ইংলেণ্ডৰ এডমাণ্ড বাৰ্কে সংবাদ-মাধ্যমক চতুৰ্থ স্তম্ভ বুলি আখ্যা দিছিল৷ ‘লৰ্ডছ স্পিৰিচুৱেল’, ‘লৰ্ডছ টেম্পৰেল’ আৰু ‘দ্য কমনছ’ হ’ল প্ৰথম তিনিটা ...
ইংলেণ্ডৰ এডমাণ্ড বাৰ্কে সংবাদ-মাধ্যমক চতুৰ্থ স্তম্ভ বুলি আখ্যা দিছিল৷ ‘লৰ্ডছ স্পিৰিচুৱেল’, ‘লৰ্ডছ টেম্পৰেল’ আৰু ‘দ্য কমনছ’ হ’ল প্ৰথম তিনিটা স্তম্ভ৷ এই তিনিটা হ’ল সংসদৰ ভিতৰুৱা–যাৰ কান্ধত ন্যস্ত শাসনৰ সকলো ক্ষমতা৷ সংবাদ-মাধ্যমৰ স্থান হ’ল সাংবাদিকৰ গেলাৰীত, কিন্তু অন্য তিনিটা স্তম্ভৰ তুলনাত গুৰুত্ববিহীন নহয়৷ ইয়াৰ গুৰুত্ব নিহিত আছে ইয়াৰ নিয়ন্ত্ৰণাত্মক ক্ষমতাত৷ এই গুৰুত্বপুৰ্ণ ক্ষমতা বা বাস্তৱিকতে সংবাদ-মাধ্যমৰ কাৰ্যসমুহ ঐতিহাসিকভাৱে হৈ পৰিছে ক্ৰমাগত অধিক গুৰুত্বপুৰ্ণ, ইয়াৰ কোনো ব্যতিক্ৰম নাই, কাৰণ গণতন্ত্ৰ হৈ পৰিছে বহলভাৱে বিবেকভিত্তিক আৰু গণ অংশগ্ৰহণকেন্দ্ৰিক৷ সময় অনুসৰি নিৰ্বাচনে ইয়াৰ গুৰুত্ব সুৰক্ষিত কৰিছে শাসক দলক নিৰ্বাচনী প্ৰতিদ্বন্দ্বিতাৰ সময়ত জবাবদিহি কৰাৰ জৰিয়তে৷ কিন্তু বাস্তৱিকতে এই হিচাপ দিবলগীয়া অৱস্থাটো অবিৰতভাৱেই থাকে, কাৰণ সংবাদ-মাধ্যমৰ জৰিয়তে চৰকাৰৰ সক্ৰিয়তা আৰু নিি¦ক্ৰয়তাৰ বিষয়ে অহৰহ জনসাধাৰণ জ্ঞাত হোৱাটো সম্ভৱ৷ সংবাদ-মাধ্যমে আনহাতে চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাসমুহৰ ক্ষেত্ৰত জনসাধাৰণৰ প্ৰতিক্ৰিয়াৰ কথাও চৰকাৰক জনায়৷ অলপতে অসম চৰকাৰৰ এজন মন্ত্ৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ কৰিবলৈ গৈ তেওঁৰ পত্নী আইমী বৰুৱাই ‘কা’ সমৰ্থন নকৰিলে বাংলাভাষীসকলক অসম নালাগে ভাৰতৰ পৰা বাহিৰ কৰা হ’ব’ বুলি মন্তব্য কৰিছিল৷ আইমী বৰুৱাৰ এই মন্তব্য প্ৰতিদিন টাইমত সম্প্ৰচাৰ কৰা হ’ল৷ তাৰ পিছৰখিনি ইতিহাস৷ আইমী বৰুৱাৰ এই মন্তব্য নিৰ্বাচনৰ সময়ত নিঃসন্দেহে প্ৰৰোচনামুলক, উচটনিমুলক৷ নিৰ্বাচনী প্ৰচাৰ অভিযানত মন্ত্ৰীজনৰ পাঁচবছৰীয়া খতিয়ানহে আইমী বৰুৱাই দাঙি ধৰিব লাগিছিল৷
এটা বাতৰিৰ আঁত ধৰি মন্ত্ৰীজনে যিধৰণে প্ৰতিদিন টাইমৰ সাংবাদিকজনক গোৱাল গালি দিলে, সেয়া কেনেধৰণৰ গণতন্ত্ৰ? মন্ত্ৰী হাজৰিকা যিখন মন্ত্ৰীসভাক প্ৰতিনিধিত্ব কৰে সেই মন্ত্ৰী পৰিষদৰ নেতা তথা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সংবাদ-মাধ্যমক সমাজৰ অত্যন্দ্ৰ প্ৰহৰী বুলি সভাই সমিতিয়ে ভাষণ দি থাকে৷ সাংবাদিকৰ সুৰক্ষাৰ কথা কোৱা চৰকাৰৰ মন্ত্ৰীয়ে কিহৰ বলত সাংবাদিকক মুকলিকৈ ঠেং ভঙাৰ ভাবুকি দিব পাৰিলে৷
এক গণতান্ত্ৰিক ব্যৱস্থাত চৰকাৰী কাম-কাজ সন্দৰ্ভত সমালোচনাত্মক প্ৰহৰীৰ ভুমিকাত সংবাদ মাধ্যম অৱতীৰ্ণ হয়৷ অৱশ্যে পৰিস্থিতিৰ সুক্ষ্মতাই এইটো ইংগিত দিয়ে যে এই অংশটোৰ উদ্ভৱ হৈছে এক সুকীয়া কাৰণত৷ ইয়াৰ বাবে কেৱল এই ব্যৱস্থাৰ প্ৰতি সমালোচনাত্মক সকলৰ প্ৰতি দৃঢ়তা দেখুৱালেই নহ’ব, কিন্তু যিসকলে ভিতৰৰ পৰাই ব্যৱস্থাটোৰ মৰ্যাদা হানি কৰিছে, তেওঁলোকৰ বিৰুদ্ধেও কঠোৰ হোৱা প্ৰয়োজনীয়৷ অৰ্থাৎ উৰহৰ খং ভঙা ঢাৰিত জাৰিলে নহ’ব৷
সংবাদ-মাধ্যমৰ প্ৰতিনিধিৰ প্ৰতি হাজৰিকাৰ দৃষ্টিভংগী প্ৰথম নহয়, তেওঁৰ ৰাজনৈতিক গুৰু হিমন্ত বিশ্ব শৰ্মায়ো বহুবাৰ সাংবাদিকক নীতি শিক্ষা দিয়া পৰিলক্ষিত হৈছে৷ আনহাতে কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী ৰামেশ্বৰ তেলিয়ে প্ৰথিতযশা সাংবাদিক হোমেন বৰগোহাঞিৰ বিৰুদ্ধে মন্তব্য কৰি পিছলৈ ক্ষমা খুজিছিল৷ সংবাদ-মাধ্যম তেতিয়াহে পৰিশুদ্ধ হ’ব যেতিয়া কাৰ্যপালিকা, ন্যায়পালিকা আৰু বিধানপালিকাই সঠিকভাৱে নিজৰ নিজৰ দায়িত্ব পালন কৰিব৷ নিষ্ঠাৰে স্বাৰ্থবিহীন কাম কৰিব৷
গণতন্ত্ৰৰ মৌলিক বৈশিষ্ট্য হ’ল বিভিন্ন চৰকাৰী অনুষ্ঠানসমুহে কিদৰে সেইবোৰৰ শক্তি ব্যৱহাৰ কৰিছে আৰু কি দৰে নিজৰ দায়িত্ব পালন কৰিছে সেই বিষয়ে জনসাধাৰণে সকলো জনাৰ অধিকাৰ৷ এইদৰে সংবাদ-মাধ্যমে চৰকাৰী অনুষ্ঠানসমুহ আৰু জনসাধাৰণৰ মাজত সমন্বয়দৰ্শীৰ অবিৰত ভূমিকা পালন কৰে৷ এই উদ্দেশ্যে সংবাদ-মাধ্যমে তথ্য সংগ্ৰহ কৰে আৰু জনসাধাৰণৰ বাবে সংবাদ প্ৰস্তুত কৰে আৰু জনসাধাৰণৰ প্ৰতিক্ৰিয়াৰবিলাকৰ দ্বাৰা সমৃদ্ধ হৈ ইয়াৰ নিজা মূল্যায়ণ আৰু মন্তব্য আগবঢ়ায়৷ সংবাদ-মাধ্যমৰ হাতত ইতিমধ্যে থকা তথ্য প্ৰকাশত বাধা আৰোপ কৰিলে তাৰ যথোচিত ন্যায়সংগত কাৰণ দৰ্শাব লাগিব৷
মন্ত্ৰী হাজৰিকাৰ ভাবুকিৰ আন এটা দিশ হ’ল সাংবাদিকৰ ব্যক্তিগত পৰিচয়ক লৈ তীৰ্যক মন্তব্য৷ এনেদৰে শব্দ চয়ন কৰোতে হাজৰিকাই মনত ৰাখিব লাগিছিল যে তেওঁ ভাৰতীয় সংবিধানৰ ওপৰত শপত গ্ৰহণ কৰি থৈছে আৰু এজন দায়িত্বশীল নাগৰিক৷ এজন মন্ত্ৰীৰ মুখৰ ভাষা ইমান অগণতান্ত্ৰিক কিয়? নিম্নখাপৰ ভাষাই মন্ত্ৰীজনৰ ব্যক্তিত্ব নিম্নগামীহোৱা নাইনে? গণতান্ত্ৰিক ব্যৱস্থাত কাৰোবাৰ স’তে আপোনাৰ মত-পাৰ্থক্য থাকিব পাৰে, সেই বুলি সমালোচনা সহ্য কৰিব নোৱাৰাটো কোনো সুস্থ গণতন্ত্ৰৰ বৈশিষ্ট্য হ’ব নোৱাৰে৷ এটা বিশেষ সম্প্ৰদায়ৰ হোৱাৰ বাবেই হয়তো সাংবাদিক নজৰুল ইছলামে ইমানখিনি শুনিব লগা হ’ল৷ তাৰ বাবে সাংবাদিকজনে এজাহাৰ দাখিল কৰিছে, কিন্তু আৰক্ষীয়ে এই ঘটনাক কিদৰে লয় সেয়া হ’ব লক্ষণীয়৷
বাজিব লাগিছিল দা-কটাৰী, বাজিছে হাছতিহে৷ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব লাগিছিল সংবাদিক সংগঠন আৰু প্ৰেছক্লাবসমুহে৷ কিন্তু প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সাধাৰণ মানুহে৷ নিৰ্বাচনৰ আগে আগে বিশেষ সুবিধা গ্ৰহণ কৰা একাংশ সাংবাদিক সংগঠন লক্ষণীয়ভাৱে মৌনতা অৱলম্বন কৰাটোৱে বৰ্তমান সংবাদ-সংগঠনসমুহে যে চৰকাৰী¸ আতিথ্য প্ৰদান কৰি ৰাখিছে, তাকে প্ৰতিফলিত কৰে৷ পাৰস্পৰিক নিয়ন্ত্ৰণ আৰু ভাৰসাম্যৰ এটা ব্যৱস্থাই কাম কৰিব পাৰে, যেতিয়া জড়িত অনুুষ্ঠান প্ৰতিষ্ঠানবিলাক সমান শক্তিশালী হয় আৰু পৰস্পৰৰ প্ৰতি শ্ৰদ্ধাশীল হয়৷ যেতিয়া এটা পক্ষ আনটো পক্ষতকৈ শক্তিশালী হয় আৰু শক্তিশালী পক্ষই নিজৰ শক্তি প্ৰদৰ্শন কৰিবলৈ বিচাৰে, তেতিয়া স্বাভাৱিকতে ভাৰসাম্য শক্তিশালী পক্ষৰ অনুুকুলে যায়৷ নজৰুল ইছলামৰ ঘটনাটোও তেনে এক পৰ্যায়লৈ গৈছে৷ গণতন্ত্ৰৰো বৈশিষ্ট্যসমুহ লাহে লাহে বিলুপ্ত হ’বলৈ ধৰে৷ জবাবদিহিতাৰ পৰম্পৰা নোহোৱা হৈ পৰে৷
ৰাজনৈতিক নেতা-মন্ত্ৰীসকলে কিয় সংবাদ-মাধ্যমক নিয়ন্ত্ৰণত ৰাখিবলৈ বিচাৰে সেইটো কোনো গোপন কথা নহয়৷ এক গণতান্ত্ৰিক ৰাষ্ট্ৰত সংবাদ-মাধ্যম হ’ল ভোটদাতাসকলক শক্তিশালীভাৱে প্ৰভাৱাম্বিত কৰা আহিলা–যি ভোটদাতাৰ ওপৰত তেওঁলোক ক্ষমতা আৰু সংস্থানৰ ক্ষেত্ৰত নিৰ্ভৰশীল৷ ৰাজনীতিকসকলৰ হাতত উদ্দীপনাবৰ্ধক আৰু উদ্দীপনানাশক ক্ষমতা আছে যিবোৰ ব্যৱহাৰ কৰি সংবাদ-মাধ্যমক নিয়ন্ত্ৰণলৈ আনিব পাৰে–যিবোৰ ন্যায়পালিকাৰ হাতত নাই৷
নিৰ্বাচনৰ পূৰ্বে অসম চৰকাৰে ঢাক-ঢোল বজাই সাংবাদিকক সম্বৰ্ধনা জনাইছে, সেয়া এক প্ৰকাৰৰ নিয়ন্ত্ৰণ বুলি ক’ব পাৰি৷ বিশ্বৰ বৃহত্তম গণতান্ত্ৰিক দেশ ভাৰতত ব্যক্তি স্বাধীনতাৰ নামত বহু সাংবাদিকে কঠোৰভাৱে নিজৰ স্বকীয়তা বজাই ৰাখিছে যদিও আন একাংশই শাসকপক্ষক তৈলমৰ্দন কৰিয়েই পাৰ কৰিছে৷ নজৰুল ইছলামে হয়তো অৰ্ণৱ গোস্বামী, সুধীৰ চৌধুৰী, ৰজত শৰ্মা, জাৰিৰ হুছেইন, নন্দন প্ৰতীমৰ দৰে শাসকীয় পক্ষক তৈলমৰ্দন কৰা নাই বা কৰিব বিচৰা নাছিল, যাৰ পৰিণতি আছিল চোঁচৰাই অনা, ঠেং ভাঙি পেলোৱাৰ ভাবুকি৷
No comments