Page Nav

HIDE

Grid

GRID_STYLE

Pages

Classic Header

{fbt_classic_header}

Header Ad

Breaking News

latest

মোৰ জীৱনৰ কঠিয়াতলি, বিড়িৰ কাগজ আৰু নিৰ্বাচন

  মোৰ জীৱনৰ কঠিয়াতলি, বিড়িৰ কাগজ আৰু নিৰ্বাচন মোৰ পিছফালে থকা গৃহটো খলিহামাৰী প্ৰাথমিক বিদ্যালয়৷এইখনেই মোৰ শিক্ষা জীৱনৰ কঠিয়াতলি৷ইয়াতেই মই ...

 মোৰ জীৱনৰ কঠিয়াতলি, বিড়িৰ কাগজ আৰু নিৰ্বাচন

মোৰ পিছফালে থকা গৃহটো খলিহামাৰী প্ৰাথমিক বিদ্যালয়৷এইখনেই মোৰ শিক্ষা জীৱনৰ কঠিয়াতলি৷ইয়াতেই মই শিক্ষাগ্ৰহণ কৰিছিলো, পঢ়াইছিলো৷ মোৰ দেউতাও ইয়াতেই বেতনবিহীন শিক্ষক হিচাপে কাম কৰিছিল৷এইবাৰ যেতিয়া ঘৰলৈ এপাক গ’লো ভোট দিবলৈ,তেতিয়া ভাইটীৰ ম’বাইলৰ কেমেৰাত বন্দী কৰিলে এই ফটোখন৷ ১৯৯৩ চনত ছাত্ৰ হিচাপে অন্তিমবাৰ বহিছিলো৷ তেতিয়া বহিবলৈ পকী মজিয়াৰ বাহিৰে কোনো ব্যৱস্থা নাছিল৷ আমি চাউলৰ বস্তা লগত লৈ গৈছিলো বহিবলৈ৷ বহুতে পকীতে লেটা মাৰি বহিছিল৷ মাজত কোনো আঁৰ-বেৰ নাছিল৷ চাৰিটা শ্ৰেণীৰ বাবে শিক্ষক আছিল মাত্ৰ এজন৷ পিছলৈ মোৰ দেউতা আৰু দেউতাৰ মামাই বিদ্যালয়খনত শিক্ষকতা কৰিছিল বিনা পইচাৰে৷ ভাৱিলেই কিবা লাগি যায়, যেতিয়া আজিকালিৰ বিদ্যালয়ৰ আন্তঃগাঁথনি দেখা পাওঁ৷ভাবো কি দিন আছিল সেইবোৰ?



মনলৈ আহিল এবাৰ প্ৰকাণ্ড ধুমুহাত টিনৰ চালি উৰুৱাই ক’ৰবাত নি পেলাইছিল৷ তাৰ পিছত বাকীখিনি পৰম্পৰা৷ পৰম্পৰা এইকাৰণে কৈছো যে চৰকাৰী বস্তু এবাৰ ভাঙিলে জানো সোনকালে ঠিক হয়? কেইবা মাহ পাৰ হৈ গ’ল৷ টিন লগোৱা নহ’ল৷ ছাত্ৰ-ছাত্ৰী ইফাল-সিফাল হ’ল৷ মই নাচোৰ-বান্দা৷আলমিৰা ওচৰৰ এঘৰত থোৱা হ’ল৷ তাত খেৰৰ চাল থকাত পানী পৰে৷ বৰষুণত তিতি আলমিৰা জহি-খহি গ’ল৷ কিতাপ-পত্ৰ নষ্ট হ’ল৷ বহুখিনি নিজৰ ঘৰলৈ নিলো৷ এতিয়াও কিজানি কিছু কিতাপ মোৰ ঘৰতে ওলাব৷ ইতিমধ্যে বছৰেকীয়া পৰীক্ষা আহিল৷ কি কৰা যায়? প্ৰধান শিক্ষকৰ লগত দেউতাই কথা পাতিলে৷ এতিয়া কথা হ’ল পৰীক্ষা কেনেদৰে দিয়া হ’ব৷ কাৰণ ছাত্ৰ-ছাত্ৰী নাই, বহাৰ ঠাই নাই, পৰীক্ষা ল’বলৈ কাগজ নাই৷ উপায় নাই৷ মোৰ খূৰাৰ দোকানত তেতিয়া ২৫ পইচাত মানুহে বিড়ি হুপিবলৈ বগা কাগজ পাইছিল৷ সেই কাগজ অতি পাতল আছিল৷ তথাপিও কিনি লৈ গৈ পৰীক্ষা দিলো৷

ইপিনে টিনৰ চালিৰ কামৰ আদেশ আহিল৷ কাম আৰম্ভ হ’ল৷ এদিন মিস্ত্ৰীৰ আঙুলি ছিগি থাকিল কাঠৰ কেঁচীত লাগি৷ আকৌ কাম বন্ধ৷
সেই ঘৰটোতে দুখন আলমিৰা আছিল কিতাপেৰে ঠাহ খোৱা৷ চাবিকোছা আছিল মোৰ তাত৷পুৱা গৈ ময়ে প্ৰথমে বিদ্যালয়খনৰ দুৱাৰ খুলিছিলো৷ কেতিয়াবা অৱশ্যে দৌৰ-ধাপ কৰোতে চাবি-পাত হেৰুৱাইছেও৷
প্ৰধান শিক্ষক আছিল ফজৰ আলি, মালিজানৰ বাসিন্দা৷মোক খুব মৰম কৰিছিল৷তেওঁৰ ওপৰত বহু দায়িত্ব আছিল৷ বিশেষকৈ ঘৰৰ নম্বৰ দিয়া কাম৷ তেওঁ আমাৰ ঘৰত প্ৰায়ে গৈছিল৷ মোৰ আইতাৰ লগত কথা পাতিছিল৷ ঘৰৰ শাক-পাত যি বনাইছিল তাৰে দুপৰীয়াৰ আহাৰো গ্ৰহণ কৰিছিল৷সে সূত্ৰে মোৰ লগত ঘনিষ্ঠতা আছিল৷ সেয়ে পিছলৈ শিক্ষকৰ অভাৱ হোৱাত মোক ছাৰে কেইদিনমান পঢ়াই দিবলৈ কৈছিল৷ ছাৰৰ আদেশ শিৰোধাৰ্য কৰি কিছুদিন পঢ়াইছিলো৷ মনত আছে৷



গাঁৱৰ শিক্ষিত যুৱক হোৱা হেতুকে বহু কামৰ দায়িত্ব পৰিছিল কান্ধত৷ বিশেষকৈ নিৰ্বাচন আহিলে৷ নিৰ্বাচনৰ আগদিনা নিৰ্বাচনী বিষয়া-কৰ্মচাৰী আহিছিল৷ প্ৰধান শিক্ষক ফজৰ আলী ছাৰে চিনাকি কৰাই দিছিল মোক মোৰ দেউতাক৷ তাৰ পিছত আৰম্ভ হয় আমাৰ দায়িত্ব৷ তেওঁলোকৰ বাবে খোৱা-বোৱা, থকা-মেলা আদিৰ কাম৷পিচদিনা প্ৰত্যেককে আমাৰ ঘৰলৈ নি গা-ধোৱাৰ ব্যৱস্থা কৰাই দিয়া এতিয়াও মনত পৰে৷নিৰ্বাচনৰ দিনাখন প্ৰিজাইডিং বিষয়া, পুলিং বিষয়া সকলোৱে তেওঁলোকৰ প্ৰয়োজনত হাততে পাইছিল আমাক৷ আনকি নিৰ্বাচনৰ শেষত, প্ৰিজাইডিং বিষয়াৰ বহু কাম মই আৰু মোৰ দেউতাই লগে ভাগে থাকি কৰি দিছিলো৷ কাৰণ বহু প্ৰিজাইডিং বিষয়াই তেতিয়া বেলট পেপাৰৰ বহু নিয়ম নাজানিছিল৷ ভুল কৰিছিল৷পাহৰিছিল৷ আৰু আমাৰ অভ্যাস হৈ পৰিছিল৷ লা গলাই মোহৰবন্দ কৰা, ডাঙৰ ডাঙৰ খামৰ ভিতৰত তথ্যসম্বলিত নথি-পত্ৰ ভৰোৱা কামত বহু বিষয়াই খেলি-মেলি কৰিছিল৷


এইবাৰ ভোট দিলো৷ বিষয়াসকলে সহজতে কাম শেষ কৰিবলৈ সকলোৰে বুঢ়া আঙুলিৰ ছাপ লোৱা দেখা পালো৷ কিন্তু মই চহী কৰিলো৷ খূব সম্ভৱ কেইজনমানৰ বাহিৰে সকলোৰে টিপচহী লৈছে৷

ওলাই আহি এই ফটোথন তুলি দিলে ভাইটী ছাজিদুৰে৷ আগৰ সেই বিদ্যালয় ঘৰখনৰ আশে-পাশে এতিয়া আৰু তিনিখন ঘৰ দেখা পালো৷ বিকাশ হ’ল৷ কিন্তু গাঁৱৰ অৱস্থা খূব বেয়া৷ আঠজনে মেট্ৰিক দিছিল, তাৰে চাৰিজনহে উত্তীৰ্ণ হ’ল৷

No comments