Page Nav

HIDE

Grid

GRID_STYLE

Pages

Classic Header

{fbt_classic_header}

Header Ad

Breaking News

latest

হিন্দী আৰু সংস্কৃতৰ লগতে আৰবী পদ পূৰণৰো ব্যৱস্থা কৰক

  গুৱাহাটীঃ হাইস্কুল টেট ক্লাছিকেল আৰবী শিক্ষক পদৰ বাবে উত্তীৰ্ণ হোৱা প্ৰাৰ্থী সকলক উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় সমূহৰ  স্নাত...


 গুৱাহাটীঃ হাইস্কুল টেট ক্লাছিকেল আৰবী শিক্ষক পদৰ বাবে উত্তীৰ্ণ হোৱা প্ৰাৰ্থী সকলক উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয় সমূহৰ  স্নাতক আৰবী শিক্ষকৰ খালী হৈ থকা পদসমূহত  নিযুক্তি দিয়াৰ  বাবে আহ্বান৷

      2020 চনৰ জানুৱাৰী মাহত অনুষ্ঠিত সকলো হাইস্কুল "টেট উত্তীৰ্ণ" প্ৰাৰ্থীয়ে অধীৰ আগ্ৰহেৰে বাট চাই থকা প্ৰথম পৰ্যায়ৰ বিজ্ঞাপনটো যোৱা 12 চেপ্তেম্বৰ 2020 তাৰিখত প্ৰকাশ পাইছিল কেৱল মাত্ৰ স্নাতক শিক্ষক ক'লা আৰু স্নাতক শিক্ষক বিজ্ঞানৰ বাবেহে তাৰ পৰিপ্ৰেক্ষিত সমান্তৰাল ভাবে *স্নাতক শিক্ষক আৰবী, হিন্দী আৰু সংস্কৃতৰ  খালী পদসমুহ পূৰণৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰা হোৱা নাছিল৷

       কিন্তু যোৱা 20 আগষ্ট 2021 তাৰিখে অসমৰ মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমৰ আগত মাধ্যমিক স্কুলৰ বাবে স্নাতক পদ 5846,সংস্কৃত পদ 241 আৰু demonstrator শিক্ষকৰ 174 টা পদৰ দ্বিতীয় পৰ্যায়ৰ বিজ্ঞাপন অহা চেপ্তেম্বৰ মাহত প্ৰকাশ কৰা হব বুলি ঘোষণা কৰিছে। তাত কৰা হোৱা নাই কোনো স্নাতক আৰবী পদৰ বিজ্ঞাপনৰ ঘোষণা৷ পুনৰবাৰ স্নাতক আৰবী পদৰ বিজ্ঞাপন প্ৰকাশ কৰা নহব বুলি টেট্ উত্তীৰ্ণ প্ৰাৰ্থীয়ে নিশ্চিত হোৱাৰ ফলত এই বাতৰিয়ে স্নাতক আৰবী‌ শিক্ষক পদৰ বাবে  উৰ্ত্তীণ প্ৰাৰ্থী সকলক আনন্দ দিয়াৰ পৰিৱৰ্তে চৰম হতাশা আৰু মৰ্মাহত কৰি তুলিছে ৷

 যিহেতু টেট পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ সময়ত  স্নাতক ক'লা/বিজ্ঞান আৰু সংস্কৃতৰ লগতে স্নাতক আৰবীৰ প্ৰাৰ্থী সকলেও একেলগে একে প্ৰশ্ন কাকতৰে  পৰীক্ষা দি উত্তীৰ্ণ হৈছিল। উল্লেখনীয় যে মাধ্যমিক টেটৰ পাঠ্যক্ৰম সকলোৰে বাবে এটাই আছিল, কোনো ধৰণৰ পৃথক পাঠ্যক্ৰম নাছিল আৰু পৰীক্ষাৰ প্ৰশ্ন কাকতখনো একে আছিল।

   সেয়েহে  অহা চেপ্তেম্বৰ মাহত হাইস্কুলত খালী হৈ থকা শিক্ষক পদৰ যি বিজ্ঞাপন প্ৰকাশ কৰা হ’ব সেই বিজ্ঞাপনত যাতে খালী হৈ থকা আৰবী পদসমুহ পূৰণৰ বাবেও  বিজ্ঞাপনো প্ৰকাশ কৰা হয়,  তাৰ বাবে অসমৰ  মাননীয় মুখ্যমন্ত্ৰী মহোদয়, শিক্ষামন্ত্ৰী আৰু মাধ্যমিক শিক্ষা বিভাগৰ উচ্চ পদস্হ বিষয়া সকলক সদৌ অসম হাইস্কুল টেট (আৰবী) উত্তীৰ্ণ সন্হা তথা প্ৰাৰ্থীসকলে বিনম্ৰতাৰে অনুৰোধ জনাইছে৷

No comments