Page Nav

HIDE

Grid

GRID_STYLE

Pages

Classic Header

{fbt_classic_header}

Header Ad

Breaking News

latest

বিমান দূৰ্ঘটনাত ইৰানৰ ৰাষ্ট্ৰপতিসহ নজনৰ মৃত্যু, ৫ দিনৰ শোক দিৱস ঘোষণা, মোখবেৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি

ইৰানৰ ৰাষ্ট্ৰপতি ইব্ৰাহীম ৰায়িচী বিদেশমন্ত্ৰী হুছেইন আমিৰ আব্দুল্লা-হিয়ান আৰু পূব আজাৰবাইজান প্ৰান্তৰ গভৰ্ণৰকে ধৰি মুঠ ন গৰাকী লোকৰ বিমান দু...

ইৰানৰ ৰাষ্ট্ৰপতি ইব্ৰাহীম ৰায়িচী বিদেশমন্ত্ৰী হুছেইন আমিৰ আব্দুল্লা-হিয়ান আৰু পূব আজাৰবাইজান প্ৰান্তৰ গভৰ্ণৰকে ধৰি মুঠ ন গৰাকী লোকৰ বিমান দুৰ্ঘটনাত মৃত্যু ঘটে। ইন্না লিল্লাহি ৱা ইন্না ইলায়হি ৰাজিউন। কালি বিমানখন দুৰ্ঘটনা হোৱাৰ লগতে সন্ধান পোৱা নাছিল।

        

বিভিন্ন দেশৰ উদ্ধাৰকাৰী দলে সন্ধান চলোৱাৰ পিছত বিমানখনৰ অৱশিষ্ট উদ্ধাৰ কৰাৰ লগতে দেশখনৰ ৰাষ্ট্ৰপতি ৰায়িচিসহ মুঠ নগৰাকীৰ মৃত্যু নিশ্চিত হয়। ইৰানৰ ৰাষ্ট্ৰপতি ইব্ৰাহীম ৰায়িচী বিদেশমন্ত্ৰী হুছেইন আমিৰ আব্দুল্লা-হিয়ান আৰু পূব আজাৰবাইজান প্ৰান্তৰ গভৰ্ণৰ মালেক ৰহমতিসহ বিমান দূৰ্ঘটনাত পতিত হোৱাৰ লগতে সন্ধানহীন হৈছে৷ দেশখনৰ পূব আজাৰবাইজান প্ৰান্তত ডেম মুকলি কৰি উভতি অহাৰ সময়ত ৰাষ্ট্ৰপতিৰ বিমানখন দূৰ্ঘটনাত পতিত হয়৷


আন দুখন বিমান সুৰক্ষিতভাৱে উভতি আহে৷ ৬৫টা উদ্ধাৰকাৰী দল, ড্ৰোন, বহুসংখ্যক এম্বুলেন্স, সেনা-বাহিনীৰ ৰেপিড এক্সন ফ’ৰ্চে সন্ধান চলাই আছে যদিও এতিয়ালৈ ৰাষ্ট্ৰপতিগৰাকীৰ লগতে বিদেশমন্ত্ৰীসহ বিমানখনৰ কোনো শুংসূত্ৰ নাপালে৷ পাহাৰীয়া এলেকাত ধ্বংস হোৱাত আৰু প্ৰতিকূল বতৰ, মুষলধাৰ বৰষুণৰ লগতে বতাহৰ ফলত উদ্ধাৰকাৰ্যত বিঘিনি ঘটিছে৷ সমগ্ৰ দেশজুৰি জনসাধাৰণে ৰাষ্ট্ৰপতিৰ লগতে আন আন লোকৰ কুশলে উভতি অহাৰ বাবে দোৱা কৰা বুলি জানিব পৰা গৈছে৷

ইপিনে অসমৰ্থিত সূত্ৰ মতে বিমানখনত থকা আটাইকেইগৰাকী নিহত হোৱাৰ সন্দেহ ব্যক্ত কৰিছে৷ তুৰ্কীয়ে উদ্ধাৰ কাৰ্যত সহায় হোৱাকৈ নাইট ভিজন হেলিকপ্টাৰ সহ ৩২জনীয়া দল প্ৰেৰণ কৰিছে। ৰাছিয়াৰ ৰাষ্ট্ৰপতিয়ো সহায়ৰ বাবে সাজু।

তেওঁৰ মৃত্যুত বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰপ্ৰধানে শোক বাৰ্তা প্ৰেৰণ কৰে৷

দেশখনত ইতিমধ্যে ৫দিনৰ জাতীয় শোক দিৱস ঘোষণা কৰিছে৷

No comments