Page Nav

HIDE

Grid

GRID_STYLE

Pages

Classic Header

{fbt_classic_header}

Header Ad

Breaking News

latest

মোদীৰ ‘আত্মনিৰ্ভৰ’ ভাৰতত বিদেশী সাহায্য উভৈনদী

ছফিউল ইছলাম প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কোৰোনাকালত আত্মনিৰ্ভৰ ভাৰতৰ শ্লোগান দিছিল। জনসাধাৰণক এইটো আশ্বাস দিছিল যে চৰকাৰে অন্য দেশৰ ওপৰত নি...

ছফিউল ইছলাম



প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কোৰোনাকালত আত্মনিৰ্ভৰ ভাৰতৰ শ্লোগান দিছিল। জনসাধাৰণক এইটো আশ্বাস দিছিল যে চৰকাৰে অন্য দেশৰ ওপৰত নিৰ্ভৰশীলতা সমাপ্ত কৰিব। এতিয়া সামগ্ৰী ভাৰতত তৈয়াৰ কৰা হ’ব। ইয়াৰ বাবে নীতিও সলনি কৰিলে। ফলত ভাৰত মেক ইন ইণ্ডিয়াৰ পৰা আত্মনিৰ্ভৰ ভাৰত হৈ পৰিল। কিন্তু কোৰোনাৰ দ্বিতীয়টো লহৰত মোদী চৰকাৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং চৰকাৰৰ নীতি উলংঘা কৰাই নহয়, সীমান্তত সংঘাতত লিপ্ত হোৱা চীনৰ পৰা আৰম্ভ কৰি ৪০ৰো অধিক দেশৰ পৰা সাহায্য, দান আৰু উপহাৰ গ্ৰহণ কৰি আছে। এই নীতি তেতিয়াই সলনি হৈছিল যেতিয়া প্ৰধান মন্ত্ৰী মোদীয়ে যোৱা বছৰ পিএম-কেয়াৰ্ছ ফাণ্ড গঠন কৰিছিল। য’ত বিদেশী সাহায্য গ্ৰহণ কৰিছিল।


বিদেশী সাহায্য গ্ৰহণকলৈ ভাৰতৰ এক ১৬ বছৰীয়া পৰম্পৰা আছিল। আৰু পৰম্পৰা প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙে আৰম্ভ কৰিছিল। প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ নেতৃত্বত ইউপিএ চৰকাৰ ২০০৪ৰ পৰা ২০১৪লৈ আছিল। ২০০৪ চনৰ ডিচেম্বৰত যেতিয়া দক্ষিণ ভাৰতীয় উপকূলীয় অঞ্চলত ছুনামীয়ে প্ৰলয়ৰ সৃষ্টি কৰিছিল, তেতিয়া মনমোহন সিঙে বিদেশী সাহায্য এইবুলি অস্বীকাৰ কৰিছিল যে আমি নিজে নিজৰ পৰিস্থিতি চম্ভালিম। প্ৰয়োজনতহে বিদেশী সাহায্য গ্ৰহণ কৰিম বুলি ক’লেও তাৰ পিছত কোনো দিনেই বিদেশী সাহায্যৰ প্ৰয়োজনবোধ নকৰিলে। প্ৰধানমন্ত্ৰী মনমোহন সিঙে যি কৈছিল তাৰ প্ৰতি প্ৰতিজ্ঞাবদ্ধও আছিল। ২০০৫ চনৰ কাশ্মিৰৰ ভূমিকম্প, ২০১৩ৰ উত্তৰাখণ্ডৰ বান আৰু ২০১৪ চনৰ কাশ্মিৰৰ বানৰ ৰাষ্ট্ৰীয় দূৰ্যোগৰ সময়তো মনমোহন সিঙে কোনো দেশৰ পৰা সাহায্য বিচৰাও নাই আৰু কোনো দেশৰ উপহাৰো স্বীকাৰ কৰা নাছিল। কোনোবাই সাহায্য- উপহাৰ বা দান-বৰঙনি যাচিলেও সন্মান সহকাৰে নাকচ কৰিছিল।


ইয়াৰ পূৰ্বে ভাৰতে বিদেশী সাহায্য যে লোৱা নাছিল তেনে নহয়, ইয়াৰ পূৰ্বে উত্তৰকাশীৰ ভুমিকম্প(১৯৯১), লাতুৰ ভুমিকম্প(১৯৯৩), গুজৰাট ভুমিকম্প(২০০১), পশ্চিমবংগৰ ধুমুহা(২০০২) আৰু বিহাৰৰ বান(২০০৪)ৰ সময়ত ভাৰতে বিদেশৰ পৰা সাহায্য গ্ৰহণ কৰিছিল। ২০১৮ চনৰ কেৰালাৰ বানপানীৰ কথা সকলোৰে ছাগৈ মনত আছে। তেতিয়া কেৰালাই ভাৰত চৰকাৰক জনাইছিল যে সংযুক্ত আৰৱ আমিৰাতে ৰাজ্যখনৰ বাবে ৭০০ কোটি টকাৰ সাহায্য আগবঢ়াব বিচাৰে। কিন্তু মোদী চৰকাৰেই ইয়াৰ প্ৰয়োজন নাই বুলি কৈছিল। লগতে এইটোও কৈছিল যে ৰাজ্যত যিবোৰ পুনৰ্বাসনমূলক কাম হ’ব তাৰ বাবে ঘৰুৱা স্তৰতে মজুত থকা ধন গোটোৱা হ’ব। ইয়াকে লৈ ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত বিবাদো হৈছিল।


২০০৪ চনত মনমোহন সিঙে দিয়া বক্তব্য নীতি হৈ পৰিছিল আৰু তাৰ পিছত কেতিয়াও ৰাষ্ট্ৰীয় দূৰ্যোগৰ সময়ত বিদেশী সাহায্য লোৱা হোৱা নাছিল। কিন্তু ২০২১ চনত কোৰোনাৰ দ্বিতীয় ঢৌৰ পৰা সকাহ দিবলৈ মোদী চৰকাৰে বিদেশী নীতি পৰিবৰ্তন কৰিলে। (ক) চীনৰ পৰা অক্সিজেন সম্বন্ধীয় সামগ্ৰী আৰু জীৱনদায়িনী ঔষধ ক্ৰয় কৰাত কোনো সমস্যা নাই। কিন্তু পাকিস্তানৰপৰা সাহায্য ল’ব নে নাই সেই সন্দৰ্ভত চৰকাৰে এতিয়াও বিবেচনা কৰি আছে। (খ) ৰাজ্য চৰকাৰে বিদেশৰ টেষ্টিং কিটৰ পৰা আৰম্ভ কৰি ঔষধলৈ ক্ৰয় কৰিব পাৰিব। লগতে যিকোনো সাহায্য গ্ৰহণ কৰিব পাৰিব। ইয়াত কেন্দ্ৰ চৰকাৰ বা ৰাজ্য চৰকাৰৰ নীতি প্ৰতিবন্ধক নহয়। (গ) ভাৰত চৰকাৰে বিদেশৰ পৰা উপহাৰ, দান-বৰঙনি আৰু অন্য সাহায্য স্বীকাৰ কৰা আৰম্ভ কৰিছে। ই বিদেশ নীতিৰ ক্ষেত্ৰত এক ডাঙৰ পৰিবৰ্তন, কাৰণ ২০০৪ চনৰ পিছত প্ৰথমবাৰ সাহায্য লৈ আছে। কেৱল সাহায্য গ্ৰহণ কৰাই নহয়, কোভিদ-১৯ সাহায্য সামগ্ৰীৰ আমদানিত সীমিত সময়ৰ বাবে সীমা শুল্ক ৰেহাই দিছে। মোদীয়ে আত্মনিৰ্ভৰ ভাৰত আৰু ঘৰুৱা প্ৰয়াসেৰে সমস্যা সমাধানৰ কথা ক’লেও বাস্তৱতে তিনিটা নীতিত পৰিবৰ্তন আনি মনমোহন সিঙৰ আত্মনিৰ্ভৰ ভাৰতৰ নীতিক চূড়ান্ত ভেঙুচালি কৰিছে।

আগতে উল্লেখ কৰিছো যে এতিয়ালৈ ৪০ৰো অধিক দেশে সাহায্য ভাৰতলৈ প্ৰেৰণ কৰিছে। এই তালিকাত চুবুৰীয়া ৰাষ্ট্ৰ পৰা আৰম্ভ কৰি বিশ্বশক্তিধৰ ৰাষ্ট্ৰও আছে। ভূটানে অক্সিজেন যোগান ধৰিছে। মাৰ্কিন যুক্তৰাষ্ট্ৰই এষ্ট্ৰেজেনেকাৰ কোৰোনা ভেকচিন প্ৰেৰণ কৰিব। ইয়াৰ উপৰি ইংলেণ্ড, ফ্ৰান্স, জাৰ্মানী, লাক্সেমবাৰ্গ, ৰাছিয়া, আয়াৰলেণ্ড, বেলজিয়াম, ৰোমানিয়া,  পুৰ্তগাল, ছুুইডেন, অষ্ট্ৰেলীয়া, ছিংগাপুৰ, চৌদী আৰৱ, হংকং, নিউজীলেণ্ড, মৰিচাচ, থাইলেণ্ড, পোলেণ্ড, নেদাৰলেণ্ড, বেংকক, ফিনলেণ্ড, ছুইজাৰলেণ্ড, কুৱেট, নৰৱে, ইটালী, আৰু সংযুক্ত আৰৱ আমিৰাত। তাৰোপৰি আৰু বহু দেশে সাহায্য প্ৰেৰণ কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছে।



দিল্লী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ এগৰাকী মুখপাত্ৰই প্ৰকাশ কৰা অনুযায়ী বিগত কিছুদিনত বিদেশৰ পৰা ২৫খন জাহাজত ৩০০ টন কোভিদ সাহায্য সামগ্ৰী ভাৰতলৈ আহিছে। ইয়াৰ ভিতৰত আছে ৫,৫০০ অক্সিজেন কনছেনেট্ৰটাৰ্ছ, ৩,২০০ অক্সিজেন চিলিণ্ডাৰ, ১, ৩৬,০০০ৰেমডিছিবিৰ অন্তৰ্ভুক্ত আছে। ভাৰতৰ বিদেশ মন্ত্ৰালয়ৰ মতে ইউএইৰ পৰা গুজৰাটৰ মুন্দ্ৰা প’ৰ্টত ২০ মেট্ৰিকটন লিকুইড মেডিকেল অক্সিজেন ভৰ্ত্তি সাতখন টেংকাৰ আহিছে। ইংলেণ্ড আৰু ভাৰতীয় বায়ু সেনা-বাহিনীৰ প্ৰয়াসত ৪৫০ অক্সিজেন চিলিণ্ডাৰ চেন্নাইত আহি উপস্থিত হৈছে। ইয়াৰ উপৰি বিদেশৰ পৰা বিআইপিএপি মেচিন, অক্সিজেন কনছেনেট্ৰটাৰ্ছ আৰু চিলিণ্ডাৰ, পিএছএ অক্সিজেন প্লাণ্ট, পাল্‌ছ অক্সিমিটাৰ, ঔষধ, পিপিই, এন-৯৫ আৰু গাউন সাহায্য হিচাপে আহি আছে।


বিশ্বই মুক্তহস্তে দান-বৰঙনি আগবঢ়ালেও কোভিদ মহামাৰীত বিপৰ্যস্ত ৰাজ্যসমুহে চিকিৎসা সামগ্ৰীৰ বাবে কেন্দ্ৰৰ ওচৰত হাত পাতিবলগীয়া অৱস্থা হৈছে। বিভিন্নজনে প্ৰশ্ন উত্থাপন কৰিছে যে বিশ্বৰ বিভিন্ন দেশে আগবঢ়োৱা সাহায্য সামগ্ৰী ক’লৈ গৈ আছে? ভাৰততে নহয় বিদেশী সংবাদ-মাধ্যমতো এই  প্ৰশ্ন উত্থাপন হৈছে।


৪ মে’ত আমেৰিকাৰ বিদেশ মন্ত্ৰালয়ৰ নিয়মীয়া সংবাদ-মেলত মন্ত্ৰালয়ৰ মুখপাত্ৰ জেলিনা প’ৰ্টাৰে সূধিছে যে ভাৰতত ধাৰাবাহিকভাৱে প্ৰেৰণ কৰি থকা হৈছে সাহায্য। এক দীঘলীয়া তালিকা পঢ়ি শুনাইছে। ভাৰতত ইউএছএইডৰ ডাঙৰ কাৰ্যালয়ো আছে। এই সাহায্য ক’লৈ গৈ আছে? ইয়াৰ নিৰীক্ষণ কোনো ব্যৱস্থা আছেনে?


২৫ এপ্ৰিলত প্ৰথমটো সাহায্য ভৰ্ত্তি জাহাজ আহে যদিও আজিলৈ কিয় ৰাজ্যসমুহক বিতৰণ কৰা নাই সেয়া ৰহস্যজনক। কেন্দ্ৰীয় চৰকাৰে সিদ্ধান্ত লৈছিল যে বিদেশৰ পৰা অহা সামগ্ৰী শীঘ্ৰে ৰাজ্যসমুহক প্ৰেৰণ কৰা হ’ব। বহু ৰাজ্য চৰকাৰেও প্ৰশ্ন উত্থাপন কৰিছে যে কেন্দ্ৰৰ পৰা আমি কি পালো? আমি নিজে নাজানো? এতিয়ালৈ আমাক কোৱা নাই।


বিদেশী সাহায্য সামগ্ৰীৰ বিতৰণ সন্দৰ্ভত বিভিন্ন প্ৰশ্ন উত্থাপনৰ সময়তে ভাৰত স্বাস্থ্যমন্ত্ৰালয়ে মঙলবাৰে কয় যে ঔষধ, অক্সিজেন চিলিণ্ডাৰ, মাস্ক আৰু অন্য সামগ্ৰী সহ ৪০ লাখ সামগ্ৰী ৩১খন ৰাজ্য আৰু কেন্দ্ৰশাসিত অঞ্চললৈ প্ৰেৰণ কৰা হৈছে। অক্সিজেনৰ যোগানৰ দিশটো কেন্দ্ৰীয় চৰকাৰে নিজে চোৱাচিতা কৰে। দিল্লীৰ ৮খন চিকিৎসালয়ৰ মাত্ৰ ছখনতহে সাহায্য সামগ্ৰী পোৱা বুুলি স্বীকাৰ কৰিছে। চৰকাৰী সাহায্য সামগ্ৰী প্ৰেৰণ কৰা বুুলি দাবী কৰিলেও বিভিন্ন ৰাজ্যও এতিয়ালৈ সামগ্ৰী পোৱা নাই বুুলি অভিযোগ কৰিছে।


আনহাতে বিদেশী সাহায্য ৰাজ্যসমুহে নাপালেও ক’লা বজাৰত ৰেমডিছিবিৰ উপলব্ধ হৈছে। কিছুদিনপুৰ্বে বাংলাদেশৰ পৰা অহা ৰেমডিছিভিৰ মধ্যপ্ৰদেশত অবৈধ বিক্ৰীৰ তথ্য ধৰা পেলাইছিল। শেহতীয়াকৈ বিহাৰতো এনে ক’লাবজাৰ চলি থকাৰ বাতৰি আহিছে। পাটনাত এগৰাকী চিকিৎসকক গ্ৰেপ্তাৰ কৰাত এই তথ্য পোহৰলৈ আহিছে। পিএম কেয়াৰ্ছ ফাণ্ডৰ দৰে যদি মোদী চৰকাৰে বিদেশী সাহায্যও মজুত কৰি নথয় তেতিয়াহে ৰক্ষা! নাম পৰিবৰ্তনত চৌখিন কেন্দ্ৰীয় চৰকাৰে মেক ইন ইণ্ডিয়াক আত্মনিৰ্ভৰ ভাৰত নাম দি ৰাইজক আঁভুৱা ভাৰাৰ বাহিৰে আন একো নহয়।
মোবাইলঃ ৯৪০১২৪৮৫১০

No comments