Page Nav

HIDE

Grid

GRID_STYLE

Pages

Classic Header

{fbt_classic_header}

Header Ad

Breaking News

latest

সাম্প্ৰদায়িক সৌহাৰ্দতাৰ এচেৰেঙা পোহৰঃ সমন্বয়ৰ ইতিবাচক চিন্তা

ছফিউল ইছলাম ছাৰ আপুনি বঙালী নে অসমীয়া মুছলিম ? মই এই প্ৰশ্নটোৰ ইমানেই মুখামুখি হৈছো যে কেতিয়াবা কেতিয়াবা বিব্ৰতবোধ কৰো৷২০০৫ ...



ছফিউল ইছলাম

ছাৰ
আপুনি বঙালী নে অসমীয়া মুছলিম? মই এই প্ৰশ্নটোৰ ইমানেই মুখামুখি হৈছো যে কেতিয়াবা কেতিয়াবা বিব্ৰতবোধ কৰো৷২০০৫ চনত স্নাতকৰ চূড়ান্ত পৰীক্ষাৰ ফলাফল নৌ ওলাওতেই এটা ছাত্ৰ(এছআইঅ’)সংগঠনৰ ৰাজ্যিক সাধাৰণ সম্পাদকৰ গুৰু দায়িত্ব বহন কৰিবলগীয়া হৈছিল৷ সেই দায়িত্ব গ্ৰহণ কৰি তেজপুৰৰ পৰা সুদূৰ হাউলীলৈ এখন সভাত আলহী হিচাপে যোগ দিবলৈ গৈ এই প্ৰশ্নৰ সন্মুখীন হৈ বিব্ৰত হৈ পৰিছিলো৷ হাউলী চণ্ডী বৰুৱা হলত মুখ্য অতিথিৰ ভাষণ দি নামি আহিবলৈ লওতে দুজনমান যুৱকে কৰমৰ্দন কৰি সুধিছিল-ছাৰ আপুনি বঙালী নে অসমীয়া মুছলমান? কেতিয়াও নভৱা-নিচিন্তা প্ৰশ্ন এটাৰ সন্মুখীন হৈ মই নিৰুত্তৰপ্ৰায় হৈছিলো৷ কিন্ত যুৱক দুজনলৈ আপাদমস্তক লক্ষ্য কৰি মই সুধিলো-ইয়াৰে তোমালোকৰ কোনটো লাগে ? যুৱক দুজনে সেমেনা-সেমেনি কৰি লে নহয় এনেয়ে সুধিলো৷ মই লো অসমীয়া৷লৰা-দুজন তাৰ পৰা হঠাত আঁতৰি গৈছিল৷যুৱক দুজন আঁতৰি লেও উক্ত প্ৰশ্নটোৱে মোক চিন্তিত কৰি তুলিব নোৱাৰিলে৷এনে প্ৰশ্নক মই প্ৰশ্ৰয় নিদিলো৷
গুৱাহাটী মহানগৰীৰ হাতীগাওঁ অঞ্চলৰ নটবমাস্থিত দিশপুৰ জাতীয় বিদ্যালয়ত মোৰ বিষয়ে সদায় চৰ্চা হৈছিল৷শিক্ষক এজনৰ প্ৰায়ে এই প্ৰসংগ উলিয়ায় আৰু পিছলৈ সকলোৱে মোক ব্যতিব্যস্ত কৰি তোলে মই কি?ছাত্ৰ-ছাত্ৰীৰ মাজতো এটা সময়ত মোৰ এই বিষয়টোৱে স্থান লাভ কৰে৷মই যিমানেই এই প্ৰসংগ এৰাই চলো সিমানেই মোৰ পিছ নেৰে৷মই কওঁ মই মুছলমান৷অসমীয়া৷নহয়, তেওলোকৰ লাগে মই কি মুছলমান বঙালী নে অসমীয়া৷
মানুহৰ মাজত সন্দেহ আৰু সংশয় ভাৱৰ যাতে সৃষ্টি নহয় তাক পাৰ্যমানে দমাই ৰাখিবৰ যিমান চেষ্টা কৰা যায় মানুহে সিমানেই ক্ষুদ্ৰ ক্ষুদ্ৰ কথাৰে একো একোটা সমস্যাৰ পাতনি মেলে৷
কিন্তু সময় আৰু বাস্তৱতাৰ ধামখুমীয়াত আজি মানুহ ইমানেই সংবেদনশীল হৈ পৰিছে যে আগতে কাহানিও নভৱা কথাবোৰ বেছি বেছিকৈ ভাৱিবলৈ লৈছে৷ ফলত মানুহৰ মনত সৃষ্টি হৈছে আস্থাহীনতা আৰু অবিশ্বাসৰ৷সংশয় আৰু সন্দেহৰ৷
এনে বিষয়বোৰে যেতিয়া মোৰ মনত ক্ৰিয়া কৰিবলৈ ধৰিলে তেতিয়া মোৰ মনলৈ বহু কথাই খেলি ল৷ সৌ সিদিনাৰ কথা৷আমাৰ ককাৰ ঘৰৰ দুৱাৰ-খিৰিকী কাঠমিশ্ৰী চিমুন মুণ্ডা নহলে নহয়৷মুছলমান যে নাছিল, তেনে নহয়৷মুণ্ডাইতো পানী, তামুল পান, ভাত, আম গছৰ আমৰলি পৰুৱাৰ লেঠাৰ পৰা আৰম্ভ কৰি চিকালৈ সকলো আমাৰ ঘৰৰ পৰাই খাইছিল৷কিন্তু কোনো দিনেই সোধা নাছিল লালেৰ বাপ মুছলমান নেকি? বা বঙালী মুছলিম নে অসমীয়া মুছলমান?খহুতীয়া কথাৰ মাজেৰে কাম কৰি গৈছিল মুণ্ডাই৷ মুণ্ডাৰ লগত আমি কথা পাতিছিলো পৰিয়ালৰ, জীৱন-জীৱিকাৰ, হাঁহিৰ৷ কোন আদিৱাসী কোন হিন্দু, কোন মুছলমান, কোন অসমীয়া কোন বঙালী(মিঞা)আদি পৰিচয় আমাৰ নাছিল৷আজি আমাৰ ইমান কিহৰ পৰিচয়?মোৰ ঘৰৰ পৰা কেই ফাৰ্লংমান দুৰৰ প্ৰফুল্ল বাৰ্লা, তেওঁৰ ৰা-ছোৱালী কিৰণ বাৰ্লা, পুষ্প বাৰ্লা আদি আমাৰ ঘৰতেই ডাঙৰ-দীঘল হোৱা৷ সিঁহতে কেতিয়াও মোক এনে বিব্ৰত কৰা প্ৰশ্ন সোধা নাছিল৷বৰবীন তপ্ন, মোৰ শ্ৰদ্ধাৰ ছাৰ প্ৰয়াত ইয়াকুব কান্দুলনা, ৰেজান বাৰ্লা, জুনাথন হৰ(মহাজন)এওলোক দিনটোৰ ২৪ ঘণ্টাই মুছলমানৰ লগত উঠা-বহা কৰিছিল৷বৰদিনত বিশেষ ভাৱে আমন্ত্ৰিত হৈছিলো৷বহুদিন পিছত যেতিয়া নিজৰ আপোন ঘৰলৈ যাও তেতিয়া ৰাস্তা-ঘাটত পালে ইলিয়াছ তপ্ন খুড়াই ভাল নে বুলি সা-খবৰ বলৈ নাপাহৰে৷
বৰঘাট বজাৰত বৃহৎ দোকানৰ মালিক স্বপন সিংহ ৰায় এসময়ত মোৰ ককাৰ ঘৰত দৈনিক হাজিৰা কাম কৰি জীৱন-যাপন কৰিছিল৷ সেই স্বপন খুড়া এতিয়া ব্যাপক সম্পত্তিৰ গৰাকী৷তেওলোকেও কোনো দিনে আমাক অসমীয়া নে বঙালী বুলি সোধা নাছিল৷দুটা ৰা ছোৱালী মুছলমান সমাজৰ মাজতেই ডাঙৰ-দীঘল ল৷ নাঙলৰ ফাল মেৰামতি কৰি দিয়া ৰমেশ আৰু অধিৰ দোকানীয়ে কেতিয়াও আমাক এনে প্ৰশ্ন কৰা নাছিল৷একেবাৰে সহজ সৰল মানুহবোৰে বাহিৰৰ জগতৰ আওভাও বুজা নাছিল৷ কৰ্মটোকে ধৰ্ম মানি সকলোৰে লগত সম্পৰ্ক ৰাখি গৈছিল৷গোৱাল ৰঞ্জিত সিংহ আৰু তেওঁৰ মাতৃয়ে ৰাস্তা ঘাটত দেখা পালে নাতি আহ আমাৰ ঘৰত সোমাই যা বুলি গগণ ভেদি যোৱাকৈ চিঞৰিছিল৷মুছলমান বুলি ইতিকিং কৰা নাছিল৷আনকি সোধা নাছিল মুছলমান নে বঙালী নে অসমীয়া মুছলমান?
গাৱলীয়া চিকিৎসক গোপাল সিংহ ৰায় নহলে বৃহত্তৰ এলেকাৰ বেমাৰীয়ে কষ্ট ভুগীবলগীয়া হৈছিল৷বৃহত্তৰ এলেকাত তেৱেই একমাত্ৰ চিকিৎসক আছিল৷আমাক নাতি বুলি সম্বোধন কৰা গোপাল সিংহ ৰায়ক আমি কেতিয়াও আপুনি বঙালী হিন্দু নেকি বুলি সোধাৰ কোনো সুযোগেই পোৱা নাছিলো৷ আজি মানুহৰ হাতত ইমান সুযোগ পলকতে আপুনি কি বুলি সুধি দিয়ে৷
খম্বু বসুমতাৰী, প্ৰদীপ বড়ো আদিয়ে পুৱা মুখত গুৱা ভৰাই আহি মুছলমানৰ খবৰ লয়হি৷মুছলমান যুৱকৰে মিলি নাটক কৰিব পৰা যায়, সাংস্কৃতিক কাৰ্যসুচী অনুষ্ঠিত কৰিব পাৰি তাৰেই চিন্তা-চৰ্চাত দিন কটাইছিল৷আজি মানুহৰ মাজত ইমান ভাগ৷ তেতিয়া এইবোৰে বন্ধু আৰু কেতিয়াবা পৰিয়ালৰ সদস্য হিচাপেহে স্বীকৃতি পাইছিল৷তৰালী বড়োৰ মাকৰ খবৰ বলৈ যাওতে নৰিয়া গাৰে গছৰ পৰা কেঁচা তামোল পাৰি আপ্যায়ন কৰা আমাৰ ভালদৰে মনত আছে৷ তেতিয়া আছিল বিশ্বাস৷মৰম আৰু ভালপোৱা৷ খম্বু বসুমতাৰীৰ ঘৰ মুছলমান ৰাৰ বাবে আছিল উন্মুক্ত৷ তাতে বহি ৰাজনীতি, সংগীত আদিৰ চৰ্চা হৈছিল৷
বুদ্ধেশ্বৰ মিলি(মিচিং)য়ে আলহীক ভগৱান জ্ঞান কৰিছিল৷ পেছাত তেওঁ বেজ আছিল৷ বেমাৰীৰ খবৰ বলৈ ঢপলীয়াই আহিছিল৷চাংঘৰৰ পৰা গুৱা আগবঢ়াই দিছিল৷শেৱালী দলেৰ সৈতে একেলগে পঢ়া-শুনা কৰিছিলো৷মাকে মোক বহুত ভাল পাইছিল৷সন্দিয়া লেই তাইৰ ঘৰলৈকে দৌৰিছিলো৷
৮০ শতাংশ মুছলমান অধ্যুষিত এলেকাত মুছলমানসকলে প্ৰতিষ্ঠা কৰা এল পি, এমই, হাই স্কুলত মুছলমান শিক্ষাৰ্থীৰ হাৰ আছিল শতাংশ৷ ১৯৭২ চনত মুছলমান এলেকাত স্কুল স্থাপন কৰিছে কোনে পঢ়িব বুলি তেতিয়াৰ বিদ্যালয় সমুহৰ পৰিদৰ্শকে পৰিদৰ্শন কৰি মন্তব্য কৰিছিল৷উক্ত বিদ্যালয়ত কৃতিত্বৰে শিক্ষা দান কৰি মুছলমান সমাজত জনপ্ৰিয়তা অৰ্জন কৰা মোৰ শ্ৰদ্ধাৰ গুৰু অলক কুমাৰ সোম,ইয়াকুব কান্দুলনা, বাইদেউ কুঞ্জ ভূঞা, নিৰলা নেওঁগ, ইন্দ্ৰ শৰ্মা, গংগাধৰ আচাৰ্য আদি উল্লেখযোগ্য৷তেওঁলোকৰ মনত নাছিল কোন মুছলমান, কোন হিন্দু৷ সকলোকে মানুহ বুলি ধৰি লৈ নিজ হাতেৰে গঢ়াৰ বাবে হয়তু আজি দুই এটা আখৰ লিখিব পৰা হৈছো৷অলক ছাৰৰ সুবাদতে আমি কিছুদিন নাট্য জগতত ভৰি দিয়াৰ সুযোগকণ পাইছিলো৷টংকেশ্বৰ নাথ ছাৰেও নাট প্ৰযোজনা কৰিছিল মুছলমানৰ দ্বাৰা৷নাটকেই হওক, সাংস্কৃতিক অনুষ্ঠানেই হওক মুছলমান উদ্যোক্তা নহলে হোৱা নাছিল৷মুছলমান যুৱক আৰু হিন্দু বা আন ধৰ্মীয় ছোৱালীয়ে নায়ক-নায়িকাৰ অভাৱ পূৰণ কৰিছিল৷
চুনু ফুকন, নৃপেন মহন্ত আদি লোকসকলৰ লগত মুছলমান সমাজৰ সঘন আহ-যাহ আছিল৷বিয়া-সবাহ, সকাম আদি সকলোতে মিলিজুলি আগভাগ লৈছিল৷খলিহামাৰী গাঁৱখনৰ এটা মুৰত এছএছবি(সশস্ত্ৰ সীমা বল) শিবিৰ আছিল৷তাত বিষয়া পৰ্যায়ৰ বহুলোকৰ সৈতে দেউতাৰ ভাল সম্পৰ্ক আছিল ৷সোণেশ্বৰ ফুকনক আমি মামা বুলি মাতিছিলো৷আমাৰ ঘৰৰ পৰিয়ালৰ লগত তেওঁৰ আছিল আত্মীয় সম্পৰ্ক৷পূজা-পাতল, ৰঙালী বিহু, মাঘ বিহু আদিত সমানেই আমাক নিমন্ত্ৰণ কৰিছিল৷খুৱাই-বুৱাই পেকেটত ভৰাই বিহুৰ লাড়ু-পিঠা দিছিল ঘৰত খাবলৈ৷পুৱা আহি সোণেশ্বৰ মামাই মোক লৈ গৈছিল৷মচুৰ দাইল বামি মাছ আৰু বাঁহৰ গাজৰ আঞ্জা আজিও জিভাত লকলকাই আছে৷তেঁওৰ দুজন ৰা-ছোৱালী৷মাজনী আৰু অনুপম৷দুয়োকে দেউতাই ঘৰুৱা শিক্ষকতা কৰিছিল৷ঈদত মতাৰ লগে লগে আহি হাজিৰ হয়৷ছেৱাই খাবলৈ ভাল পোৱা অপুৰ্ব শইকীয়াই গৰম ছেৱাই মুখত ভৰাই যি অথন্তৰ লগাইছিল, আজিও মনত আছে৷
আন এগৰাকী যুৱত ডেকা৷ ডেকা মামাই বিহুত পিঠা-পনা খাবলৈ মাতিছিল৷কাপোৰ-কানি আদি কৰি বহুত বস্তুৰে আমাক সহায় কৰিছিল৷তেওৰ তিনিজন ৰা-ছোৱালী৷ মণিষা ডেকা, মৃণাল ডেকা আৰু ৰণদ্বীপ ডেকা৷ তেওলোকে আমাক নিজৰ ভাইটিৰ দৰে জ্ঞান কৰিছিল৷তিনিওকে দেউতাই পঢ়াইছিল৷ মৃণাল ডেকা এতিয়া অপৰাধ অনুসন্ধান শাখাৰ উচ্চ পৰ্যায়ৰ বিষয়া৷ লগ পালেই সা-খবৰ, শিক্ষা-দীক্ষাৰ খবৰ লৈছিল৷
মণেশ্বৰ দাস মামাৰ লগত আমাৰ সাংঘাতিক সম্পৰ্ক আছিল৷ লগ পালেই বিশ টকা, পঞ্চাচ টকা পকেটত গুজি দিছিল৷মুৰত হাত ফুৰাই আশীৰ্বাদ কৰিছিল৷
প্ৰভাৰাণী ধৰে আমাক নাতি বুলিহে সম্বোধন কৰে৷নাম নোসোধালৈ বই নোৱাৰিব যে কাৰ কি ধৰ্ম৷সকলোৱে মিলি সাহিত্য চৰ্চা কৰিছিলো৷আটাইবোৰ ৰা-ছোৱালীয়ে হিন্দু হওক মুছলমান হওক ইজনে সিজনক আকুণ্ঠ ভাল পাইছিল৷
মানশিৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক মনমোহন চুব্বা ছাৰ৷তেখেতে মোৰ দেউতাক লগ পালেই মোৰ কথা সোধেৰাজন ঠিকে-ঠাকে আছেনে, কি কৰি আছে,ইত্যাদি৷কিমান লিখিম বহুত আছে৷কিন্তু তা কোনেওতো মোক কাহিনিও মই অসমীয়া নে বঙালী, নে মুছলমান সোধা নাছিল৷
মুম্বাই মহানগৰৰ ব্যস্ততম পথত যেতিয়া বাট হেৰুৱাই দিশহাৰা হৈছিলো তেতিয়া এজন যুৱকক মই মোৰ ঠিকনা কোৱাত যুৱকজনে মোক অটৰিক্সাত উঠাই মোৰ লক্ষ্য স্থানত নমাই থৈ গৈছিল৷মই যুৱকজনৰ নাম সোধাত পকেটৰ পৰা কাৰ্ড উলিয়াই মোৰ হাতত গুজি দিছিল৷পঢ়ি চালো হিন্দু যুৱক৷তেতিয়ালৈ যুৱকজন তাৰ পৰা আঁতৰি গৈছিল৷ ধন্যবাদ দিয়াৰ সুযোগকণ নিদিলে৷
এবাৰ দিল্লী মহানগৰীৰ ওখলাত নিশা ১২ বজালৈ পথ বিচাৰি নাপাই দিশহাৰা হৈছিলো৷ বাইলত চাৰ্জ নাছিল৷এজন ভদ্ৰলোকে তেওঁৰ ফোনেৰে যোগাযোগ কৰি মোৰ ঠিকনা উলিয়াই দিছিল৷ মোৰ সোধা নহ তেওঁৰ নাম আৰু ধৰ্ম৷তেৱো মোক একো নোসুধিলে৷
দিশপুৰ মহাবিদ্যালয়ত অসম লোক সেৱা আয়োগৰ পৰীক্ষাৰ নিৰীক্ষক হিচাপে কৰ্ম সম্পাদন কৰাৰ পিছত হঠাত এজন যুৱক আহি মোৰ ভৰি চুই সেৱা কৰিলে৷তৰ্কিবই নোৱাৰিলো কি কৰিলে? পিছলৈ গম পালো সেৱা কৰিলে৷পৰীক্ষাৰ্থীজন কোন আছিল হিন্দু নে মুছলমান, যদি মুছলমান বঙালী নে অসমীয়া৷সোধাৰ প্ৰয়োজনীয়তা বোধ নকৰিলো৷কাৰণ বিভেদে সমাজত সংঘাত আৰু সন্দেহৰ সুষ্টি কৰে৷পিছলৈ এই ফিৰঙতিয়ে খাণ্ডৱ দাহৰ সৃষ্টি কৰে৷বৰ্তমানৰ পৰিৱেশ আৰু পৰিস্থিতিয়ে হয়তো কিছুমান মানুহক বিভ্ৰা্ন্ত কৰিছে৷ সমাজখন সুন্দৰ হওক, শান্তিপ্ৰিয় হওক তাৰ বাবেই হয়তো মহাকবি কবিৰে লিখিছিল
জাতি মত পুছো ছাধু কি
পুছি লিজিয়ে জ্ঞান
মৌল কৰো তলৱাৰ কা 
পৰা ৰহনে দৌ ম্যান৷


No comments