Page Nav

HIDE

Grid

GRID_STYLE

Pages

Classic Header

{fbt_classic_header}

Header Ad

Breaking News

latest

কোলাত শিশুলৈ ক্ৰন্দনৰত ঋতুপৰ্ণৰ পত্নীৰ সেই মৰ্মান্তিক দৃশ্যটো I আমি কি কৰিব পাৰো?

আহক    আমি ন্যায়ৰ বন্তিবাহক হওঁ ছফিউল ইছলাম ঋতুপৰ্ণাৰ পত্নীয়ে কোলাত শিশুলৈ ক্ৰন্দনৰ দৃশ্য অতি মৰ্মান্তিক৷ কোনে জানে কাইলৈ যদি আপ...


আহক  আমি ন্যায়ৰ বন্তিবাহক হওঁ

ছফিউল ইছলাম
ঋতুপৰ্ণাৰ পত্নীয়ে কোলাত শিশুলৈ ক্ৰন্দনৰ দৃশ্য অতি মৰ্মান্তিক৷ কোনে জানে কাইলৈ যদি আপোনাৰ শিশুৱে এনে দৃশ্য প্ৰত্যক্ষ কৰিব লাগে৷ আপোনাৰ পত্নীয়েও যদি আপোনাৰ কাৰণে বিলাপ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয় তেন্তে আপোনাক সান্তনা দিবলৈ কোনো নাথাকিব৷ বিগত কিছুবছৰ ধৰি ভীৰৰদ্বাৰা বা গণপ্ৰহাৰত বহুলোকৰ মৃত্যু ঘটিছে৷ শেহতীয়াকৈ এইধৰণৰ হত্যা আমাৰ অসমলৈ বিয়পি পৰিল৷ মহম্মদ আখলাকৰ পৰা আৰম্ভ কৰি মাত্ৰদুদিনৰ আগতে গুৱাহাটীৰ নুনমাটিত হত্যাৰ বলি হোৱা ঋতুপৰ্ণ পেগুলৈ বিভিন্ন গইনাত মানৱতাৰ অপমৃত্যু ঘটিল৷ কাৰোবাক যদি গো-মাংসৰ নামত, কাৰোবাক জয়শ্ৰী ৰামৰ নামত, আন কাৰোবাক আকৌ অন্ধবিশ্বাসৰ নামত, কিছুমানক আকৌ অপহৰণৰ নামত৷ ৰাষ্ট্ৰীয় পৰ্যায়ত ইয়াক লৈ #notInmyName অভিযান চলোৱা হৈছিল৷সেই অভিযান বৰ্তমান বন্ধ হৈ আছে৷আখলাকৰ হত্যাৰ পিছত আশা কৰা হৈছিল যে ৰাষ্ট্ৰ যন্ত্ৰই বিষয়টো গুৰুত্বসহকাৰে লৈ সময়োপযোগী পদক্ষেপ লৈ এনে হত্যাকাণ্ড চিৰদিনলৈ বন্ধ কৰিব৷ কিন্তু কাৰ্যতঃ সেয়া হৈ নুঠিল৷তাৰ পৰিণামস্বৰূপে লাহে লাহে আজি অসমলৈ বিয়পি পৰিল৷কাৰ্বি পাহাৰত অভি-নীলক হত্যা কৰাৰ পৰা ঋতুপৰ্ণলৈ বহকেইজন এনে হত্যাৰ বলি হ’ল৷
এনেসময়ত আমি কি কৰিব পাৰো৷আমি এনেধৰণৰ হত্যাৰ বিৰোধিতা কৰা উচিত৷ এইটো সময়ৰ দাবী আৰু ন্যায় বিচাৰৰ বাবে থিয় দিয়াটো হজৰত মহম্মদ(ছঃ)ৰ ছুন্নত৷কিয়নো আল্লাই পৱিত্ৰ কোৰানত কৈছে ‘‘আমি আমাৰ ৰছুলসকলক সুস্পষ্ট নিদৰ্শনৰ সৈতে পঠাইছো আৰু তেওঁলোকৰ লগত পুথি আৰু ন্যায়-নীতিৰ মানদণ্ডও প্ৰেৰণ কৰিছো, যাতে  মানুহে ন্যায়-নিষ্ঠাৰ ওপৰত প্ৰতিষ্ঠিত থাকিব পাৰে৷ (ছুৰা-৫৭ আয়াত ২৫)৷
এনে ধৰণৰ হত্যা লীলাৰ বিৰুদ্ধে আমি কি কৰিব পাৰোঃ

  •    আমি শান্তিপুৰ্ণ প্ৰতিবাদত অংশগ্ৰহণ কৰিব পাৰো৷
  •    সাংবাদিক- সম্পাদকলৈ ফোন কৰি অপৰাধীৰ ধৰ্মৰ ওপৰত নহয় অপৰাধ আৰু ৰাইজৰ প্ৰতিবাদক গুৰুত্ব দিবলৈ আহ্বান জনাব পাৰে৷ ৷
  •    #justiceForRituparnaPegu#EverylivesMatter অভিযান চলাব পাৰে৷
  •    যদি প্ৰয়োজন হয় ভুক্তভোগীৰ পৰিয়ালক সহায় আগবঢ়াব লাগে৷
ভীৰতন্ত্ৰৰ দ্বাৰা হত্যাৰ ঘটনাক গুৰুত্বসহকাৰে লোৱা উচিত মুছলমান দল-সংগঠনে

  •   কাৰণ ন্যায়ৰ সপক্ষে থিয় দিয়া নবীয়ে শিকাই দিয়া দায়িত্ব৷হজৰত মহম্মদ(ছঃ)এ জীৱনৰ অন্তিমটো হজৰ ভাষণত এই দায়িত্ব আমাৰ ওপৰত এৰিছে৷আৰু হজ কৰিবলৈ গৈ সেইকাৰণেই ক’বলগা হয়—লাব্বাইক আল্লাহুমা লাব্বাইক(অৰ্থাৎ হে আল্লাহ মই আপোনাৰ সেৱাত উপস্থিত হৈছো৷)
  •   আমি তেতিয়ালৈ ভাল মুছলিম হ’ব নোৱাৰিম যেতিয়ালৈ আমাৰ অন্তৰত আনৰ কাৰণে মানৱতা জাগ্ৰত নহয়৷
  •   আমি এই কাৰণে ভীৰতন্ত্ৰৰ দ্বাৰা হত্যাৰ বিৰুদ্ধে থিয় দিব লাগে কিয়নো আমাৰ সম্প্ৰদায়ৰ অধিকসংখ্যকে ইয়াৰ ভুক্তভোগী৷মুছলমান সমাজ ইয়াৰ বাবে দুবাৰ ভুগিব লাগে৷ এবাৰ মুছলমান হোৱাৰ বাবে হত্যাৰ বলি হয়, পিছৰবাৰ আইনী মেৰপাকৰ বাবে৷
  •    আমি সেইসকলৰ হৈ থিয় দিব লাগে যিসকলে আমাৰ হৈ থিয় দিয়ে৷

মুছলমান সমাজে কৰিবলগীয়া কাম

—আমি মুছলমান দল সংগঠনক ৰছুলৰ এই কামৰ বাবে উৎসাহিত কৰিব লাগেঃ
·         প্ৰত্যেক শুকুৰবাৰে ন্যায় বিচাৰ আৰু ইয়াৰ বাবে প্ৰয়োজনীয় সংগ্ৰামৰ ওপৰত খুতবা দিব লাগে৷
·         শিক্ষাক মাইলৰ খুঁটি হিচাপে প্ৰতিষ্ঠা কৰিব লাগে৷
·         প্ৰ্ত্যেকখন চহৰত এনে হত্যাৰ বিৰুদ্ধে সংগঠিত আন্তঃধৰ্মীয় অনুষ্ঠানৰ সৈতে মতবিনিময় কৰিব লাগে৷
·         অপৰাধ অপৰাধেই, অপৰাধৰ কোনো ধৰ্ম নাই৷ বিষয়টোৰ ওপৰত আলোচনা অনুষ্ঠিত কৰিব পাৰে৷
·         ভাৰতীয় বৈচিত্ৰতাক ভালপোৱা লোকসকলক চিনাক্ত কৰিব লাগে৷
·         হত্যা হিংসাক উচটনি দিয়াসকলৰ বিৰুদ্ধে ওচৰৰ আৰক্ষী থানাত গোচৰ দাখিল কৰিব লাগে৷
·         সকলোৰে মাজত সজাগতাৰ সৃষ্টি কৰিব লাগে কোনেও এনেধৰণৰ কুচিন্তাৰ ফান্দত ভৰি নিদিয়ে৷মনত ৰাখিব আল্লাই আমাক পৱিত্ৰ কোৰআনত শিক্ষা দি কৈছে যে এজন নিৰপৰাধ লোকক হত্যা কৰাটোৱে সমগ্ৰ মানৱ জাতিক হ্ত্যা কৰা বুজায়৷ (কোৰআন-৫-৩২)

আহক আমিসকলোৱে ন্যায়ৰ বন্তিবাহক হওঁ
·         আল্লাই ন্যায় প্ৰদানৰ ক্ষেত্ৰত কৈছে—
‘‘হে ঈমানদাৰসকল, তোমালোকে ন্যায় বিচাৰত দৃঢ়প্ৰতিজ্ঞ হৈ থাকিবা৷ আল্লাহৰ পক্ষে সাক্ষ্য দিবা, সেয়া তোমালোকৰ নিজৰ বা পিতৃ-মাতৃৰ অথবা আত্মীয়-স্বজনৰ বিৰুদ্ধেই নহওঁক কিয় অথবা ধনী বা দৰিদ্ৰৰ পক্ষেই নহওঁক কিয়! সিঁহতৰ প্ৰতি তোমালোকতকৈ আল্লাহ বেছি হিতাকাঙ্খী৷তোমালোকে প্ৰবৃতিৰ কামনাৰ বশৱৰ্তী হৈ ন্যায় বিচাৰৰ পৰা বিৰত নাথাকিবা৷ তোমালোকে যদি (সত্যক) বিকৃত কৰা বা (ন্যায়) বিচাৰ কৰিবলৈ অনিচ্ছুক হোৱা (জানি থোৱা), তোমালোকৰ সকলো কাম-কাজৰ বিষয়ে আল্লাহ অৱগত হৈ থাকে৷ (কোৰআন—৪-১৩৫)

মনত ৰাখিব এতিয়া মৌন হৈ থাকিলে কাইলৈ আপুনিও ইয়াৰ দ্বাৰা আক্ৰান্ত হ’ব পাৰে৷ গতিকে এতিয়াই সময় এনেধৰণৰ হত্যা-হিংসাৰ বিৰুদ্ধে মাত মাতিবলৈ৷

নিৰপেক্ষ আৰু শুদ্ধ সাংবাদিকতাক সহায়-সহযোগিতা আগবঢ়াবলৈ নাপাহৰিব৷

patreon.com/safiulislams


2 comments

  1. পঢ়ি ভাল লাগিল, লেখাটিৰ সময়উপযোগী আৰু শুদ্ধ সত্য ৰূপ প্ৰকাশ হৈছে,অপৰাধীক কঠোৰতকৈ কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী কৰিছোঁ(জামিমলৈ মুক্ত আকাশৰ তললৈ এৰিদিয়াটো কৰিব নালাগে ন্যায়ালয়ে)

    ReplyDelete
    Replies
    1. ধন্যবাদ৷ আগলৈ উৎসাহ আৰু প্ৰেৰণা পাম বুলি আশা কৰিলো৷

      Delete