Page Nav

HIDE

Grid

GRID_STYLE

Pages

Classic Header

{fbt_classic_header}

Header Ad

Breaking News

latest

স্বাস্থ্য আৰু সোৱাদেৰে ভৰপূৰ 'জেটা প্ৰিমিয়াম স্পাইচ টী' মুকলিৰে ইমিউনিটি পৰ্টফলিঅ’ৰ বিস্তাৰ কৰিছে ভেষ্টিজে

গুৱাহাটী: স্বাস্থ্য, ৱেলনেছ আৰু পৰিস্কাৰ-পৰিচ্ছন্নতাৰ ব্যাপক সামগ্ৰীৰে ডি এছ এন গ্লবেল ১০০ এৱাৰ্ডছ তালিকাৰ শীৰ্ষ ৩০ প্ৰতিষ্ঠানৰ ভিতৰত স্থান ...


গুৱাহাটী: স্বাস্থ্য, ৱেলনেছ আৰু পৰিস্কাৰ-পৰিচ্ছন্নতাৰ ব্যাপক সামগ্ৰীৰে ডি এছ এন গ্লবেল ১০০ এৱাৰ্ডছ তালিকাৰ শীৰ্ষ ৩০ প্ৰতিষ্ঠানৰ ভিতৰত স্থান পোৱা ভাৰতৰ একমাত্ৰ ঘৰুৱা প্ৰত্যক্ষ বিক্ৰী প্ৰতিষ্ঠান ভেষ্টিজে ইয়াৰ ইমিউনিটি পৰ্টফলিঅ’ৰ বিস্তাৰ সাধন কৰি মুকলি কৰিছে ইমিউনিটি বঢ়োৱা বনৌষধি আৰু মচলাৰে তৈয়াৰ কৰা ভৰপূৰ এক বিশেষ চাহ – জেটা প্ৰিমিয়াম স্পাইচ টী ।

আয়ুস মন্ত্ৰালয়ৰ দ্বাৰা আগবঢ়োৱা পৰামৰ্শ অনুসৰি এই জেটা প্ৰিমিয়াম স্পাইচ টীক অশ্বগংন্ধা, মুলেথি, তুলসী, ডালচিনি, মুনাক্কা, শ্বুন্থী, জালুক আৰু হালধী এই আঠবিধ ভাৰতীয় বনৌষধিৰ মিশ্ৰণেৰে তৈয়াৰ কৰা হৈছে । অতীজৰে পৰা এই বনৌষধিসমূহ ইমিউনিটি বঢ়োৱা আৰু স্বাস্থ্যৰ সামগ্ৰিক কল্যাণৰ ক্ষেত্ৰত প্ৰমাণিত হৈ আহিছে । ক’ভিড-১৯ মহামাৰীৰ সময়ছোৱাত ইমিউনিটি বঢ়োৱা সামগ্ৰীসমূহৰ বৰ্দ্ধিত চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি এই জেটা প্ৰিমিয়াম স্পাইচ টী মুকলি কৰা হৈছে । এই চাহে ভাল সোৱাদৰ লগতে সুস্বাস্থ্য ৰক্ষাৰ প্ৰতিশ্ৰুতি দিয়ে ।

এই মুকলি সন্দৰ্ভত ভেষ্টিজ মাৰ্কেটিং প্ৰাইভেট লিমিটেডৰ পৰিচালন সঞ্চালক শ্ৰী গৌতম বালিয়ে কয়, “বিশ্বজুৰি দেখা দিয়া স্বাস্থ্য সংকটৰ সময়ছোৱাত ভাৰতীয় ঐতিহ্য আৰু আয়ুৰ্বেদিক লাভালাভ তথা মচলাৰ গুণাগুণক বিশ্বজুৰি গ্ৰহণ কৰা হৈছিল । আমাৰ স্বাস্থ্য আৰু ৱেলনেছ পৰ্টফলিঅ’ৰ ক্ষেত্ৰত এনেবোৰত গুৰুত্ব দিয়া হৈছে আৰু প্ৰতিষ্ঠানটোৰ জন্মলগ্নৰে পৰা এনেবোৰৰ লাভালাভক প্ৰসাৰ কৰি থকা হৈছে আৰু সেয়ে এই বিশেষ চাহ জেটা প্ৰিমিয়াম স্পাইচ টী মুকলি কৰা হৈছে। স্বাস্থ্যকৰ মচলা আৰু সোৱাদৰ উত্তম সংমিশ্ৰণ এই চাহ, যিয়ে ইমিউনিটি বঢ়োৱাত সহায় কৰিব ।

ভাৰতৰ ইমিউনিটি বঢ়োৱা পেকেজড সামগ্ৰীৰ বজাৰখনে ২০২৬ ৰ ভিতৰত ৩৪৭ নিযুত ডলাৰৰ ঘৰ স্পৰ্শ কৰাৰ সম্ভাৱনা আছে । কোৰোনা মহামাৰীৰ সময়ছোৱাত যিহেতু এনে সামগ্ৰীসমূহৰ চাহিদা দ্ৰুত গতিত বৃদ্ধি পাব ধৰে গতিকে এতিয়া এই বজাৰখনে অধিক হাৰত বিকাশ লাভ কৰিবলৈ সক্ষম হৈছে । 


No comments