Page Nav

HIDE

Grid

GRID_STYLE

Pages

Classic Header

{fbt_classic_header}

Header Ad

Breaking News

latest

নিমা ডেনজোংপাৰ শক্তিশালী চৰিত্ৰত অসমৰ সুৰভি দাস, আৰু কাজল মুখাৰ্জীৰ চৰিত্ৰত ঈষিতা দত্ত

কালাৰ্ছে আৰম্ভ কৰিলে অনুপ্ৰেৰণাদায়ক মহিলাৰ আকৰ্ষণীয় কাহিনীৰ বিৱৰণ একমাত্ৰ কালাৰ্ছত ‘নিমা ডেনজোংপা’ আৰু ‘থোড়া ছা বাদল, থোড়া ছা পানী’ৰ প্ৰিম...

কালাৰ্ছে আৰম্ভ কৰিলে অনুপ্ৰেৰণাদায়ক মহিলাৰ আকৰ্ষণীয় কাহিনীৰ বিৱৰণ

একমাত্ৰ কালাৰ্ছত ‘নিমা ডেনজোংপা’ আৰু ‘থোড়া ছা বাদল, থোড়া ছা পানী’ৰ প্ৰিমিয়াৰ


মুম্বাইঃ ছিকিমৰ এগৰাকী মৰমলগা সহজ-সৰল কিশোৰীয়ে প্ৰেমৰ বাবে পৰিয়ালৰ লগতে গৃহ চহৰো ত্যাগ কৰি মুম্বাইত উপস্থিত হ’ল৷ আন ছোৱালীৰ দৰেই নিমাই এটা নিখুঁত আৰু সুখী জীৱনৰ কামনা কৰিছিল, কিন্তু ভবা নাছিল যে সেই সপোনবোৰ চূৰ্ণ-বিচূৰ্ণ হৈ যাব৷ নিৰ্দোষ কাজলৰ বাবে সম্ভৱতঃ তেওঁলোকৰ বিবাহেই আছিল সবাতোকৈ নিখুঁত৷ কিন্তু এনিশাৰ ভিতৰতে তেওঁৰ স্বপ্নভংগ হৈছিল তেতিয়া, যেতিয়া পিতৃৰ মৃত্যুৰ পিছত তেৱেঁই পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী হৈ পৰিছিল৷ এইধৰণৰ কেৱল এটা নহয় দুটাকৈ শক্তিশালী কাহিনীৰে ‘নিমা ডেনজোংপা’ আৰু ‘থোড়া ছা বাদল, থোড়া ছা পানী’ মুকলি কৰি কালাৰ্ছে গৌৰৱ অনুভৱ কৰিছে৷ সুৰভি দাসক নিমা আৰু ঈষিতা দত্তক কাজল হিচাপে লৈ দৃঢ়প্ৰতিজ্ঞ তথা প্ৰাণোচ্ছল মহিলাৰ বিষয়ে কেৱল এটা নহয় দুটাকৈ কাহিনী দৰ্শকৰ বাবে আগবঢ়োৱা হৈছে৷ পেনিনছুলা প্ৰাইভেট লিমিটেডৰ দ্বাৰা প্ৰযোজিত ‘নিমা ডেনজোংপা’ নিশা জ্ঝ বজাত তথা বক্স আৰু বিয়ণ্ড এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ দ্বাৰা প্ৰযোজিত ‘থোড়া ছা বাদল, থোড়া ছা পানী’ নিশা ৯.৩০ বজাত সোমবাৰৰ পৰা শুকুৰবাৰলৈ কেৱল কালাৰ্ছত সম্প্ৰচাৰিত হৈছে।

 

এই অনুষ্ঠানৰ বিষয়ে ভায়াকম ১৮ৰ হিন্দী মাছ এণ্টাৰটেইনমেণ্ট আৰু কিড্‌ছ টিভি নেটৱৰ্কৰ মুৰব্বী নীনা এলৱিয়াজয়পুৰীয়াই কয়- “দেশৰ প্ৰতিটো চুক-কোণৰ বিচিত্ৰ তথা প্ৰভাৱশালী কাহিনী দৰ্শকৰ আগত বৰ্ণনা কৰা আৰু মনোৰঞ্জন প্ৰদান কৰাই হৈছে কালাৰ্ছত আমাৰ প্ৰচেষ্টা৷ শক্তিশালী মহিলাৰ কাহিনী বৰ্ণনাৰ বাবে চেনেলৰ নীতি বাহাল ৰাখি আমি ‘নিমা ডেনজোংপা’ আৰু ‘থোড়া ছা বাদল, থোড়া ছা পানী’ আগবঢ়াবলৈ ৰোমাঞ্চিত হৈ পৰিছোঁ৷ য’ত নেকি এখনত উত্তৰ-পূৰ্বাঞ্চলৰ দুঃসাহসী যুৱতীৰ যাত্ৰাৰ বিষয়ে বৰ্ণনাৰ সময়ত আনখনত পৰিয়ালৰ দায়িত্ব কান্ধ পাতি লৈ কাজলে প্ৰদৰ্শন কৰা যুজাৰু মানসিকতাৰ ব্যাখ্যা কৰা হৈছে৷ এই দুই অনুষ্ঠানে ককেৱল আমাৰ কথা সাহিত্যৰ ধাৰাকে শক্তিশালী নকৰে, লগতে ব্যতিক্ৰমী বিষয়বস্তুৰে আমাৰ ৯-১০ বজাৰ প্ৰাইম টাইমক পুনৰ শক্তি প্ৰদান কৰিব৷ এইসমূহ নতুন চৰিত্ৰৰ যাত্ৰাৰ সৈতে আমি দৰ্শকৰ মাজলৈ ধনাত্মক ভাৱ, প্ৰাণশীলতা আৰু প্ৰত্যাশা বহন কৰিবলৈ বিচাৰিছোঁ৷”


আমচি মুম্বাইৰ ওপৰত আধাৰিত ‘নিমা ডেনজোংপা’ত নিমাৰ জীৱন কাহিনী বৰ্ণিত হৈছে৷ ছিকিমৰ এগৰাকী সৰল আৰু গাভৰু মুম্বাইৰ এজন যুৱক সুৰেশ [অক্ষয় কেলকাৰৰ দ্বাৰা অভিনীত]ৰ প্ৰেমত পৰিল৷ বস্তিৰ সবাতোকৈ সুন্দৰ যুৱকজনে কম বয়সতে পিতৃক হেৰুৱাইছিল আৰু তেওঁৰ বাবে আশা-ভৰসাৰ একমাত্ৰ স্থলী আছিল মাতৃ [ঊষা নাইকৰ দ্বাৰা অভিনীত]৷ ছিকিমলৈ দৃশ্যগ্ৰহণৰ বাবে যাওতে তেওঁ নিমাক লগ পায় আৰু প্ৰেম আৰম্ভ হয়৷ তেওঁলোক বিবাহপাশত আবদ্ধ হয় আৰু পৰিয়ালৰ লগতে সকলোকে পৰিত্যাগ কৰি নিমাই মুম্বাইলৈ যাত্ৰা কৰে৷ কিন্তু স্বপ্নৰ চহৰখনৰ বিষয়ে সামান্যহে অৱগত নিমাৰ সপোন পৰিণত হয় দুঃস্বপ্নত৷ তেওঁ চহৰখনত কেৱল অনাকাংক্ষিত অনুভৱ কৰা নহয়, আনকি উত্তৰ-পূৰ্বাঞ্চলৰ বাবেও অপমানৰ সন্মুখীন হয়৷ সুৰেশৰ মাতৃও তেওঁক নিজৰ বোৱাৰী হিচাপে স্বীকাৰ কৰিবলৈ অমান্তি হয় আৰু অশালীন মন্তব্য, হঠাতে সন্মুখীন হোৱা দুৰ্ভাগ্য আদিৰ সৈতে নিমাই অকলে সংগ্ৰাম কৰিবলগীয়া হ’ল৷ নিমাই সাহসেৰে এই থিয় দিয়াৰ লগতে মুম্বাইৰ জীৱনত তিষ্ঠি থাকিবলৈ সক্ষম হ’বনেঞ্জ নতুন চহৰত তেওঁ স্বীকৃতি লাভ কৰিবনেঞ্জ


আনহাতে ‘থোড়া ছা বাদল থোড়া ছা পানী’ৰ কাহিনী কাজলক কেন্দ্ৰ কৰি বৰ্ণিত হৈছে৷ কলকাতাৰ মৰম লগা- হাঁহিমুখীয়া ছোৱালীজনী আছিল পৰিয়ালৰ স্নেহৰ পাত্ৰ৷ তেওঁ বুদ্ধিমান আছিল, কিন্তু অকলশৰীয়াকৈ নিজক সুৰক্ষিত কৰি ৰাখিব পৰা বিধৰ নাছিল৷ বাহিৰৰ পৃথিৱীখনৰ ৰূঢ় বাস্তৱৰ সৈতে অপৰিচিত আছিল কাজল৷ অত্যন্ত মেধাৱী তথা সফল যুৱক অৰ্জুন চেটাৰ্জী [হৰ্ষদ আৰোৰাৰ দ্বাৰা অভিনীত]ৰ সৈতে সংসাৰ তৰি নতুন জীৱনৰ পাতনিৰ বাবে কাজল উত্ৰাৱল হৈ পৰিছিল৷ কিন্তু বিবাহৰ আগদিনা তেওঁৰ পিতৃৰ আকস্মিক মৃত্যুৱে সকলোবোৰ সলাই পেলালে৷ তেওঁৰ সুখী জীৱন হঠাতে কলীয়া মেঘে আৱৰি ধৰিলে, কিয়নো কাজলে পৰিয়ালৰ সমস্ত দায়িত্বৰ উপৰি পিতৃৰ ঋণগ্ৰস্তু ব্যৱসায়ো চম্ভালিবলগীয়া হ’ল৷ সৰ্বদা সুৰক্ষিত শিশু কাজলে নিজৰ পৰিয়ালক অৰ্থনৈতিক দুৰৱস্থাৰ পৰা ৰক্ষা কৰিবলৈ পাৰিবনেক্ক স্বপ্ন পূৰ্ণ কৰি কাজলে নিজৰ প্ৰেমাস্পদৰ সৈতে সংসাৰ তৰিবলৈ সক্ষম হ’বনে? 


নতুন অনুষ্ঠানৰ ধাৰণাৰ বিষয়ে ভায়াকম ১৮ৰ হিন্দী মাছ এণ্টাৰটেইনমেণ্টৰ মুখ্য উপকৰণ বিষয়া মনীষা শৰ্মাই কয়- “দুই সাহসী মহিলাৰ চৰিত্ৰৰে ‘নিমা ডেনজোংপা’ আৰু ‘থোড়া ছা বাদল, থোড়া ছা পানী’ৰ কৌতূহলী কাহিনী বৰ্ণনা কৰা হৈছে৷ ব্যতিক্ৰমী ধাৰণাৰ বাবে কালাৰ্ছ স্বীকৃত, লগতে নিমাৰ কাহিনীৰ জৰিয়তে আমি উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকলক সন্মুখীন হোৱা বৈষম্যৰ বিষয়ে দৃষ্টি আকৰ্ষণৰ চেষ্টা কৰিছোঁ৷ আমি বিশ্বাসী যে এই নতুন অনুষ্ঠানৰ মাধ্যমেৰে লোকসকলৰ মানসিকতা সলনি কৰিবলৈ সক্ষম হ’ম আৰু সামগ্ৰিকতাৰ বাৰ্তা কাৰ্যকৰীভাৱে প্ৰকাশ কৰিব পাৰিম৷ ‘থোড়া ছা বাদল আৰু থোড়া ছা পানী’ত কাজলৰ কাহিনীৰ জৰিয়তে নানা বাধা নেওচি কেনেদৰে সাহস আৰু সততাৰে তেওঁ জীৱন সংগ্ৰাম অব্যাহত ৰাখিছিল সেই বিষয়ে আমি প্ৰদৰ্শন কৰিছোঁ৷ দুয়োটা কাহিনীয়েই ব্যতিক্ৰমী আৰু সঠিক পৰিস্থিতিত দৰ্শকৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হ’ব বুলি আমি আশা কৰিছোঁ৷”


‘নিমা ডেনজোংপা’ৰ প্ৰযোজক পেনিনছুলা পিকছাৰ্ছ প্ৰাইভেট লিমিটেডৰ অলিন্দ শ্ৰীবাস্তৱে কয়- “স্থানীয় অঞ্চলৰ বাহিৰে আন স্থানত উত্তৰ-পূৰ্বাঞ্চলৰ লোকসকল সন্মুখীন হোৱা বৈষম্যৰ বিষয়ে সৰ্বপ্ৰথমবাৰৰ বাবে আমি অনুষ্ঠান আৰম্ভ কৰিছোঁ৷ ভাৰতীয় টেলিভিশ্যনৰ অনুষ্ঠানত উত্তৰ-পূৰ্বাঞ্চলৰ যুৱতীয়ে মুখ্য চৰিত্ৰ ৰূপায়ণ কৰাটো সচৰাচৰ দেখা পোৱা নাযায় আৰু প্ৰথমবাৰলৈ এনে এক শক্তিশালী ধাৰণা উপস্থাপন কৰি আমি অতিকৈ গৌৰৱবোধ কৰিছোঁ৷” নিছান পাৰভেজে কয়- “চৰিত্ৰৰ সৈতে সুন্দৰভাৱে খাপ খাই পৰাৰ বাবে আমি সুৰভিক বাছনি কৰিছোঁ আৰু তেওঁ সযত্নে চৰিত্ৰটো প্ৰদৰ্শন কৰিছে৷ বাস্তৱিকতা নিশ্চিতকৰণৰ বাবে আমি একাধিক সুশোভিত স্থানত দৃশ্যগ্ৰহণ কৰিছোঁ, যাতে ছিকিমৰ সৌন্দৰ্য প্ৰতিফলিত হয়৷ মুম্বাইৰ ছেটো সৌন্দৰ্যশালীভাৱে প্ৰস্তুত কৰা হৈছে যাতে এইসমূহ বাস্তৱিক তথা প্ৰাসংগিক কৰি তুলিব পাৰি৷ কালাৰ্ছৰ সৈতে সংযুক্ত হ’বলৈ পাই আমি আনন্দিত তথা সুন্দৰ যাত্ৰাৰ বাবে আমি অপেক্ষাৰত৷”


নিমাৰ চৰিত্ৰ ৰূপায়ণৰ বিষয়ে সুৰভি দাসে কয়- “মই উপভোগ কৰি কৰি ডাঙৰ হোৱা কালাৰ্ছ পৰিয়ালৰ অংশীদাৰ হ’বলৈ পোৱাটো মোৰ বাবে সপোন সত্য হোৱাৰ দৰে মুহূৰ্ত৷ দেশৰ অসংখ্য লোকৰ কাষ চপা মাধ্যমত মোৰ সম্প্ৰদায়ক প্ৰতিনিধিত্ব কৰিবলৈ পোৱাটো মোৰ বাবে গৌৰৱৰ বিষয়৷ নিমা হৈছে সুন্দৰ-সাহসী চৰিত্ৰ আৰু সততাৰে ক’বলৈ গ’লে এই চৰিত্ৰই মোক মই যোগ্যতাৰে পাবলগীয়া সকলোৰে বাবে যুঁজ দিবলৈ বিশ্বাস দিয়াৰ লগতে অনুপ্ৰাণিত কৰি তুলিছে৷ আশা কৰোঁ যে যিধৰণে সচৰাচৰ সকলোৱে ভাবে মই উত্তৰ-পূৰ্বাঞ্চলৰ জনতাৰ প্ৰতি নাগৰিকৰ সেই মানসিকতা সলনি কৰিবলৈ সক্ষম হ’ম৷ নিমাৰ কাহিনী দৰ্শকৰ বুকুত প্ৰতিধ্বনিত হ’ব তথা তেওঁলোকে নিমাৰ যাত্ৰাত সহায় কৰিব বুলি মই প্ৰত্যাশা কৰিছোঁ৷”


‘থোড়া ছা বাদল, থোড়া ছা পানী’ৰ প্ৰযোজক বক্স আৰু বিয়ণ্ড এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ বিপুল ডি শ্বাহে কয়- “পৰিয়ালৰ প্ৰতি স্নেহৰ বাদে একোৱেই নজনা আপোনাৰ চুবুৰীয়া ছোৱালী কাজলৰ সৰল তথা ৰোমাঞ্চকৰ যাত্ৰা এযা এক বৰ্ণনা৷ কাজলে দৈনিক প্ৰত্যাহ৩ান, সুখ-দুখ আৰু জীৱনৰ সৈতে কেনেদৰে মোকাবিলা কৰে তাৰ সৈতে দৰ্শক এক হৈ পৰিব পাৰিব৷” অৰ্ক গাংগুলীয়ে কয়-- “পিতৃৰ মৃত্যুৰ পিছত জীৱনৰ প্ৰতি দৃষ্টিভংগী কেনেদৰে সলনি হৈছিল সেয়াই তেওঁৰ জীৱনৰ পৰিৱৰ্তন আৰু সংগ্ৰামে প্ৰকাশ কৰিছে৷ কেনেদৰে এগৰাকী কন্যাৰ দায়িত্ববোধ পুত্ৰৰ দৰেই সবল হ’ব পাৰে আৰু সুযোগ পালে পৰিয়ালৰ ভাৰ বহন কৰিব পাৰে সেই প্ৰসংগ এই অনুষ্ঠানে স্পৰ্শ কৰিছে৷ আমি আশা কৰো যে দৰ্শকসকলে এই হৃদয়স্পৰ্শী কাহিনীৰ সৈতে নিজকে সংযুক্ত কৰিবলৈ সক্ষম হ’ব৷”


কাজল মুখাৰ্জীৰ চৰিত্ৰৰ বিষয়ে ঈষিতা দত্তই কয়- “কালাৰ্ছে সদায়েই ঘৰৰ দৰে অনুভৱ প্ৰদান কৰে আৰু ‘থোড়া ছা বাদল, থোড়া ছা পানী’ৰ দৰে এক আকৰ্ষণীয় অনুষ্ঠানৰ সৈতে প্ৰত্যাৱৰ্তন কৰিবলৈ পাই মই অত্যন্ত ৰোমাঞ্চিত৷ সৰল সপোন পুহি ৰখা সহজ যুৱতী তথা পৰিয়ালৰ শক্তিৰ এক স্তম্ভ কাজলৰ চৰিত্ৰ মই ৰূপায়ণ কৰিম৷ কাজলৰ দৰেই ময়ো পৰিয়ালৰ সৈতে অত্যন্ত বিজড়িত, গতিকে এই চৰিত্ৰ অত্যন্ত প্ৰাকৃতিক তথা বাস্তৱৰ দৰে অনুভৱ হৈছে৷ এই অনুষ্ঠানে প্ৰদৰ্শন কৰিছে যে কেনেদৰে কাজলৰ জীৱন সলনি হৈ গ’ল আৰু তেওঁ পৰিয়ালৰ বাবে নিজক উছৰ্গা কৰিলে৷ মই আশা কৰোঁ যে দৰ্শকে এই অনুষ্ঠান পছন্দ কৰিব আৰু প্ৰতিবাৰৰ দৰে এইবাৰো সহযোগ কৰিব৷“


উৎসাহদায়ক তথা হৃদয়স্পৰ্শী কাহিনীৰ বিষয়ে প্ৰচাৰৰ বাবে কালাৰ্ছে ছপা, টেলিভিশ্যন আৰু ডিজিটেল মাধ্যমত অনবদ্য বিপণন অভিযান আৰম্ভ কৰিছে৷ শক্তিশালী চৰিত্ৰ তথা তেওঁলোকৰ যাত্ৰাৰ বিষয়ে বৰ্ণনা কৰা প্ৰম’ টেলিভিশ্যনৰ হিন্দী বাতৰি, হিন্দী চলচ্ছিত্ৰ, হিন্দী সংগীত, শিশু আৰু আঞ্চলিক শাখাত প্ৰচাৰ কৰা হ’ব৷ আৰম্ভণিৰ দিনটোতে চেনেলে ছপা মাধ্যমৰ আগশাৰীৰ প্ৰতিষ্ঠানক লক্ষ্য কৰি ল’ব৷ ডিজিটেল মঞ্চত এই অনুষ্ঠানৰ বিষয়ে অনবদ্য প্ৰচাৰ চলোৱা হ’ব৷ সকলো সামাজিক মাধ্যমৰ মঞ্চতে এপৰ প্ৰমোশ্যন, ৰিল ট্ৰেণ্ডিং আৰু প্ৰভাৱশালী ব্যক্তিৰ জৰিয়তে সঠিক দৰ্শকৰ কাষ চপা হ’ব৷ নিমা আৰু কাজলৰ নতুন সদস্যসকলক কালাৰ্ছ পৰিয়ালে ভাৰ্ছুৱেলী আদৰণি জনাব৷ সংগ্ৰামৰ অনুপ্ৰেৰণাদায়ক কাহিনীৰ সৈতে সংযোজিত কৰি ভাৰতী সিং আৰু ধৰ্মেশ য়েলাণ্ডেৰ দৰে কলা-কুশলীয়ে নিজৰ যাত্ৰাৰ বিষয়েও বৰ্ণনা কৰিব৷

No comments