Page Nav

HIDE

Grid

GRID_STYLE

Pages

Classic Header

{fbt_classic_header}

Header Ad

Breaking News

latest

মুছলমানৰ সামগ্ৰিক অৱহেলাই আয়েছাৰ আত্মহত্যাৰ বাবে দায়ী

II ছফিউল ইছলাম II এগৰাকী মুছলমান শিক্ষিত যুৱতীয়ে স্বামীগৃহৰ যৌতুকজনিত নিৰ্যাতন সহ্য কৰিব নোৱাৰি অৱশেষত আত্মহত্যাৰ পথ বাছি লোৱাৰ ঘটনাই সংবাদ ...



II ছফিউল ইছলাম II

এগৰাকী মুছলমান শিক্ষিত যুৱতীয়ে স্বামীগৃহৰ যৌতুকজনিত নিৰ্যাতন সহ্য কৰিব নোৱাৰি অৱশেষত আত্মহত্যাৰ পথ বাছি লোৱাৰ ঘটনাই সংবাদ মাধ্যমকে আদি কৰি ইণ্টাৰনেট জগতত ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ আমি প্ৰায়ে যৌতুকজনিত কাৰণত  স্বামীগৃহৰ অত্যাচাৰ, অগ্নিদগ্ধ হৈ মৃত্যুবৰণ কৰা, মাৰ-পিট কৰা, বিহ পান কৰি মৃত্যুক আঁকোৱালি লোৱা বহু ঘটনাৰ খবৰ বাতৰি কাকত আদিত পাই আহিছো৷

আজি আমি যি ঘটনা সন্দৰ্ভত আলোচনা কৰিবলৈ গৈ আছো সেয়া যৌতুকজনিত কাৰণত আত্মহত্যা কৰিলেও সচৰাচৰ ঘটি থকা ঘটনাতকৈ বহু বেলেগ৷ 

২৫ ফেব্ৰুৱাৰীত এগৰাকী মুছলিম উচ্ছশিক্ষিত যুৱতী মহিলাই সাৱৰমতী নদীত আত্মহত্যা কৰা ঘটনাই গুজৰাটকে আদি কৰি সমগ্ৰ দেশৰ মুছলমানক স্তম্ভিত কৰি তুলিছে৷ এই আত্মহত্যাৰ কাৰণে সামাজিক মাধ্যমত মানুহে বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া দিবলৈ আৰম্ভ কৰিছে৷ ইতিমধ্যে আৰক্ষীয়ে পলাতক স্বামীক ৰাজস্থানৰ পৰা আটক কৰি সোধা-পোছাৰ বাবে গুজৰাটলৈ আনিছে৷

২৩ বছৰীয়া আয়েছাৰ বিয়া ৰাজস্থানৰ জালোৰৰ বাসিন্দা আৰিফ খানৰ সৈতে ২০১৮ত সম্পন্ন হৈছিল৷ বিয়াৰ কিছুদিন পাছৰে পৰাই আয়েছাক স্বামীৰ পৰিয়ালে যৌতুকৰ বাবে প্ৰায়ে নিৰ্যাতন চলাই গৈছিল৷ অত্যাচাৰ সহিব নোৱাৰি ২০২০ চনৰ পৰা আয়েছাই নিজৰ মাতৃগৃহ আহমেদাবাদত থাকিবলৈ লৈছিল৷ ২৫ ফেব্ৰুৱাৰী বৃহস্পতিবাৰে দুপৰীয়া আয়েছাই সাৱৰমতীৰ ঢৌত জঁপিয়াই নিজৰ জীৱন-নাট সামৰিলে৷

আৰক্ষীৰ মতে নদীৰ ঢৌত নিজৰ জীৱন সমৰ্পণ কৰাৰ প্ৰাক্‌-মুহূৰ্তত আয়েছাই লোৱা সিদ্ধান্তৰ বিষয়ে স্বামী আৰিফক অৱগত কৰিছিল৷ কিন্তু আৰিফে যিহেতু পূৰ্বৰে পৰাই যৌতুকৰ বাবে নিৰ্যাতন চলাই আহিছিল, সেয়ে আয়েছাক মৰি যাবলৈ দিছিল আৰু মৰাৰ পূৰ্বে ভিডিঅ’ বনাই প্ৰেৰণ কৰিবলৈ দিছিল, যাতে সি বিশ্বাস কৰিব পাৰে৷ ইপিনে আয়েছাই আত্মহত্যা কৰাৰ পূৰ্বে নিজৰ পিতৃ-মাতৃৰ সৈতে ফোনেৰে কথা পাতিছিল৷ ফোনত পিতৃক কৈছিল– ‘মই কেনেকৈ সুখী হ’ম, য’ত নেকি মোৰ সন্মুখৰজন অসুখী৷’ 

আত্মহত্যা কৰাৰ পূৰ্বে আয়েছাই এটা ভিডিঅ’ বনাইছিল, যিটো বৰ আৱেগেৰে ভৰা আছিল৷ আয়েছাই দুই মিনিটৰ এটা ভিডিঅ’ ৰেকৰ্ড কৰিছিল, য’ত আয়েছাই পিতৃ-মাতৃলৈ এক আৱেগিক আবেদন জনাইছিল৷ ভিডিঅ’ত আয়েছাই পিতৃ-মাতৃক স্বামীৰ বিৰুদ্ধে ঘৰুৱা হিংসা প্ৰতিৰোধ আইনৰ অধীনত কোনো গোচৰ ৰুজু নকৰিবলৈ অনুৰোধ কৰিছিল৷ 

আয়েছাই ভিডিঅ’ত কৈছিল– যদি তেওঁ মোৰ পৰা স্বাধীনতা বিচাৰে, তেন্তে তেওঁ স্বাধীনতা পাব লাগে৷ মোৰ জীৱন ইমানখিনিলৈ৷ মই সুখী, কাৰণ মই মোৰ আল্লাহৰ ওচৰলৈ গুচি যাম৷ মই আল্লাহৰ ওচৰত দোৱা কৰিম, যাতে পুনৰ কেতিয়াও মানুহৰ মুখ মই চাবলগীয়া নহয়৷ 

আয়েছাই আৰু কৈ গ’ল– ‘প্ৰেম একপক্ষীয় নহয়, দুয়ো পক্ষৰ হ’ব লাগে৷ একপক্ষীয় প্ৰেমৰ দ্বাৰা একো অৰ্জন নহয়৷ কিছুমান প্ৰেম বিয়াৰ পিছতো আধৰুৱা হৈ থাকে৷ এই মৰমলগা নদীৰ পৰা এইটো আশা যে ইয়ে মোক আঁকোৱালি ল’ব৷ মোৰ আঁৰত কোনো সমস্যাৰ সৃষ্টি কৰিব নালাগে, মই বতাহৰ দৰে বৈ যাব বিচাৰো৷ নাজানো মই জান্নাত পাম নে নাপাম, কিন্তু মোক দোৱাত মনত ৰাখিব৷’ 

আয়েছাৰ মৰ্মস্পশ¹ ভিডিঅ’ৱে অসহনীয় বেদনা, শোক, হতাশা, প্ৰেম, মৰম-চেনেহৰ বহিঃপ্ৰকাশ তাক নুই কৰিব নোৱাৰি৷ কিন্তু যেতিয়া আয়েছাই আত্মহত্যা কৰাৰ মৰ্মান্তিক ভিডিঅ’ ভাইৰেল হৈ পৰে, আৰক্ষীয়ে আৰিফৰ বিৰুদ্ধে আত্মহত্যাৰ কৰিবলৈ প্ৰেৰিত কৰাৰ বাবে ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ৩০৬১ অধীনত গোচৰ ৰুজু কৰে৷

দেশৰ আগশাৰীৰ সামাজিক-ধৰ্মীয় সংগঠন জামাত-ই-ইছলামী হিন্দে ‘সুস্থ সমাজ সুস্থ পৰিয়াল’ৰ বাবে অভিযান চলোৱাৰ সময়তে এই ঘটনা পোহৰলৈ আহে৷ উক্ত সংগঠনটোৱে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে আজি পৰিস্থিতি এনে হৈছে যে এগৰাকী শিক্ষিত মহিলাকো আত্মহত্যা কৰিবলৈ বাধ্য কৰোৱা হৈছে৷ এই ঘটনা মুছলিম সমাজৰ নেতাসকল আৰু ধৰ্মীয় গুৰুসকলৰ বাবে এক চিন্তনীয় বিষয় হোৱা উচিত৷ আয়েছাৰ আত্মহত্যা আজি সমগ্ৰ দেশৰ বাবে এক গভীৰ চিন্তা উদ্ৰেককাৰী ঘটনা৷

জামাত-ই-ইছলামী হিন্দৰ গুজৰাটৰ সভাপতি ছাকিল আহমেদে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে যৌতুক প্ৰথা আৰু অন্য কু-প্ৰথাৰ লগতে ঘৰুৱা হিংসাৰ বিৰুদ্ধেও ধৰ্মীয় লোকসকলৰ সহায়ত সজাগতা অনাৰ সময় আহি পৰিছে৷

সৰ্বভাৰতীয় মুছলিম পাৰ্ছনেল ল ব’ৰ্ডৰ মহিলা বিভাগৰ মুখ্য সংগঠক ডাঃ আচমা জহুৰাই প্ৰতিক্ৰিয়াত কয়– যৌতুক হাৰাম আৰু এটা পাপৰ সমান কৃত্য৷ তেওঁ মুছলিম সমাজলৈ আবেদন জনাই কয় যে যৌতুকৰ বিৰুদ্ধে যুদ্ধ কৰা হওক আৰু এই সামাজিক বেয়া প্ৰথাসমূহক সমাজৰ পৰা চিৰদিনৰ বাবে বিদায় দিয়ক৷ হজৰত মহম্মদ[ছঃ]ৰ ছুন্নত অনুসৰি বিবাহক সৰল আৰু সহজ কৰা হওক৷

তেওঁ সমাজৰ বয়োবৃদ্ধ, বিশেষকৈ উলেমা আৰু ইমামসকলক আহ্বান জনাই কয় তেওঁলোকে সহজ-সৰল বিবাহ সন্দৰ্ভত সজাগতা সৃষ্টি কৰক আৰু মছজিদত শুকুৰবাৰে খুৎবাত যিকোনো প্ৰকাৰে যৌতুক দিয়া আৰু লোৱাক অবৈধ ঘোষণা কৰক৷

ডাঃ জহুৰাই  দুঃখ প্ৰকাশ কৰি কয়– আয়েছা পতি আৰু শহুৰ পৰিয়ালৰ দ্বাৰা কৰা হিংসা আৰু নিৰ্যাতনৰ দ্বাৰা পীড়িত আছিল৷ তাই গভীৰ হতাশা আৰু মানসিক অস্থিৰতাত ভুগিছিল আৰু জীয়াই থকাৰ শেষ সম্বলকণো সম্পূৰ্ণৰূপে হেৰুৱাই পেলাইছিল৷ তাইৰ অন্তিম শব্দ আছিল– ‘মই কোনো মানুহৰে চেহেৰা চাব নোখোজো৷’  এই বাক্যশাৰীয়ে গভীৰ বেদনা আৰু মানসিক পীড়াক দৰ্শায়৷ পুৰুষৰ প্ৰতি আয়েছাৰ ঘৃণাই এইটো প্ৰমাণ কৰে যে এগৰাকী মহিলাই পুৰুষৰ দ্বাৰা কিমান নিৰ্যাতিত হ’লে এনেদৰে মন্তব্য কৰিব পাৰে৷ তাইৰ অন্তিম ভিডিঅ’ত মজুত থকা বেদনাই সমগ্ৰ মুছলমান সমাজক, বিশেষকৈ মহিলাক জোকাৰি দিছে৷

ডাঃ আচমাই কয়– আমাৰ সমাজৰ ছোৱালীবোৰ অমূল্য ৰতনৰ দৰে৷ তেওঁলোকৰ সুৰক্ষা আৰু সংৰক্ষণ সমাজৰ সৰ্বোচ্ছ প্ৰাথমিকতা হোৱা উচিত৷ ছোৱালীবোৰৰ প্ৰতি মুছলিম সমাজৰ সামূহিক অপৰাধিক অৱজ্ঞাৰ বাবে এয়া আত্ম-সমালোচনা আৰু প্ৰায়শ্চিত্ত কৰাৰ সময়৷

আনহাতে এই ঘটনা সন্দৰ্ভত অল ইণ্ডিয়া মুছলিম পাৰ্ছনেল ল ব’ৰ্ডৰ সাধাৰণ সম্পাদক মৌলানা ওলী ৰহমানীয়ে কয়– এইটো হৃদয়ক আঘাত কৰা ঘটনা৷ এইধৰণৰ ঘটনা সভ্য সমাজৰ বাবে লজ্জাজনক৷ তেওঁ যৌতুকৰ দৰে সামাজিক কু-প্ৰথাৰ বিৰুদ্ধে সকলো জাতি-ধৰ্ম-বৰ্ণ-ভাষাৰ লোকক আগুৱাই আহিবলৈ আহ্বান জনায়৷

হাঁহি হাঁহি জীৱনটোক দুঃখেৰে ভৰা শোকৰ সাগৰত আয়েছাই আত্মহত্যা কৰিছে ঠিকেই, কিন্তু এই ঘটনাক মুছলমান সমাজে কেনেদৰে লয়, কি ব্যৱস্থা কৰে, যৌতুকৰ বিৰুদ্ধে কি স্থিতি গ্ৰহণ কৰে সেয়া সময়ত লক্ষণীয় হ’ব৷

মোবাইল- ৯৪০১২৪৮৫১০


No comments