Page Nav

HIDE

Grid

GRID_STYLE

Pages

Classic Header

{fbt_classic_header}

Header Ad

Breaking News

latest

অসমত মাহজাতীয় শস্যৰ উৎপাদন বৃদ্ধিৰ ৰণনীতি

ড০ হেমেন কলিতা মাহজাতীয় শস্য যেনে মাটি মাহ, মগুমাহ, মটৰ  মাহ, মচুৰ মাহ, বুটমাহ, খেচাৰি মাহ, ৰাজমাহ আদিৰ গুৰুত্ব মানুহ আৰু মাটিৰ স্বাস্থ্যৰ ক...

ড০ হেমেন কলিতা

মাহজাতীয় শস্য যেনে মাটি মাহ, মগুমাহ, মটৰ  মাহ, মচুৰ মাহ, বুটমাহ, খেচাৰি মাহ, ৰাজমাহ আদিৰ গুৰুত্ব মানুহ আৰু মাটিৰ স্বাস্থ্যৰ ক্ষেত্ৰত অপৰিসীম। বৰ্তমান সময়ত এই বিষয়ত বহলাই আলচ কৰাৰ হয়তো প্ৰয়োজন নাই। আমাৰ ৰাজ্যত মুঠ ১.৪৪ লাখ হেক্টৰ কৃষিভূমিত এই খেতি কৰা হয় আৰু ১.০৬ লাখ টন উৎপাদন পোৱা যায় (২০১৯-২০)। প্ৰতি হেক্টৰে গড় উৎপাদন ৭৪০ কিলোগ্ৰাম। বহু বছৰৰ পৰা মাহজাতীয় শস্যৰ অধীনৰ মাটিকালি ১.৪ৰ পৰা ১.৫ লাখ হেক্টৰৰ ভিতৰতেই সীমাবদ্ধ হৈ আছে। ইয়াৰ কাৰণবোৰ পুংখানুপুংখভাৱে ফঁহিয়াই চাবৰ সময় নিশ্চয় এতিয়াও উকলি যোৱা নাই আৰু সেইটো কৰিলেহে মাহজাতীয় শস্যৰ মাটিকালি আৰু উৎপাদন বৃদ্ধিৰ বাট দৃষ্টিগোচৰ হ’ব। কিন্তু তাৰ আগতে অসমৰ কৃষিৰ বিষয়ে সম্যক ধাৰণা এটি ল’ব পাৰিলে নিশ্চয় ভাল হ’ব।

অসমৰ মুঠ কৃষি উপযোগী মাটিকালি ২৭.২৩ লাখ হেক্টৰ। ইয়াৰে প্ৰায় ৫০ শতাংশ মাটিত বছৰটোৰ ভিতৰত একাধিক শস্যৰ খেতি কৰা হয়। বাকী মাটি ছন পৰি থকা দেখা যায়। এই ২৭.২৩ লাখ হেক্টৰ কৃষিভূমিৰ ভিতৰত আহু আৰু শালি ধানৰ খেতি মুঠ ২০ লাখ হেক্টৰত কৰা হয়। অৰ্থাৎ খাৰিফ শস্যৰ বতৰত বাকী ৰ’ল ৭.২৩ লাখ হেক্টৰ। এই ৭.২৩ লাখ হেক্টৰ মাটিত আনবোৰ শস্য যেনে মাহজাতীয়, তৈল শস্য, উদ্যান শস্য (শাক-পাচলি, ফল-মূল আৰু মছলাজাতীয় শস্য) আদি শস্যৰ খেতি কৰা হয়। ইয়াৰে ৬.৬ লাখ হেক্টৰ মাটিত উদ্যান শস্যৰ খেতি আছে। আৰু উদ্যান শস্যৰ খেতি কৰা মাটিত বছৰটোৰ কোনো এটা সময়তে আন শস্যৰ খেতি কৰা নহয় বুলি ক’লেও ভুল কোৱা নহ’ব হ’বলা। অৱশ্যে ধান খেতিৰ আগত বা পিছত কিছু পৰিমাণে শাক-পাচলিৰ খেতি কৰা হয়। ধানৰ মাটিত কৰা শাক-পাচলিৰ মাটিকালি যদি এক লাখ হেক্টৰ বুলি ধৰা হয়, তেতিয়া শুদ্ধ উদ্যান শস্যৰ মাটিকালি হয়গৈ ৫.৬ লাখ হেক্টৰ। অৰ্থাৎ খাৰিফ শস্যৰ বতৰত মাহজাতীয়, তৈল শস্য আদিৰ বাবে মাটি ৰ’লগৈ ১.৬৩ লাখ হেক্টৰ। ইয়াৰে ০.৭৫ লাখ হেক্টৰত অকল মাহজাতীয় শস্য যেনে মাটিমাহ, মগুমাহ আৰু ৰহৰ মাহৰ খেতি কৰা হয়। শতাংশ হিচাবত ৪৬ণ। ই খাৰিফ মাহজাতীয় শস্যৰ কাৰণে সন্তোষজনক পৰিসংখ্যা। তৎসত্ত্বেও বিশেষকৈ মাটিমাহ আৰু মগুমাহৰ অধীনৰ মাটিকালি বঢ়োৱাৰ সম্ভাৱনা সুদূৰপৰাহত নহয়।

২০-২৫ বছৰ আগতে আমাৰ ৰাজ্যত মাহজাতীয় শস্যৰ খেতি তেনেই সীমিত আছিল। তেতিয়া মাটিকালি বঢ়োৱাৰ প্ৰতিবন্ধকতাসমূহ বহুলভাৱে আলোচিতও হৈছিল। ইবোৰৰ ভিতৰত মাটিৰ আম্লিক গুণ, অধিক বৰষুণ, উন্নত জাত তথা বীজৰ অভাৱ, অপতৃণৰ প্ৰকোপ, পোক-পৰুৱা আৰু ৰোগৰ আক্ৰমণ আদি বিভিন্ন কাৰক চিহ্নিত কৰা হৈছিল।

কিন্তু বৰ্তমান সময়তো এইসমূহ প্ৰতিবন্ধকতা হৈয়েই আছেনে? অন্য দৃষ্টিৰে চালে আমি গম পাম যে মাটি যদিও আমিলক মাহজাতীয় শস্যৰ খেতি কিন্তু ঠিকেই হৈ আছে। অসমখন ঘূৰিলে এনেকুৱা বহুত কৃষক ওলাব, যিয়ে চূণশিল প্ৰয়োগ নকৰাকৈয়ে প্ৰতি বিঘাত ১.৫ কুইণ্টলমান উৎপাদন কৰি আছে। আৰু গড় উৎপাদনলৈ লক্ষ্য কৰিলেও দেখা পাওঁ যে অসমৰ গড় উৎপাদন সৰ্বভাৰতীয় গড় উৎপাদন (৮৪৯ কিলোগ্ৰাম প্ৰতি হেক্টৰ)ৰ তুলনাত বৰ বেছি কম নহয়। ইয়াৰ পৰা ইয়াকে হয়তো বুজায় যে মাটিৰ আম্লিকতা মাহজাতীয় শস্যৰ প্ৰসাৰতাৰ মূল অন্তৰায় এতিয়া আৰু হৈ থকা নাই। অৱশ্যে উপযুক্ত পৰিমাণে চূণশিল প্ৰয়োগ কৰি অধিক আম্লিক মাটিতো উৎপাদন বঢ়াব পৰাৰ থল নোহোৱা নহয়। অসমখন আমাৰ দেশৰ অধিক বৃষ্টিপাত হোৱা অঞ্চলৰ অন্তৰ্গত। ইয়ে মাহজাতীয় শস্যৰ প্ৰসাৰতাৰ ক্ষেত্ৰত বিৰূপ প্ৰভাৱ পেলায়নে? এই প্ৰসংগত খাৰিফ বা বৰ্ষকালীন প্ৰধান মাহজাতীয় শস্য মাটিমাহ আৰু মগুমাহৰ কথা আলোচনা কৰোঁহক। কোনো কোনো বছৰত আগষ্ট মাহৰ পৰা ছেপ্টেম্বৰলৈ অধিক বৰষুণ হোৱাৰ ফলত সিঁচাৰ সময় পাৰ হৈ যায়। কিন্তু তাৰ মাজতো সতৰ্ক হৈ থাকিলে বীজ সিঁচা কাৰ্য সমাপণ কৰিব পাৰি। অতিৰিক্ত  পানীভাগৰ সঠিক নিষ্কাশন ব্যৱস্থাই এই কাৰ্য সহজ কৰি তোলে। মাটিমাহৰ বৰ্তমান সময়ত উপলব্ধ সৰহসংখ্যক জাতৰেই ক্ষেত্ৰত সচৰাচৰ দেখা পোৱা সমস্যাটো হ’ল ওপৰৰ ছেঁইবোৰ সম্পূৰ্ণ পূৰণ হোৱালৈ অপেক্ষা কৰিলে তলৰ অংশৰ ছেঁইবোৰ বৃষ্টিপাত হৈ থাকিলে পচিবলৈ ধৰে। কোনো ক্ষেত্ৰত লতা বগোৱাও দেখা যায়। এই সমস্যাৰ পৰা হাত সাৰিবলৈ হ’লে আমাৰ কৃষকসকলে অসমৰ জলবায়ুৰ লগত খাপখোৱা ঊধৰ্বমুখী জাত পাব লাগিব আৰু নিৰ্দিষ্ট জাতৰ গুণসম্পন্ন বীজ উপযুক্ত সময়ত সিঁচিব লাগিব। এনেকুৱা জাত তেওঁলোকে সহজে আঁকোৱালি ল’ব আৰু মাটিমাহৰ মাটিকালি তথা উৎপাদনো নিশ্চয় বাঢ়িব। কিছুমান কৃষকে মগুমাহৰ খেতি কৰিবলৈ সংকোচ কৰে। কাৰণ, অন্ততঃ দুবাৰ ছেঁই নহয়। সেয়েহে তেওঁলোকে মগুতকৈ মাটিমাহৰ খেতি পচন্দ কৰে। যদিহে মগুমাহৰ এনেকুৱা জাত উদ্ভাৱন কৰিব পৰা যায়, যাৰ একে সময়তে সকলো ছেঁই পূৰঠ হয় আৰু আমাৰ জলবায়ুৰ লগতো খাপ খাই পৰে, তেতিয়াহ’লে কৃষকসকলৰ নিশ্চয় কোনো  আপত্তি নাথাকিব। মগুমাহৰ মাটিকালি আশাতীতভাৱে বাঢ়ি যোৱাৰ সম্ভাৱনা তাতেই অন্তনিৰ্হিত হৈ আছে।

গ্ৰীষ্মকালীন বা বৰ্ষাকালীন মাটিমাহ আৰু মগুমাহৰ খেতিডৰাত বৰষুণৰ পানী জমা হোৱাৰ ফলত মৰি যোৱাও দেখা যায়? এয়া বৰষুণৰ পানীৰ দোষ নে আমাৰ ক’ৰবাত ত্ৰুটি আছে ? ভাৰতবৰ্ষৰ অধিক বৰষুণ হোৱা অঞ্চলৰ সৰহভাগতেই ধীপ বনাই এই শস্যবোৰ সিঁচে। এইক্ষেত্ৰত Îট্ৰক্টৰচালিত এবিধ সঁজুলি ‘বেড প্লেণ্টাৰ’ (Bed Planter) ব্যৱহৃত হয়। দুটা ধীপৰ মাজত সৃষ্ট নলাৰে অতিৰিক্ত বৰষুণৰ পানীভাগ নিষ্কাশি¸ত হয় আৰু শস্যৰ কোনো ক্ষতি নহয়। এনেকুৱা কৃষি যান্ত্ৰিকীকৰণ নিশ্চিত কৰিলে কৃষকসকল নিশ্চয় উপকৃত হ’ব আৰু মাহজাতীয় শস্যৰ মাটিকালি আৰু উৎপাদনো বঢ়াত যথেষ্ট অৰিহণা যোগাব।

ৰবিশস্যৰ বতৰত মুঠ ২৭.২৩ লাখ হেক্টৰ কৃষিভূমিৰ পৰা উদ্যান শস্যৰ মাটিকালি (৬.৬ লাখ হেক্টৰ) আৰু বৰোধানৰ মাটিকালি (৪ লাখ হেক্টৰ) বিয়োগ কৰিলে থাকিব ১৬.৬৩ লাখ হেক্টৰ। মুঠ শালি ধানৰ মাটি (১৮.৮ লাখ হেক্টৰ)ৰ প্ৰায় ১১ লাখ হেক্টৰ ৰবি শস্যৰ বতৰত ছন পৰি থাকে। এতিয়া ৰবিৰ বতৰত মাহজাতীয় (মটৰ, মচুৰ, খেচাৰি, ৰাজমাহ, বুট আদি), তৈল (সৰিয়হ) শস্য আদিৰ বাবে মাটি ৰ’লগৈ ৫.৬৩ লাখ হেক্টৰ। ইয়াৰে প্ৰায় ০.৭ লাখ হেক্টৰ মাহজাতীয় শস্য আৰু ২.৮৭ লাখ  হেক্টৰত সৰিয়হৰ খেতি কৰা হয়। এইটো শস্যৰ বতৰত মাহজাতীয় শস্যৰ মাটিকালি বঢ়োৱাৰ সম্ভাৱনা প্ৰচুৰ। শালিধানৰ ছন পৰি থকা মাটি ভাগৰ প্ৰায় ৬.৫ লাখ হেক্টৰ মধ্যমীয়া দ পলসুৱা মাটি। এই মাটি মাহজাতীয়  শস্যৰ বাবে উপযুক্ত। শালি ধানৰ পথাৰত মটৰ, মচুৰ আৰু  খেচাৰি মাহৰ খেতি অনায়াসে কৰিব পৰা যায়। ধান ফুলাৰ ১৫ দিন মানৰ পাছত মাটি জীপাল হৈ থকা অৱস্থাত মাহৰ বীজ সিঁচি দিব লাগে। এই পদ্ধতিকে লেথাৰি নিছিগা খেতি বা Relay Cropping বুলি জনা যায়। এইক্ষেত্ৰত বিঘাই প্ৰতি মচুৰৰ বীজ ৬ কিলো, মটৰৰ (ওখ জাত) বীজ ১০-১২ কিলো তথা খেচাৰি  মাহৰ বীজ ৮ কিলো সিঁচিব লাগে। ধান কটাৰ সময়ত লক্ষ্য ৰাখিব লাগে যাতে মচুৰৰ খেতিডৰাত ধানৰ নৰাৰ উচ্চতা এফুটৰ অধিক নহয়। আন দুটা শস্যৰ ক্ষেত্ৰত তেনে কোনো বাধ্যবাধকতা নাই; কাৰণ, ইহঁতে নৰাত বগাই ওপৰলৈ উঠি যায়।

মাহজাতীয় শস্যৰ ভিতৰত খেচাৰি মাহৰ মাটিকালি তেনেই সীমিত। কিন্তু ১৯৬৯ চনৰ আগৰ সময়ছোৱাত বিশেষকৈ নামনি অসমত এই শস্যৰ খেতিৰে পথাৰ ভৰি  আছিল। সেই সময়ত খেচাৰি মাহ সকলোৱে যথেষ্ট পৰিমাণে খাইছিল। কিন্তু ইয়াৰ গুটিত থকা ‘ODAP’ নামৰ এবিধ ৰসায়নিক দ্ৰব্যৰ ক্ৰিয়াৰ ফলত মানুহৰ ‘Lathyrism’ নামৰ এবিধ ৰোগ হ’বলৈ ধৰে। ফলস্বৰূপে কালক্ৰমত এই খেতি অন্তৰ্ধান হ’বৰ উপক্ৰম হয়। এই শস্যৰ গুটিত ‘ODAP’ৰ পৰিমাণ যদি ০.১ণৰ কম বা আশে-পাশে থাকে ই খাদ্যৰ যোগ্য¸। ইয়াৰ পৰা কোনো অনিষ্ট নহয়। ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠান, নতুন দিল্লীয়ে ১৯৯৭ চনত ‘ৰতন’ নামৰ এটি কম ‘ODAP’ থকা জাত উদ্ভাৱন কৰে। ৰায়পুৰত অৱস্থিত ইন্দিৰা গান্ধী কৃষি বিশ্ববিদ্যালয়ে ২০০৬ চনত ‘প্ৰতীক’ আৰু ২০০৮ চনত ‘মহাতিওৰা’ নামৰ আন দুটা জাত উদ্ভাৱন কৰে। এই জাতবোৰ ধানৰ লগত ৰিলে’ শস্য হিচাবে বৰ ভাল হয়। যদিহে এই জাতবিলাকৰ বীজ উপলব্ধ কৰিব পৰা যায় নিশ্চয় আমাৰ শৈশৱৰ অভিজ্ঞতাৰে দুচকুত ভাহি থকা বিশাল খেচাৰি মাহৰ দৃষ্টিনন্দন পথাৰবোৰ আকৌ দৃষ্টিগোচৰ হ’ব। ইয়াৰ বাবে প্ৰয়োজন হ’ব সঠিক পৰিকল্পনা আৰু কৃষ্টি সম্প্ৰসাৰণত বিচক্ষণতা। লগতে প্ৰয়োজন হ’ব বীজ উৎপাদনত স্বাৱলম্বিতাৰ দিশে ধাৱমান হোৱাৰ, কৃষকসকলৰ ব্যৱসায়িক মানসিকতা আৰু উন্নত কৃষি পদ্ধতিৰ গ্ৰহণযোগ্যতা বৃদ্ধি কৰাৰ।

প্ৰধান বিজ্ঞানী, আঞ্চলিক কৃষি গৱেষণা কেন্দ্ৰ, চিলঙনী, নগাঁও, অসম
ফোন ঃ ৯৮৫৯৫-৩১৩৯৯

No comments