Page Nav

HIDE

Grid

GRID_STYLE

Pages

Classic Header

{fbt_classic_header}

Header Ad

Breaking News

latest

নুৰ ইনায়ত খানঃ ভাৰতীয় ৰাজকুমাৰী ইংৰাজৰ গুপ্তচৰ

Safiul Islam নুৰ ইনায়ত খান মহিশূৰৰ মহাৰাজ টিপু চুলতানৰ বংশধৰ আছিল৷ সেইগৰাকী জনপ্ৰিয় টিপু চুলতান যিগৰাকীয়ে বৃটিছ শাসকৰ সন্মুখত মূৰ দোঁৱাবলৈ অ...

Safiul Islam

নুৰ ইনায়ত খান মহিশূৰৰ মহাৰাজ টিপু চুলতানৰ বংশধৰ আছিল৷ সেইগৰাকী জনপ্ৰিয় টিপু চুলতান যিগৰাকীয়ে বৃটিছ শাসকৰ সন্মুখত মূৰ দোঁৱাবলৈ অস্বীকাৰ কৰিছিল৷টিপু চুলতান ১৭৯৯চনত ইংৰাজৰ বিৰুদ্ধে যুঁজি যুঁজি মৃত্যুবৰণ কৰিছিল৷


এইখিনিতে কৈ থওঁ যে নুৰৰ প্ৰতি লক্ষ্য কৰি এইটো আন্দাজ কৰা একেবাৰে কষ্টকৰ যে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত তেওঁ কেনেকৈ এগৰাকী বৃটিছ গুপ্তচৰ হৈ পৰিছিল আৰু মৃত্যুৰ পিছত এগৰাকী যুদ্ধৰ নায়িকা৷

নুৰৰ জীৱনৰ ওপৰত ‘‘দ্য স্পাই প্ৰিন্সেজঃ দ্য লাইফ অৱ নুৰ ইনায়ত খান’ নামেৰে কিতাপ লিখা ইতিহাসবিদ তথা সাংবাদিক শ্ৰাবণী বসুৰ মতে,‘নুৰৰ সংগীতৰ প্ৰতি প্ৰেম আছিল৷ তাই গানো লিখিছিল৷ বীণাও বজাইছিল আৰু শিশুৰ বাবে গল্পও ৰচনা কৰিছিল৷’


নুৰৰ জন্ম ১৯১৪ চনত মস্ক’ত হৈছিল, কিন্তু লালন-পালন ফ্ৰান্সত আৰু বসবাস কৰিছিল ইংলেণ্ডত৷ তেওঁৰ পিতৃ ভাৰতীয় ছুফী সাধক আছিল৷ মাতৃ মাৰ্কিন আছিল যদিও পিছলৈ তেৱোঁ ছুফী পন্থা গ্ৰহণ কৰিছিল৷ দ্বিতীয় বিশ্বযুদ্ধৰ সময়ৰ পৰা পেৰিছত থাকিবলৈ লৈছিল৷


কিন্তু জাৰ্মানীৰ আক্ৰমণৰ পাছত তেওঁলোকে ফ্ৰান্স এৰাৰ সিদ্ধান্ত লৈছিল৷ নুৰ এগৰাকীয় স্বেচ্ছাসেৱক হিচাপে বৃটিছ সেনাত চামিল হৈছিল৷ নুৰে সেই দেশক সহায় কৰিবলৈ বিচাৰিছল, যি দেশে তেওঁক আকোঁৱালি লৈছিল৷ উদ্দেশ্য আছিল ফাচিবাদীৰ বিৰুদ্ধে যুঁজ দিয়া৷


ইয়াৰ পিছত নুৰ বায়ুসেনাৰ সহায়ক মহিলা ইউনিটত ভৰ্তী হয়৷ ১৯৪০ চনৰ কথা৷ ফৰাচী ভাষাত থকা বুৎপত্তিয়ে স্পেচিয়েল অপাৰেচন এক্সিকিউটিভ সদস্যৰ ধ্যান আকৰ্ষণ কৰিছিল৷এই গুপ্ত সংগঠনক বৃটিছ প্ৰধানমন্ত্ৰী চাৰ্চিলে গঠন কৰিছিল৷ ইয়াৰ উদ্দেশ্য আছিল নাজী সম্প্ৰসাৰণবাদৰ সময়ত ইউৰোপত অভিযান চলোৱা৷


মাত্ৰ তিনিমাহৰ ভিতৰতে ১৯৪৩ত নুৰ বৃটিছ সেনাৰ এগৰাকী চিক্ৰেট এজেণ্ট হৈ পৰিছিল৷ নুৰ এগৰাকী ছুফীপন্থী আছিল, সেয়ে তেওঁ হিংসাত বিশ্বাসী নাছিল কিন্তু তেওঁ অৱগত আছিল যে এই যুদ্ধত তেওঁ যুঁজিবই লাগিব৷ নুৰৰ এই বিচাৰধাৰাৰ বাবেই তেওঁৰ বহু সহযোগীয়ে ভাৱিছিল যে নুৰৰ ব্যক্তিত্ব গুপ্তচৰ অভিযানৰ বাবে উপযুক্ত নহয়৷ এবাৰতো তেওঁ এইটোও কৈ দিছিল ‘মই মিছা মাতিব নোৱাৰিম৷’


এইধৰণৰ কথা এনে কোনো ছিক্ৰেট এজেণ্টৰ জীৱনৰ অংশ হ’ব নোৱাৰে, যিয়ে নিজৰ প্ৰকৃত নাম ব্যৱহাৰ নকৰে আৰু যাৰ হাতত ভূৱা পাৰপত্ৰ থাকিব৷


বৃটিছ নেচনেল আৰ্কাইভছৰ দস্তাবেজ অনুসৰি ইয়াৰ পিছতো নুৰৰ উদ্ধৰ্তন বিষয়াৰ এনে ভাৱ হৈছিল যে তেওঁৰ চৰিত্ৰ এক দৃঢ় সংকল্প থকা মহিলাৰ৷ নুৰক যি দায়িত্ব দিয়া হৈছিল সেয়া সাংঘাতিক ব্যতিক্ৰম ধৰণৰ আছিল৷নুৰক এগৰাকী ৰেডিঅ’ অপাৰেটৰ হিচাপে প্ৰশিক্ষিত কৰা হৈছিল আৰু জুন ১৯৪৩ত ফ্ৰান্সলৈ প্ৰেৰণ কৰিছিল৷



এইধৰণৰ অভিযানত ধৰা পৰা লোকসকলক চিৰদিনৰ বাবে বন্দী বনাই পেলোৱাৰ ভয় সদায় থাকে৷জাৰ্মান চিক্ৰেট পুলিচ ‘গেষ্টাপ’ এই ইলেকট্ৰনিক সংকেতৰ চিনাক্ত আৰু ইয়াৰ উৎস ধৰা পেলাব পাৰিছিল৷


নুৰৰ বিপজ্জনক ভুমিকাৰ প্ৰতি লক্ষ্য ৰাখি বহুতে সন্দেহ প্ৰকাশ কৰিছিল যে তাই মাত্ৰ ছসপ্তাহৰ বেছি জীয়াই থাকিব নোৱাৰে৷ নুৰৰ লগত কাম কৰা অন্যান্য এজেণ্টসকল শীঘ্ৰেই ধৰা পৰিছিল৷ কিন্তু নুৰ পলাই যোৱাত সফল হৈছিল৷


ইয়াৰ পিছতো জাৰ্মান পুলিচৰ নাকৰ তলত নুৰে ফ্ৰান্সত নিজৰ অপাৰেচন অব্যাহত ৰাখিছিল৷ কিন্তু অক্টোবৰ, ১৯৪৩ত নুৰ প্ৰৱঞ্চনাৰ বলি হৈ পৰিছিল৷ নুৰৰ কোনোবা এজনৰ সহযোগীৰ ভগ্নীয়ে জাৰ্মানীৰ সন্মুখত তেওঁৰ গোপন ৰাজ মুকলি কৰি দিছিল৷ নুৰ ঈৰ্ষাৰ বলি হৈছিল, কাৰণ তেঁও অতি সুন্দৰী আছিল, আৰু সকলোৱে পছন্দ কৰিছিল৷


ইয়াৰ পিছত জাৰ্মান আৰক্ষীয়ে নুৰক এটা এপাৰ্টমেণ্টৰ পৰা গ্ৰেপ্তাৰ কৰিছিল৷ কিন্তু নুৰে সহজতে আত্মসমৰ্পণ কৰা নাছিল৷ তেওঁ যুঁজিছিল আৰু ছজন ওখ-পাশ পুলিছে তেওঁক কাবু কৰিবলগীয়া হৈছিল৷ দুবাৰ পলাই যোৱাৰ প্ৰয়াস চলাইছিল কিন্তু ব্যৰ্থ হৈছিল৷


জাৰ্মান এজেণ্টে বৃটিছ অপাৰেচনৰ বিষয়ে তথ্য উলিয়াবলৈ নুৰক বহু নিৰ্যাতন চলাইছিল৷ কিন্তু তেওঁলোকে নুৰৰ প্ৰকৃত নাম পৰ্যন্ত উলিয়াবলৈ সক্ষম নহ’ল৷ তেওঁলোকে কেতিয়াও জানিব নোৱাৰিলে যে নুৰ ভাৰতীয় মূলৰ৷


কিন্তু নুৰে নিজৰ নোটবুক নষ্ট কৰাৰ সুযোপ পোৱা নাছিল আৰু ইয়াৰ আধাৰত জাৰ্মানীয়ে কিছুমান বৃটিছ এজেণ্টক গ্ৰেপ্তাৰ কৰাৰ সুযোগ পাইছিল৷কয়দী হিচাপে এবছৰ অতিবাহিত কৰাৰ পিছত নুৰক দক্ষিণ জাৰ্মানৰ এটা যাতনা শিৱিৰত প্ৰেৰণ কৰা হৈছিল আৰু তাত নিৰ্যাতন মাত্ৰা চেৰাই গৈছিল৷



পিছত নাজিসকলে তেওঁক অন্য তিনি মহিলা গুপ্তচৰৰ সৈতে গুলীয়াই হত্যা কৰিছিল৷ মৃত্যুৰ সময়ত নুৰৰ বয়স হৈছিল মাত্ৰ ৩০ বছৰ৷ এই ঘটনাৰ সাক্ষীসকলৰ মতে মৃত্যুৰ সময়ত নুৰে স্বাধীনতাৰ শ্ল’গান দিছিল৷

নুৰৰ বীৰত্বক তেওঁৰ মৃ্ত্যুৰ পিছত ফ্ৰান্সত ৱাৰ ক্ৰছ পদকেৰে সন্মানিত কৰিছিল৷ বৃটেইনত তেওঁক ক্ৰছ ছেণ্ট জৰ্জ পদক দিয়া হৈছিল৷ এতিয়ালৈ এই পদকেৰে আন তিনিগৰাকী মহিলাকহে সন্মানিত কৰা হৈছে৷


ই-মেইলঃ safiulislams@gmail.com

আপোনালোকে যদি নিৰপেক্ষ সাংবাদিকতাক উৎসাহিত কৰিব বিছাৰে তেন্তে তলৰ যিকোনো মাধ্যমৰ জৰিয়তে যোগাযোগ কৰিব পাৰে৷

Facebook: www.facebook.com/safiulIslam

Twitter : https://twitter.com/safiulislams

Instagram: https://www.instagram.com/safiulislams

Youtube: https://www.youtube.com/safiulislams

Join for membership https://www.youtube.com/channel/UCeLyEEfILhXgWCU32WvAhhg/join

Patreon: https://www.patreon.com/safiulislams

#safiulislams

#noorinayatkhan

#safiulislamsblogg

No comments