Page Nav

HIDE

Grid

GRID_STYLE

Pages

Classic Header

{fbt_classic_header}

Header Ad

Breaking News

latest

হাইটিত ভূমিকম্পত নিহত লোকৰ সংখ্যা ২০০০লৈ বৃদ্ধি, ১.৩০ লাখ লোক ক্ষতিগ্ৰস্ত

  হাইটিত ভয়াৱহ ভূমিকম্পৰ ফলত মৃতকৰ সংখ্যা বাঢ়ি দুই হাজাৰ হৈছেগৈ৷ ১৫ আগষ্টত কেৰিবিয়ান দ্বীপৰাষ্ট্ৰ হাইটিত ৭.২ মাত্ৰাত অহা ভুমিকম্পই ব্যাপক ধ...

 

হাইটিত ভয়াৱহ ভূমিকম্পৰ ফলত মৃতকৰ সংখ্যা বাঢ়ি দুই হাজাৰ হৈছেগৈ৷ ১৫ আগষ্টত কেৰিবিয়ান দ্বীপৰাষ্ট্ৰ হাইটিত ৭.২ মাত্ৰাত অহা ভুমিকম্পই ব্যাপক ধ্বংসলীলা চলায়৷ফলত ৬০ হাজাৰৰ অধিক লোকৰ ঘৰ-দুৱাৰ বিধ্বস্ত হোৱাৰ উপৰি ৭০হাজাৰ ঘৰ-দুৱাৰ কম পৰিমাণে ক্ষতিগ্ৰস্ত হয়৷ক্ষতিগ্ৰস্তৰ তালিকাত বহু চৰকাৰী ভৱনো আছে৷
ভূমিকম্পৰ ফলত হাজাৰ লোক ঘৰবিহীন হৈ মুকলি আকাশৰ তলত আশ্ৰয় লোৱা দেখা গৈছে৷ ভুমিকম্পৰ পিছে পিছে ঘূৰ্ণীবতাহ আৰু বানে হাইটিবাসীৰ দূখ-দূৰ্দশা আৰু অধিক বৃদ্ধি কৰে৷ জানিব পৰা মতে ভুমিকম্পৰ পিছতে দেশখনত প্ৰৱল পৰিমাণে বৰষুণ নামি আহে, যাৰ ফলত বানৰ সৃষ্টি হয়৷

কিছুদিন পূৰ্বে হাইটিৰ ৰাষ্ট্ৰপতিক কোনো অজ্ঞাত দূবৃত্তই হত্যা কৰি পলাই যায়৷ ইয়াৰ পূৰ্বে ২০১০ চনত প্ৰচণ্ড ভুমিকম্পত মাৰাত্মকভাৱে ক্ষতিগ্ৰস্ত হৈছিল দেশখনৰ ৰাজধানী পোৰ্ট অৱ প্ৰিন্স৷ সেই সময়ত দেশখনত দুইলাখ লোক নিহত হোৱা বুলি সংবাদ-মাধ্যমত প্ৰকাশ৷

হাইটিৰ জনসাধাৰণে এই দূৰ্দশাৰ মাজতে আমেৰিকা আৰু মেক্সিক’ৰ পৰা সামান্য কিছু পৰিমাণে খাদ্য আৰু পানীৰ লগতে ঔষধৰ সহযোগিতা পোৱা বুলি জানিব পৰা  গৈছে৷ইয়াৰ উপৰি আমেৰিকাই কিছু উদ্ধাৰকাৰী লোকো প্ৰেৰণ কৰা বুলি সংবাদ-মাধ্যমত প্ৰকাশ৷

চাৰিওফালে কেৱল ধ্বংসস্তূপ

সাত দশমিক দুই ৰিখটাৰ স্কেল ভুমিকম্পত বহুসংখ্যক বহুমহলীয়া ভৱন খহি পৰে৷ ঘৰ-দুৱাৰ, স্কুল, কাৰ্যালয়, গিৰ্জা একোৱে থিয় হৈ থকা নাই৷ এতিয়ালৈ দেশখনত ঘটি যোৱা এইটোৱেই আটাইতকৈ অধিক মাত্ৰাৰ ভূমিকম্প৷ এই ভূমিকম্পত দেশখনৰ দক্ষিণ-পশ্চিম অঞ্চলৰ লে কাই চহৰৰ আশে-পাশে অধিক ক্ষতিগ্ৰস্ত হৈছে৷

উদ্ধাৰ কাৰ্য বাধাগ্ৰস্ত

উদ্ধাৰ কাৰ্যত বাধাৰ সৃষ্টি কৰিছে ক্ৰান্তীয় ধুমুহাই৷ কেৰিবিয়ান সাগৰত নিম্নচাপৰ ফলত লাহে লাহে শক্তি সঞ্চয় কৰি ধুমুহাৰ ৰূপ লৈছে বতাহে৷ এই ধুমুহাৰ নাম দিয়া হৈছে গ্ৰেছ৷ ইয়াৰ ফলত ২৫ ছেঃমিঃ বৃষ্টিপাতৰ আশংকা আছে৷ ইয়াৰ ফলত ক্ষতিগ্ৰস্ত এলেকাত ভূমিস্খলনৰ আশংকাও বৃদ্ধি পাইছে৷
সকলোকে আগুৱাই অহাৰ আহ্বান
বহু মানুহ মুকলি আকাশৰ তলত নিশা কটাবলগীয়া হৈছে৷ বেছিৰভাগ বহুমহলীয়া ভৱন ক্ষতিগ্ৰস্ত হোৱাৰ ফলত চৰকাৰেই পৰ্যাপ্ত সাহায্য প্ৰদান কৰিব পৰা নাই৷ হাইটিৰ চিভিল প্ৰটেক্সন এজেন্সিয়ে এটা টুইটত যিসকলৰ ভৱন ক্ষতিগ্ৰস্ত হোৱা নাই তেওঁলোকক ক্ষতিগ্ৰস্তসকলক আশ্ৰয় দিবলৈ আহ্বান জনাইছে৷
দৰিদ্ৰ ৰাষ্ট্ৰ হাইটিৰ চিকিৎসা ব্যৱস্থাও শক্তিশালী নহয়৷ বহুত চিকিৎসালয় ভাঙি পৰাত অস্থায়ী তম্বুত আঘাতপ্ৰাপ্তসকলক চিকিৎসাসেৱা আগবঢ়াই থকা হৈছে৷

No comments