নৰেন্দ্ৰ মোদী ভাৰতে টিকাকৰণ আৰম্ভ হোৱাৰ পৰা মাত্ৰ ৯ মাহত অৰ্থাৎ যোৱা ২১ অক্টোবৰত ১০০ কোটি খোৰাকৰ টিকাকৰণ সম্পূৰ্ণ কৰিলে । ২০২০ চনৰ আৰ...
নৰেন্দ্ৰ মোদী
ভাৰতে টিকাকৰণ আৰম্ভ হোৱাৰ পৰা মাত্ৰ ৯ মাহত অৰ্থাৎ যোৱা ২১ অক্টোবৰত ১০০ কোটি খোৰাকৰ টিকাকৰণ সম্পূৰ্ণ কৰিলে। ২০২০ চনৰ আৰম্ভণিতে ঘটনাবোৰ যিদৰে সংঘটিত হৈছিল সেয়া যদি আমি সোঁৱৰণ কৰো তেতিয়া দেখিম যে ক’ভিড-১৯-ৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত ই যেন এক অদ্ভুত যাত্ৰা আছিল ৷ ১০০ বছৰৰ পিছত মানৱতাই এনে এক মহামাৰীৰ সৈতে মোকাবিলা কৰি আছিল যত সকলোৱে এই ভাইৰাছটোৰ বিষয়ে অজ্ঞাত আছিল। আমাৰ মনত আছে যে পৰিস্থিতি কিমান অপ্ৰত্যাশিত হৈ পৰিছিল, কিয়নো আমি এক অজ্ঞাত আৰু অদৃশ্য শত্ৰুৰ সন্মুখীন হৈছিলো।
আজি পৰ্যন্ত কেৱল কেইখনমান দেশেহে নিজাকৈ প্ৰতিষেধক বিকশিত কৰিছে। ১৮০ খনতকৈও অধিক দেশ উৎপাদকৰ এক অত্যন্ত সীমিত পুলৰ ওপৰত নিৰ্ভৰশীল আৰু ডজন সংখ্যক ৰাষ্ট্ৰই এতিয়াও প্ৰতিষেধকৰ যোগানৰ বাবে অপেক্ষা কৰি আছে ৷ ইফালে ভাৰতে ১০০ কোটিৰ খোৰাকৰ সংখ্যা অতিক্ৰম কৰিছে! কল্পনা কৰক যদি ভাৰতৰ নিজা প্ৰতিষেধক নাথাকিলহেঁতেন তেন্তে কি হ'লহেঁতেন। ভাৰতে ইমান সংখ্যক বৃহৎ জনতাৰ বাবে পৰ্যাপ্ত প্ৰতিষেধক কেনেকৈ লাভ কৰিলেহেঁতেন আৰু কিমান বছৰৰ প্ৰয়োজন হ’লহেঁতেন? এই খিনিতেই ভাৰতীয় বিজ্ঞানী আৰু উদ্যোগীসকলক ইয়াৰ কৃতিত্ব প্ৰদান কৰা উচিত। তেওঁলোকৰ প্ৰতিভা আৰু কঠোৰ পৰিশ্ৰমৰ বাবেই প্ৰতিষেধক বিকাশৰ ক্ষেত্ৰত ভাৰত সঁচাকৈয়ে আত্মনিৰ্ভৰশীল হৈ উঠিছে । ইমান বৃহৎ জনসংখ্যাৰ চাহিদা পূৰণ কৰিবলৈ, আমাৰ প্ৰতিষেধক নিৰ্মাতাসকলে দেখুৱাইছে যে তেওঁলোক কোনোগুণে কম নহয় ৷
যিখন দেশত চৰকাৰক উন্নয়নৰ বাধা হিচাপে জনা গৈছিল
সেইখন দেশত আমাৰ চৰকাৰ প্ৰগতিৰ সাধক হৈ আহিছে। চৰকাৰে প্ৰথম দিনৰ পৰাই প্ৰতিষেধক নিৰ্মাতাসকলৰ সৈতে
অংশীদাৰীত্ব স্থাপন কৰিছিল আৰু তেওঁলোকক প্ৰতিষ্ঠানগত সমৰ্থন, বৈজ্ঞানিক গৱেষণা, পুঁজি, লগতে ত্বৰান্বিত নিয়ামক প্ৰক্ৰিয়া হিচাপে সমৰ্থন
প্ৰদান কৰিছিল। চৰকাৰৰ সকলো মন্ত্ৰালয় প্ৰতিষেধক নিৰ্মাতাসকলৰ সুবিধাৰ
বাবে ঐক্যৱদ্ধ হৈছিল আৰু আমাৰ 'সমগ্ৰ চৰকাৰ' দৃষ্টিভংগীৰ ফলস্বৰূপে যিকোনো বাধা আঁতৰ
হৈছিল।
ভাৰতৰ দৰে এখন দেশত পৰিমাপক হিচাপত কেৱল উৎপাদন কৰাই
যথেষ্ট নহয়। শেষৰজন লোকলৈ ইয়াৰ বিতৰণ আৰু সুদৃঢ় লজিষ্টিকৰ ওপৰতো
গুৰুত্ব দিয়া উচিত। বিদ্যমান প্ৰত্যাহ্বানবোৰ বুজিবলৈ, প্ৰতিষেধকৰ এটা বটলৰ যাত্ৰাটো কল্পনা
কৰক। বটলটো পুণে বা হায়দৰাবাদৰ প্ৰকল্পৰ পৰা যিকোনো ৰাজ্যৰ
কেন্দ্ৰলৈ প্ৰেৰণ কৰা হয় য'ৰ পৰা ইয়াক জিলা কেন্দ্ৰলৈ পৰিবহণ কৰা হয়। তাৰ পৰা ই টিকাকৰণ কেন্দ্ৰত উপস্থিত হয়। এই যাত্ৰাত বিমান আৰু ৰেলৰ হাজাৰ হাজাৰ ভ্ৰমণ অন্তৰ্ভুক্ত আছে। এই সমগ্ৰ যাত্ৰাৰ সময়ত, তাপমাত্ৰা এক নিৰ্দিষ্ট পৰিসৰত বজাই ৰাখিব লাগিব যাক কেন্দ্ৰীয়ভাৱে নিৰীক্ষণ
কৰা হয়। এই উদ্দেশ্যৰ বাবে ১ লাখতকৈও অধিক শীতল শৃংখলা সঁজুলি
ব্যৱহাৰ কৰা হৈছিল। ৰাজ্যসমূহক প্ৰতিষেধকৰ বিতৰণ কাৰ্যসূচীৰ আগতীয়াকৈ
জাননী দিয়া হৈছিল যাতে তেওঁলোকে তেওঁলোকৰ অভিযানটোৰ এক সুন্দৰ পৰিকল্পনা কৰিব পাৰে
আৰু প্ৰতিষেধকবোৰ যাতে পূৰ্ব নিৰ্ধাৰিত দিনৰ ভিতৰত তেওঁলোকৰ ওচৰলৈ উপস্থিত হয়। স্বাধীন ভাৰতৰ ইতিহাসত এইটো এক অভূতপূৰ্ব প্ৰচেষ্টা।
এই সমগ্ৰ প্ৰয়াসত কো-উইনৰ এক শক্তিশালী কাৰিকৰী মঞ্চই
সহায় কৰিছিল। ই নিশ্চিত কৰিছিল যে প্ৰতিষেধকৰ অভিযানটো ন্যায়সংগত, পৰিমাপযোগ্য, অনুসৰণযোগ্য আৰু স্বচ্ছ হোৱাটো। এইটোৱে নিশ্চিত কৰিছিল যে ইয়াত পক্ষপাতিত্ব বা শাৰীৰ মাজৰ পৰা থপিয়াই অনাৰ
কোনো অৱকাশ নাছিল। ই লগতে নিশ্চিত কৰিছিল যে এজন দৰিদ্ৰ শ্ৰমিকে প্ৰয়োজনীয়
সময়ৰ ব্যৱধানৰ অন্তত তেওঁৰ গাঁৱত প্ৰথম পালি আৰু তেওঁ কাম কৰা চহৰত একেটা প্ৰতিষেধকৰ
দ্বিতীয় পালি যাতে গ্ৰহণ কৰিব পাৰে। স্বচ্ছতা
বৃদ্ধি কৰাৰ বাবে বাস্তৱিক-সময়ৰ ডেশ্বব'ৰ্ডৰ উপৰিও, কিউআৰ-কোডযুক্ত প্ৰমাণপত্ৰই প্ৰমাণীকৰণ নিশ্চিত কৰিছে। কেৱল ভাৰততে নহয় বিশ্বতো এনে ধৰণৰ প্ৰচেষ্টাৰ আন কোনো উদাহৰণ নাই।
২০১৫ চনত স্বাধীনতা দিৱসৰ সময়ত মোৰ ভাষণত মই কৈছিলো
যে 'টীম ইণ্ডিয়া'ৰ বাবে আমাৰ দেশ আগবাঢ়িব ধৰিছে আৰু এই 'টীম ইণ্ডিয়া'
আমাৰ ১৩০ কোটি জনতাৰ এক বৃহৎ দল। জনসাধাৰণৰ অংশগ্ৰহণ হৈছে গণতন্ত্ৰৰ আটাইতকৈ ডাঙৰ শক্তি। যদি আমি ১৩০ কোটি ভাৰতীয়ৰ অংশগ্ৰহণেৰে দেশখন পৰিচালনা কৰো তেন্তে আমাৰ দেশে
প্ৰতি মুহূৰ্ততে ১৩০ কোটি খোজ আগুৱাব পাৰিব। আমাৰ টিকাকৰণ
অভিযানে আকৌ এবাৰ এই 'টীম ইণ্ডিয়া'ৰ শক্তি প্ৰদৰ্শন কৰিছে। টিকাকৰণ অভিযানত ভাৰতৰ সফলতাই সমগ্ৰ বিশ্বক দেখুৱাইছে যে 'গণতন্ত্ৰই ৰক্ষা কৰিব পাৰে'।
মই আশা কৰোঁ যে বিশ্বৰ সৰ্ববৃহৎ টিকাকৰণ অভিযানত
অৰ্জন কৰা সফলতাই আমাৰ যুৱসমাজ, আমাৰ উদ্ভাৱক আৰু সকলো পৰ্যায়ৰ চৰকাৰক লোকসেৱা প্ৰদানৰ নতুন মানদণ্ড নিৰ্ধাৰণ
কৰিবলৈ অনুপ্ৰাণিত কৰিব যি কেৱল আমাৰ দেশৰ বাবেই নহয়, বিশ্বৰ
বাবেও এক আৰ্হি হ'ব।
(লেখক ভাৰতৰ প্ৰধানমন্ত্ৰী)
No comments