Page Nav

HIDE

Grid

GRID_STYLE

Pages

Classic Header

{fbt_classic_header}

Header Ad

Breaking News

latest

উচ্চ ন্যায়ালয় আৰু জিলা আদালতত ৩৭ লাখ গোচৰ ১০ বছৰৰো অধিক সময়ৰ পৰা ওলমি আছেঃ এনজেডিজি তথ্য

নতুন দিল্লীঃ নেচনেল জ্যুডিচিয়েল ডাটা গ্ৰিডৰ পৰিসংখ্যা অনুসৰি দেশৰ বিভিন্ন আদালতত ৬.৬০ লাখ গোচৰ ২০ বছৰৰো অধিক সময় আৰু ১.৩১ লাখ গোচৰ তিনি দশকৰ...

নতুন দিল্লীঃ নেচনেল জ্যুডিচিয়েল ডাটা গ্ৰিডৰ পৰিসংখ্যা অনুসৰি দেশৰ বিভিন্ন আদালতত ৬.৬০ লাখ গোচৰ ২০ বছৰৰো অধিক সময় আৰু ১.৩১ লাখ গোচৰ তিনি দশকৰ পৰা অৰ্থাৎ ৩০ বছৰৰো অধিক সময় ধৰি ওলমি আছে৷ দেশৰ বিভিন্ন উচ্চ ন্যায়ালয়, জিলা আৰু অন্যান্য আদালতত ৩৭ লাখৰো অধিক গোচৰ দহ বছৰৰো অধিক সময় ধৰি লম্বিত হৈ আছে৷ এই পৰিসংখ্যা এই আদালতসমুহত ওলমি থকা মুঠ ৩.৭৭ কোটিৰ প্ৰায় ১০ শতাংশ৷

অসমৰ বিভিন্ন আদালতত মুঠ ৩১৮৪৫৮টা গোচৰ বিচৰাধীন হৈ আছে৷ইয়াৰে ধুবুৰীত ২০০০৩ টা গোচৰ, বৰপেটাত ১৬৭৮৩ টা, কামৰূপ মহানগৰত ৫৭৭৭৪ টা গোচৰ আৰু নগাঁৱত ৩৩৯৭২ টা গোচৰ বিচৰাধীন হৈ আছে৷

ভাৰতৰ আদালতসমুহত দাখিল আৰু ওলমি থকা গোচৰৰ মণিটৰিং কৰি থকা সংস্থা নেচনেল জ্যুডিছিয়েল ডাটা গ্ৰিড চমুকৈ এনজেডিজিয়ে এই তথ্য প্ৰকাশ কৰিছে৷ এটা দশকতকৈ অধিক সময় ধৰি ওলমি থকা মুঠ গোচৰৰ ভিতৰত ২৮ লাখ গোচৰ জিলা আৰু অধিনস্থ আদালতত ওলমি আছে৷ তাতে আকৌ ৯.২০ লাখ গোচৰ দেশৰ বিভিন্ন উচ্চ ন্যায়ালয়ত ওলমি আছে৷

এনজেডিজিৰ পৰিসংখ্যা সমুহ যদি বিশ্লেষণ কৰিলে এই ওলাই পৰে যে ৬.৬০ লাখ গোছৰ ২০ বছৰতকৈ অধিক সময় ধৰি ওলমি আছে আৰু ১.৩১ লাখ গোছৰ তিনি দশক অৰ্থাৎ ৩০ বছৰতকৈ অধিক সময় ধৰি ওলমি আছে৷

১৫ জুনত উচ্চতম ন্যায়ালয়ে হত্যাৰ দোষীৰ জামিন আবেদনৰ শুনানী গ্ৰহণ কৰি উচ্চ ন্যায়ালয়ত ওলমি থকা, বিশেষকৈ অপৰাধিক আবেদনৰ প্ৰতি গভীৰ অসন্তুষ্টি প্ৰকাশ কৰিছিল৷ ন্যায়ালয়ে কৈছিল যে ইমান ডাঙৰ পৰিসংখ্যাৰ অপৰাধিক আবেদন ওলমিবলগীয়া হোৱাটো ন্যায়িক ব্যৱস্থাৰ বাবে প্ৰত্যাহ্বান৷

আদালতে কয় যে ত্বৰিৎ শুনানীৰ অধিকাৰত অপৰাধিক আবেদনৰ ত্বৰিৎ সমাধান কৰাও চামিল আছে৷ আদালতে আৰু কয় যে যদি এই ধৰণেৰে আপীল আবেদন উপযুক্ত সময়ত শুনানী নহয়, তেন্তে আপীলৰ আধিকাৰ স্বয়ং এক ভ্ৰম হৈ পৰে৷

উচ্চতম ন্যায়ালয়ে এলাহাবাদ, ৰাজস্থান, মধ্য-প্ৰদেশ, পাটনা, উড়িষ্যা, বম্বে উচ্চ ন্যায়ালয়ক ওলমি থকা অপৰাধিক আপীল মিমাংসা কৰিবলৈ এক বিস্তৃত কাৰ্য-প্ৰণালী তৈয়াৰ কৰাৰ নিৰ্দেশ দিছে৷

এনজেডিজি অনুসৰি জিলা আৰু তালুকা আদালতত ওলমি থকা মুঠ ৩.২০ কোটি গোছৰৰ পৰা ৮.৫ শতাংশ বা ২৮ লাখ গোছৰ ১০ বছৰতকৈ অধিক সময় ধৰি ওলমি আছে৷ প্ৰায় ১.৫ শতাংশ অৰ্থাৎ ৫ লাখতকৈ অধিক গোছৰ এই আদালতসমুহত ২০ বছৰতকৈ অধিক আৰু ৮৫,১৪১ গোছৰ ৩০ বছৰতকৈ অধিক সময় ধৰি ওলমি আছে৷

অৱশ্যে ইয়াৰ তুলনা উচ্চ ন্যায়ালয়ত ওলমি থকা গোছৰৰ সৈতে কৰো তেন্তে জিলা আদালতসমুহ ভাল স্থিতিত থকা যেন লাগে৷ দেশৰ ২৫খন উচ্চ ন্যায়ালয়ত মুঠ ৪৭ লাখতকৈ অধিক গোছৰ ওলমি আছে৷ ইয়াত ১৯.২৬ শতাংশ অৰ্থাৎ ৯.২০ লাখৰো অধিক গোছৰ ১০ বছৰতকৈ অধিক সময় ধৰি পৰি আছে৷ আনহাতে, ১.৫০ লাখ গোছৰ(৩.৩শতাংশ) ২০ বছৰতকৈ অধিক সময় আৰু ৪৬,৭৫৪ গোছৰ ৩০ বছৰতকৈ অধিক সময় ধৰি উচ্চ ন্যায়ালয়ত লম্বিত হৈ আছে৷

জিলা আৰু তালুকা আদালতত ১০ বছৰৰো অধিক সময় ধৰি বিচৰাধীন মুঠ ২৮ লাখ গোচৰৰ ভিতৰত ৪০ শতাংশ গোচৰ ভাৰতৰ সর্বাধিক জনবহুল ৰাজ্য উত্তৰপ্রদেশত বিচৰাধীন হৈ আছে আৰু এই আদালতসমুহত মুঠ গোচৰৰ ৪৩ শতাংশ ২০ বছৰৰো বেছি সময় ধৰি বিচাৰাধীন হৈ আছে। আৰু ৩০ বছৰতকৈ বেছি সময় ধৰি বিচৰাধীন গোচৰৰ ৪০ শতাংশ উত্তৰ প্রদেশত বিচৰাধীন হৈ আছে৷

দেশজুৰি উচ্চন্যায়ালয়ত লম্বিত মুঠ গোচৰৰ ভিতৰত আটাইতকৈ বেছি গোচৰ উত্তৰ প্ৰদেশৰ এলাহাবাদ উচ্চ ন্যায়ালয়ত লম্বিত৷ ১০ বছৰৰ অধিক সময় ধৰি উচ্চ ন্যায়ালয়ত ওলমি থকা গোচৰ হ’ল ৯,২০,০০০ টা গোচৰৰ ভিতৰত ৩০ শতাংশ অৰ্থাৎ ২,৭৬,০০০ গোচৰ ইয়াত ওলমি আছে৷

No comments