ছফিউল ইছলাম পৱিত্ৰ ৰমজান মাহৰ ৰোজাৰ প্ৰায় শেষ পৰ্যায় আহি পাইছে । সেয়ে মুছলমান ধৰ্মপ্ৰাণ ৰাইজে তেওঁলোকৰ বাধ্যতামূলক দান - ব...
ছফিউল ইছলাম
পৱিত্ৰ ৰমজান মাহৰ ৰোজাৰ প্ৰায় শেষ পৰ্যায় আহি পাইছে। সেয়ে মুছলমান ধৰ্মপ্ৰাণ ৰাইজে তেওঁলোকৰ বাধ্যতামূলক দান-বৰঙনিখিনি আগবঢ়াবলৈ প্ৰস্তুত হৈ আছে বা বহুতেই ইতিমধ্যে আগবঢ়াইছে। ৰমজান মাহত যি দান-বৰঙনি আগবঢ়োৱা হয় তাৰ চৰ্চাৰ ভিতৰত আটাইতকৈ গুৰুত্ব কম দিয়া বিষয়টো হ’ল যাকাতুল ফিতৰ বা ফিৎৰা। বহুতে এই ছদ্কাতুল ফিতৰ বা ফিৎৰা ধানৰ দ্বাৰা দিয়া পৰিলক্ষিত হয়, আনহাতে গৰিষ্ঠসংখ্যকেই আকৌ মূল্যৰ দ্বাৰা প্ৰদান কৰে। কিন্তু এই বিষয়ে ইছলামী শ্বৰীয়তে কি কয় বা কিহৰ দ্বাৰা ফিৎৰা দিয়া সঠিক· এই প্ৰবন্ধত এই বিষয়ে কিছু খুটি-নাটি মাৰি বিশ্লেষণ কৰাৰ চেষ্টা কৰা হ’ব।
ইছলাম ধৰ্মাৱলম্বী লোকসকলে জানে ‘ইছলাম’ শব্দৰ অৰ্থ হ’ল আত্মসমৰ্পণ কৰা। আত্মসমৰ্পণ কৰা আল্লাহ আৰু তেওঁৰ ৰছুলৰ দ্বাৰা প্ৰদত্ত বিধি-বিধানৰ সন্মুখত। সেয়ে ইছলামত যি বিষয়ৰ সমাধান কোৰআন বা ছুন্নতত বৰ্তমান, সেই বিধানৰ সন্মুখত আত্মসমৰ্পণ কৰা বা তাক মানি লোৱাই হ’ল এজন প্ৰকৃত মুছলমানৰ বৈশিষ্ট্য বা কৰ্তব্য। কোনো বিষয়ত বিশুদ্ধ (ছহীহ) প্ৰমাণ থকাৰ পিছতো তাক নমনা বা তাৰ অপব্যাখ্যা কৰা নাইবা তাৰ সলনি অন্য বিধান বা আইন ৰচনা কৰা নিঃসন্দেহে শ্বৰীয়তত হস্তক্ষেপ কৰাৰ সমান আৰু গৰ্হিত দুঃসাহস। মুছলমানসকল এনে কামৰ পৰা বিৰত থকা উচিত। আল্লাহে পৱিত্ৰ কোৰআনত কৈছে– ‘আল্লাহ আৰু তেওঁৰ ৰছুলে কোনো বিষয় মীমাংসা কৰি দিয়াৰ পিছত মু’মিন পুৰুষ আৰু মু’মিনা নাৰীয়ে তেওঁলোকৰ সেই বিষয়ত নিজে আন সিদ্ধান্ত লোৱাৰ অধিকাৰ নাই। যিজন আল্লাহ আৰু তেওঁৰ ৰছুলৰ অবাধ্য হয় সি নিশ্চয় প্ৰকাশ্যে বিপথগামী হয়। (ছুৰা আহযাব/৩৬)
👉 ফিৎৰা কাক কয়·
ফিৎৰা শ্বৰীয়তত ‘যাকাতুল ফিতৰ বা ছদ্কাতুল ফিতৰ’ বুলি উল্লেখ আছে। অৰ্থাৎ ফিতৰৰ যাকাত বা ফিতৰৰ ছদকা। ফিতৰ বা ফাতুৰ কোৱা হয় সেই আহাৰক, যাৰ দ্বাৰা ৰোজাপালনকাৰীয়ে ৰোজা ভংগ কৰে। (আলমুজাম আল ওৱাচীত/৬৯৪)। আনহাতে যাকাতুল ফিতৰ কোৱা হয় সেই জৰুৰী দানক, যি ৰোজাদাৰসকলে ঈদুল ফিতৰ উপলক্ষে অভাৱীসকলক দিয়ে। যিহেতু দীৰ্ঘদিন ৰোজা অৰ্থাৎ পানাহাৰৰ পৰা বিৰত থকাৰ পিছত ইফতাৰ বা আহাৰ আৰম্ভ কৰা হয় সেই কাৰণে ইয়াক ফিতৰৰ বা আহাৰৰ যাকাত বুলি কোৱা হয়। (ফাতহুলবাৰী ৩/৪৬৩)
👉 ফিৎৰাৰ হুকুম বা আদেশ
ফিৎৰা দিয়াৰ সামৰ্থ্য থকা প্ৰত্যেকজন লোকে নিজৰ আৰু পৰিয়ালৰ সেই সকলো সদস্যৰ ফালৰ পৰা যিসকলৰ লালন-পালনৰ দায়িত্ব শ্বৰীয়ত মতে তেওঁৰ ওপৰত অৰ্পণ কৰিছে, ফিৎৰা আদায় কৰা ফৰজ বা বাধ্যতামূলক। (আল-মুগনী, ৪য৩০৭, বুখাৰী হাদীছ নং ১৫০৩) অৱশ্যে যাৰ ওচৰত দুবেলা দুমুঠি খোৱাৰ বাহিৰে বেলেগ অন্য একো নাই তেওঁ ইয়াৰ আওতাৰ বাহিৰত (চৌদি ফতৱা ব’ৰ্ড, ৯/৩৮৭)
নবী (ছঃ)ৰ যুগত কিহৰ দ্বাৰা আৰু কিমান পৰিমাণৰ ফিৎৰা দিয়া হৈছিল· বুখাৰী শ্বৰীফৰ ওমৰ (ৰাঃ)ৰ পৰা বৰ্ণিত হাদীছত তেওঁ কয়- ‘আল্লাহৰ ৰছুল যাকাতুল ফিতৰ হিচাপে এক ‘স্বা’ খেজুৰ নাইবা এক ‘স্বা’ যৱ ফৰজ কৰিছে মুছলমান দাস আৰু স্বাধীন, পুৰুষ-নাৰী আৰু সৰু-ডাঙৰৰ প্ৰতি। সেয়া লোকসকলে নামাজলৈ যোৱাৰ পূৰ্বে আদায় কৰি দিবলৈ আদেশ কৰিছে।’ (বুখাৰী, অধ্যায়- যাকাত: হাদীছ নং ১৫০৩যমুছলিম নং ২২৭৫) উক্ত হাদীছত দুই ধৰণৰ খাদ্যদ্ৰব্যৰ নাম পোৱা যায়- যাৰ দ্বাৰা নবীজী (ছঃ) ৰ যুগত ফিৎৰা দিয়া হৈছিল। তাৰে এটা হ’ল খেজুৰ, আনটো যৱ। আন এখন হাদীছত আবু ছাইদ খুদৰী (ৰাঃ)য়ে বৰ্ণনা কৰিছে এইবুলি- আমি নবী (ছঃ)ৰ যুগত যাকাতুল ফিতৰ আদায় কৰিছিলো এক ‘স্বা’ খাদ্যদ্ৰব্য বা এক ‘স্বা’ যৱ নাইবা এক ‘স্বা’ খেজুৰ আৰু নহ’লে এক ‘স্বা’ পনীৰ, অন্যথা এক ‘স্বা’ কিচমিচ দি’ (বুখাৰী ১৫০৬যমুছলিম ২২৮৯) এই হাদীছত খেজুৰ আৰু যৱৰ বাহিৰে অন্য যিকেইটা সামগ্ৰীৰ নাম পোৱা গ’ল সেয়া হ’ল– কিচমিচ, পনীৰ আৰু খাদ্যদ্ৰব্য। ইয়াতে স্মৰ্তব্য যে নবী (ছঃ)ৰ বিদায়ৰ পিছত মুআবীয়াৰ খিলাফতৰ সময়ত বহুতে গোমৰ দ্বাৰা ফিৎৰা দিছিল। (বুখাৰী- হাদীছ নং ১৫০৮/মুছলিম- ২২৮১) ইয়াৰ দ্বাৰা এইটো প্ৰমাণিত হ’ল যে নবী (ছঃ)ৰ যুগত যিবোৰ দ্ৰব্যাদিৰ দ্বাৰা ফিৎৰা দিয়া হৈছিল তাৰ ভিতৰত আছে খেজুৰ, যৱ, কিচমিচ, পনীৰ আৰু খাদ্যদ্ৰব্য। লগতে এইটো প্ৰমাণিত হ’ল যে ফিৎৰাৰ পৰিমাণ আছিল এক ‘স্বা’।
যদি নবীজী (ছঃ)য়ে খাদ্যদ্ৰব্য শব্দটো নক’লেহেঁতেন, তেন্তে আমাৰ প্ৰতি খেজুৰ, যৱ, কিচমিচ আৰু পানীৰ দ্বাৰাই ফিৎৰা দিয়া নিৰ্ধাৰিত হ’লহেঁতেন। কিন্তু আমাৰ প্ৰতি আল্লাহৰ ইমান অনুগ্ৰহ আৰু ইছলামৰ সাৰ্বজনীনতা যে খাদ্যদ্ৰব্য উল্লেখ থকা কাৰণে উল্লিখিত দ্ৰব্যাদি যিসকলৰ খাদ্য নহয় তেওঁলোকে তেওঁলোকৰ নিজস্ব খাদ্যৰ দ্বাৰা ফিৎৰা আদায় কৰিব পাৰিব। ইয়াতে প্ৰশ্ন আহে যে ফিৎৰা ধানৰ দ্বাৰা নে চাউলৰ দ্বাৰা দিয়া হ’ব· দুয়োটাই খাদ্যৰ অন্তৰ্ভুক্ত নেকি·
👉 ধানৰ নে চাউলৰ ফিৎৰা
ধান বা চাউলৰ দ্বাৰা ফিৎৰা দিয়াৰ প্ৰমাণ হ’ল হাদীছৰ সেই শব্দটো- য’ত চাহাবী আবু ছাইদ খুদৰী (ৰাঃ)ত উল্লেখ কৰিছে– ‘আমি খাদ্যদ্ৰব্যৰ মাজৰ পৰাই এক স্বা যাকাতুল ফিতৰ উলিয়াইছিলো।’ তেওঁ আৰু কয় - ‘সেই সময়ত আমাৰ খাদ্যদ্ৰব্য আছিল যৱ, কিচমিচ, পনীৰ আৰু খেজুৰ।’ (বুখাৰী / অধ্যায়- যাকাত, নং ১৫১০) এই হাদীছৰ পৰিপ্ৰেক্ষিতত আমি চাব লাগিব, এই যুগত আমাৰ সাধাৰণ খাদ্যদ্ৰব্য কি· সাধাৰণতে আমি খাদ্য হিচাপে ভাত বা ৰুটী খাওঁ, সেয়ে আমি চাউল নাইবা আটাৰ দ্বাৰা ফিৎৰা দিয়া দৰকাৰ। কাৰণ বৰ্তমান এইটোৱেই প্ৰচলিত খাদ্য আৰু আমাৰ দেশৰ ফকীৰ মিছকিনসকলেও ইয়াকে গ্ৰহণ কৰে। আনহাতে কাৰোবাৰ খাদ্য যদি ধান হয়, তেনেহ’লে সেয়া ভিন্ন কথা।
👉 ইয়াত ভাৰত উপমহাদেশৰ কিছুমান ইছলামী পণ্ডিতৰ ফতোৱা উল্লেখ কৰা হ’ল–
(ক) দিল্লীৰ ঐতিহাসিক প্ৰতিষ্ঠান ৰহমানীয়াৰ দাৰুল উলুমৰ ‘শ্বাইখুল হাদীছ’ মওলানা হাফিজ আহমদুল্লাহ (ৰহঃ)ৰ ফতোৱা ফিৎৰা হিচাপে ধান দিয়া সঠিক নহয়। চাউল, গোম, আটা, চাতু, কিচমিচ, খেজুৰ, যৱ আদি যিবোৰ দ্ৰব্যৰ বাবে খাদ্য (তায়াম) শব্দটো প্ৰযোজ্য হয়, সেইবোৰ বস্তুৰ দ্বাৰা ছদকা দিয়া কৰ্তব্য। আল্লাহে কোৰআনত কৈছে– ‘আল্লাহৰ পথত খৰচ কৰাৰ কাৰণে তোমালোকে এনেকুৱা নিকৃষ্টতম বস্তু বাছি নথ’বা, যিবোৰ তোমালোকে আনৰ পৰা গ্ৰহণ কৰিবলৈ ভাল নোপোৱা আৰু গ্ৰহণ কৰিলেও অৱজ্ঞাৰেহে গ্ৰহণ কৰা। (চুৰা বাকাৰাহ-২৬৭)
উল্লিখিত আয়াতটো ধানৰ ফিৎৰা অবৈধ বা নিষিদ্ধ হোৱাৰ মৌলিক দলিল। নিকৃষ্ট বা বৰ্জনীয়, যি খাদ্যৰ বাবে উপযোগী নহয় বা খাবলৈ কষ্টসাধ্য, এনে বস্তু ছদকা কৰা হাৰাম। তেওঁ আৰু কয় যে ধান ফিৎৰা হিচাপে আগবঢ়োৱা নিষিদ্ধ হোৱাৰ আন এটা কাৰণ হ’ল– এক স্বা ধানত শ্বৰীয়ত মতে পৰিমিত ফিৎৰা আদায় নহ’ব। এক স্বা ধানত পোনে এক স্বা চাউল ওলাব। ইয়াৰ এটা অংশ তুহ গুড়ি ওলাব- যি পশুৰ কাৰণেও গলাধঃকৰণত কষ্ট হয়। ইফালে এক স্বা ধানত পোনে এক স্বা চাউল হোৱাৰ বাবে ৰছুল (ছঃ)ৰ হাদীছৰ বিৰোধ কৰা হ’ল আৰু এক স্বাৰ আদেশ অনুকৰণ কৰা নহ’ল। ১-৮-১৩৬৬ হিজৰী, ফতোৱা আৰু মাছায়েল, আল্লামা মোহাম্মদ আব্দুল্লাহেল কাফী আৰ কোৰাইশী (ৰহঃ) পৃঃ ১৭৭-১৭৯, মুদ্ৰণ আল-হাদীছ, প্ৰিণ্টিং এণ্ড পাব্লিছিং হাউছ, ঢাকা-১১০০)
👉 আল্লামা ছানা উল্লাহ অমৃতসৰী (ৰহঃ)ৰ ফতোৱা
ছদকাতুল ফিতৰ চাউল দি আদায় কৰা উচিত। ধান দি নহয়। (২৮ জানুৱাৰী, ১৯১৯ পৃঃ ১৮২)
👉 তৰ্জমানুল হাদীছত প্ৰকাশিত ফতোৱা
যৱৰ লগত অনুমান কৰি ধানৰ ফিৎৰা দিয়া বৈধ নহয়। কাৰণ ধান খাদ্যদ্ৰব্য (তায়াম) নহয়। তায়াম বা খাদ্যদ্ৰৱ্য হিচাপে ফিৎৰা দিলে এক স্বা চাউল দিব লাগিব। (তৰ্জমানুল হাদীছ, ২য় বৰ্ষ, ৩য় সংখ্যা, ৰবিউল আওৱাল, ১৩৭০ হিজৰী, পৃঃ ১৭৫)
👉 যিসকলে ধানৰ দ্বাৰা ফিৎৰা দিয়াক বৈধ বুলি ভাবে
বহুতে জেদৰ বশৱৰ্তী হৈ নাইবা গভীৰ জ্ঞানৰ অভাৱত ধানৰ ফিৎৰাক নিঃসন্দেহে বৈধ বুলি ফতোৱা দিয়াৰ চেষ্টা কৰে। এনে মুছলিম ভাই-ভনীসকললৈ মোৰ এটি প্ৰশ্ন– ‘ধান’ শব্দটো আপোনালোকে কোৰআন বা নবী (ছঃ)ৰ মোবাৰকৰ মুখেৰে ক’ৰবাত উচ্চাৰিত হোৱা শুনিছেনে· শ্বৰীয়তৰ ভাষাতো দূৰৰ কথা, আৰবী সাহিত্যত ধানৰ একক কোনো শব্দ পোৱা নাযায়। কিন্তু চাউলৰ শব্দ ‘উৰুম’ বিদ্যমান। সেয়ে ধানৰ ফিৎৰাক বৈধ কোৱাটো যৱ বা গোমৰ ওপৰত অনুমান কৰিয়ে কোৱা হ’ব পাৰে। অনুমানৰ ওপৰত ভিত্তি কৰি কোনো মাছায়ালাক নিয়ম-নীতিক নিঃসন্দেহে জায়েজ বা বৈধ বুলি বাক্য ব্যৱহাৰ কৰা প্ৰকৃতাৰ্থত প্ৰতিস্পৰ্ধা আৰু শ্বৰীয়ত ফতোৱাৰ বিৰোধী। শ্বৰীয়তত উল্লেখিত বস্তু মজুত থকাৰ পিছতো উল্লেখ নথকা বস্তুৰ সহায়ত ফিৎৰা দিয়া বা জনসাধাৰণক উদ্বুদ্ধ কৰাৰ প্ৰয়াসৰ মাধ্যমত নিজৰ পৰকাল নষ্ট কৰাৰ নামান্তৰ মাথোন। ভাল ভাল বস্তু থকাৰ পিছতো ধানৰ বৈধতাৰ চেষ্টা কৰাৰ দ্বাৰা আল্লাহৰ আদেশ ‘তোমালোকে যি ভাল পোৱা, তাৰ পৰা ব্যয় নকৰা পৰ্যন্ত তোমালোকে কেতিয়াও কল্যাণ লাভ কৰিব নোৱাৰা’ (আল-ইমৰান-৯২) অমান্য কৰা হৈছে। যিয়ে এনে ধৰণৰ ফতোৱা দিয়ে তেওঁ আল্লাহৰ এই বাণীৰ মূল্যায়ন নকৰে।
খাদ্যদ্ৰব্যৰ দ্বাৰা ফিৎৰা নিদি অৰ্থৰ দ্বাৰা দিয়া : প্ৰত্যেকগৰাকী মুছলমান লোকে জনা উচিত যে নবী (ছঃ)ৰ যুগত মুদ্ৰা হিচাপে দীনাৰ বা দিৰহামৰ প্ৰচলন আছিল। সেই সময়তো ফকীৰ মিছকিনসকলক অৰ্থৰ প্ৰয়োজন আছিল। টকাৰ দ্বাৰা তেওঁলোকে বয়বস্তু ক্ৰয়-বিক্ৰয় কৰিছিল। তাৰ পিছতো নবী (ছঃ)য়ে মুদ্ৰাৰ দ্বাৰা ফিৎৰা নিৰ্ধাৰণ নকৰি খাদ্যদ্ৰব্যৰ দ্বাৰা নিৰ্ধাৰণ কৰিছে। সেয়েহে উল্লিখিত হাদীছত বৰ্ণিত খাদ্যবস্তুৰ দ্বাৰাই ফিৎৰা আদায় কৰা ছুন্নত আৰু এইটোৱেই অধিকাংশ উলেমাৰ মত। কাৰণ বৰ্ণিত খাদ্যদ্ৰব্যৰ সলনি মূল্য বা টকা-পইচাৰ দ্বাৰা ফিৎৰা দিলে নবী (ছঃ)ৰ আদেশক উপেক্ষা কৰা হয়। এই সন্দৰ্ভত ইমাম আহমদ (ৰহঃ)ৰ মত হ’ল– নবী (ছঃ)ৰ ছুন্নতৰ বিৰোধী হোৱাৰ কাৰণে সেয়া যথেষ্ট নহয়। (মুগনী ইবনে কুদামাহ, ৪য২৯৫) মূল্যৰ দ্বাৰা ফিৎৰা দিবলৈ গ’লে আৰু এটা সমস্যা হ’ব। সেয়া হ’ল স্থান আৰু কাল ভেদে দ্ৰব্যৰ মূল্য কম-বেছি হৈ থাকে। সেয়ে প্ৰতি বছৰ ফিৎৰাৰ পৰিমাণ নিৰ্ধাৰণ কৰিব লাগিব।
👉 অৰ্ধ স্বাৰ ফিৎৰা
ওপৰত বৰ্ণিত প্ৰমাণসমূহৰ পৰা বুজা গ’ল যে নবী (ছঃ)য়ে এক স্বা পৰিমাণৰ ফিৎৰা আদায় জৰুৰী কৰিছে। কিন্তু নবী (ছঃ) আৰু চাৰি খলিফাৰ ইন্তিকালৰ পিছত যেতিয়া মুআবিয়া (ছঃ)ইছলামী ৰাষ্ট্ৰৰ খলিফা নিৰ্বাচিত হয় আৰু ৰাজধানী মদিনাৰ পৰা দামেস্কলৈ স্থানান্তৰ কৰে, তেতিয়া গোমৰ সৈতে পৰিচয় লাভ কৰে। সেই সময়ত ছিৰিয়াত গোমৰ মূল্য খেজুৰৰ দ্বিগুণ আছিল। সেয়ে খলিফা মুআবিয়াই (ছঃ) এবাৰ হজ বা উমৰাৰ সময়ত মদিনাৰ মিম্বৰত উঠি কয়- মই অৰ্ধ স্বা গোমক এক স্বা খেজুৰৰ সমতুল্য বুলি ভাবো। জনসাধাৰণে এই কথা মানি লয়। ইয়াৰ পিছৰ পৰাই মুছলিম উম্মতৰ মাজত অৰ্ধ ‘স্বা’ৰ ফিৎৰাৰ প্ৰচলন আৰম্ভ হয়। (মুছলিম, অধ্যায়- যাকাত অনুেচ্ছদ যাকাতুল ফিতৰ হাদীছ নং ২২৮১ আৰু ৮২)। এতিয়া প্ৰশ্ন হ’ল– নবী (ছঃ) ৰ দ্বাৰা নিৰ্ধাৰিত এক স্বা ফিৎৰাৰ পৰিমাণ মুআবিয়া (ৰাঃ) ৰায়ৰ কাৰণে স্থগিত হৈ যাব নেকি· নবী(ছঃ)ৰ ছুন্নত কোনো চাহাবীৰ সিদ্ধান্তৰ কাৰণে এৰি দিব পাৰি নেকি· এই কথাৰ সম্পূৰ্ণ বিৰোধিতা কৰে চাহাবী আবু ছাইদ খুদৰী (ৰাঃ)য়ে। তেওঁ কয়– মই গোটেই জীৱন সেই পৰিমাণৰ ফিৎৰা উলিয়াম, যিমান পৰিমাণৰ নবী (ছঃ)ৰ যুগত উলিয়াইছিলো (ফাতহুল বাৰী ৩/৪৭০)।
👉 স্বা সম্পৰ্কে দু-আষাৰ
ইতিমধ্যে স্বা সন্দৰ্ভত বহুবাৰ আলোচনা কৰা হৈছে যদিও স্বা প্ৰকৃতাৰ্থত কেনে বস্তু সেই বিষয়ে ইয়াত দু-আষাৰ উল্লেখ কৰা হ’ল। স্বা হ’ল ওজন জোখাৰ এটা পাত্ৰ। গাঁও অঞ্চলত যেনেদৰে পাচিৰে ধান জোখা হয়, তেনে ধৰণৰ এক পাত্ৰ। আধুনিক যুগত কিলোগ্ৰামৰ প্ৰচলন হোৱাত সেই স্বা আৰবীয় সমাজৰ পৰা বিলুপ্তপ্ৰায়। তাৰ পিছতো মক্কা বা মদিনাত ঈদৰ প্ৰাক্-মুহূৰ্তত এই স্বা দেখা যায়। এনে ধৰণৰ এক ‘স্বা’ৰ পাত্ৰত শুকান খেজুৰ ভৰ্তি কৰি জুখিলে আঢ়ৈ কিলোগ্ৰামতকৈ সামান্য বেছি হয় আৰু চাউল ভৰ্তি কৰি ওজন কৰিলে প্ৰায় তিনি কিলোগ্ৰাম হয়। কাৰণ ই কোনো ওজনৰ নাম নহয়, এক পৰিমাপ পাত্ৰহে। এই স্বা সন্দৰ্ভত ব্যাখ্যা কৰাৰ পিছত বিদ্বান লোকসকলৰ বিভিন্ন মতৰ পিছত এটা সুন্দৰ সহজ আৰু নিৰ্ভৰযোগ্য ওজন প্ৰমাণিত হয়- যি সৰ্বকালৰ বাবে প্ৰযোজ্য। সেয়া হ’ল, এজন সাধাৰণ শাৰীৰিক গঠনৰ মানুহৰ দুই হাত একত্ৰিত কৰি যি মাপ গঠন হয় তাৰে চাৰিবাৰ দিলে এক স্বাৰ সমান হ’ব। (ফতোৱা মাছায়েল/১৭৩-১৭৪, ছৌদি ফতোৱা আৰু গৱেষণা বিষয়ক স্থায়ী কমিটী ফতোৱা নম্বৰ ৫৭৩৩, খণ্ড ৯.পৃ ৩৬৫)
ভ্ৰাম্যভাষ : ৯৪০১২-৪৮৫১০ Î
No comments