আৰ্চাৰী খেলুৱৈ আছমিনা বেগম ডিব্ৰুগড়ঃ ৰাষ্ট্ৰীয় পৰ্যায়ৰ আৰ্চাৰী খেলুৱৈ আছমিনা বেগম জটিল ৰোগত আক্ৰান্ত। প্ৰয়োজন আপোনাৰ সহায়ৰ ডিব্ৰুগড়ৰ টেঙাখ...
![]() |
আৰ্চাৰী খেলুৱৈ আছমিনা বেগম |
ডিব্ৰুগড়ঃ ৰাষ্ট্ৰীয় পৰ্যায়ৰ আৰ্চাৰী খেলুৱৈ আছমিনা বেগম জটিল ৰোগত আক্ৰান্ত। প্ৰয়োজন আপোনাৰ সহায়ৰ ডিব্ৰুগড়ৰ টেঙাখাট নিবাসী ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ আৰ্চাৰী খেলুৱৈ আছমিনা বেগমে এক জটিল ৰোগত আক্ৰান্ত হৈ শয্যাশায়ী হৈ আছে।
ডিব্ৰুগড়ৰ টেঙাখাট নিবাসী লতিফ হুছেইনৰ কন্যা আছমিনা বেগমে এক জটিল দুৰাৰোগ্য ৰোগত আক্ৰান্ত হোৱাত চিকিৎসকে তেওঁক অসমৰ বাহিৰত চিকিৎসা কৰাবলৈ পৰামৰ্শ আগবঢ়াইছে। এই জটিল ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ তেওঁৰ কিছু শকত অৰ্থৰ প্ৰয়োজন ।
আছমিনাই ইতিমধ্যে ৰাজ্যখনত আৰ্চাৰী খেল প্ৰদৰ্শন কৰি অনেক পদক, বঁটা সন্মান আদি লাভ কৰাৰ লগতে অসমৰ বাহিৰতো উৎকৃষ্ট আৰ্চাৰী প্ৰদৰ্শন কৰিছে।
পিতৃয়ে দিন ভিক্ষা প্ৰাণ ৰক্ষা কৰি কোনোমতে পৰিয়ালটোক পোহপাল দি আছে ।দিনৰ দিনটো শাক-চবজি, ধান চাউলৰ বস্তা এই বয়সতো মূৰত কঢ়িয়াই ট্ৰাক বাহনত উঠোৱা নমোৱা কৰে । পিতৃ মাতৃৰ লগতে চাৰিগৰাকী বাই-ভনীৰ ভিতৰত আছমিনা একেবাৰে কনিষ্ঠা কন্যা আৰু বৰ্তমানে টেঙাখাট কলেজত দ্বাদশ শ্ৰেণীত পঢ়ি আছে। স্থানীয় বিধায়কগৰাকীৰ লগতে দুই এটা অনুষ্ঠান প্ৰতিষ্ঠানে সামান্য পৰিমাণৰ অৰ্থ আগবঢ়াইছে যদিও অনেক ৰোগ পৰীক্ষা আৰু চিকিৎসালয়ত থাকিব লগীয়া হোৱা বাবে সেইখিনিয়েই যথেষ্ট নোহোৱাত দুখীয়া পৰিয়ালটিৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে। সেয়েহে এই জটিল ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ অতি সোনকালে অসমৰ বাহিৰত সোনকালে লৈ যোৱাটো অতি জৰুৰী হৈ পৰিছে।।
যোৱা এবছৰৰ পৰা এই জটিল ৰোগত আক্ৰান্ত হৈ আছে । ইতিমধ্যে তেখেতৰ চিকিৎসা সংক্ৰান্তত বহু অৰ্থৰ ব্যয় কৰা হৈছে যদিও তথাপিও শাৰীৰিক অৱস্থা দিনক দিনে সংকটময় হৈ আছে । তেওঁৰ দৰিদ্ৰ পৰিয়ালটোৱে অৰ্থৰ অভাৱত উপযুক্ত চিকিৎসাৰ পৰা বঞ্চিত হৈ আছে ।
এই জটিল ৰোগটোৰ পৰা পৰিত্ৰাণ পাবৰ বাবে আৰু শিক্ষাৰ লগতে ইমান দিনে পৰিশ্ৰম কৰি শিকা আৰ্চাৰীক যেন আগবঢ়াই পুনৰ ৰাজ্যখনলৈ সুনাম কঢ়িয়াই আনিব পাৰে তাৰ বাবে অকণমান সহায়ৰ হাত আগবঢ়াব বুলি আশাৰে বাট চাই আছে।। এই সম্ভাৱনাময় আৰ্চাৰী খেলুৱৈ গৰাকী উন্নত চিকিৎসাৰ বাবে সহায়ৰ হাত আগবঢ়াবৰ বাবে চৰকাৰৰ লগতে অনুষ্ঠান প্ৰতিষ্ঠান তথা ব্যক্তি বিশেষক কাতৰ অনুৰোধ জনাইছে লগতে এই ঠিকনাটো পৰিয়ালৰ ফালৰ পৰা দিছে।
ASMINA BEGUM
A/c = 36980068400
IFSC = SBIN0014181
SBI TENGAKHAT BRANCE
M/NO-9957061745
ডিব্ৰুগড়ৰ পৰা এম হাছিম আলী
No comments