ছফনা নজৰুদ্দিন নাদিয়া বেগ জাকাতৰ ধনেৰে যদি মাদ্ৰাছা, মাদ্ৰাছাৰ আৱাসীৰ ভৰণ-পোষণ চলিব পাৰে তেন্তে, ইউপিএছচিৰ কোচিং চেম্টাৰ কিয় চলিব নোৱাৰিব৷...
জাকাতৰ ধনেৰে
যদি মাদ্ৰাছা, মাদ্ৰাছাৰ আৱাসীৰ ভৰণ-পোষণ চলিব পাৰে তেন্তে, ইউপিএছচিৰ কোচিং
চেম্টাৰ কিয় চলিব নোৱাৰিব৷ দিল্লীত চলি আছে দেখুন৷
ভাৰতীয় লোকসেৱা আয়োগৰ ২০১৯ৰ
অসামৰিক সেৱাৰ পৰীক্ষাত ৪৩জন মুছলমান ছাত্ৰ-ছাত্ৰীয়ে সফলতা অৰ্জন কৰে ৷ এই
পৰিসংখ্যা বিগত বৰ্ষত ২৮গৰাকী পৰীক্ষাৰ্থীতকৈ বেছি ৷ সদ্যঘোষিত পৰীক্ষাৰ ফলাফলত
কেৰালাৰ ছফনা নজৰুদ্দিন ৪৫তম স্থানেৰে শীৰ্ষ ১০০ৰ ভিতৰত একমাত্ৰ মুছলমান প্ৰাৰ্থী ৷
ইউপিএছচিৰ দ্বাৰা মঙলবাৰে ঘোষণা কৰা অসামৰিক সেৱাৰ পৰীক্ষাৰ ফলাফল অনুসৰি মুঠ
৮২৯গৰাকী উত্তীৰ্ণ হয়, য’ত মুছলমান পৰীক্ষাৰ্থীৰ হাৰ মাত্ৰ ৫ শতাংশ ৷ কিছুবছৰ ধৰি
অসামৰিক সেৱাৰ পৰীক্ষাত মুছলমান ছাত্ৰ-ছাত্ৰীৰ সফলতাৰ হাৰ তুলনামূলকভাৱে বৃদ্ধি হৈ
থাকিলেও সমগ্ৰ ভাৰতবৰ্ষত মুছলমানৰ ১৫ শতাংশ মুঠ জনসংখ্যাৰ তুলনাত কম ৷ বিগত বছৰত
মুছলমান প্ৰাৰ্থীৰ সংখ্যা আছিল ২৮জন ৷ ৭৫৯গৰাকী প্ৰাৰ্থীৰ ভিতৰত মাত্ৰ ৪ শতাংশ আছিল
৷ ২০১৬ বৰ্ষত ইতিহাসত প্ৰথমবাৰৰ বাবে ইউপিএছচিৰ জৰিয়তে ৫০গৰাকী মুছলমান প্ৰাৰ্থীয়ে
সফলতা অৰ্জন কৰিছিল ৷ শীৰ্ষ ১০০ত দহগৰাকীয়ে স্থানলাভ কৰিছিল ৷ ২০১৭তো ৫০গৰাকী
মুছলমান প্ৰাৰ্থীয়ে সফলতাৰে উত্তীৰ্ণ হৈছিল ৷ মুছলমান ছাত্ৰ-ছাত্ৰীক অসামৰিক
পৰীক্ষাৰ বাবে তৈয়াৰ কৰা জাকাত ফাউণ্ডেচনৰ জাফৰ মাহমুদে কয় – ২০১৬ৰ পিছত মুছলমান
প্ৰাৰ্থীৰ সফলতাৰ হাৰ প্ৰায় ৫ শতাংশ ৷ যি এক ডাঙৰ উপলব্ধি ৷ এই পৰিসংখ্যা
স্বাধীনতাৰ পিছত এতিয়ালৈ ২.৫ শতাংশহে আছিল ৷ চলিত বছৰত যি ৪২গৰাকী পৰীক্ষাৰ্থীয়ে
পাছ কৰিছে তেওঁলোকৰ ভিতৰত ২৭গৰাকীয়েই জাকাত ফাউণ্ডেচনৰ ৷ এইখিনিতে উল্লেখ কৰিব পাৰি
যে লোকপ্ৰশাসনৰ সেৱাৰ ক্ষেত্ৰত মুছলমানৰ প্ৰতিনিধিত্ব অধিক কৰাৰ বিষয়ে ২০০৬ চনত
তদানীন্তন প্ৰধানমন্ত্ৰীৰ সংখ্যালঘুৰ বাবে গঠিত উচ্চ ক্ষমতাসম্পন্ন সমিতিৰ
ৰাজিন্দ্ৰ চাচাৰে প্ৰতিবেদনত উল্লেখ কৰিছিল ৷ উক্ত প্ৰতিবেদনত চৰকাৰী চাকৰিৰ
ক্ষেত্ৰত মুছলমানৰ প্ৰতিনিধিত্ব কম থকাৰ বিষয়টো গুৰুত্বসহকাৰে উল্লেখ কৰিছিল ৷
প্ৰতিবেদন অনুসৰি সেই সময়ত মাত্ৰ ৩ শতাংশ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া (আই এ এছ),
ভাৰতীয় বিদেশ সেৱা (আই এফ এছ) ১.৮ শতাংশ আৰু ভাৰতীয় আৰক্ষী সেৱাত মাত্ৰ ৪ শতাংশ
মুছলমান বিষয়া আছিল ৷ অৱশ্যে মুছলমানসকল সেই সময়ত দেশৰ মুঠ জনসংখ্যাৰ ১৩.৪ শতাংশ
আছিল ৷ তেতিয়াৰ পৰা মুছলমানসকলৰ দৃষ্টিকোণত বৃহৎ পৰিৱৰ্তন আহে আৰু প্ৰত্যেক বছৰে
প্ৰতিনিধিত্বৰ সংখ্যা ৫ শতাংশলৈ বৃদ্ধি পাবলৈ ধৰে৷ ১৫ শতাংশ জনসংখ্যাৰ মুছলমানসকলে
তেওঁলোকৰ প্ৰতিনিধিত্ব বঢ়াবলৈ আৰু তিনিগুণে প্ৰয়াস কৰিব লাগিব ৷ এইবাৰ আটাইতকৈ ডাঙৰ
চিন্তনীয় বিষয়টো হ’ল মাত্ৰ এগৰাকী মুছলমান প্ৰাৰ্থীয়ে শীৰ্ষ ১০০ৰ ভিতৰত স্থানলাভ
কৰিছে ৷ ইয়াৰ অৰ্থ এইটো যে আমি আৰু বেছি প্ৰয়াস কৰি থাকিব লাগিব ৷ বিগত কিছু বছৰত
বহুকেইটা উন্নত মানৰ ক’চিং চেণ্টাৰে প্ৰশিক্ষণ দি আহিছে৷ সেইবিলাকৰ ভিতৰত জাকাত
ফাউণ্ডেচন, হামদৰ্দ ষ্টাডী চাৰ্কোল, আগাজ ফাউণ্ডেচন, লাৰ্ক্স হাউছ ইত্যাদি
লেখতল’বলগীয়া ৷
২০১৯ৰ ফলাফলত কৃতিত্বৰে সফলতা অৰ্জন কৰা সকলৰ ভিতৰত আছে ছফনা
নজৰুদ্দিন (৫০), শ্বেইখ মহম্মদ জেব জাকিৰ (১৫৩), ৰোমিজা ফাতিমা (১৮৫), নৌংজে মহম্মদ
আক্ৰাম শ্বাহ (১৮৮), সমীৰ আহমদ (১৯৩), ছুথন আব্দুল্লা, ছোফিয়া, আছৰাৰ আহমদ কিছলু,
নুৰুল কামাৰ, আজমল ছেহজাদ আলী, ফৰমান আহমদ খান, মহম্মদ ছফিক, ছোফিয়ান আহমদ,
আজহাৰউদ্দিন জহিৰদিন কাজী, আছিফ ইউছুফ তান্ত্ৰে, আহমদ বিলাল আনোৱাৰ, নাদিয়া বেগ,
আছিক আলী, মহম্মদ ইয়াকুব, শ্বাহুল হামিদ, ছাহিন ছি, ছাবিবৰ আলম, আফতাব ৰছুল, ছিয়াজ
কেম, আহমদ আছিক, মহম্মদ নদিমুদ্দিন, ছৈয়দ জাহিদ আলী, মহম্মদ দানিশ, মহম্মদ
কমৰুদ্দিন খান, মাজ আখতাৰ, মহম্মদ আকিল, ৰিহান ক্ষত্ৰী, সমীৰ ৰেজা, ফৈছল খান,
ছৈফুল্ল, ছবজাৰ আহমদ, মাজিদ ইকবাল খান, ফিৰোজ আলম, ৰুহনা তুফেইল খান, ৰৈয়ছ হুছেইন,
মহম্মদ নৱাজ ছৰফুদ্দিন, শ্বেইখ ছোৱেইব আৰু ছৈয়দ জোনেইদ আদিল ৷
ৰাষ্ট্ৰীয় শিক্ষা
নীতি-২০২০ৰ ৬.২.৪ত স্কুল আৰু উচ্চতৰ শিক্ষাত সংখ্যালঘুৰ প্ৰতিনিধিত্ব কম বুলি
গুৰুত্বসহকাৰে উল্লেখ কৰিছে৷ সংখ্যালঘু সমুদায়ৰ শিশুৰ শিক্ষাক উৎসাহিত কৰিবলৈ বিশেষ
হস্তক্ষেপৰ কথা স্বীকাৰ কৰিছে৷ইয়াৰ পূৰ্বে ৰাজিন্দৰ চাচ্চাৰ আয়োগৰ প্ৰতিবেদনতো এই
কথা কোৱা হৈছিল৷প্ৰতিবেদন বহুত হ’ল নহয় জানো৷ এতিয়া কামৰ সময়৷ কি ভাৱে আপোনালোকে?
অসমত সামান্য পৰিমাণে স্কুলীয়া শিক্ষাত জাগৰণ সৃষ্টি হ’লেও সেয়া যথেষ্ট নহয়৷ জাকাতৰ
টকাৰে যদি মাদ্ৰাছা চলিব পাৰে, তেন্তে জাকাতৰ টকাৰে অসমত আইএএছ তৈয়াৰ কৰা কোচিং
চেণ্টাৰো চলিব পাৰিব৷
দিল্লীত যিদৰে ইন্সষ্টিটিউট অৱ অৱজেক্টিব ষ্টাডিজৰ জাফৰ
মাহমুদ চাহাবে জাকাত ফাউণ্ডেচন খুলি দেশৰ আমোলা-বনোৱাত গুৰুত্বপুৰ্ণ ভুমিকা পালন
কৰি আহিছে, সেইদৰে অসমতো ব্যৱস্থা কৰিব লাগিব৷ আমি জনাত ERDF ৰ মহববুল হক চাহাবে
হক-২০ খুলিছে৷ তেৱঁৰ বিশ্ববিদ্যালয় USTM ত লোক প্ৰশাসনৰ স্নাতক পাঠ্যক্ৰম আৰম্ভ
কৰিছে৷ সেইবিলাকৰ প্ৰতি ল’ৰা ছোৱালীক উৎসাহিত কৰিব লাগে৷ আজমল ফাউণ্ডেচনেও
এইক্ষেত্ৰত কাম কৰিছে৷ অসম চৰকাৰেও APSC, UPSCৰ আদিৰ বাবে ছাত্ৰ-বৃত্তি ঘোষণা কৰাই
নহয় কাৰ্যত পৰিণত কৰিছে৷ কোনো দলেই নিবিচাৰে অসমৰ মুছলমানৰ উন্নতি হওঁক৷
বুদ্ধিজীৱীসকলেও নোৱাৰে৷ একমাত্ৰ নিৰপেক্ষ শিক্ষাবিদসকলেহে এই কাম কৰিব পাৰিব৷ তাৰ
কাৰণে এচাম শিক্ষিত যুৱক-যুৱতী ওলাই আহিব লাগিব৷ সপ্তাহত সাতটা প্ৰৱন্ধ লিখিব পৰাটো
আপোনাৰ প্ৰতিভা নহয়, ই নিচা, ইয়াৰ মান একেবাৰে উৎসাহজনক নহয়৷ সপ্তাহত এটা প্ৰৱন্ধ
লিখক, তাৰে প্ৰয়াস কৰক কেনেদৰে অসমৰ যুৱসমাজক আকৰ্ষণ কৰিব পাৰি৷ অসমৰ পৰা যিসকলে
ইউপিএছচিত সফলতা অৰ্জন কৰিছে আটাইলৈ মোৰ আন্তৰিক শুভেচ্ছা জনালো৷
ছফিউল ইছলাম
No comments