তুৰ্কী ৰাষ্ট্ৰপতি ৰিচেপ তৈয়িব এৰ্দোগানৰ হাতত দুটা বিকল্প আছিলঃ হয় খলিফা ওমৰ(ৰাঃ)ক নাইবা ছুলতান মেহমেদক অনুকৰণ কৰিব পাৰিলেহেঁতেন। কিন্তু তেওঁ...
তুৰ্কী ৰাষ্ট্ৰপতি ৰিচেপ তৈয়িব এৰ্দোগানৰ হাতত দুটা বিকল্প আছিলঃ হয় খলিফা ওমৰ(ৰাঃ)ক নাইবা ছুলতান মেহমেদক অনুকৰণ কৰিব পাৰিলেহেঁতেন। কিন্তু তেওঁ ভুল পথ অনুসৰণ কৰিলে।
ছফিউল ইছলাম
তুৰ্কী ৰাষ্ট্ৰপতি ৰিচেপ তৈয়িব এৰ্দোগানৰ হাতত দুটা বিকল্প আছিলঃ হয় খলিফা ওমৰ(ৰাঃ)ক নাইবা ছুলতান মেহমেদক অনুকৰণ কৰিব পাৰিলেহেঁতেন। কিন্তু তেওঁ ভুল পথ অনুসৰণ কৰিলে।
১১ জুলাই, শুকুৰবাৰে তুৰ্কীৰ এখন আদালতে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হাগিয়া ছোফিয়া যাদুঘৰক মছজিদলৈ ৰূপান্তৰ কৰে। হাগিয়া ছেফিয়াক মছজিদলৈ ৰূপান্তৰ কৰাৰ লগে লগে বিশ্বজুৰি প্ৰতিক্ৰিয়াৰ ঢৌ উঠে। পোপ ফ্ৰান্সিছে ইস্তানবুলৰ হাগিয়া ছোফিয়াক পুনৰ মছজিদলৈ ৰূপান্তৰ কৰা তুৰ্কী চৰকাৰৰ সিদ্ধান্তক নিন্দা কৰে। ভেটিকানত অনুষ্ঠিত এখন সভাত ৰোমান কেথলিক ধৰ্মীয় গুৰু পোপ ফ্ৰান্সিছে কয় – ‘মই ইস্তানবুলৰ বিষয়ে ভাবি আছো, মই ছেণ্টা ছোফিয়াৰ বিষয়ে ভাবি আছো আৰু মই বহুত দুখ পাইছো।
ৱৰ্ল্ড কাউন্সিল অৱ চাৰ্ছে তুৰ্কীৰ ৰাষ্ট্ৰপতি এৰ্ডোগানক এই সিদ্ধান্ত সলনি কৰিবলৈ আহবান জনাইছে।
গ্ৰীছেও এই সিদ্ধান্তক সমালোচনা কৰিছে।ৰাষ্ট্ৰসংঘৰ সংস্থা ইউনেস্কোই কৈছে যে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কমিটীয়ে এতিয়া এই ভৱনৰ বৰ্তমান স্থিতিৰ সমীক্ষা কৰিব।
তুৰ্কীৰ জনপ্ৰিয় লেখক আৰু ন’বেল বিজেতা আৰহান পামুকে কয় যে তুৰ্কীৰ ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰৰ গৌৰৱ নাথাকে। তেওঁ আৰু কয় যে মোৰ দৰে লাখ লাখ তুৰ্কী মুছলমান এই সিদ্ধান্তৰ বিৰোধী।
ইপিনে, নিজৰ এই সিদ্ধান্তত অটল থাকি তুৰ্কীৰ ৰাষ্ট্ৰপতি ৰিচেপ তৈয়িব এৰ্ডোগানে কয় – ‘তুৰ্কী চৰকাৰে নিজৰ অধিকাৰ ব্যৱহাৰ কৰি এই সিদ্ধান্ত লৈছে। এই ভৱন ভৱিষ্যতে মুছলিম, অ-অমুছলিম আৰু অন্য বিদেশী পৰ্যটকৰ বাবে সদায় খোলা থাকিব।’
উল্লেখ্য যে হাগিয়া ছোফিয়াক মছজিদলৈ ৰূপান্তৰ কৰাৰ ঘোষণাৰ কিছু সময় পিছতে তাত আজান শুনা পোৱাৰ লগতে তুৰ্কীৰ সকলো প্ৰধান চেনেলত ইয়াৰ প্ৰচাৰ কৰা হৈছে।
হাগিয়া ছোফিয়াৰ ইতিহাস কি·
গম্বুজ থকা এই ঐতিহাসিক ভৱন ইস্তানবুলৰ বছফৰাছ নদীৰ পশ্চিম তীৰত অৱস্থিত। এছিয়া আৰু ইউৰোপ মহাদেশৰ সীমাক বিভক্ত কৰিছে বছফৰাছ নদীয়ে। এইখন নদীৰ পূবে এছিয়া আৰু পশ্চিমে ইউৰোপ মহাদেশ।
সম্ৰাট জাষ্টিনিয়নে ৫৩২ত এটা ভব্য গিৰ্জা নিৰ্মাণৰ আদেশ দিছিল। সেই সময়ত ইস্তানবুল কন্ষ্টেনটিনোপল বা কস্তুনতুনিয়া নামেৰে জনাজাত আছিল। ইয়াক পূবৰ ৰোমান সাম্ৰাজ্য বুলিও কোৱা হৈছিল।
এই বিশাল ভৱন নিৰ্মাণৰ বাবে বহু দূৰ-দূৰণিৰ পৰা সামগ্ৰী অনা হৈছিল আৰু অভিযন্তা আহিছিল। এই গিৰ্জা তুৰ্কীৰ সবাতোকৈ জনপ্ৰিয় পৰ্যটনস্থলীৰ অন্যতম।
গিৰ্জাটোৰ নিৰ্মাণকাৰ্য ৫৩২ খৃষ্টাব্দত আৰম্ভ হৈ ৫৩৭ খৃষ্টাব্দত অৰ্থাৎ ৫ বছৰত সমাপ্ত হৈছিল। ই গোড়া খ্ৰীষ্টানসকলৰ অন্যতম গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে পৰিগণিত হোৱাৰ লগতে বাইজাইণ্টাইন সাম্ৰাজ্যৰো প্ৰতীক হৈ পৰিছিল। আনকি, ৰাজ্যাভিষেকৰ ভব্য সমাৰোহো এই গিৰ্জাত অনুষ্ঠিত হৈছিল। হাগিয়া ছোফিয়াৰ অৰ্থ হৈছে ‘পৱিত্ৰ বিবেক’। ই প্ৰায় ৯০০ বছৰ খ্ৰীষ্টান গোড়া চাৰ্চৰ মুখ্য কাৰ্যালয় আছিল। মাজতে ১২০৪ খ্ৰীষ্টাব্দত ৪ৰ্থ ধৰ্মযুদ্ধৰ সময়ত ইয়াক ৰোমান কেথলিক কেথেড্ৰেললৈ পৰিৱৰ্তন কৰে। ১২৬১ খ্ৰীষ্টাব্দত সম্ৰাট বাইজাণ্টাইনে ইয়াক ইষ্টাৰ্ন অৰ্থডক্স চাৰ্ছলৈ ৰূপান্তৰ কৰে।
এই গিৰ্জাক লৈ অকল মুছলমান-খ্ৰীষ্টানৰ মাজতে বিবাদ হোৱা নাছিল, ১৩ শতাব্দীত ইয়াৰ ইউৰোপীয় খ্ৰীষ্টান আক্ৰমণকাৰীয়ে বেয়াকৈ ক্ষতিগ্ৰস্ত কৰে আৰু কেথলিক চাৰ্ছলৈ ৰূপান্তৰ কৰে।
১৪৫৩ চনত ইছলামত বিশ্বাসী অটমান সাম্ৰাজ্যৰ চুলতান মেহমেদ দ্বিতীয়ই কলষ্টাটিনপোল দখল কৰি ইয়াৰ নাম দিয়ে ইস্তানবুল আৰু এনেদৰেই বাইজাইষ্টাইন সাম্ৰাজ্যৰ সমাপ্তি ঘটে।
চুলতান মেহমেদে হাগিয়া ছোফিয়া ক্ৰয় কৰি মেৰামতি কৰে আৰু মছজিদ হিচাপে ব্যৱহাৰ কৰে। চুলতান মেহমেদে হাগিয়া ছোফিয়াক ৱাক্ফ সম্পত্তি হিচাপে গঢ় দিছিল। সেই মছজিদত চুলতান মেহমদ দ্বিতীয়ই প্ৰথমবাৰৰ বাবে শুকুৰবাৰৰ নামাজত অংশগ্ৰহণ কৰিছিল। আৰু এইদৰে হাগিয়া ছোফিয়া সম্ৰাটৰ মছজিদলৈ ৰূপান্তৰ হৈছিল। চুলতান মেহমেদে বিজয়ীৰ প্ৰতীক হিচাপে হাগিয়া ছোফিয়াক ৰাজকীয় মছজিদ বনাইছিল। কিন্তু চুলতান মেহমেদে যুদ্ধত বিধবস্ত হোৱা হাগিয়া ছোফিয়াৰ পুনৰ নিৰ্মাণ কৰিছিল আৰু হাগিয়া ছোফিয়াৰ চৌদিশে থকা অগাধ সম্পত্তিক ৱাকফ সম্পত্তি হিচাপে কামত লগাইছিল। হাগিয়া ছোফিয়াৰ উন্নয়ণৰ বাবে চুলতানে বিভিন্ন উৎসৰ পৰা পোৱা সোণ দান কৰিছিল দাতব্য অনুষ্ঠানলৈ। চুলতান মেহমেদে নবীকৰণৰ সময়ত হাগিয়া ছোফিয়াৰ কাষতে প্ৰাথমিক বিদ্যালয় স্থাপন কৰাৰ লগতে এখন পুঁথিভৰালো নিৰ্মাণ কৰাইছিল। অটমান সাম্ৰাজ্যক চুলতানত-ই-উচমানিয়া বুলিও কোৱা হয়।
প্ৰথমতে এই গিৰ্জা ঘৰত এটা গম্বুজ থকা ভৱন আছিল, কিন্তু বাহিৰত ইছলামী শৈলীৰ ছখন মিনাৰ নিৰ্মাণ কৰা হৈছিল।
১৭ শতাব্দীত নিৰ্মিত প্ৰখ্যাত নীলা মছজিদসহ বিশ্বৰ কেইবাটাও প্ৰসিদ্ধ ভৱনৰ আৰ্হিৰ প্ৰেৰণাৰ উৎস হাগিয়া ছোফিয়া বুলি জনাজাত।
প্ৰথম বিশ্বযুদ্ধত অটমান সাম্ৰাজ্যই পৰাজয়বৰণ কৰিব লগা হয় আৰু উক্ত সাম্ৰাজ্যক বিজেতা দেশে কেইবাটাও ভাগত টুকুৰা-টুকুৰ কৰি পেলায়। বৰ্তমানৰ তুৰ্কী সেই বিধবস্ত অটমান সাম্ৰাজ্যৰ ভেটিতো থিয় দি আছে।
আধুনিক তুৰ্কীৰ নিৰ্মাতা বুলি পৰিচিত মুস্তফা কামাল পাছাই দেশখনক ধৰ্মনিৰপেক্ষ ঘোষিত কৰে আৰু ইয়াৰ ধাৰাবাহিকতা হিচাপে হাগিয়া ছোফিয়াক মছজিদৰ পৰা মিউজিয়ামলৈ সলনি কৰিছিল। ১৯৩৪ চনৰ নবেম্বৰ মাহৰ ২৪ তাৰিখে তুৰ্কী প্ৰজাতন্ত্ৰৰ কেবিনেট সিদ্ধান্ত অনুযায়ী মিউজিয়ামলৈ পৰিৱৰ্তন কৰিছিল।
১৯৩৫ চনত হাগিয়া ছোফিয়াক সাধাৰণ জনতাৰ বাবে মুকলি কৰি দিছিল আৰু তেতিয়াৰ পৰাই ই বিশ্বৰ অন্যতম পৰ্যটনস্থলী হিচাপে পৰিগণিত হৈ আহিছে।
হাগিয়া ছোফিয়া বৰ্তমানৰ স্থানত নিৰ্মাণ কৰা হৈছিল ৪ৰ্থ শতিকাত আৰু বৰ্তমানৰ গাঁথনি নিৰ্মাণ কৰা হৈছিল ৬ষ্ঠ শতিকাত। গতিকে ১৭০০ বছৰৰ ইতিহাসত এই ভৱনে তিনি ধৰণেৰে কাৰ্য সম্পাদন কৰিছে। ১১০০ বছৰ খৃষ্টান উপাসনালয়, ৫০০ বছৰ মুছলিম উপাসনালয় আৰু প্ৰায় ১০০ বছৰ যাদুঘৰ হিচাপে।
এইখিনিতে এটা উদাহৰণ দিব বিচাৰিছো, ৬৩৮ খ্ৰীষ্টাব্দত মুছলিম সেনাই জেৰুজালেম ঘেৰাও কৰিছিল। প্ৰতিৰক্ষাৰ নেতৃত্বত আছিল গোড়া পেট্ৰিয়াৰ্ক ছফ্ৰোনিছ। পৰিস্থিতি আছিল হতাশাজনক। চহৰখন পতনৰ দিশে আগবাঢ়িছিল। কিন্তু ছফ্ৰোনিছে চহৰখনক পতনৰ দিশে যোৱাটো বিচৰা নাছিল। তেওঁ অৱৰোধকাৰী সেনা-বাহিনীৰ কামাণ্ডাৰলৈ এটি প্ৰস্তাৱ প্ৰেৰণ কৰিলে এই বুলি যে তেওঁ খলিফা ওমৰ(ৰাঃ)ৰ ওচৰত ব্যক্তিগতভাৱে চহৰখন সমৰ্পণ কৰিব।
ওমৰ (ৰাঃ)যথাযথভাৱে জেৰুজালেমলৈ গৈ আত্মসমৰ্পণ কৰা চহৰ গ্ৰহণ কৰিছিল। খলিফা ওমৰ (ৰাঃ) যেতিয়া চহৰখনত প্ৰৱেশ কৰিছিল, তেতিয়া এনেধৰণৰ সমস্যাৰ সন্মুখীন হৈছিল। তেওঁক পৰামৰ্শ দিয়া হৈছিল যে তেওঁ ‘চাৰ্চ অৱ দ্য হলী চেপুলচাৰ’ত প্ৰাৰ্থনা কৰক, যাক খৃষ্টানসকলে যিশুখৃষ্টৰ মৃত্যু, সমাধিস্থ আৰু পুনৰুত্থানৰ স্থান বুলি বিশ্বাস কৰে। কিন্তু খলিফা ওমৰ(ৰাঃ)এ অস্বীকাৰ কৰিছিল এই বুলি যে তেওঁ যদি তাত প্ৰাৰ্থনা কৰে তেন্তে তেওঁৰ পিছত যিসকল আহিছে তেওঁলোকে চাৰ্ছটোক মছজিদলৈ ৰূপান্তৰ কৰিব। তাৰ পৰিৱৰ্তে, তেওঁ গিৰ্জাৰ দুৱাৰমুখলৈ গৈ এটুকুৰা শিল তুলি দলি মাৰি দিছিল। এই শিলটুকুৰা য’ত পৰিছিল খলিফা ওমৰ(ৰাঃ) সেই স্থানত নামাজ পঢ়িছিল আৰু তেওঁৰ মছজিদ আজিও সেই স্থানতে আছে।
তুৰ্কী ৰাষ্ট্ৰপতি ৰিচেপ তৈয়িব এৰ্দোগানৰ হাতত দুটা বিকল্প আছিলঃ হয় খলিফা ওমৰ(ৰাঃ)ক নাইবা ছুলতান মেহমেদক অনুকৰণ কৰিব পাৰিলেহেঁতেন। কিন্তু তেওঁ ভুল পথ অনুসৰণ কৰিলে।
লেখকৰ ফোন- ৯৪০১২৪৮৫১০
https://www.patreon.com/safiulislams
No comments