ছফিউল ইছলাম ২৯ জুলাই বুধবাৰে কেন্দ্ৰীয় মন্ত্ৰীসভাৰ কেবিনেটে ৰাষ্ট্ৰীয় শিক্ষা নীতি-২০২০ অনুমোদন জনাইছে। ইয়াৰ ফলত সূদীৰ্ঘ ৩৪ বছৰ পিছত দেশৰ শিক...

ছফিউল ইছলাম
২৯ জুলাই বুধবাৰে কেন্দ্ৰীয় মন্ত্ৰীসভাৰ কেবিনেটে ৰাষ্ট্ৰীয় শিক্ষা নীতি-২০২০ অনুমোদন জনাইছে। ইয়াৰ ফলত সূদীৰ্ঘ ৩৪ বছৰ পিছত দেশৰ শিক্ষা নীতি পুনৰ তৈয়াৰ কৰা হ’ল। ৰাষ্ট্ৰীয় শিক্ষা নীতিয়ে দেশৰ শিক্ষা ব্যৱস্থাৰ আমোল সংস্কাৰৰ পৰামৰ্শ আগবঢ়াইছে। যেনে প্ৰাৰম্ভিক বাল্যাৱস্থাৰ যতন আৰু শিক্ষা, শিক্ষণৰ ভেটি, বুনিয়াদি সাক্ষৰতা আৰু সংখ্যা জ্ঞান, শিকাৰ বাবে এক তৎকালিক আৱশ্যকতা আৰু পূৰ্বচৰ্ত, ড্ৰপআউট শিশুৰ সংখ্যা কম কৰা আৰু সকলো স্তৰত শিক্ষাৰ সাৰ্বভৌম উপস্থিতি সুনিশ্চিত কৰা, ¦³¨লীয়া পাঠ্যক্ৰম আৰু শিক্ষা শাস্ত্ৰ, অধিগম সমগ্ৰ, একীকৃত আনন্দদায়ী আৰু ৰুচিকৰ হোৱা ইত্যাদি, ইত্যাদি। ৰাষ্ট্ৰীয় শিক্ষা নীতি-২০২০ ৰ অন্যান্য পৰামৰ্শৰ উপৰি শিক্ষক নিযুক্তিৰ ক্ষেত্ৰতো কিছু নতুন নীতি নিয়মৰ অন্তৰ্ভুক্ত কৰিছে।
নতুন নীতি অনুসৰি ২০৩০ চনৰ ভিতৰত শিক্ষকৰ বাবে নিম্নতম অৰ্হতা হ’ব চাৰিবছৰীয়া সংহত বিএড পাঠ্যক্ৰম।
ইয়াৰ উপৰি নতুন স্কুলীয়া শিক্ষা প্ৰণালী অনুূসৰি টেট অৰ্থাৎ শিক্ষকৰ যোগ্যতা নিৰূপক পৰীক্ষাতো কিছুমান সালসলনি কৰা হৈছে।
ইয়াৰ পূৰ্বে টেট দুটা ভাগত বিভক্ত আছিল–পেপাৰ-১ আৰু পেপাৰ ২। প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ আছিল নিম্ন প্ৰাথমিক আৰু ইয়াৰ বাবে প্ৰয়োজন হৈছিল পেপাৰ-১। আনহাতে ষষ্ঠ শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ উচ্চ প্ৰাথমিক পৰ্যায় আৰু ইয়াৰ বাবে প্ৰয়োজন হৈছিল পেপাৰ ২।
এতিয়া স্কুল গাঁথনিক চাৰিটা ভাগত বিভক্ত কৰা হৈছে–বুুনিয়াদি, প্ৰাৰম্ভিক, মজলীয়া আৰু মাধ্যমিক।
সেয়ে নতুন শিক্ষা নীতি অনুসৰি টেট অনুৰূপ ধৰণে প্ৰস্তুত কৰা হ’ব।
আনহাতে বিষয় শিক্ষকসকলৰ বাবে উপযুক্ত টেট অনুষ্ঠিত হ’ব নাইবা নেচনেল টেষ্টিং এজেন্সি চমুকৈ এনটিএৰ স্ক’ৰো সংশ্লিষ্ট বিষয়ৰ শিক্ষক নিযুক্তিত অৰ্হতা হিচাপে ধৰা হ’ব।
নেচনেল টেষ্টিং এজেন্সিয়ে সকলো বিষয়ৰ বাবে এক উমৈহতীয়া পৰীক্ষা অনুষ্ঠিত কৰিব।
যিসকল টেট উত্তীৰ্ণ হ’ব, তেওঁলোক সাক্ষাৎকাৰৰ সন্মুখীন হ’ব লাগিব আৰু নতুন নীতি অনুসৰি শ্ৰেণী কক্ষত স্থানীয় ভাষাৰ এক ডেম’ অৰ্থাৎ প্ৰায়োগিক প্ৰদৰ্শন কৰিব লাগিব।
ৰাষ্ট্ৰীয় শিক্ষা নীতি অনুসৰি শিক্ষকৰ নিযুক্তিৰ ক্ষেত্ৰত সাক্ষাৎকাৰ অবিেচ্ছদ্য অংগ হৈ পৰিব। সাক্ষাৎকাৰে স্থানীয় ভাষাৰ শৈক্ষিক আৰামপ্ৰদতা আৰু দক্ষতাৰ মূল্যায়ণ কৰিব। ব্যক্তিগত খণ্ডৰ বিদ্যালয়তো টেট, শ্ৰেণী কক্ষত পঢ়োৱাৰ প্ৰদৰ্শন, সাক্ষাৎকাৰ আৰু স্থানীয় ভাষাৰ জ্ঞান থকা শিক্ষক হ’ব লাগিব।
নিযুক্তি আৰু শূন্য পদসমুহ ডিজিটেলী ব্যৱস্থাপনা কৰা হ’ব। প্ৰত্যেক ৰাজ্যই বিষয়-ভিত্তিক শিক্ষক পদৰ মূল্যায়ণৰ বাবে প্ৰযুক্তি আধাৰিত বিস্ত´ত শিক্ষক নিযুক্তি প্ৰকল্পৰ পূৰ্বানুমান অনুশীলনী আগন্তুক দুই দশকৰ ভিতৰত গঢ়ি তুলিব।
বিএড শিক্ষাত সালসলনি
যিহেতু ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ অধীনত ¦³¨লসমুহত প্ৰয়োজন এনে শিক্ষকৰ যিসকলে বহুভাষা জানে আৰু আধুনিক যুগৰ পাঠ্যক্ৰম যেনে কম্পিউটেচনেল থিংকিং, কোডিং ইত্যাদিৰ জ্ঞান আছে, তাৰ বাবে বিএড পাঠ্যক্ৰম অনুৰূপ ধৰণে প্ৰস্তুত কৰা হ’ব।
কেৱল সেয়াই নহয়, বিএড পাঠ্যক্ৰম চাৰিবছৰীয়া হ’ব। বিশেষ এটা ভাষা আৰু দ্বিভাষিক বক্তব্যৰ দ্বৈত বিএড ডিগ্ৰী আগবঢ়োৱা হ’ব। বিএড পাঠ্যক্ৰমে গিফটেড চিলড্ৰেনৰ বিশেষজ্ঞতা অনুমতি প্ৰদান কৰিব। এবছৰীয়া বা দুবছৰীয়া পাঠ্যক্ৰমো থাকিব। দুবছৰীয়া বিএড পাঠ্যক্ৰম সেইসকললৈ প্ৰদান কৰা হ’ব যিসকলে স্নাতক ডিগ্ৰী অৰ্জন কৰিছে। আনহাতে এবছৰীয়া বিএড পাঠ্যক্ৰম সেই সকলৰ বাবে যিসকলে চাৰিবছৰীয়া বহু-বিষয়ক স্নাতক ডিগ্ৰী সম্পুৰ্ণ কৰিছে নাইবা স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰিছে। অতিৰিক্তভাৱে বহু বিষয়ক মহাবিদ্য্যালয় আৰু বিশ্ববিদ্যালয়ত বিএড চাৰ্টিফিকেট পাঠ্যক্ৰমৰ ব্যৱস্থা থাকিব।
সকলো বিএড কাৰ্যসূচীত শিক্ষা-শাস্ত্ৰৰ পৰীক্ষা নিৰীক্ষাৰ লগতে শেহতীয়া প্ৰযুক্তিৰে প্ৰশিক্ষণ দিয়া হ’ব, য’ত বুনিয়াদি সাক্ষৰতা আৰু সংখ্যা জ্ঞানৰ সন্দৰ্ভত শিক্ষাশাস্ত্ৰ, বহুস্তৰীয় শিক্ষণ আৰু মূল্যায়ণ, দিব্যাংগ শিশুক পঢ়োৱা, বিশেষ ৰুচি আৰু প্ৰতিভা থকা শিশুক পঢ়োৱা, শৈক্ষিক প্ৰযুক্তিৰ প্ৰয়োগ আৰু শিক্ষাৰ্থীকেন্দ্ৰীক আৰু সহযোগাত্মক শিক্ষণ চামিল থাকিব।
কিছুমান অল্প-অৱধিৰ বাবে স্থানীয় শিক্ষক-শিক্ষা কাৰ্যক্ৰম বিআইটিই, ডিআইইটী বা স্বয়ং ¦³¨ল চৌহদত ব্যৱসায়, খেল, কাঠমিস্ত্ৰী বা স্কুল চৌহদত মাষ্টৰ প্ৰশিক্ষকৰ ৰূপত কিছুমান স্থানীয় প্ৰখ্যাত ব্যক্তিক নিযুক্তি দিয়া হ’ব।
বিএড পাঠ্যক্ৰমৰ পাছত কিছুমান হ্ৰস্বম্যাদী চাৰ্টিফিকেট পাঠ্যক্ৰম উপলব্ধ কৰোৱা হ’ব, সেইসকলৰ বাবে যিসকল বুুনিয়াদি, প্ৰাৰম্ভিক, উচ্চতৰ প্ৰাথমিক আৰু মাধ্যমিক স্তৰলৈ এটা স্তৰৰ পৰা আন এটা স্তৰলৈ যাব বিচাৰে।
ছাত্ৰ-বৃত্তি
উৎকৃষ্ট শিক্ষাৰ্থীহে বিশেষকৈ গ্ৰামীণ অঞ্চলৰ পৰা, শিক্ষা বৃত্তিত প্ৰৱেশ কৰিব পাৰে তাক সুনিশ্চিত কৰিবলৈ উৎকৃষ্ট ৪ বছৰীয়া একীকৃত বিএড পাঠ্যক্ৰমৰ বাবে ব্যাপক হাৰত মেধাৰ ভিত্তিত ছাত্ৰ-বৃত্তি দেশজুৰি ব্যৱস্থা কৰা হ’ব। গ্ৰাম্যঞ্চলৰ সেই শিক্ষাৰ্থীসকলক বিশেষকৈ মহিলাসকলক গাঁৱতে সংস্থাপন কৰা হ’ব, যাতে তেঁঁওলোক গাঁৱৰ আদৰ্শ হ’ব পাৰে। গ্ৰামাঞ্চলত শিক্ষা দান কৰিবলৈ শিক্ষকক উৎসাহিত কৰা হ’ব। তেনে শিক্ষকৰ বাবে ¦³¨লতে আৱাস নিৰ্মাণ কৰা হ’ব নাইবা গ্ৰামীণ এলেকাত আৱাস ভাট্টা বৃদ্ধি কৰা হ’ব।
শিক্ষক আৰু সমুদায়ৰ লগতে ছাত্ৰ-ছাত্ৰীৰ মাজত আদৰ্শ সম্পৰ্ক অটুট ৰাখিবলৈ শিক্ষকৰ বদলিৰ ক্ষেত্ৰতো কিছু সালসলনি কৰা হৈছে। বিশেষ পৰিস্থিতিতহে শিক্ষকৰ বদলিকৰণ হ’ব তাকো অনলাইন ছফ্টৱেৰ আধাৰিত ব্যৱস্থাৰ দ্বাৰাহে স্থানান্তৰণ বা বদলি কৰা হ’ব।
শিক্ষণ কাৰ্যৰ বাহিৰে এনে কোনো কামত শিক্ষক জড়িত হ’ব নোৱাৰিব, বিশেষকৈ শিক্ষকক জটিল প্ৰশাসনিক কাৰ্য, মধ্যাহ্ন ভোজনত যুক্তিসংগত সময়ৰ বাহিৰে অন্তৰ্ভুক্ত কৰা নহ’ব।
শিক্ষকসকলক পাঠ্যক্ৰম আৰু শিক্ষণৰ সেই দিশসমুহৰ নিৰ্বাচন কৰাৰ বাবে অধিক স্বতন্ত্ৰতা দিয়া হ’ব, যাৰ ফলত সেই পদ্ধতিৰে পঢ়াব পাৰে। শিক্ষকক এনে শিক্ষণ বিধি গ্ৰহণ কৰাৰ বাবে সন্মানিত কৰা হ’ব, যাৰ দ্বাৰা শ্ৰেণীত শিক্ষাৰ্থী অধিক লাভাম্বিত হ’ব।
শিক্ষকসকলে নিজৰ পেছাদাৰী প্ৰশিক্ষণৰ বাবে প্ৰত্যেক বছৰে ৫০ ঘণ্টাৰ চিপিডি কৰ্মশালাত অংশগ্ৰহণ কৰিব লাগিব। বিদ্যালয়ৰ প্ৰধান শিক্ষকেও নেতৃত্ব আৰু ব্যৱস্থাপনা পৰিচালনাৰ বাবে প্ৰত্যেক বছৰে ৫০ ঘণ্টাৰ চিপিডি কৰ্মশালাত অংশগ্ৰহণ কৰিব লাগিব।
এইখিনতে উল্লেখ কৰিব পাৰি যে নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ অধীনত উৎকৃষ্ট প্ৰদৰ্শন কৰা শিক্ষকসকলক চিনাক্ত কৰা হ’ব আৰু তেওঁলোকক পদোন্নতি আৰু বেতন বৃদ্ধি কৰা হ’ব।
স্কুলীয়া শিক্ষাত সকলো স্তৰতে উচ্চতম মানৰ শিক্ষকৰ আৱশ্যকতা হ’ব, আৰু কোনো স্তৰেই আন এটা স্তৰৰ তুলনাত অধিক গুৰুত্বপুৰ্ণ হ’ব নোৱাৰে।
যোগ্যতাৰ আধাৰত যিসকল শিক্ষক নেতৃত্ব আৰু ব্যৱস্থাপনাৰ কৌশল দৰ্শায় তেওঁলোকক সময়ৰ সৈতে অধিক প্ৰশিক্ষণ দিয়া হ’ব যাতে তেওঁলোকে স্কুল, স্কুল চৌহদ, বিআৰচি, চিআৰচি, বিআইটিই, ডিআইইইটিৰ লগতে সংশ্লিষ্ট চৰকাৰী বিভাগ আৰু মন্ত্ৰালয়ত শৈক্ষিক নেতৃত্ব দিব পাৰে।
কেনে লাগিল আমাৰ এই প্ৰৱন্ধ কমেণ্ট কৰিবলৈ নাপাহৰিব। বিস্তাৰিত জানিবলৈ safiulislam.in চাব। মোক টুইটাৰ, ফেচবুক আৰু ইনষ্টাগ্ৰামত ফল’ কৰিব পাৰে। মোৰ কাম ভাল লাগিলে ইউটিউব মেম্বাৰশ্বিপ ল’ব পাৰে অথবা পেট্ৰিয়নডটকমত বিত্তীয় সাহায আগবঢ়াব পাৰে।
লেখকৰ ফোনঃ ৯৪০১২৪৮৫১০
No comments