—এনডিএৰ পৰা ছোৱাৰ্ড অৱ অনাৰ (Sword Of Honour) সন্মান লাভ কৰে৷ —বায়ু সেনাৰ যুঁজাৰু বিমান মিৰাজ - ২০০০ , মিগ - ২১ আৰু কিৰণ বিমানত ...
—এনডিএৰ পৰা ছোৱাৰ্ড অৱ অনাৰ (Sword Of Honour) সন্মান লাভ কৰে৷
—বায়ু
সেনাৰ যুঁজাৰু বিমান মিৰাজ-২০০০,
মিগ-২১ আৰু কিৰণ
বিমানত ৩,০০০ ঘণ্টাৰ
দূৰ্ঘটনামুক্ত উৰণৰ অভিলেখ
—ফ্ৰান্স প্ৰকল্প ব্যৱস্থাপনা দলৰ সমন্বয়ক
ফ্ৰান্সৰ পৰা ভাৰতৰ ৰাফাল বুধবাৰে দুপৰীয়া দুই বজাত আম্বালা এয়াৰবেছত উপস্থিত হৈছে, য’ত পানীৰ ফোৱাৰাৰে ছালামী দিয়া হ’ব৷ তাৰ মাজতে এনে এটা নাম ৰাতিৰ ভিতৰতে চৰ্চালৈ আহিল, যাৰ বিষয়ে সমগ্ৰ আচৰিত৷ এয়াৰ কম’ড’ৰ হিলাল আহমেদ ৰাথেৰ অকল কাশ্মিৰৰে নহয়, সমগ্ৰ দেশতে ৰাতিৰ ভিতৰতে চৰ্চাৰ বিষয় হৈ পৰিছে৷ ইয়াৰ কাৰণ হ’ল ৰাফেল উৰোৱা বাৰতৰ প্ৰথমগৰাকী পাইলটৰ সন্মান নিজৰ নামত কৰিছে৷ কাশ্মীৰৰ হিলাল আহমেদ সেইগৰাকী ব্যক্তি, যিগৰাকীয়ে ৰাফেল যুদ্ধ বিমানৰ প্ৰথমটো ডেলিভাৰী দিয়ে৷ যি ফ্লান্সৰ পৰা ভাৰতলৈ সোমবাৰে যাত্ৰা আৰম্ভ কৰিছিল৷ কেৱল এয়াই নহয় ৰাথেৰ ভাৰতীয় প্ৰয়োজন অনুসৰি ৰাফেল বিমানৰ সশস্ত্ৰীকৰণৰ লগতো জড়িত আছিল৷ ৰাফেলত ভাৰতীয় সংস্কৰণ অনুসৰি হিলাল আহমেদে অস্ত্ৰ-শস্ত্ৰৰে সজ্জিত কৰে আৰু ইয়াৰ তৎক্ষণাত ডেলিভাৰীও সুনিশ্চিত কৰে৷ ফ্ৰান্স প্ৰকল্প ব্যৱস্থাপনা দলৰ সমন্বয়ক হিচাপেও তাত কৰ্মৰত৷
বাতৰি প্ৰতিষ্ঠানৰ খবৰ অনুসৰি হিলাল আহমেদ এতিয়াও ফ্ৰান্সত ভাৰতৰ এয়াৰ সংলগ্ন হিচাপে সেৱা আগবঢ়াই আছে৷ ভাৰতীয় বায়ুসেনাৰ এই বিষয়াগৰাকীৰ বিৱৰণ অনুসৰি হিলাল আহমদ বিশ্বৰ সৰ্বশ্ৰেষ্ঠ ফ্লায়িং বিষয়া৷ ভাৰতীয় বায়ুসেনা বিষয়া হিলাল আহমদ দক্ষিণ কাশ্মীৰৰ অনন্তনাগ জিলাৰ এক মধ্যবিত্ত পৰিয়ালৰ৷ তেওঁৰ পিতৃ প্ৰয়াত মহম্মদ আব্দুল্লাহ ৰাথেৰ জম্মু আৰু কাশ্মীৰৰ আৰক্ষীৰ উপ-আৰক্ষী অধীক্ষক পদৰ পৰা অৱসৰ গ্ৰহণ কৰিছে৷ তিনিগৰাকী ভগ্নীৰ মাজত হিলাল আহমদ একমাত্ৰ ভাতৃ৷ জম্মু-কাশ্মীৰৰ এইগৰাকী ৫২ বছৰীয়া হিলাল আহমদকলৈ গৰ্বিত হিন্দু-মুছলমানসকলোৱে৷
বায়ুসেনা বিষয়া হিলাল আহমদ ৰাথেৰে নাগৰোটা বস্তিত সৈনিক স্কুলৰ পৰা স্কুলীয়া শিক্ষা গ্ৰহণ কৰে৷ তেওঁ ১৯৮৮ চনৰ ১৭ ডিচেম্বৰত এগৰাকী যুঁজাৰু বিমাৰ পাইলট হিচাপে যোগদান কৰে৷ তাৰ পিছত ১৯৯৩ চনত তেওঁ ফ্লাইট লেফটেনেণ্ট পদলৈ উন্নীত হয়৷ ২০০৪ চনত উইং কামাণ্ডাৰ হিচাপে দায়িত্ব পোৱা হিলাল আহমদ ২০১৬ত গ্ৰুপ কেপ্টেইন আৰু ২০১৯ত এয়াৰ কম’ড’ৰ হিচাপে পদোন্নতি লাভ কৰে৷
হিলাল আহমদ ডিফেন্স ছাৰ্ভিছেজ ষ্টাফ কলেজৰ পৰা স্নাতক শিক্ষা গ্ৰহণ কৰে৷ তেওঁ এয়াৰ ৱাৰ কলেজ আমেৰিকাৰ পৰাও বিশেষ কৃতিত্বৰে ডিগ্ৰী অৰ্জন কৰে আৰু এনডিএৰ পৰা ছোৱাৰ্ড অৱ অনাৰ (Sword Of Honour) সন্মান লাভ কৰে৷ এয়া আছিল নেচনেল ডিফেন্স একাডেমীত প্ৰশিক্ষণৰ কালছোৱাত প্ৰদান কৰা আটাইতকৈ উচ্চ সন্মান৷ দেশৰ প্ৰতি সেৱা আগবঢ়োৱাৰ অনবদ্য অৰিহণাৰ বাবে হিলাল আহমদক বায়ুসেনাৰ পদক আৰু বিশিষ্ট সেৱা পদক লাভ কৰে৷ বায়ু সেনাৰ যুঁজাৰু বিমান িমৰাজ-২০০০, মিগ-২১ আৰু কিৰণ বিমানত ৩,০০০ ঘণ্টাৰ দূৰ্ঘটনামুক্ত উৰণৰ অভিলেখৰ সৈতে হিলালৰ নাম এতিয়া ভাৰতৰ ৰাফেল বিমানৰ সৈতে চিৰদিনৰ বাবে যুক্ত হৈ পৰিল৷
উল্লেখ্য
যে ২০১৬ৰ ২৩ ছেপ্টেম্বৰত
ফ্ৰান্সিচী এৰ’স্পেচ কোম্পানী
দছাল্ট এভায়েশ্যনৰ পৰা ৩৬ ৰাফেল
বিমান ক্ৰয় কৰাৰ বাবে
৫৯,০০০ কোটি টকাৰ
চুক্তি কৰা হৈছিল৷
No comments