· শিক্ষা , পৰিৱেশ , স্বাস্থ্যসেৱা আৰু কৃষি সম্বন্ধীয় উদ্ভাৱনীমূলক ধাৰণাৰে ১৬ - ২২ বছৰ বয়সৰ ব্যক্তিসকলে আবেদন কৰিব ...
- · শিক্ষা, পৰিৱেশ, স্বাস্থ্যসেৱা আৰু কৃষি সম্বন্ধীয় উদ্ভাৱনীমূলক ধাৰণাৰে ১৬-২২ বছৰ বয়সৰ ব্যক্তিসকলে আবেদন কৰিব পাৰিব
- · আইআইটি দিল্লীত ফাউণ্ডেচন ফৰ ইনোভেচন এণ্ড টেকন’লজি ট্ৰেন্সফাৰ (এফআইটিটি) হ’ল ইয়াৰ বৌদ্ধিক অংশীদাৰ, অংশগ্ৰহণকাৰীসকলে আইআইটি দিল্লীৰ পৰা অনলাইন আৰু অফলাইন প্ৰশিক্ষণ লাভ কৰিব
National,
June, 2022 - ভাৰতৰ সবাতোকৈ প্ৰশংসিত ব্ৰেণ্ড চেমচাঙে আজি মুকলি কৰিছে এক নতুন যুৱকেন্দ্ৰিক জাতীয় শিক্ষা আৰু উদ্ভাৱন প্ৰতিযোগিতা ছলভ্ ফৰ টুম’ৰ’-ৰ উদ্বোধনী সংস্কৰণ, ভাৰতৰ উজ্জ্বলতম যুৱ মনক এনেধৰণৰ উদ্ভাৱনীমূলক ধাৰণা আনিবলৈ আমন্ত্ৰণ জনাইছে যিয়ে তেওঁলোকৰ চৌপাশৰ মানুহ আৰু সম্প্ৰদায়ৰ জীৱনক ৰূপান্তৰিত কৰিব পাৰে।
সমগ্ৰ বিশ্বজুৰি জেন জেডক জড়িত কৰা নাগৰিকত্ব পদক্ষেপ ছলভ ফৰ টুম’ৰ’ কাৰ্যসূচীৰ জৰিয়তে চেমচাঙে ভাৰতৰ ১৬-২২ বছৰ বয়সৰ যুৱক-যুৱতীসকলক সমগ্ৰ চহৰ, নগৰ আৰু গাঁৱৰ পৰা তেওঁলোকৰ ধাৰণাক বাস্তৱ জগতৰ সমস্যা সমাধানৰ বাবে কাৰ্য্যত পৰিণত কৰিবলৈ সহায় আগবঢ়োৱাৰ লক্ষ্য ৰাখিছে। প্ৰথম বৰ্ষত, ছলভ ফৰ টুম’ৰ’-ই ভাৰতৰ বাবে ৰাষ্ট্ৰসংঘৰ অগ্ৰাধিকাৰ পোৱা বহনক্ষম উন্নয়নৰ লক্ষ্য শিক্ষা, পৰিৱেশ, স্বাস্থ্যসেৱা আৰু কৃষিৰ ক্ষেত্ৰসমূহত ধাৰণাবোৰৰ আমন্ত্ৰণ জনাইছে।
এই সমৰ্থনৰ ভিতৰ থাকিব শীৰ্ষৰ ৫০টা দল (ব্যক্তি অথবা ৩গৰাকী সদস্য থকা দল)-ক উদ্যোগ বিশেষজ্ঞ আৰু ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন'লজী দিল্লী (আইআইটি দিল্লী)-ৰ ফাউণ্ডেচন ফৰ ইনোভেচন এণ্ড টেকন'লজি ট্ৰেন্সফাৰ (এফআইটিটি)-ৰ দ্বাৰা তেওঁলোকৰ ধাৰণা বৃদ্ধি কৰাত সহায় কৰিবলৈ মেণ্টৰিং কৰাৰ লগতে তেওঁলোকৰ ধাৰণাৰ বিকাশ হোৱাত সহায়ক হোৱাকৈ আইআইটি দিল্লী-ত এটা বুট-কেম্প, অংশগ্ৰহণৰ প্ৰমাণপত্ৰ, আৰু ডিজাইন ধাৰণাৰ অনলাইন পাঠ্যক্ৰমৰ বাবে বাবে ১০০,০০০/- টকাৰ ভাউচাৰ, এচটিইএম, উদ্ভাৱন, নেতৃত্বৰ আদিৰ দৰে অন্যান্য বহুতোবোৰ। শীৰ্ষৰ ১০টা দলে চেমচাং ইণ্ডিয়াৰ কাৰ্যালয়, ইয়াৰ আৰএণ্ডডি চেণ্টাৰ আৰু বাংগালুৰুৰ চেমচাং অপেৰা হাউচ পৰিদৰ্শন কৰাৰ সুযোগ পাব য’ত তেওঁলোকে চেমচাঙৰ যুৱ কৰ্মচাৰী আৰু গৱেষকসকলৰ সৈতে মত বিনিময় কৰিব৷
আইআইটি দিল্লীৰ অভিজ্ঞ নিৰ্দেশনাৰ অধিনত তেওঁলোকৰ ধাৰণাক পৰৱৰ্তী পৰ্যায়লৈ লৈ যাবলৈ ছমাহৰ বাবে ১ কোটি টকা পৰ্যন্ত মেগা সমৰ্থন আৰু ছমাহৰ বাবে মেণ্টৰিং সহায় লাভ কৰাৰ সুযোগ লাভ কৰা সুযোগেৰে তিনিজন ৰাষ্ট্ৰীয় বিজয়ীৰ বৰ্ণাধ্য ঘোষণাৰ সৈতে বাৰ্ষিক কাৰ্যসূচীৰ অন্ত পৰিব।
অংশগ্ৰহণকাৰীসকলে চলভ্ ফৰ টুম’ৰ’-ৰ বাবে আবেদন কৰিব পাৰে, কাৰ্যসূচী আৰু চৰ্তসমূহৰ বিশদ তথ্য www.samsung.com/in/solvefortomorrow-ত লাভ কৰিব পাৰিব, ০৯ জুন, ২০২২-ৰ পৰা ৩১ জুলাই, ২০২২-ৰ বিয়লি ৫.০০-লৈকে।
Please Subscribe and share the Video
চেমচাং দক্ষিণ -পশ্চিম এছিয়াৰ সভাপতি তথা মুখ্য কাৰ্যবাহী বিষয়া কেন কাং-য়ে কৈছিল যে, “চেমচাঙত, যুৱক-যুৱতীসকলৰ শক্তিক ব্যৱহাৰ কৰাটোত অগ্ৰাধিকাৰ দিয়া হয়। এইটোৱেই আমাক আমাৰ বিশ্বব্যাপী চিএছআৰ দৃষ্টিভংগী ‘টুগেদাৰ ফৰ টুম’ৰ’! এনাব্লি পিপল,’-ক পৰিচালিত কৰে যিয়ে পৰৱৰ্তী প্ৰজন্মক তেওঁলোকৰ সম্পূৰ্ণ সম্ভাৱনা অৰ্জন কৰিবলৈ আৰু ইতিবাচক সামাজিক পৰিৱৰ্তনৰ পথ প্ৰদৰ্শন কৰিবলৈ শক্তিশালী কৰিব বিচাৰে। চ’লভ্ ফৰ টুম’ৰ’-ই আমাক দেশৰ শক্তিশালী অংশীদাৰ হিচাপে ‘পাৱাৰিং ডিজিটেল ইণ্ডিয়া’-ৰ দৃষ্টিভংগীতো এখোজ আগুৱাই লৈ যোৱাত সহা. কৰে।”
“চ’লভ ফৰ টুম’ৰ’-ৰ জৰিয়তে, আমি যুৱক-যুৱতীসকলৰ মাজত সৃষ্টিশীল চিন্তাধাৰা আৰু সমস্যা সমাধানৰ ওপৰত প্ৰেৰণা আৰু লালন-পালন কৰাৰ লক্ষ্য ৰাখিছো লগতে তেওঁলোকক সমাজত প্ৰভাৱ পেলাব পৰা প্ৰভাৱৰ উদ্ভাৱনীমূলক প্ৰযুক্তি সমাধান বিচাৰি উলিয়াবলৈ উৎসাহিত কৰাৰ লক্ষ্য ৰাখিছো। আমি দেশৰ উদ্ভাৱন পৰিৱেশ-তন্ত্ৰক শক্তিশালী কৰাৰ ক্ষেত্ৰত, চৰকাৰ আৰু দেশৰ জনসাধাৰণৰ দৃষ্টিভংগীক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত আমাৰ ভূমিকা পালন কৰিব বিচাৰো।’’ তেওঁ কৈছিল৷
আইআইটি দিল্লীৰ ডাইৰেক্টৰ ৰংগন বেনাৰ্জীয়ে কৈছিল যে, “চেমচাঙৰ ছলভ ফৰ টুম’ৰ’ পদক্ষেপৰ জৰিয়তে, আমি, সমাজে সন্মুখীন হ’বলগীয়া ভৱিষ্যতৰ প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰিবলৈ প্ৰভাৱৰ সম্ভাৱনা থকা সম্ভাৱ্য উদ্ভাৱনসমূহৰ ওপৰত চকু ৰাখিছো। এই অংশীদাৰিত্বই যুৱ পৰিৱৰ্তনকাৰীসকলক বিস্তৃত সুযোগসমূহৰ অন্বেষণ কৰিবলৈ সক্ষম কৰিব আৰু তেওঁলোকৰ ধাৰণাসমূহ সক্ৰিয় আৰু প্ৰতিপালন কৰাৰ বাবে এক মঞ্চ প্ৰদান কৰিব।”
কাইলৈৰ বাবে সমাধান কৰক একেবাৰে চকুত পৰাকৈ
কোনে অংশগ্ৰহণ কৰিব পাৰে: ১৬-২২ বছৰ বয়সীয়াসকলে, ব্যক্তিগতভাৱে
বা ৩ জনলৈকে দলত
প্ৰয়োগৰ বিষয়বস্তু: শিক্ষা, পৰিৱেশ, স্বাস্থ্যসেৱা আৰু কৃষি
তেওঁলোকে কি পাব: অনলাইন প্ৰশিক্ষণ, চেমচাং আৰু আইআইটি দিল্লীৰ পৰা মেণ্টৰিং, আইআইটি দিল্লীত বুটকেম্প
বিজয়ীসকলে কি পাব: ৩টা বিজয়ী দললৈ মুঠ ১ কোটি টকাতকৈ
ধনৰাশি, ৬ মাহৰ বাবে মেণ্টৰিং
তেওঁলোকে ক’ত আবেদন কৰিব পাৰে: www.samsung.com/in/solvefortomorrow
কেতিয়াৰ পৰা: ০৯ জুন, ২০২২ৰ পৰা আৰম্ভ হ’ব
কেতিয়ালৈকে: ২০২২ চনৰ ৩১ জুলাইৰ বিয়লি ৫ বজালৈকে
প্ৰয়োগ উইণ্ড’ – ৰাউণ্ড এক
ব্যক্তি বা তিনিজনীয়া দলে www.samsung.com/in/solvefortomorrow-ত তেওঁলোকৰ আবেদন দাখিল কৰিব পাৰে, য'ত তেওঁলোকে সমাধান কৰা সমস্যা, প্ৰস্তাৱিত সমাধান আৰু ইয়াৰ সামাজিক প্ৰভাৱৰ বিষয়ে বিশদভাৱে ব্যাখ্যা কৰিব।
এফআইটিটি, আইআইটি দিল্লীৰ বিষয় বিশেষজ্ঞৰে গঠিত জুৰীয়ে লাভ কৰা সকলোবোৰ আবেদনৰ ভিতৰৰ পৰা প্ৰযুক্তি(এপ, উৎপাদ বা সেৱা)-ৰ সৰ্বোত্তম ব্যৱহাৰ, সৃষ্টিশীলতা, ধাৰণাটোৰ মৌলিকতা, বৰ্তমানৰ প্ৰযুক্তিৰ সৈতে সমাধানৰ সম্ভাৱনীয়তা, সমাজ বা পৰিৱেশত ইতিবাচক প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আৰু ইয়াৰ উদ্দেশ্যপ্ৰণোদিত লক্ষ্য গ্ৰাহকৰ ওচৰলৈ যোৱাৰ সম্ভাৱনা আদি নিৰ্বাচনৰ মাপকাঠীৰ ওপৰত ভিত্তি কৰি শীৰ্ষ ৫০টা দলক তালিকাবদ্ধ কৰিব।
ধাৰণা বিকাশ – ৰাউণ্ড দুই
এই ৰাউণ্ডত, শীৰ্ষ ৫০ টা দলক ডিজাইন চিন্তাৰ ওপৰত অনলাইন প্ৰশিক্ষণ প্ৰদান কৰা হ’ব আৰু দলকেইটাই ধাৰণাটোৰ প্ৰমাণ প্ৰস্তুত কৰাৰ ওপৰত আইআইটি দিল্লীত অনুষ্ঠিত হ’বলগীয়া বুটকেম্পত অংশগ্ৰহণ কৰিব পাৰিব। দলসমূহে আইআইটি দিল্লীৰ অধ্যাপক আৰু গুৰুসকলৰ পৰাও সহায় লাভ কৰি তেওঁলোকৰ ধাৰণাসমূহৰ বিশদ বিৱৰণ দিব আৰু তেওঁলোকৰ প্ৰাৰম্ভিক প্ৰ’ট’টাইপৰ কাম আৰম্ভ কৰিব।
৫০টা নিৰ্বাচিত দলৰ প্ৰতিজন অংশগ্ৰহণকাৰীয়ে অংশগ্ৰহণৰ প্ৰমাণপত্ৰ আৰু ১০০,০০০/- টকা পৰ্যন্ত পাঠ্যক্ৰমৰ ভাউচাৰ লাভ কৰিব যিটোৱে তেওঁলোকক ডিজাইন চিন্তা, এচটিইএম, উদ্ভাৱন, উদ্যোগীকৰণ, ব্যৱসায়িক দক্ষতা, পৰিচালনা আৰু নেতৃত্বৰ সৈতে প্ৰাসংগিক যিকোনো অনলাইন পাঠ্যক্ৰমৰ সুবিধা প্ৰদান কৰিব।
দলসমূহে এবাৰ তেওঁলোকৰ ধাৰণা আৰু প্ৰ’ট’টাইপৰ ওপৰত ভিডিঅ’ দাখিল কৰাৰ পিছত চেমচাং-ৰ বিশেষজ্ঞসকলৰ এটা জুৰী পেনেলে ১০টা দল বাছি ল’ব যি ৰাউণ্ড তিনিলৈ আগবাঢ়ি যাব। এই ৰাউণ্ডৰ বাবে নিৰ্বাচনৰ মাপকাঠীসমূহৰ ভিতৰত থাকিব মূল দাখিলৰ পৰা ধাৰণাটোৰ বিকাশ, নিৰ্ধাৰিত গ্ৰাহকৰ প্ৰয়োজনীয়তা বুজিবলৈ গৱেষণা আৰু/বা পৰীক্ষাৰ প্ৰদৰ্শনযোগ্য ব্যৱহাৰ, ডিজাইন চিন্তাধাৰাৰ প্ৰদৰ্শন আৰু উপস্থাপনৰ মানদণ্ড৷
চূড়ান্ত প্ৰট’টাইপ গঠন – ৰাউণ্ড তিনি
শীৰ্ষ ১০ টা দলক উৎপাদনৰ বাবে প্ৰট’টাইপিং আৰু ডিজাইনিং, ব্যৱসায়িক যোগাযোগৰ পৰিচয়, পুঁজিৰ সুযোগ আৰু প্ৰমাণপত্ৰৰ দৰে বিষয় সামৰি পৰৱৰ্তী পৰ্যায়ৰ অনলাইন প্ৰশিক্ষণ দিয়া হ’ব আৰু লগতে চেমচাং আৰু আইআইটি দিল্লীৰ বিশেষজ্ঞসকলৰ পৰা মেণ্টৰিং প্ৰদান কৰা হ’ব যাতে তেওঁলোকে চূড়ান্ত বাচনিৰ বাবে নিজৰ ধাৰণা প্ৰস্তুত কৰিব পাৰে।
গুৰুগ্ৰামত থকা ইণ্ডিয়া হেডকোৱাৰ্টাৰ, নয়ডা আৰু বাংগালুৰুত থকা আৰএণ্ডডি চেণ্টাৰ আৰু বাংগালুৰুৰ প্ৰতিষ্ঠাসম্পন্ন অপেৰা হাউচত থকা বিশ্বৰ সৰ্ববৃহৎ মোবাইল অভিজ্ঞতা কেন্দ্ৰকে ধৰি চেমচাঙৰ সুবিধাসমূহো দলসমূহে পৰিদৰ্শন কৰিব পাৰিব য’ত তেওঁলোকে চেমচাঙৰ যুৱ কৰ্মচাৰী আৰু গৱেষকসকলৰ সৈতে মত বিনিময় কৰিব পাৰিব।
এই ৰাউণ্ডৰ অন্তত, দলসমূহে নিজৰ চূড়ান্ত প্ৰ’ট’টাইপসমূহ দাখিল কৰিব আৰু চূড়ান্ত কাৰ্যসূচীৰ সময়ত এটা বিশিষ্ট জুৰীৰ সন্মুখত লাইভ প্ৰেজেণ্টেচনৰ বাবে প্ৰস্তুতি চলাব।
শীৰ্ষ ১০ টা দলক চেমচাঙৰ ৰোমাঞ্চকৰ সামগ্ৰী সন্নিৱিষ্ট ১০০,০০০/- টকাৰ চেমচাং হেম্পাৰ দিয়া হ’ব।
চেমচাং-য়ে তিনিটা বিজয়ী দলক মুঠ ১ কোটি টকাতকৈ আগবঢ়াব, যিয়ে তেওঁলোকৰ ধাৰণাসমূহক তেওঁলোকৰ সপোনৰ ষ্টাৰ্টআপলৈ ৰূপান্তৰিত কৰাৰ প্ৰয়াসলৈ এক খোজ ওচৰ চপাই নিব, যি কৃষি, শিক্ষা, পৰিৱেশ আৰু স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত বিদ্যমান ভাৰতৰ মূল উদ্বেগসমূহ সমাধান কৰাত সহায়ক হৈ পৰিব পাৰে।
ইয়াৰ উপৰিও, বিজয়ী দলসমূহে তেওঁলোকৰ নিজ নিজ বিদ্যালয় আৰু মহাবিদ্যালয়সমূহৰ বাবে ৮৫-ইঞ্চিৰ চেমচাং ফ্লিপ ইন্টাৰেক্টিভ ডিজিটেল ব’ৰ্ডওঁ লাভ কৰিব।
এই অনুদানৰ জৰিয়তে, বিজয়ীসকলে ৬ মাহৰ বাবে আইআইটি দিল্লীৰ মেণ্টৰসকলৰ সৈতে কাম কৰাৰ সুযোগ লাভ কৰিব আৰু আইআইটি দিল্লী-ৰ চৌহদত থকা এটা ইনকিউবেচন চেণ্টাৰত প্ৰৱেশৰ সুবিধা লাভ কৰিব। এই ৬ মাহৰ অৱধিত, তেওঁলোকে নিজৰ ধাৰণাসমূহৰ ওপৰত কাম কৰি এয়া সেই পৰ্যায়টোলৈ লৈ যাব য’ত তেওঁলোকে তেওঁলোকৰ প্ৰ’ট’টাইপৰ বাবে উপভোক্তাৰ মান্যতা বিচাৰিব পাৰে৷
২০১০ বৰ্ষত ইউএচ-ত আৰম্ভ কৰা চ’লভ ফৰ টুম’ৰ’-য়ে বৰ্তমান বিশ্বৰ ৩৩-খন দেশত কাৰ্যক্ষম হৈ আছে, আৰু ইয়াত বিশ্বজুৰি ১.৮ নিযুততকৈ অধিক যুৱকে অংশগ্ৰহণ কৰা দেখা গৈছে৷
বিশ্বজুৰি, প্ৰতিযোগিতাত অংশগ্ৰহণকাৰীসকলে খাদ্য আৱৰ্জনাক চামৰালৈ ৰূপান্তৰিত কৰা, প্ৰদূষিত পানী ফিল্টাৰ কৰিবলৈ সৌৰ পেনেলৰে সজ্জিত এটা বহনযোগ্য ডিচেলাইনেচন যন্ত্ৰ আৰু প্ৰদূষণ দূৰ কৰাৰ বাবে কফিৰ গুড়িক বিকল্প শক্তিৰ উৎস হিচাপে ব্যৱহাৰ কৰা আদিৰ দৰে কেইবাটাও উদ্ভাৱনীমূলক সমাধান উদ্ভাৱন কৰিছে৷
অধিক জানিবৰ বাবে লগতে ভাৰতত প্ৰতিযোগিতাখনৰ বাবে পঞ্জীয়ন কৰিবলৈ www.samsung.com/in/solvefortomorrow পদাৰ্পন কৰক। আবেদন প্ৰৱেশ ৩১ জুলাই, ২০২২-ৰ সন্ধিয়া ৫ বজাত বন্ধ হ’ব।
চেমচাং-য়ে ইয়াৰ নাগৰিকত্ব পদক্ষেপসমূহৰ জৰিয়তে সম্প্ৰদায়সমূহক ইতিবাচকভাৱে ৰূপান্তৰিত কৰিবলৈ আৰু মানুহৰ বাবে এক উন্নত জীৱনশৈলী সৃষ্টি কৰিবলৈ উদ্ভাৱনসমূহৰ ব্যৱহাৰ কৰাত বিশ্বাস কৰে। শিক্ষাৰ জৰিয়তে যুৱক-যুৱতীসকলক সবলীকৰণ কৰাটোৱেই হৈছে আমাৰ যুৱক-যুৱতীসকলক ভৱিষ্যতৰ জগতখনত সাহসেৰে সৈতে সম্মুখীন হ’বলৈ প্ৰস্তুত কৰাব পৰা অন্যতম উত্তম উপায়।
চেমচাং ইলেকট্ৰ’নিকচ্-য়ে বিশ্বজুৰি তিনিটা নাগৰিকত্ব কাৰ্যসূচী চলায় – চেমচাং স্মাৰ্ট স্কুল, চেমচাং ইন’ভেচন কেম্পাছ আৰু চ’লভ্ ফৰ টুম’ৰ’ – যিবোৰৰ জৰিয়তে ই ভৱিশ্যতৰ নেতৃত্ববৃন্দক শক্তিশালী কৰি তুলিছে আৰু তেওঁলোকক অৰ্থৱহ পৰিৱৰ্তন বাস্তৱায়িত কৰিবলৈ প্ৰয়োজনীয় সঁজুলিৰে সজ্জিত কৰিছে।
চেমচাং ইলেকট্ৰ’নিকচ কোম্পানী লিমিটেডৰ বিষয়ে দুআষাৰ :
চেমচাঙে বিশ্বক অনুপ্ৰণিত
কৰি আহিছে আৰু ৰূপান্তৰিতকৰণ ধাৰণা আৰু প্ৰযুক্তিৰ সৈতে অনাগত সময়ক আকৃতি প্ৰদান কৰিছে৷ প্ৰতিষ্ঠানটোৱে টিভি, স্মাৰ্টফোন, পিন্ধনযোগ্য যতন, টেবলেট, ডিজিটেল সামগ্ৰী, নেটৱৰ্ক ব্যৱস্থা আৰু মেম’ৰী, চিষ্টেম এলএচআই, ধাতু গলোৱাৰ সাঁচ (ফাউণ্ড্ৰী) আৰু এলইডি সমাধানৰ জগতখনক পুনঃসংজ্ঞায়িত কৰি আহি আছে৷ চেমচাং ইণ্ডিয়াৰ শেহতীয়া বাতৰিবোৰৰ বাবে অনুগ্ৰহ কৰি চেমচাং ইণ্ডিয়া নিউজৰুম http://news.samsung.com/in-ত পদাৰ্পন কৰক৷ হিন্দীৰ বাবে চেমচাং নিউজৰুম ভাৰত https://news.samsung.com/bharat-ত লগ অন কৰক৷ লগতে আপোনালোকে আমাক টুইটাৰ @SamsungNewsIN-ত অনুসৰন কৰিব পাৰে৷
No comments