এটা সপোণে অংকুৰণ হ’বলৈ নেপাওতেই এজাক প্ৰচণ্ড ধুমুহাই কোবাই গৈছিল৷ অংকুৰিত হ’বলৈ ধৰা বীজৰ চিন-মোকাম নোহোৱা হোৱাৰ উপক্ৰম হৈছিল৷ কিন্তু হাৰ ম...
এটা সপোণে অংকুৰণ হ’বলৈ নেপাওতেই এজাক প্ৰচণ্ড ধুমুহাই কোবাই গৈছিল৷ অংকুৰিত হ’বলৈ ধৰা বীজৰ চিন-মোকাম নোহোৱা হোৱাৰ উপক্ৰম হৈছিল৷ কিন্তু হাৰ মনা নাছিলো৷ গভীৰ নিশা বিছনাত ইকাতি-সিকাতি কৰাৰ পৰত মনত সেই বীজটোৱে আমনি কৰিছিল৷ বিচাৰি গৈছিলো৷ বিশাল সাগৰত পৰি ধৰিবলৈ খেৰকুটা এটা নাপাই যি অৱস্থা হৈছিল মই আৰু মোৰ সহকৰ্মীয়ে বৰ্ণাব নোৱাৰা হৈছিল৷ সহধৰ্মীনীয়ে যোগোৱা সাহসত প্ৰাণ পাই উঠিছিলো৷ সহকৰ্মীৰ মনত দেখা পোৱা হতাশাই মোক আৰু বিচলিত কৰিছিল৷ নতুন উদ্যম আৰু কিবা এটা কৰাৰ মানসেৰে আগবাঢ়িছিলো৷ লাহে লাহে ঠন ধৰি উঠিছিল৷ পুনৰ কৰোনা মহামাৰীয়ে আমাৰ ৰাজহাড়তে আক্ৰমণ কৰিলে৷ পুনৰ হতাশা, দুঃস্বপ্নই ছানি ধৰিলে৷ কিন্তু হাৰ মনা নাছিলো৷ পুনৰ সাহস বান্ধিলো৷ এজন-দুজনকৈ সংখ্যা বৃদ্ধি পাবলৈ ধৰিলে৷ এইবাৰ ভূতৰ ওপৰত দানহ পৰাদি কুৎসা ৰটনা আৰম্ভ হ’ল৷ পূৰ্বৰ বহু সহকৰ্মীয়ে মুকলিকৈ আমাৰ বদনামত হাত উজান দিলে৷ কিন্তু আমি সীহৰ বেৰৰ দৰে অটল থাকিলো৷ আমাৰ সামান্যতমো লৰাব নোৱাৰিলে৷ ঈশ্বৰৰ কৃপা৷ আজি ফলে ফুলে জাতিস্কাৰ জ্ঞানোদয় একাডেমী৷ যিসকলে ধুমুহাহৈ আহিছিল আপোনালোকক ধন্যবাদ৷ যিসকলে সীমাহীন সাহস যোগালে আপোনালোকলৈ মোৰ হৃদয়ৰ পৰা আন্তৰিক অভিনন্দন জনাইছো৷
From the left Robiul Awal, Anju Begum, Mousina Akhtar, Guest Shaheen Akhtar, Safiul Islam, Suhana Islam, Zeenatara Ahmed, Halida Begum, Sumiya Akhtar, Shehnaz Barbhuiya |
জ্ঞানোদয় একাডেমীত শিশু দিৱস পালন কৰিলো৷ এয়া আমাৰ প্ৰথম প্ৰয়াস৷ আমাৰ এই প্ৰথম প্ৰয়াসত অতিথি হিচাপে আমাক কৃতাৰ্থ কৰিলে #Shaheen Akhtar ৷ ছাহিন আখতাৰ আহিব বুলি ভৱা নাছিলো৷ কিন্তু মই তেওঁৰ চকুত আমাৰ অনুষ্ঠানৰ বাবে সাংঘাতিক আগ্ৰহ আৰু উৎসাহ দেখিছিলো৷ মোৰ সহকৰ্মীসকল বৰ অনুপ্ৰাণিত হ’ল৷ ছাত্ৰ-ছাত্ৰীয়ে নুতন প্ৰজন্মৰ এগৰাকী কবি, গল্পকাৰ, লেখকৰ সৈতে পৰিচিত হ’ল৷ ছাহিন আখতাৰে আমাৰ অনুষ্ঠান সন্দৰ্ভত সামাজিক মাধ্যম ফেচবুকত লিখিছে এইদৰে—
REAL HAPPINESS COMES FROM THE SIMPLE THINGS IN LIFE.
November 13, 2021I feel really blessed to be a part of such a big family and create a bond with soulful people who carry pure hearts.In Sir's words - Children should be nurtured in such a way that, their inborn talents pour out through them and that is what they should strive to become in life. This is the very thought that I live for.I am so thankful to God for everything He has always blessed me with and today, I put forward my most sincere gratitude and respect to Safiul Islam Sir, the Editor of GANA ADHIKAR and also to REACH TO TEACH FOUNDATION and GYANUDAY ACADEMY who have given me this beautiful oppurtunity to voice my opinion about :1) The Importance Of The English Language In The Present Times, and2) How Poetry In The English Language Can Prove To Be An Apt Medium To Express Our Thoughts.I am immensely thankful to you Sir for giving me the recognition of what I love doing and giving me wings to my passion.
Extreamly Left Aminul Islam Bulbul sitting |
Caesars Casino Review (2021) - Get $10 Free with No Deposit
ReplyDeleteCaesars Casino goyangfc.com Review · 1. Claim your $10 free bonus and jancasino receive up to $20 in casino credits (30 Free Spins) · 2. Play Slots 1등 사이트 at Caesars https://septcasino.com/review/merit-casino/ Casino.