই পোৱা
নাছিল৷ তাতে আকৌ নিজৰ সমাজৰ লোকেই বিৰোধিতা কৰিছিল৷ সেয়ে ককায়েকে ৱাছিমাক পূণেলৈ
লৈ আহিছিল যাতে তাত ভাল পৰিৱেশ এটা, লাইব্ৰেৰীৰ সুবিধা আদি পায়৷ তাত ৱাছিমাই
ভাড়াঘৰত থাকি কোচিং অবিহনে ১২-১৫ ঘণ্টা অধ্যয়ণ কৰি দুবছৰ পিছত ২০১৮ত নাগপুৰত
বিক্ৰী কৰৰ পৰিদৰ্শক হিচাপে নিযুক্ত হয়৷
এতিয়া যিহেতু তাত কাৰ্যালয়ৰ কাম আছিল আৰু
পঢ়াৰ সুযোগ পাইছিল সেয়ে উপ-জিলাধিকাৰীৰ বাবে অধ্যয়ণ অব্যাহত ৰাখিছিল৷
কিন্তু এই কাম সহজ নাছিল৷ সময় বহুত কম আছিল৷
পুৱা ১০ বজাত কাৰ্যালয়লৈ যাবলগীয়া হৈছিল সেয়ে, ৱাছিমাই সিদ্ধান্ত লৈছিল যে মই
কৰিবই লাগিব৷ ৱাছিমাই দোকমোকালি ফজৰ নামাজৰ সময়ত উঠি পঢ়া আৰম্ভ কৰিছিল আৰু পুনৰ
নিশা সময় উলিয়াই অধ্যয়ণ কৰিছিল৷ জৰুৰী সময়ত ছুটী লৈছিল৷ পৰীক্ষাৰ সময়তো ছুটী
লৈছিল৷ দ্বিতীয়টো প্ৰয়াসত ৱাছিমাই ৰাজ্যখনৰ ভিতৰত ২৬তম স্থানত আৰু মহিলাৰ শ্ৰেণীত
তৃতীয় স্থানত সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছিল৷
যিসময়ত সমাজৰ লোকে অবিৰতভাৱে বিৰোধিতা কৰিছিল
তেতিয়া ৱাছিমাই সেই বিৰোধিতাক প্ৰেৰণা হিচাপে লৈছিল৷ ৱাছিমাই মনে মনে পণ লৈছিল যে
ইয়াৰ উত্তৰ মই নিদিও৷ মই পঢ়িম আৰু যেতিয়া মোৰ ফলাফল ভাল হ’ব, মই যেতিয়া বিষয়া
হ’ম, তেতিয়া এই লোকসকলে নিজে নিজেই ইয়াৰ উত্তৰ পাব৷
এই সফলতাৰ শ্ৰেয় পোণ-প্ৰথমে ৱাছিমাৰ পিতৃ-মাতৃ
আৰু ভাতৃক দিব বিচাৰে৷ ৱাছিমাৰ মতে এই সফলতাৰ আঁৰত মোৰ আদৰ্শ মোৰ মাতৃ আৰু ভাতৃ৷
ইয়াৰ পিছত মোৰ স্বামীয়েও মোক সমৰ্থন জনাইছে৷ উল্লেখ্য যে ফলাফল ঘোষণাৰ ১৫ দিন
পূৰ্বে ৱাছিমাৰ বিবাহ সম্পন্ন হৈছিল৷
যিসকলে এনেধৰণৰ পৰীক্ষাত অৱতীৰ্ণ হ’ব খোজে আৰু
ভৱিষ্য প্ৰজন্মলৈ ৱাছিমাই কয় আটাইতকৈ ডাঙৰ কথা হ’ল এনে ধৰণৰ পৰীক্ষাৰ পাঠ্যক্ৰম
বুজা বিশ্লেষণ কৰা উচিত৷আয়োগৰ মন-মানসিকতা কেনেধৰণৰ, তেওঁলোকে কেনে ধৰণৰ প্ৰশ্ন
সোধে, সেইবোৰ কথা জানিব লাগিব৷
এগৰাকী উচ্চ পদস্থ বিষয়া হিচাপে ৱাছিমাই তেওঁৰ
ওপৰত নিৰ্ধাৰিত কাম ১০০ শতাংশ সম্পুৰ্ণ কৰাটোক প্ৰাথমিকতা দিব বিচাৰিছে৷ যিবোৰ
সমস্যা সহজতে সমাধান কৰিব পাৰি, সেইবোৰ সমাধান কৰাটোত অগ্ৰাধিকাৰ দিয়া হ’ব বুলিও
প্ৰকাশ কৰে ৱাছিমাই৷ ৱাছিমালৈ আমাৰ অভিনন্দন থাকিল৷
লেখক এগৰাকী স্বতন্ত্ৰ লেখক৷ তেওঁৰ ফোন নং 9401248510
সৎ সাংবাদিকতা আৰু নিৰপেক্ষ সাংবাদিকক সহায় কৰিব পাৰে
patreon.com/safiulislams
No comments