ছুইডিছ ন’বেল কমিটীৰ স্থায়ী সচিব মেটচ মেলমে যেতিয়া টেলিফোনযোগে তেওঁক ২০২১ চনৰ সাহিত্যৰ ন’বেল বিজয়ী হিচাপে নিৰ্বাচিত হোৱাৰ সুখকৰ সংবাদটো দিছিল...
ছুইডিছ ন’বেল কমিটীৰ স্থায়ী সচিব মেটচ মেলমে যেতিয়া টেলিফোনযোগে তেওঁক ২০২১ চনৰ সাহিত্যৰ ন’বেল বিজয়ী হিচাপে নিৰ্বাচিত হোৱাৰ সুখকৰ সংবাদটো দিছিল, তেতিয়া তেওঁ বিশ্বাসেই কৰিব পৰা নাছিল। প্ৰথমে তেওঁ কোনোবাই তেৱৰ লগত ধেমালি কৰা বুলি ভাৱিছিল। যিয়েই নহওক এগৰাকী লেখকৰ বাবে ন’বেল পোৱাটো এটা ডাঙৰ উপলব্ধি, প্ৰাপ্তি আৰু অৰ্জন। এই ডাঙৰ উপলব্ধি অৰ্জন কৰা ব্যক্তিগৰাকী আন কোনো নহয় আব্দুলৰেজাক গুৰনাহ । এগৰাকী অধ্যাপক । এগৰাকী কৃষ্ণাংগ লেখক । এগৰাকী ভুক্তভোগী । সাম্প্ৰদায়িক সংঘৰ্ষৰ বলি । ন’বেল কমিটীৰ ভাষাত গুৰনাহৰ উপন্যাসৰ বৰ্ণনা আৰু কাহিনী বিন্যাসত আছে নিজস্ব ধাৰা আৰু স্বকীয়তা।
ঔপনিৱেশিক অনুপ্ৰৱেশৰ বিৰুদ্ধে আপোচহীন সংগ্ৰাম আৰু মহাদেশীয় পৰিসৰত উদ্বাস্তু মানুহৰ কণ্ঠস্বৰক সাহসেৰে তুলি ধৰাৰ বাবে আব্দুলৰেজাক গুৰনাহে লাভ কৰে সাহিত্যৰ ন’বেল পুৰস্কাৰ । গুৰনাহে দহখন উপন্যাস আৰু দুটা মাত্ৰ চুটি গল্পৰ পুথি লিখিয়েই ন’বেল বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। বিশ্বজুৰি লাখ লাখ মানুহৰ হৃদয়ক স্পৰ্শ কৰা আব্দুলৰেজাক গুৰনাহ এগৰাকী তাঞ্জানিয়ান ঔপন্যাসিক। ঔপনিৱেশিককালিন নৃশংসতা সম্পৰ্কে শক্তিশালী অভিব্যক্তি প্ৰকাশ কৰিছিল আব্দুলৰেজাক গুৰনাহে। আব্দুলৰেজাক গুৰনাহৰ লেখা আফ্ৰিকাৰ স্থানচ্যুত, হিংস্ৰতা আৰু সমসাময়িক অৱস্থাৰ চিত্ৰ দাঙি ধৰে। ন্যায়বিচাৰৰ বাবে তেওঁ এগৰাকী অনন্য কণ্ঠ । গুৰনাহ এগৰাকী শিক্ষক হিচাপে, কেণ্টৰ প্ৰাক্তন ছাত্ৰ আৰু উত্তৰ উপনিৱেশিক সাহিত্যত এগৰাকী শক্তিশালী কণ্ঠস্বৰ হিচাপে সকলোৰে বাবে অনুপ্ৰেৰণা ।
আব্দুলৰেজাক গুৰনাহৰ জন্ম হৈছিল ১৯৪৮ চনৰ ২০ ডিচেম্বৰত পূৰ্বৰ আফ্ৰিকাৰ জাঞ্জিবাৰৰ দ্বীপত, বৰ্তমান তাঞ্জানিয়াত। ১৯৬৩ চনত বৃটিছ সাম্ৰাজ্যবাদৰ পৰা দেশখন মুক্ত হোৱাৰ পিছত আৰব বংশোদ্ভৱসকলৰ বিৰুদ্ধে অত্যাচাৰ আৰু গণহত্যা আৰম্ভ হোৱাত বহু মানুহে দেশ এৰি পলায়ন কৰিছিল। ১৯৬৪ চনত জাঞ্জিবাৰত মুছলমান বিৰোধী সংঘৰ্ষ হোৱাত ১৯৬৮ চনত ৮ বছৰ বয়সত তেওঁ ইংলেণ্ডলৈ গুছি যায়। তাৰ পিছত দেশলৈ ঘূৰি অহা সম্ভৱ নহ’ল । তাতেই স্থায়ীভাৱে থাকিবলৈ লয়, অধ্যাপনা আৰম্ভ কৰে । ২১ বছৰ বয়সতে আৰম্ভ কৰিছিল সাহিত্যচৰ্চা । প্ৰথমে তেওঁৰ মাতৃভাষা ‘চোৱাহিলি’ত লেখা-লেখি আৰম্ভ কৰিছিল পৰৱৰ্তী সময়ত ইংৰাজী তেওঁৰ ৰচনাৰ প্ৰধান ভাষা হিচাপে উপজীব্য হয়। তেওঁৰ বেছিৰ ভাগ লেখাৰ বিষয়বস্তু শৰনাৰ্থীসকলৰ কষ্ট আৰু বেদনাদায়ক জীৱনক কেন্দ্ৰ কৰি। ঔপনিৱেশিক শাসনৰ দূঃখ-দূৰ্দশা আৰু পীড়িত জীৱনৰ কথা সুনিপুণভাৱে তুলি ধৰিছে তেওঁৰ বিভিন্ন লেখাত । যি সহজে বোধগম্য আৰু পাঠকৰ হৃদয় স্পৰ্শ কৰি গৈছে।
বৃটিছ সাহিত্যিক সমালোচক এডাম স্মিথৰ সৈতে হোৱা কথোপকথনত গুৰনাহে কৈছিল ‘শৰনাৰ্থী আৰু অভিবাসীসকলক লৈয়ে মই লিখা-মেলা কৰিছো। তেওঁলোকৰ দূঃখ কষ্ট তুলি ধৰিছো।’ তেওঁ আৰু কৈছিল যে অভিবাসীসকল খালি হাতেৰে নাহে । তেওঁলোকৰ বহুতেই মেধাৱী, উদ্যমী, সেয়ে এই সম্পৰ্কে চিন্তা কৰা উচিত। প্ৰতিদিন মানুহ মৰি আছে, সমগ্ৰ বিশ্বত মানুহ ক্ষতিগ্ৰস্ত হৈছে—আমি এই বিষয়সমুহক আটাইতকৈ প্ৰাধান্য দিব লাগিব । ৬০ দশকৰ তুলনাত পৃথিৱী এতিয়া বেছি হিংস্ৰ, সেয়ে এতিয়া যিবোৰ দেশ নিৰাপদ, তেওঁলোকৰ ওপৰত চাপ বৃদ্ধি পাইছে।
ঐতিহাসিক পটভূমিত ১৯৮০ৰ দশকৰ আফ্ৰিকাৰ সমসাময়িক সাহিত্যক ‘উত্তৰ-ঔপনিৱেশিক সাহিত্য’ বুলি অভিহিত কৰা আৰম্ভ হয়। একেদৰে আব্দুলৰেজাক গুৰনাহৰ ৰচনাসমুহো সচৰাচৰ উত্তৰ-ঔপনিৱেশিক সাহিত্য হিচাপে শ্ৰেণীবদ্ধ হৈছে। কিন্তু তেওঁ নিজকে ‘উত্তৰ ঔপনিৱেশিক লেখক’ অভিধাত ক্ষুব্ধ। আব্দুলৰেজাক গুৰনাহৰ ৰচনাৰাজিৰ ভিতৰত আছে—মেম’ৰী অৱ ডিপাৰচাৰ(১৯৮৭), পিলগ্ৰিমচ ৱে(১৯৮৮), ডটি(১৯৯০), পেৰাডাইছ(১৯৯৪), এডমায়াৰিং চাইলেন্স(১৯৯৬), বাই দ্য ছী(২০০১), দ্য কালেক্টেড ষ্ট’ৰিজ অৱ আব্দুলৰেজাক গুৰনাহ(চুটি গল্প, ২০০৪), ডেজাৰ্ছন(২০০৫), মাই মাদাৰ লিভড অন এ ফাৰ্ম ইন আফ্ৰিকা(চুটি গল্প, ২০০৬), দ্য লাষ্ট গিফ্ট(২০১১), গ্ৰেভেল হাৰ্ট (২০১৭), আফটাৰ লাইভচ(২০২০)।
গুৰনাহে ১৯৮৫ চনত তেওঁৰ প্ৰথম উপন্যাস লিখিবলৈ আৰম্ভ কৰে। তেওঁ ইংলেণ্ডৰ কেণ্ট বিশ্ববিদ্যালয়ৰ ইংৰাজী সাহিত্য আৰু উত্তৰ-ঔপনিৱেশিক অধ্যয়ন বিভাগৰ অধ্যাপক আছিল। এতিয়া অৱসৰী জীৱন-যাপন কৰি আছে। ইয়াৰ পূৰ্বে তেওঁ নাইজেৰিয়াৰ বেয়াৰিঅ’ৰ বিশ্ববিদ্যালয়ত তিনি বছৰ অধ্যাপনা কৰি ইংলেণ্ডলৈ গৈ কৈশোৰৰ কৃষ্ণ-আফ্ৰিকাৰ স্মৃতি পুনৰুদ্ধাৰ কৰে । গুৰনাহে সিদ্ধান্ত লৈছিল তেওঁ সাম্ৰাজ্যবাদ আৰু ঔপনিৱেশিক শাসনৰ প্ৰভাৱকলৈ লিখা আৰম্ভ কৰিব—ফুটাই তুলিব দাৰিদ্ৰ্যৰ লাঞ্ছনা, ক্ষমতাৰ নিষ্পেষণ, বাস্তুচ্যুত মানুহৰ অসহায়ত্ব আৰু অভিবাসী মানুহৰ মনৰ কথা। তাৰ পটভুমি হ’ব আফ্ৰিকা। লিপিবদ্ধ কৰিব তেওঁৰ অভিজ্ঞতা। ঠিক তেনেদৰে তেওঁৰ প্ৰথম উপন্যাসৰ পটভুমি আছিল পূব আফ্ৰিকাৰ সমুদ্ৰোপকুলীয় অঞ্চল।
মেম’ৰী অৱ ডিপাৰচাৰত বিদেশী শাসকৰ হাতত বিকৃত ইতিহাস আৰু সংস্কৃতিক পুনৰুদ্ধাৰ কৰাৰ স্পষ্ট আভাস ফুটি উঠিছে । কৰ্তৃত্ববাদী শাসন আৰু ঔপনেৱিশক আগ্ৰাসনৰ বিৰুদ্ধে সংগ্ৰাম কৰি নিজৰ অস্তিত্বক টিকি ৰাখিবলৈ চলোৱা আপ্ৰাণ চেষ্টা ফুটি উঠিছে তেওঁৰ ৰচনাত। তেওঁৰ অভিপ্ৰায় আৰু অভিজ্ঞতাৰ দৃষ্টিত বিশ্বস্ততাৰ সৈতে কাহিনীৰ অবয়ৱত বাস্তৱক পুনৰ্গঠন কৰাৰ প্ৰয়াস কৰা দেখা যায়। এই বাস্তৱ কঠিন। এই বাস্তৱ অসহনীয়, নিৰ্মম আৰু ভয়াৱহ। এই বাস্তৱে উদ্ৰেক কৰে চিন্তাৰ। বাস্তৱৰ এনেহেন অবাৰিত চেহেৰাই পাঠকক আহত কৰে, ক্ষুব্ধ কৰে, পীড়িত কৰে। তাৰ মাজতে নিহিত আছে সত্যৰ প্ৰকৃত নিৰ্যাস। ইয়াতেই আব্দুলৰেজাক গুৰনাহৰ অনন্য অসাধাৰণ বৈশিষ্ট্য ফুটি উঠিছে।
আব্দুলৰেজাক গুৰনাহ তেওঁৰ লেখাত ঔপনিৱেশিকতাক কঠোৰ সমালোচনা কৰিছে আৰু শৰণাৰ্থী জীৱনৰ বিভিন্ন পীড়াদায়ক কষ্টৰ কথা অৱধাৰিতভাৱে লিখিছে। এইখিনিতে উল্লেখ কৰিব পাৰি যে গুৰনাহ ঔপনিৱেশিকতাৰ কঠোৰ সমালোচক হ’লেও স্বয়ং ঔপনিৱেশিক জীৱন কটাইছে, সাহিত্য ৰচনা কৰিছে ঔপনিৱেশিক অঞ্চলৰ ভাষাত, জীৱন-যাপন কৰিছে সাম্ৰাজ্যবাদৰ ছত্ৰছায়াত, আৰু সেইবোৰ বিষয়-বস্তু বা উপকৰণক কেন্দ্ৰ কৰি সাহিত্য সৃষ্টিৰে ন’বেল বঁটা লাভ কৰিছে। ইয়াৰ পৰা সাম্ৰাজ্যবাদৰ যিসকল ধাৰক বা বাহক তেওঁলোকৰ পৰা এটা উদাৰপন্থী মনোভাৱৰ আভাস পোৱা গ’ল। তেওলোক যে তেওঁলোকৰ অতীতৰ শিকলিবদ্ধ প্ৰথা আৰু আগ্ৰাসনৰ মনোভাৱৰ পৰা নিজকে কিছু পৰিমাণে হ’লেও মুক্ত কৰিব পাৰিছে সেয়া প্ৰতীয়মমান হয়।
আব্দুলৰেজাক গুৰনাহৰ বৰ্তমান বয়স ৭৩ বছৰ। সাহিত্যৰ বিশ্বত ১১৮ সংখ্যক সাহিত্যিক হিচাপে তেওঁ চলিত বছৰত ন’বেল বঁটাৰে ভূষিত হৈছে। আব্দুলৰেজাক আফ্ৰিকাৰ পৰা বিজয়ী পঞ্চমগৰাকী কৃষ্ণাংগ লেখক। নবেল বঁটাৰ ১২০ বছৰীয়া ইতিহাসত তেওঁ চতুৰ্থগৰাকী কলা সাহিত্যিক। ইয়াৰ পূৰ্বে যিসকলে পাইছে তেওলোকৰ আটাইয়ে কৃষ্ণাংগ নহয়।
No comments