Page Nav

HIDE

Grid

GRID_STYLE

Pages

Classic Header

{fbt_classic_header}

Header Ad

Breaking News

latest

কোৰোনিল টেবলেট নিষিদ্ধ কৰা চিকিৎসক মুজাহিদ হোছেইনক বৰ্খাস্ত আয়ুষ মন্ত্ৰালয়ৰ !

বাবা ৰামদেৱৰ কোম্পানী পতঞ্জলীয়ে ২৩ জুনত ‘কোৰোনিল টেবলেট’ আৰু শ্বাচাৰী বটি’ নামৰ ঔষধ মুকলি কৰাৰ লগতে এই ঔষধেৰে কোৰোনা ভাইৰাছৰ আয়ুৰ্বেদিক নিৰা...


বাবা ৰামদেৱৰ কোম্পানী পতঞ্জলীয়ে ২৩ জুনত ‘কোৰোনিল টেবলেট’ আৰু শ্বাচাৰী বটি’ নামৰ ঔষধ মুকলি কৰাৰ লগতে এই ঔষধেৰে কোৰোনা ভাইৰাছৰ আয়ুৰ্বেদিক নিৰাময় কৰিব পাৰি বুলি দাবী কৰিছিল৷ কোম্পানীৰ মতে এই ঔষধেৰে ১০০ শতাংশ নিৰাময় হ’ব বুলিও দাবী কৰিছিল৷ কোম্পানীয়ে সজোৰে দাবী কৰিছিল যে কোৰোনিলৰ ক্লিনিকেল ট্ৰায়েল কৰা হৈছে আৰু কোৰোনা সংক্ৰমিত লোকৰ ওপৰত ইয়াৰ ১০০ শতাংশ সকাৰাত্মক প্ৰভাৱ পৰিছে৷ কিন্তু পতঞ্জলীৰ এই ঘোষণাৰ কিছু সময় পিছতে ভাৰত চৰকাৰৰ আয়ুষ মন্ত্ৰালয়ে এক বিজ্ঞপ্তিযোগে প্ৰকাশ কৰে যে এই সন্দৰ্ভত কোনো তথ্য নাই৷ লগতে আয়ুষ মন্ত্ৰালয়ে স্পষ্ট কৰি দি কয় এই সমগ্ৰ বিষয়ৰ পৰীক্ষা-নিৰীক্ষা নোহোৱালৈ এই ঔষধৰ লগত জড়িত বিজ্ঞাপনৰ ওপৰত নিষেধাজ্ঞা থাকিব৷অৱশ্যে পতঞ্জলীৰ অধ্যক্ষ আচাৰ্য বালকৃষ্ণই এই ঘটনাক কমিউনিকেছন গেপ বুলি কয় আৰু দাবী কৰে যে পতঞ্জলীয়ে আয়ুষ মন্ত্ৰালয়ক সকলো তথ্য অৱগত কৰিছে৷

এই সকলোৰে মাজত সামাজিক মাধ্যমত প্ৰচাৰ হ’বলৈ ধৰে যে কোৰোনিল ঔষধৰ ওপৰত প্ৰতিবন্ধকতা লগোৱা চিকিৎসক মুজাহিদ হোছেইনক আয়ুষ মন্ত্ৰালয়ে বৰ্খাস্ত কৰিছে৷ অখিল ভাৰতীয় হিন্দু পৰিষদৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ বিজয় শংকৰ তিৱাৰীয়ে এক টুইটযোগে লিখিছে—‘‘পতঞ্জলী নিৰ্মিত কোৰোনিলৰ ওপৰত প্ৰতিবন্ধকতা লোগোৱা চিকিৎসক মুজাহিদ হোছেইনক আয়ুষ মন্ত্ৰালয়ে বৰ্খাস্ত কৰিছে৷ আয়ুষক বদনামী কৰা মুজাহিদ হোছেইনৰ দৰে লোকসকলে চিষ্টেমত বহি আয়ুৰ্বেদৰ বদনাম কৰি আছে৷’’

এই প্ৰৱন্ধ লিখাৰ সময়লৈ তিৱাৰীয়ে নিজৰ টুইট ডিলিট কৰে যদিও তাৰ স্ক্ৰীণশ্বট ইয়াত চাব পাৰিব৷ ৰাজনৈতিক বিশ্লেষক পুষ্পেন্দ্ৰ কুলশ্ৰেষ্ঠৰ নামত বনোৱা এক টুইটাৰ হেণ্ডলেও এই দাবী কৰিছে৷ ইয়াৰ উপৰি কেবাটাও টুইটাৰ হেণ্ডেলৰ পৰা এই দাবী কৰা হৈছে৷ সুধীৰ মিশ্ৰা, দীক্ষা পাণ্ডে, আশিষ জগ্গীয়েও এই দাবী কৰিছে, এইবোৰ হাজাৰ হাজাৰ মানুহে ৰিটুইট কৰিছে৷ এই তিনিওটা হেণ্ডেলক তেজিন্দৰ পাল সিঙ বাগ্গাই ফল’ কৰে৷ প্ৰিয়া ৰাঠোৰেও এই দাবী কৰিছে৷

এই দাবী ভুৱা

https://twitter.com/moayush/status/1276057805678501893?s=20

এনে কোনো বাতৰি এতিয়ালৈ প্ৰকাশ হোৱা নাই য’ত আয়ুষ মন্ত্ৰালয়ে কোনো চিকিৎসক মুজাহিদ হোছেইনক কোৰোনিল ঔষধৰ ওপৰত নিষেধাজ্ঞা লগোৱাৰ কাৰণে বৰ্খাস্ত কৰিছে৷ শেহতীয়া তথ্য অনুসৰি পতঞ্জলীয়ে আয়ুষ মন্ত্ৰালয়ক তেওঁলোকৰ সকলো নথি-পত্ৰ প্ৰেৰণ কৰিছে৷ কেন্দ্ৰীয় আয়ুষ ৰাজ্যমন্ত্ৰী শ্ৰীপদ নাইকে কৈছে যে চৰকাৰে প্ৰতিবেদন চোৱাৰ পিছতহে অনুমতি দিয়াৰ বিষয়ে বিবেচনা কৰিব৷

অল্ট.নিউজে এক বিজ্ঞান প্ৰৱন্ধত পতঞ্জলী দ্বাৰা দিয়া সকলো প্ৰমাণৰ পৰীক্ষা নিৰীক্ষা কৰিছে আৰু পাইছে যে এটা তথ্যয়ো এইটো প্ৰমাণ নকৰে যে কোৰোনিল কোবিদ-১৯ৰ ফলপ্ৰসূ নিৰাময়৷

আয়ুষ মন্ত্ৰালয়ে সামাজিক মাধ্যমত চলি থকা দাবীক খাৰিজ কৰি টুইট কৰিছে এই বুলি যে অলপতে কোনো চিকিৎসকক বা চিকিৎসা বিষয়াক সংশ্লিষ্ট পদৰ পৰা আঁতৰোৱা নাই৷

ভুৱা তথ্য সামাজিক মাধ্যমত ভাইৰেল

এই দাবী ফেচবুকতো ভাইৰেল হৈ আছে৷ মোদী ফেন গ্ৰপত পষ্ট কৰা এই দাবীয়ে ১৪০০ লাইক পাইছে৷ আনহাতে  সুবোধ শৰ্মা নামৰ পেজত এই প্ৰচাৰে ৪৭০০তকৈ অধিক লাইক পাইছে৷

প্ৰিয়ংকা ঝা

অনুবাদঃ ছফিউল ইছলাম

বাতৰি পালেই শ্বেয়াৰ নকৰিব

অনুসন্ধান কৰক৷ শুদ্ধাশুদ্ধি বিচাৰ কৰক৷ বিবেকক সোধক এনে হ’ব পাৰে নেকি? ভুৱা প্ৰচাৰ নিজেও নকৰিব আনকো কৰিব নিদিব৷

No comments