মে’ মাহৰ উৎকট গৰমত মহিলাগৰাকী খোজ কাঢ়ি গৈ আছিল৷ মহিলাগৰাকীৰ কোলাত আছিল এটা দুবছৰীয়া নিষ্পাপ কণমাণি, যি ভোক-পিয়াহত আতুৰ হৈ পৰিছিল আৰু গৰমত ক...
মে’ মাহৰ উৎকট গৰমত মহিলাগৰাকী খোজ কাঢ়ি গৈ আছিল৷ মহিলাগৰাকীৰ কোলাত আছিল এটা দুবছৰীয়া নিষ্পাপ কণমাণি, যি ভোক-পিয়াহত আতুৰ হৈ পৰিছিল আৰু গৰমত কান্দি আছিল৷ আজি শনিবাৰ আৰু শনি দেৱতাৰ মন্দিৰত গৈ অভিষেক কৰা জৰুৰী আছিল৷ আৰু সেয়ে মহিলাগৰাকী ঘৰৰ পৰা সোনকালে ওলাই গৈছিল৷ ৰাস্তাত মালিকৰ ঘৰৰ পৰা অলপ টকা-পইচা ল’বলগীয়াও আছিল৷
মালিকগৰাকী হৃদয়ৰ ফালৰ পৰা ভালেই আছিল, কিন্তু দেৱ-দেৱী আৰু ধৰ্মৰ নামত বহুত
উদাসীন আছিল৷ কেতিয়াবা কেতিয়াবা কৈছিল, ‘পূজা-পাতল অভিষেক ইত্যাদি সকলো মিছা৷ এই বিলাকৰ
পৰা একো নহয়৷ এইবোৰ সকলো অদৰকাৰী কথা৷ এইবোৰ কথাৰ দ্বাৰা আজিলৈ কাৰো ভাল হোৱা নাই আৰু
ভৱিষ্যতলৈ নহয়৷’ মালিকে সদায় কৈছিল, ‘এইবোৰ কথাত টকা-পইচা ব্যয় কৰাতকৈ ভাল হ’ব সেই
টকা জমা কৰা আৰু নিজৰ সন্তানক ডাঙৰ কৰি খুব লিখা-পঢ়া কৰোৱা৷’ কিন্তু মহিলাগৰাকীৰ মগজুত
কেৱল মন্দিৰৰ পূজাৰীৰ কথাবোৰহে প্ৰতিধ্বনিত হৈছিল—
‘‘তোৰ স্বামী বহুত দান-ধৰ্ম কৰা লোক আছিল৷ এদিনাখন এনেকৈয়ে এটা শনিবাৰে মন্দিৰলৈ
আহি আছিল আৰু আকস্মিক এক দূৰ্ঘটনাত তেওঁৰ মৃত্যু হৈছিল৷ যদি নিজৰ সন্তানক বচাব বিচাৰ
তেন্তে শনি দেৱতাৰ শান্তিৰ বাবে পূজা-পাতল কৰাটো জৰুৰী৷ এনে কৰিলেহে পৰিয়ালৰ ওপৰত অহা
বিপদ-আপদ আৰু সংকট দূৰ হ’ব৷’’
স্বামী মৰি গ’ল৷ এতিয়া যদি শিশুটোও গুছি যায়, তেন্তে মহিলাগৰাকী জীয়াই থাকি
কি কৰিব? আৰু সেয়ে মহিলাগৰাকীয়ে এই শনিবাৰে মন্দিৰত পূজা-পাতল কৰাৰ বাবে সাজু হৈছিল৷
মালিকৰ পৰা টকা ল’ব গৈছিল, কিন্তু মালিকে টকা দিবলৈ অস্বীকাৰ কৰিলে৷ পিছত মালিকনীৰ
কথাতহে মহিলাগৰাকীক ৫০০ টকা দিছিল৷ ২৫০ টকা পূজাৰীক দিবলৈ পৃথকে থ’লে৷ বাকী ২৫০ টকাৰে
গাখীৰ আৰু পূজাৰ সামগ্ৰী ক্ৰয় কৰিলে৷ শাৰীৰ ভাঁজত লুকুৱাই থোৱা গাখীৰৰ পেকেটটো দেখা
পাই ভোকাতুৰ কণমাণিটোৱে গাখীৰ খাবলৈ উদগ্ৰীৱ হৈ পৰিছিল৷ মহিলাগৰাকীয়ে বাৰে বাৰে মানা
কৰি আছিল৷
মহিলাগৰাকীয়ে কণমাণিটোক ক’লে ‘গাখীৰ শনি দেৱতাৰ বাবেহে, এদিন তই গাখীৰ নাখালে
মৰি নাযাৱ৷ বিপদ-আপদ দূৰ কৰিবলৈ পূজা-পাতল আৰু অভিষেক কৰাটো জৰুৰী৷ আৰু এইবোৰ সকলো
তোৰ কাৰণেই কৰি আছো৷’
ইফালে সূৰ্যদেৱতা আহি মুৰৰ ওপৰ পালেহি৷ ৰ’দে খাওঁ খাওঁ মূৰ্তি ধাৰণ কৰিছিল৷
ভাগৰত ক্লান্ত হৈ মন্দিৰত মহিলাগৰাকী উপস্থিত হ’লগৈ৷ কণমাণিটোক গছ এজোপাৰ ছাঁত নমাই
থৈ কুঁৱাৰ ফালে দৌৰি গ’ল৷ পানী তুলি হাত ভৰি ধূলে৷ শিশুটোকো ধুৱালে৷ গাটো শাঁত পৰিল৷
ক্ষন্তেক জিৰণি লোৱাৰ পিছত পূজাৰীক মাত দিলে৷ মন্দিৰৰ দুৱাৰ বন্ধ আছিল৷ পূজাৰীয়ে
ভাত খাই আছিল৷ কোনোবা ধনী ঘৰৰ পৰা খাদ্য আহিছিল৷ তাত মিঠাইও আছিল৷ পূজাৰীয়ে মহিলাগৰাকীক
ক’লে ‘দুপৰীয়া হৈ গ’ল৷ ঈশ্বৰৰ আৰাম কৰাৰ সময় হৈছে৷ পিছত আহিবি৷’
মহিলাগৰাকীয়ে ক’লে ‘মই উপবাসে আছো৷ পুৱাৰ পৰা মই আৰু মোৰ কণমাণিটোৱে একো খোৱা
নাই৷ পূজা-পাতল, অভিষেক সোনকালে হ’লে আমি কিবা এটা খাব পাৰিলোহেঁতেন৷’
পূজাৰীয়ে খঙতে ক’লে, ‘মই তোৰ কাৰণে দেৱতাৰ আৰাম ভংগ কৰিম নেকি? যা আৰাম কৰগৈ৷
আধা ঘণ্টা পিছত আহিবি৷’
পূজাৰী আহাৰ গ্ৰহণ কৰাৰ পিছত শুই পৰিল৷ প্ৰায় দুঘণ্টা পিছত সাৰ পালে৷ মহিলাগৰাকী
দৌৰি পূজাৰীৰ ওচৰলৈ গ’ল৷ পূজাৰীক পূজা-পাতলৰ সামগ্ৰী আৰু গাখীৰৰ মোনা আগবঢ়াই দিলে৷
পূজাৰীয়ে মোনা নোখোলাকৈয়ে নিজৰ লগত ৰাখি থ’লে৷ পূজা কৰি আধা নাৰিকল আৰু প্ৰসাদ মহিলাগৰাকীক
দিলে৷ প্ৰসাদ লৈ মহিলাগৰাকীয়ে আনন্দ মনেৰে সেই গছজোপাৰ ওচৰলৈ আহিল য’ত কণমাণিটোক শুৱাই
থৈ গৈছিল৷ মহিলাগৰাকীৰ মনত পাৰ ভঙা উছাহ৷ অত্যন্ত সুখী হৈছিল কাৰণ মহিলাগৰাকীয়ে এতিয়া
শিশুটোক কিবা খুৱাব আৰু নিজেও কিবা খাব৷
মহিলাগৰাকীয়ে শিশুটোক জগাবলৈ প্ৰয়াস কৰিলে, শিশুটো নাজাগিল৷ মহিলাগৰাকীয়ে শিশুটোক
জগাবলৈ আপ্ৰাণ চেষ্টা কৰিলে, কিন্ত নোৱৰিলে৷ শিশুটো তেতিয়ালৈ গুছি গৈছিল অজানমূলকলৈ৷
মহিলাগৰাকীয়ে বুকু থপৰিয়াই-থপৰিয়াই কান্দিবলৈ ধৰিলে৷ প্ৰসাদো পেলাই দিলে৷ মহিলাগৰাকীৰ
বুকুভগা ক্ৰন্দন শুনি পূজাৰীও তালৈ উধাতু খাই লৱৰি আহিল আৰু ক’লে ভগৱানৰ মন্দিৰত চিঞৰ-বাখৰ
নকৰে, ভগৱান ৰুষ্ট হ’ব৷’
(বিঃদ্ৰুঃ এই গল্পটো মাৰাঠী ভাষাৰ পৰা হিন্দী ৰূপান্তৰ কৰিছে ফিৰোজ খানে আৰু
অসমীয়া ভাষান্তৰ ছফিউল ইছলামৰ৷ শ্ৰদ্ধাৰ পাঠকসকল এই গল্পটো পঢ়ি মোৰ মনত এটা প্ৰশ্নৰ
উদ্ৰেক ঘটিছে৷ আপোনালোকে কওঁকচোন এই কণমাণিটোৰ মৃত্যুৰ বাবে কোন দায়ী? মা, পূজাৰী নে
অন্ধবিশ্বাস?)
No comments