এগৰাকীয়ে জেলত বন্দী নিজৰ কন্যাৰ কাষত থিয় দিছে আৰু আনগৰাকীয়ে ধিক্কাৰ দিছে। ছফিউল ইছলাম নতাশা নাৰৱালক দিল্লীৰ সাম্প্ৰদায়িক সংঘৰ্ষ আৰু অমূল্...
এগৰাকীয়ে জেলত বন্দী নিজৰ কন্যাৰ কাষত থিয় দিছে আৰু আনগৰাকীয়ে ধিক্কাৰ দিছে।
ছফিউল ইছলাম
নতাশা নাৰৱালক দিল্লীৰ সাম্প্ৰদায়িক সংঘৰ্ষ আৰু অমূল্যা লিঅ’নাক হিন্দুস্থান জিন্দাবাদ, পাকিস্তান জিন্দাবাদ শ্লোগান দিয়াৰ ষড়যন্ত্ৰৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছিল। কিন্তু তেওঁলোকৰ পিতৃসকলে নিজ কন্যাৰ ওপৰত যেনেদৰে প্ৰতিক্ৰিয়া দিছে, আজিৰ ভাৰতৰ বিষয়ে বহু কথাই বিৱৰি কয়।
চলিত বছৰত দিল্লীৰ হিংসাত্মক ঘটনা আৰু চি এ এ-এন আৰ চিৰ বিৰোধিতা প্ৰদৰ্শনৰ কাহিনীৰ মাজতে আমাৰ সমাজৰ দুই কন্যাৰ পিতৃৰ কাহিনী পোহৰলৈ আহিছে। এগৰাকী জে’লত বন্দী নিজ কন্যাৰ কাষত থিয় দিছে আৰু আনগৰাকীয়ে নিজৰ কন্যাক একপ্ৰকাৰ ত্যাগ কৰিছে।
ফেব্ৰুৱাৰীত ছাত্ৰকৰ্মী অমূল্যা লিঅ’নাই হায়দৰাবাদৰ এক সভালৈ গৈছিল, য’ত সাংসদ ওৱেইছীয়ে ভাষণ দি আছিল। অমূল্যাই সেই মঞ্চৰ পৰা হিন্দুস্থান জিন্দাবাদ আৰু পাকিস্তান জিন্দাবাদৰ শ্লোগান দিছিল। লগে লগে মঞ্চত মজুত থকা ওৱেইছী আৰু অন্যান্য লোকসকলে এই শ্লোগানৰ মাজতে ৰখাই দিলে। এই শ্লোগানৰ পিছত অমূল্যাৰ ওপৰত দেশদ্ৰোহৰ গোচৰ দাখিল কৰা হৈছিল আৰু ছাত্ৰীগৰাকীক জে’ললৈ প্ৰেৰণ কৰা হয়। এই ধৰণেৰে ভাৰতে এগৰাকী ১৯ বছৰীয়া ছোৱালীৰ মাজত এক নতুন শত্ৰু পালে।
মে’ত পিঞ্জৰা তোড়সমূহৰ নতাশা নাৰৱালক দিল্লী আৰক্ষীয়ে ফেব্ৰুৱাৰীত ৰাজধানী দিল্লীত হোৱা সাম্প্ৰদায়িক সংঘৰ্ষত তথাকথিত ভূমিকাৰ বাবে আপা, অৰ্থাৎ অসামাজিক কাৰ্যকলাপ প্ৰতিৰোধ আইনৰ অধীনত গ্ৰেপ্তাৰ কৰে। তেতিয়াৰ পৰা এতিয়ালৈ তিহাৰ জে’লত বন্দী নতাশা।
অমূল্যাৰ হতাশ পিতৃ বোজাল্ড লিঅ’নাই কয়- তাই জে’লতে পচা উচিত, কাৰণ তাই ভাৰতীয়ৰ অনুভূতিত আঘাত দিছে। তেওঁ অমূল্যাক ৰাজহুৱাভাৱে পৰিত্যাগ কৰিছে আৰু কৈছে যে আৰক্ষীয়ে তাইৰ ভৰি ভাঙি দিয়া উচিত।
অধিকাংশ ভাৰতীয় জাত-পাতৰ সমৰ্থক, মহিলাবিৰোধী আৰু সংখ্যালঘুৰ প্ৰতি ঘৃণা কৰে। এই কথাটোত আশ্চৰ্য প্ৰকাশ কৰিবলগীয়া একো নাই যে এই কাৰণেই পিতৃয়ে কন্যাক জে’লত বন্দী কৰাৰ প্ৰয়াস কৰে। যদি অমূল্যাই বিশ্বৰ মানৱতাৰ বাবে থিয় দিয়াৰ কথা কৈ আছে তেন্তে আমি তাক ৰাষ্ট্ৰবিৰোধী কৃতকাৰ্য বুলি ক’ব নোৱাৰো।
নতাশাৰ ৭০ বছৰীয়া পিতৃ মহাবীৰ নাৰৱালে কয়- ‘যদি অমূল্যাৰ চিন্তা-চৰ্চা কৰোৱাৰ প্ৰতি ঘৃণাৰ বাবে ওপজা নাই আৰু মানৱতাবাদী দৃষ্টিকোণ ৰাখে, তেনেহ’লে ইয়াত পৰিয়ালে তাইৰ কাষত থিয় দিয়া উচিত। মহিলাৰ স্বতন্ত্ৰ বিচাৰধাৰাক মৌলবাদী বুলি খাৰিজ কৰা উচিত নহয় আৰু ডাঙৰ কথাটো হ’ল- এইটো জৰুৰী নহয় যে মৌলবাদী মানে দেশবিৰোধী হোৱা।’
এই পাৰ্থক্য প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ আৰু বৰ্তমান বি চি চি আইৰ অধ্যক্ষ সৌৰভ গাংগুলীয়েও বুজি নাপায়। আপোনালোকৰ নিশ্চয় মনত আছে যে তেওঁৰ কন্যা ছানাই ইনষ্টাগ্ৰামত চিএএবিৰোধী প’ষ্টৰ পিছত সৌৰভ গাংগুলীয়ে কৈছিল- ছানাই এতিয়াও ৰাজনীতিৰ বিষয়ে বুজি নাপায়।
এখন পুৰুষতান্ত্ৰিক সমাজত মহিলাই যিকোনো বিষয়ত নিজৰ বিচাৰধাৰা প্ৰকাশ কৰিবলৈ হয় বহুত অপৰিপক্ব বা বহুত বুঢ়ী নাইবা একো বুজি নাপায়।
এই সন্দৰ্ভত মহাবীৰে কয়- ‘আপুনি নিজৰ কন্যাৰ সৈতে সহমত আৰু অসহমত হ’ব পাৰে। নতাশা আৰু মই কে’বাবাৰো অসহমত হওঁ। মোৰ স’তে পৰিৱৰ্তন ডাঙৰ আৰু সম্পূৰ্ণ হ’ব লাগে, কিন্তু নতাশাৰ মতে পৰিৱৰ্তন সৰু সৰু পদক্ষেপৰ পৰা অহা উচিত।’
মহাবীৰে হাঁহি কয়- ‘কিছুমান বিষয়ত তাই মোক পাঠ পঢ়াই দিয়ে। মহাবীৰ হাৰিয়াণা বিজ্ঞান মঞ্চৰ মুৰববী, যি বিজ্ঞান আৰু বৈজ্ঞানিক চিন্তা-চৰ্চাক আগুৱাই নিয়াৰ বাবে কাম কৰে। এগৰাকী পিতৃ হিচাপে তেওঁ এইটো কথা বিনম্ৰতাৰে স্বীকাৰ কৰে যে তেওঁ নিজৰ কন্যাৰ পৰাও বহু শিকে আৰু এই কথাত কোনো ধৰণৰ লাজৰ কথা নাই যে আপুনি আপোনাৰ আশে-পাশে থকা মহিলাৰ পৰা কিবা শিকি আছে। তেওঁ জে’লত বন্দী নিজ কন্যাৰ কাষত থিয় দিছে। তাইক ধিক্কাৰ দিয়া নাই।
অন্যসকলৰ দৰে মহাবীৰে নাভাবে যে তেওঁ সকলো জানে আৰু তেওঁ নিজৰ ল’ৰা-ছোৱালীক বাৰে বাৰে সঠিক কৰাৰ প্ৰয়োজন আছে। বিশেষকৈ নিজৰ কন্যাক। আমি প্ৰায়ে মধ্যম বয়সৰ ভাৰতীয় লোকক সামাজিক মাধ্যমত যুৱক-যুৱতীসকলক সংখ্যালঘু আৰু মহিলাৰ প্ৰতি ঘৃণাৰ বাবে উচটোৱা দেখিবলৈ পাওঁ। মই এই নতুন প্ৰৱণতাক আংকল কমিউনিলিজম কওঁ। যিসকলে নিজৰ পত্নীৰ বিষয়ে কৌতুক বনোৱা উচিত বুলি ভাবে আৰু কেতিয়াবা মন গ’লে ইছলামফ’বিয়াক উৎসাহিত কৰে। তেওঁলোকে ভাবে যে কন্যা কলেজলৈ যোৱা আৰু জীন্স পিন্ধাৰ ৰেহাই দিয়াই যথেষ্ট, তেওঁলোকৰ নিজৰ বিচাৰধাৰাৰ কোনো প্ৰয়োজন নাই।
বোজাল্ড লিঅ’নাও নিজৰ বিবেকৰ হিচাপত ৰাষ্ট্ৰবিৰোধী কথাৰ বাবে নিজৰ কন্যাক পৰিত্যাগ কৰা জৰুৰী বুলি ভাবে। কন্যাৰ প্ৰতি এই মানসিকতা এনে যে অমূল্যাৰ দৰে পৰিস্থিতি সৃষ্টি হোৱাৰ লগে লগে তেওঁৰ পৰা চিন্তা কৰাৰ শক্তি কাঢ়ি লোৱা হয়। বোজাল্ডে কয়- তাই কিছু কিবা মুছলমান গ্ৰু¸পত যোগ দিছিল আৰু মোৰ কথা শুনা নাছিল।
ইয়াৰ বিপৰীতে, মহাবীৰ নাৰৱালে নিজৰ কন্যাক দেখা পাই শক্তি অনুভৱ কৰে। তেওঁ জে’লত তাইক দেখা কৰিবলৈ কে’বাবাৰো গৈছে আৰু এতিয়া নিজৰ কন্যাৰ এক পৃথক ছবি দেখিবলৈ পাইছে।
নতাশাই জে’লত অন্য কাৰাবন্দীসকলক যোগ শিকাই আছে। তাইৰ বিষয়ে এগৰাকী আৰক্ষীয়ে পিতৃক কৈছে যে তাই সহজতে ভয় খোৱা বিধৰ নহয়।
‘শেহতীয়া বছৰবোৰত আমি ভাৰতত নাৰীবাদ, বৈজ্ঞানিক চিন্তাধাৰা আৰু প্ৰগতিশীলতাৰ প্ৰতি এক অন্য ধৰণৰ ঘৃণা দেখা পাইছো’– মহাবীৰ নাৰৱালে ব্যক্ত কৰা ধৰণে দিল্লী আৰক্ষীৰ দ্বাৰা পিঞ্জৰা তোড়ৰ কৰ্মীৰ গ্ৰেপ্তাৰী এই ঘৃণাৰেই পৰিণামস্বৰূপ। দিল্লী আৰক্ষী পিঞ্জৰা তোড় গ্ৰু¸পক সদায় অপচন্দ কৰি আহিছে।
মহাবীৰৰ মতে, আমাৰ কন্যাই বিৱৰ্ধন হৈ আছে। যেতিয়া আমি আপাতকালৰ বিৰোধিতা কৰি আছিলো, তেতিয়া কিছুমান মানুহে আমাক ৰেডিকেল বুলি ভাবিছিল। কিন্তু আমাক ইতিহাসে ৰেডিকেল বুলি লিখা নাই। মই আপত্তিকালৰ সময়ত জে’ললৈ গৈছিলো আৰু মোৰ কন্যা আফতকালৰ সময়ত।
স্বতন্ত্ৰ মহিলাৰ বিচাৰধাৰাৰ পৰা বিশ্ব ভয়াতুৰ হৈ পৰিছে। মহাবীৰে কয়- নতাশা জে’লৰ পৰা বাহিৰ ওলোৱাটো অপেক্ষা কৰি আছো আৰু যেতিয়া তাই আহিব তেতিয়া দুয়ো জে’লৰ অনুভৱৰ ওপৰত দীঘলীয়া বাৰ্তা কৰিম।
যদিহে বোজাল্ড লিঅ’নাই মহাবীৰ নাৰৱালৰ পৰা এটা-দুটা কথা শিকিলেহেঁতেন·
ফোন – ৯৪০১২৪৮৫১০
No comments