Page Nav

HIDE

Grid

GRID_STYLE

Pages

Classic Header

{fbt_classic_header}

Header Ad

Breaking News

latest

সংখ্যালঘুৰ বাবে আসন সংৰক্ষণৰ বিৰোধিতা কৰা সংবিধান সভাৰ সদস্যা বেগম এজাজ ৰছুল

ছফিউল ইছলাম সংখ্যালঘুৰ অধিকাৰ সুৰক্ষাৰ বাবে ভাৰতীয় সংবিধান সভাই ইয়াৰ প্ৰাৰম্ভিক বৈঠকত বিধানসভাত সংখ্যালঘুৰ বাবে আসন সংৰক্ষণৰ সিদ্ধান্ত গ...



ছফিউল ইছলাম

সংখ্যালঘুৰ অধিকাৰ সুৰক্ষাৰ বাবে ভাৰতীয় সংবিধান সভাই ইয়াৰ প্ৰাৰম্ভিক বৈঠকত বিধানসভাত সংখ্যালঘুৰ বাবে আসন সংৰক্ষণৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল সংখ্যালঘুৰ অধিকাৰ বিষয়ক উপ-সমিতিয়ে গ্ৰহণ কৰা উক্ত সিদ্ধান্ত দেশ বিভাজনৰ পিছত সংবিধান সভাৰ এগৰাকী মহিলা সদস্যাই খাৰিজ কৰি দিছিল কোনে খাৰিজ কৰিলে আৰু কিয় কৰিলে সেই সন্দৰ্ভত এই বিশেষ প্ৰস্তুত

১৯৪৯ চনৰ ২২  নবেম্ভৰত ভাৰতীয় সংবিধানৰ খচৰা গৃহীত কৰাৰ বাবে উপস্থাপন কৰা সংবিধান খচৰা সমিতিৰ সভাপতি ড০ ভীমৰাও ৰামজী আম্বেদকাৰৰ  প্ৰস্তাৱ সমৰ্থন কৰিবলৈ এগৰাকী মুছলিম মহিলা ভাষণ প্ৰদান কৰিবলৈ থিয় দিছিল সেই মহিলাগৰাকী আন কোনো নহয়, তেওঁ হ’ল ভাৰতীয় সংবিধান সভাৰ একমাত্ৰ মুছলিম মহিলা সদস্যা বেগম এজাজ ৰছুল

ভাৰতীয় সংবিধান সভাৰ বৈঠকত বেগম এজাজ ৰছুলে কৈছিল–“ সংবিধানৰ সৰ্বোৎকৃষ্ট বৈশিষ্ট্য হ’ল যে ভাৰত এখন বিশুদ্ধ ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ সংবিধানৰ পৱিত্ৰতা অনিবাৰ্যৰূপত ধৰ্মনিৰপেক্ষতাত নিহিত হৈ আছে আৰু আমি ইয়াক লৈ গৰ্ব কৰো মোৰ পূৰ্ণ বিশ্বাস যে ধৰ্মনিৰপেক্ষতা সংৰক্ষিত আৰু অক্ষুণ্ণ থাকিব, ভাৰতীয় লোকৰ পুৰ্ণ একতা ইয়াতে নিৰ্ভৰ, ইয়াৰ অবিহনে প্ৰগতিৰ আশা ক্ষীণ

বেগম এজাজ ৰছুলে আশংকা প্ৰকাশ কৰিছিল যে সংখ্যালঘু সম্প্ৰদায়ৰ বাবে আসন সংৰক্ষণে বিচ্ছিন্নতাবাদ আৰু সাম্প্ৰদায়িকতাৰ চেতনাক জীৱিত কৰি ৰাখিব পাৰে আৰু সেয়ে, তেওঁ সংৰক্ষণৰ প্ৰস্তাৱ খাৰিজ কৰি দিছিল

এনে কৰাৰ সময়ত তেওঁ সংখ্যালঘুৰ লগত যাতে ভেদভাৱ কৰা নহয়, সেয়া নিশ্চিত কৰিবলৈ সংখ্যাগুৰুৰ ভুমিকাৰ পৰিকল্পনা কৰিছিল, যি আজিও প্ৰাসংগিক

বেগম এজাজ ৰছুলৰ মতে, সংখ্যালঘু সম্প্ৰদায় সংখ্যাগুৰুৰ কল্যাণৰ ওপৰত নিৰ্ভৰশীল হোৱা উচিত; কিন্তু সংখ্যাগুৰুৰ নিজৰ কৰ্তব্যৰ প্ৰতি অনুভৱ থাকিব লাগিব যাতে কোনোপধ্যেই সংখ্যালঘুৰ লগত বৈষম্যমুলক আচৰণ কৰা নহয় সংখ্যাগুৰুৱে সংখ্যালঘু সম্প্ৰদায়ৰ মনত আত্মবিশ্বাস, সদিচ্ছা আৰু সুৰক্ষাৰ ভাৱনা সৃষ্টি কৰিব লাগিব

সংখ্যালঘুৰ বাবে পৰামৰ্শদান সমিতিৰ প্ৰতিবেদনৰ ওপৰত মন্তব্য কৰি বেগম এজাজ ৰছুলে কৈছিল–আমি মুছলমান হিচাপে নিজৰ বাবে কোনো বিশেষাধিকাৰ নিবিচাৰো; কিন্তু এইটোও নিবিচাৰো যে আমাৰ লগত কোনো বৈষম্য কৰা হওঁক একে সময়তে আমি আশা কৰো যে আমাৰ স’তে সন্মান আৰু ন্যায়ৰ সৈতে ব্যৱহাৰ কৰা হ’ব

তেওঁ আৰু কৈছিল সংৰক্ষণ অবিহনে মুছলমান বিধায়ক হিচাপে নিৰ্বাচিত নহ’বও পাৰে আৰু  ৰাজনৈতিকভাৱে মুছলমান অৱহেলিত হ’বও পাৰে তেওঁ কৈছিল মই ভৱিষ্যতে এনে কোনো ৰাজনৈতিক দললৰ কল্পনা নকৰো; যি দলে মুছলমানক অৱজ্ঞা কৰিব আৰু নিৰ্বাচনত নিজৰ প্ৰাৰ্থী থিয় কৰাব মুছলমান এই দেশৰ মুঠ জনসংখ্যাৰ এক বৃহৎ অংশ

বেগম এজাজ ৰছুলে ধৰ্মৰ আধাৰত দেশৰ প্ৰতি এগৰাকী ব্যক্তিৰ দেশভক্তি বা আনুগত্যতাক প্ৰত্যাহবান জনোৱাৰ প্ৰবৃত্তিৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰিছিল তেওঁ কৈছিল “ মই বুজি নাপাও যে দেশভক্তি আৰু ধৰ্ম একেলগে কিয় চলে তেওঁৰ মতে যি ব্যক্তি ৰাষ্ট্ৰৰ হিতৰ বিৰুদ্ধে কাম কৰে আৰু বিধবংসী কাৰ্যকলাপত ভাগ লয়, তেওঁ হিন্দু, মুছলমান বা অন্য যিকোনো সম্প্ৰদায়ৰ সদস্য হওঁক, সেই জন দেশভক্ত নহয় মই যিকোনো হিন্দুৰ তুলনাত অধিক নিষ্ঠাবান, কাৰণ তেওঁলোকৰ বহুতেই ধবংসাত্মক কাৰ্যকলাপত জড়িত

বিংশ শতাব্দীৰ আৰম্ভণিতে পঞ্জাৱৰ মালেৰকোটলাৰ এটা ৰাজ পৰিয়ালত জন্ম গ্ৰহণ কৰা বেগম এজাজ ৰছুল কম বয়সতে ৰাজনীতিলৈ আহিছিল পিতৃ ছাৰ জুলফিকাৰ আলি খানে বেগম ৰছুলক বিভিন্ন ৰাজনৈতিক সভা-সমিতিলৈ লৈ লৈ গৈছিল

পিতৃৰ দৰে কন্যাৰো ৰাজনৈতিক পৰিক্ৰমা আছিল দীঘলীয়া ১৯৪৬ চনত বেগম এজাজ ৰছুল বাগ্মিতা আৰু দৃঢ়তাৰ বাবে ভাৰতৰ সংবিধানৰ খচৰাৰ এক বৃহৎ অংশ হৈ পৰিছিল

ভাৰত বিভাজনৰ সময়ত বেগম এজাজ ৰছুল বিধান সভাত সংখ্যালঘুৰ বাবে সংৰক্ষণৰ বিৰোধিতাৰে সংসদত সৰৱ হৈ পৰিছিল ১৯০৯ চনত সাম্ৰাজ্যবাদী চৰকাৰৰ দ্বাৰা সংখ্যালঘুৰ বাবে সৃষ্টি কৰা পৃথক নিৰ্বাচক মণ্ডলীৰ ঘোৰ বিৰোধিতা কৰিছিল তেওঁৰ বিতৰ্কৰ মূল বিষয় আছিল ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰত সংখ্যালঘুৰ ৰাজনৈতিক অধিকাৰ

১৯৪৮ চনৰ ডিম্বেৰত ভল্লবভাই পেটেলৰ অধ্যক্ষতাত পৰামৰ্শদান সমিতিৰ বৈঠকত বেগম এজাজ ৰছুলে কৈছিল–‘মোৰ মতে সংৰক্ষণ হৈছে স্বয়ং ধবংসাত্মক অস্ত্ৰ, যিয়ে সকলো সময়তে সংখ্যাগুৰুৰ পৰা সংখ্যালঘুক পৃথক কৰি পেলাব ইয়ে সংখ্যালঘুক কেতিয়াও সংখ্যাগুৰুৰ সদিচ্ছাৰে জয়ী হোৱাৰ সুযোগ নিদিব

হিংসাত্মক পৰিণতিৰ দশকৰ পিছত বেগম এজাজ ৰছুলে তেওঁৰ আত্মজীৱনীত লিখিছে–“মই সংৰক্ষণ বিলুপ্তিৰ সন্দৰ্ভত শক্তিশালীভাৱে কথা কৈছিলো সাম্প্ৰদায়িক ধাৰাত সংৰক্ষণ দাবী কৰি বিচ্ছিন্নতাবাদৰ চেতনাক জীয়াই ৰখা ধৰ্মীয় সংখ্যালঘুসকলৰ বাবে একেবাৰে আত্মঘাতী

অৱশ্যে ১৯৯৯ চনৰ এপ্ৰিলত তেওঁৰ মন্তব্যত বিপৰীত চিন্তা প্ৰকাশ পাইছিল মুছলমানৰ বৰ্তমানৰ স্থিতি আৰু চাকৰি আৰু বিধানসভাত সংৰক্ষণৰ দাবী সন্দৰ্ভত আলোচনা কৰিবলৈ বেগম এজাজ ৰছুলক এখন সন্মিলনলৈ নিমন্ত্ৰণ কৰা হৈছিল তেতিয়া অসুস্থ বেগম এজাজ ৰছুলে এক বাৰ্তাত লেখিছিল–‘যিহেতু সাম্প্ৰদায়িক অনুভুতি বৃদ্ধি পাইছে আৰু হিন্দুত্ববাদৰ ধাৰণাই জনপ্ৰিয়তা অৰ্জন কৰিছে, সেয়ে এতিয়া মুছলমানসকলৰ শৈক্ষিক আৰু আৰ্থ-সামাজিক অৱস্থাৰ উন্নতিৰ বাবে কি কৰিব পাৰি সেই সন্দৰ্ভত নতুনকৈ চিন্তা-ভাৱনা কৰাৰ সময় আহি পৰিছে

সংখ্যালঘুৰ বাবে পৃথক নিৰ্বাচক মণ্ডলী বিলুপ্তি কৰাৰ সন্দৰ্ভত যেতিয়া বেগম ৰছুলে সমাজৰ পৰা তীব্ৰ বিৰোধিতা আৰু সমালোচনাৰ সন্মুখীন হৈছিল, তেতিয়া তেওঁ সংখ্যালঘুৰ স্বাৰ্থ-সুৰক্ষাৰ বাবে কিছুমান প্ৰস্তাৱ গ্ৰহণ কৰিছিল তাৰ ভিতৰত অন্যতম আছিল ভাৰতৰ যিকোনো ঠাইত বসবাসকাৰী সংখ্যালঘুসকলৰ বাবে এক সংশোধনী আনিছিল, সেইটো হ’ল–“পৃথক ভাষা বা লিপি থকাৰ বাবে সেই ভাষা আৰু লিপিৰ মাধ্যমত শিশুসকলৰ প্ৰাথমিক শিক্ষা গ্ৰহণৰ অধিকাৰ থাকিব

উত্তৰ-প্ৰদেশৰ অৱধৰ তালুকদাৰ নৱাব এজাজ ৰছুলৰ সৈতে বিবাহ পাশত আবদ্ধ হোৱা বেগম এজাজ ৰছুল জমিদাৰী প্ৰথাৰ ঘোৰ বিৰোধিতা কৰিছিল

১৯৩৭ চনত উত্তৰ-প্ৰদেশ বিধান পৰিষদৰ অসংৰক্ষিত আসনৰ পৰা প্ৰথমবাৰৰ বাবে নিৰ্বাচিত বেগম এজাজ ৰছুল বিধান সভাত বিভিন্ন কমিটিৰ আৰু উপ-সমিতিৰ অধ্যক্ষা হিচাপে গুৰু দায়িত্ব পালন কৰিছিল কমনৱেলথ দেশৰ সদস্য পদ গ্ৰহণৰ ক্ষেতত্ৰত ভাৰতৰ পক্ষত সমৰ্থন আগবঢ়াইছিল, যিসময়ত অধিকাংশই বিৰোধিতা কৰিছিল ৰাজনৈতিক জীৱনৰ উউপৰি বেগম এজাজ ৰছুল ভাৰতীয় মহিলা হকী সংস্থাৰ একেৰাহে বিশ বছৰ ধৰি সভানেত্ৰী আছিল তেঁওৰ নেতৃত্বত ভাৰতীয় মহিলা হকী সংস্থাই আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় স্তৰত ব্যাপক গুৰুত্ব লাভ কৰিছিল

আজিৰ ভাৰতৰ পৰিস্থিতিলৈ লক্ষ্য কৰি বেগম এজাজ ৰছুলৰ স্থিতি সন্দৰ্ভত পুনৰ বিবেচনা কৰা উচিত আৰু নিজকে সোধা উচিত স্বাধীনতাৰ ৭৩ বছৰ পিছতো সংখ্যালঘু সম্প্ৰদায়ে সংবিধানে দিয়া ন্যায় আৰু সমানতাৰ অধিকাৰৰ নিশ্চয়তা পাইছেনে· নে সাংবিধানিক প্ৰতিশ্ৰুতিৰ পৰা ফালৰি কাটি আহিছে·৷

সুস্থ আৰু সঠিক তথ্যভিত্তিক সাংবাদিকতাক উৎসাহিত কৰিবলৈ আগুৱাই আহক৷ বিস্তাৰিত জানিবলৈ ছফিউলইছলামডটইন চাবমোক টুইটাৰ @safiulislams , ফেচবুক safiul Islam আৰু ইনষ্টাগ্ৰামত ফল’ কৰিব পাৰেমোৰ কাম ভাল লাগিলে ইউটিউব www.youtube.com/c/safiulislams মেম্বাৰশ্বিপ ল’ব পাৰে অথবা www.patreon.com/safiulislams  support আগবঢ়াব পাৰে

 

 লেখকৰ ফোন ৯৪০১২৪৮৫১০

No comments