Page Nav

HIDE

Grid

GRID_STYLE

Pages

Classic Header

{fbt_classic_header}

Header Ad

Breaking News

latest

অচলো চুক্তি আছিল ইজৰাইল-পেলেষ্টাইন সংঘাতৰ চূড়ান্ত সমাধানৰ এক সুযোগ

  ছফিউল ইছলাম জেৰুজালেম। হাজাৰ হাজাৰ বছৰৰ প্ৰাচীন এখন নগৰ। এই নগৰখনক কেন্দ্ৰ কৰি দীৰ্ঘদিন ধৰি চলি আছে পেলেষ্টাইন - ইজৰাই...

 



ছফিউল ইছলাম

জেৰুজালেম। হাজাৰ হাজাৰ বছৰৰ প্ৰাচীন এখন নগৰ। এই নগৰখনক কেন্দ্ৰ কৰি দীৰ্ঘদিন ধৰি চলি আছে পেলেষ্টাইন-ইজৰাইলৰ সংঘাত। এই সংঘাত, দ্বন্দ্ব নিৰসনত জেৰুজালেম গুৰুত্বপূৰ্ণ হোৱাৰ লগতে জটিল বিষয় হিচাপে থিয় দিছে। পেলেষ্টাইনৰ জাতীয়তাবাদ আৰু ইজৰাইলী জাতীয়তাবাদৰ কেন্দ্ৰস্থল হৈছে এই জেৰুজালেম। ইয়াৰ উপৰি ইব্ৰাহিমী ধৰ্ম হিচাপে বিবেচিত ইহুদি, খ্ৰীষ্টান আৰু মুছলমানএই তিনিওটা ধৰ্মৰ অনুগামীসকলৰ ওচৰত এই ঠাই টুকুৰা অত্যন্ত গুৰুত্বপূৰ্ণ স্থান হিচাপে বিবেচিত। ইছলামৰ অন্তিমগৰাকী পয়গম্বৰ, সৰ্বশেষ নবী হজৰত মহম্মদ (ছঃ) লগতো এই জেৰুজালেম নগৰ ওতঃপ্ৰোতভাৱে জড়িত। অন্তিম নবীগৰাকীয়ে এই নগৰৰ পৰাই নিশা তেওঁৰ মিৰাজ ভ্ৰমণ আৰম্ভ কৰিছিল। আৰু সৰ্বময় কৰ্তা মহান আল্লাহৰ সৈতে সাক্ষাৎ কৰিছিল। এই ধৰণৰ গুৰুত্বপূৰ্ণ ঘটনাৰ সৈতে সংশ্লিষ্ট থকাৰ সুবাদতেই জেৰুজালেম আছিল মুছলমানসকলৰ প্ৰথম কিৱলা। মুছলমানসকলে সেইফালে মুখ কৰি নামাজ আদায় কৰিছিল। হজৰত মহম্মদ (ছাঃ) প্ৰথমে জেৰুজালেমক হজ আদায়ৰ স্থান হিচাপে নিৰ্ধাৰণ কৰিছিল। পিছলৈ অৱশ্যে মক্কা নগৰী মুছলমানসকলৰ কিবলা আৰু হজৰ স্থান হিচাপে নিৰ্ধাৰিত হয়, যি কিয়ামত অৰ্থাৎ মহাপ্ৰলয় বা মহাবিচাৰৰ দিনলৈ অটুট থাকিব। ইছলামী ঐতিহ্য অনুসৰি মক্কা আৰু মদিনা নগৰীৰ পিছত মুছলমানসকলৰ তৃতীয় পৱিত্ৰ ধৰ্মীয় মৰ্যাদাৰ স্থান হৈছে এই জেৰুজালেম। ইয়াতেই মহানবীৰ নিৰ্দেশত নিৰ্মিত হৈছিল আল-আকচা মছজিদ। 

খ্ৰীষ্টানসকলৰ লগতো জেৰুজালেমৰ সৈতে জড়িত হৈ আছে ঈছা (আঃ) বা যীশুখ্ৰীষ্টৰ জীৱন কাহিনী। সেয়ে জেৰুজালেমো তেওঁলোকৰ ওচৰত এক গুৰুত্বপূৰ্ণ স্থান। তাৰোপৰিৱৰ্ল্ড টেষ্টা মেণ্টতো উল্লেখ আছে এই নগৰীৰ বিশেষ মৰ্যাদাপূৰ্ণ স্থানৰ কথা। এই নগৰীতে অতিবাহিত হৈছে যীশুখ্ৰীষ্টৰ শৈশৱ। গছপেলৰ মতে, তেওঁ জেৰুজালেমত বিশেষকৈটেম্পল কোৰ্টত ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰ কৰিছিল। প্ৰতিটো গছপেলৰ শেষত বৰ্ণনা কৰা আছে জেৰুজালেমৰ উচ্চ কক্ষত যীশুৰ শৱদেহ, তেওঁৰ গ্ৰেপ্তাৰ, বিচাৰ, ক্ৰছবিদ্ধ হোৱা আৰু অন্যান্য বিষয়ৰ কথা

হিব্ৰু বাইবেলৰ মতে, ইহুদীসকলৰফাষ্ট টেম্পল ঠাই টুকুৰা হৈছে আজিৰ টেম্পল মাউণ্ট। এই টেম্পল মাউণ্ট নিৰ্মাণ কৰিছিল ৰজা ছলোমনে। ইয়াৰ নিৰ্মাণ কাৰ্য শেষ হয় ৯৫০ চনত। মাউণ্ট মৰিয়াৰ পৰাই ইব্ৰাহীম (আঃ)য়ে তেওঁৰ পুত্ৰক উৎসৰ্গা কৰিছিল আৰু সৃষ্টিকৰ্তাৰ সৈতে কথা পাতিছিল। ইহুদীসকলৰ মতে, ৫৮০ বছৰ বেবিলনবাসীসকলে এই নগৰ অৰ্থাৎ জেৰুজালেম দখল কৰে আৰু টেম্পল ধবংস কৰাৰ লগতে ইহুদীসকলক নিৰ্বাসন দিয়ে। তেতিয়া টেম্পলত ইহুদীসকলে প্ৰাৰ্থনা কৰিছিল। ইহুদীসকলে ভাবিছিল বেবিলনসকলে এই টেম্পল দখল কৰাৰ পিছত ইহুদী ধৰ্মৰ সাৰমৰ্ম তৈয়াৰ কৰে। তেওঁলোকৰ মতেৱৰ্ল্ড টেষ্টামেণ্টখ্ৰীষ্টান আৰু ইছলাম উভয় ধৰ্মৰ ভিত্তি ৰচনা কৰে। এনে বহু কাৰণত ইহুদীসকলে ভাবে জেৰুজালেম হৈছে তেওঁলোকৰ পৱিত্ৰতম স্থান। এওঁলোকে ভাৱে দশম খ্ৰীষ্টপূৰ্বৰ পৰা এয়া তেওঁলোকৰ পিতৃভূমি আৰু আধ্যাত্মিক পূণ্যভূমি। ইহুদী আইনত জেৰুজালেমক বিশেষ মৰ্যাদা দিয়া হয়। জেৰুজালেমৰ বাহিৰত ইহুদীসকলে জেৰুজালেমৰ পিনে মুখ কৰি প্ৰাৰ্থনা সম্পন্ন কৰে। এনেদৰেই জেৰুজালেম নগৰখনে ইহুদী খ্ৰীষ্টান আৰু মুছলমানসকলৰ বাবে বিশেষ মৰ্যাদাৰ স্থান অধিকাৰ কৰি আছে। জেৰুজালেম এই তিনিওটা ধৰ্মৰ মানুহৰ বাবেই অন্যতম পবিত্ৰ স্থান। এই তিনিটা ধৰ্মৰ অনুসাৰীসকলে বিশেষভাৱে জেৰুজালেমৰ টেম্পল মাউণ্ট পৰম্পৰাগতভাৱে ব্যৱহাৰ কৰি আহিছে। এই টেম্পল মাউণ্ট মুছলমানসকলৰ মাজত হেৰেম আল ছৰীফ নামেৰে পৰিচিত, যাৰ অৰ্থ পবিত্ৰ স্থান। আৰবীত এয়া আল-হেৰেম আল শ্বৰীফ, আল-হেৰেম আল-কুদছ আল শ্বৰীফ নামেৰে পৰিচিত। পুৰণি জেৰুজালেম নগৰীৰ এটা পাহাৰ। বিশ্বৰ আটাইততৈ গুৰুত্বপূৰ্ণ ধৰ্মীয় স্থান। হাজাৰ হাজাৰ বছৰ ধৰি ইহুদী, খ্ৰীষ্টান আৰু মুছলমানসকলৰ পবিত্ৰ ধৰ্মীয় স্থান হিচাপে বিবেচিত হৈ আহিছে। বৰ্তমান এই স্থানত প্ৰধানকৈ তিনিটা কীৰ্তিস্তম্ভ আছেআল-আক্ছা মছজিদ, কুববাত-আৰ-ছামৰা (ডোম অৱ ৰক) আৰু কুববাত আল চিলচিলাহ (ডোম অৱ চেইন) ইয়াৰ লগতে আছে চাৰিখন মিনাৰ। এইবোৰ উমাইয়া শাসনামলত 661-750 খ্ৰীষ্টাব্দত নিৰ্মিত

আল-আক্ছা প্ৰথমে এটা সৰু মছজিদ আছিল, যিটো নিৰ্মাণ কৰিছিল খোলাফায়ে ৰাছিদিন দ্বিতীয় খলিফা হজৰত ওমৰে (ৰাঃ) পিছলৈ উমাইয়া খলিফা আৱদ  আল মালিকে ইয়াক সম্প্ৰসাৰণৰ লগতে পুনঃনিৰ্মাণৰ কাম আৰম্ভ কৰে। এই কাম ৭৫০ চনত তেওঁৰ পুত্ৰ আল-ৱালিদে সম্পন্ন কৰে। ৭৪০ চনত এক ভয়ংকৰ ভূমিকম্পত এই মছজিদটো সম্পূৰ্ণৰূপে ধবংসস্তূপত পৰিণত হয়। ইয়াক পুনৰ নিৰ্মাণ কৰে আববাছীয় খলিফা আল-মনছুৰে। তেওঁৰ উত্তৰাধিকাৰী আল-মেহদীয়ে ৭৮০ চনত ইয়াক পুনৰ নিৰ্মাণ কৰিছিল, যদিও ১০৩৩ চনত আন এক ভূমিকম্পত আল-আকছাৰ ব্যাপক ক্ষয়-ক্ষতি হৈছিল। ইয়াৰ দুবছৰ পিছত ফাতেমীয় খলিফা আলী আজ-জাকিৰে নিৰ্মাণ কৰে এটা মছজিদ, যিটো আজি পৰ্যন্ত বৰ্তি আছে। ডোম অৱ ৰক হৈছে পুৰণি জেৰুজালেমৰ এটি মাজাৰ। ডোম অৱ ৰকৰ ঠিক পূবত আছে ডোম অৱ চেইন। ক্ৰুছেজাৰসকলে ১০৯৯ চনত জেৰুজালেম দখল কৰে। তেতিয়া সিহঁতে আল-আকছাক এটা প্ৰসাদ হিচাপে ব্যৱহাৰ কৰিবলৈ লয় আৰু ডোম অৱ ৰকক এখন গিৰ্জা হিচাপে ব্যৱহাৰ কৰে। মহা পৰাক্ৰমী গাজী ছালাহউদ্দিনে ১১৮৭ চনত জেৰুজালেম দখল কৰাৰ পিছত আল-আক্ছাক পুনৰ নতুন কৰি মছজিদ হিচাপে ব্যৱহাৰ কৰে। পৰৱৰ্তী শতাব্দীত মুছলমান শাসকসকলে ইয়াৰ বিভিন্ন সংস্কাৰ সাধন কৰিছে। বৰ্তমান জেৰুজালেম ইজৰাইলৰ দখলত। কিন্তু মছজিদটো জৰ্দান আৰু পেলেষ্টাইন ৱাকফ প্ৰশাসনৰ অধীনত ৰৈ

জেৰুজালেমক ইহুদী আৰু মুছলমান উভয়ে পবিত্ৰ স্থান হিচাপে দাবী কৰাৰ পৰিপ্ৰেক্ষিতত বিশ্বৰ আটাইতকৈ চৰ্চিত আৰু বিতৰ্কিত ধৰ্মীয় স্থানলৈ পৰিণত হয়। ক্ৰুছেডাৰৰ পিছৰ পৰাই মুছলমানসকলে কোনো বাধা অবিহনে এই স্থানটো ব্যৱহাৰ কৰি আহিছে। এই স্থানটো জেৰুজালেম চহৰৰ অংশ আৰু ১৯৬৭ চনৰ পৰা এই ঠাই টুকুৰা ইজৰাইল আৰু পেলেষ্টাইল উভয়েই এই বিবদমান স্থানৰ ওচৰত নিজৰ নিজৰ সাৰ্বভৌমত্ব দাবী কৰি আছে। এই ঘটনাটোৱে আৰৱ-ইজৰাইল দ্বন্দ্বত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। শেহতীয়াকৈ ইজৰাইলে আল-আক্ছা মছজিদত নামাজ পঢ়াৰ ওপৰত এক বিতৰ্কিত নিষেধাজ্ঞা আৰোপ কৰিছে। 

১৯৮৭ চনত পাৰ্টিচন প্লানৰ জৰিয়তে এই নগৰ সম্পৰ্কত এক আন্তৰ্জাতিক সমাধান সূত্ৰৰ পোষকতা কৰিছিল। উক্ত সমাধান সূত্ৰত কোৱা হৈছিল যে এই নগৰত আন্তৰ্জাতিক প্ৰশাসন থাকিব। কাৰো নহয়, পেলেষ্টাইনৰো নহয়, ইজৰাইলৰো নহয়। সেয়ে সৌ সিদিনালৈকে মাৰ্কিন যুক্তৰাষ্ট্ৰই জেৰুজালেম বা ইয়াৰ কোনো অংশত ইজৰাইলৰ সাৰ্বভৌমত্বৰ স্বীকৃতি দিয়া নাছিল। ইয়াৰ উপৰি এইক্ষেত্ৰত এটা আন্তৰ্জাতিক ঐক্যমত আছিল- দ্বি ৰাষ্ট্ৰ তত্ত্ব। এখন ইজৰাইল আৰু আনটো হৈছে পেলেষ্টাইন। ৰাষ্ট্ৰ দুখনে পৰস্পৰক পৰস্পৰে স্বীকাৰ কৰি লোৱাৰো প্ৰস্তাৱ আছিল। ইপিনে জেৰুজালেমক দুটা ভাগত বিভক্ত কৰা পূব জেৰুজালেম আৰু পশ্চিম জেৰুজালেম। পূব জেৰুজালেম পেলেষ্টাইনৰ ৰাজধানী। এইটোৱে আছিল উভয় পক্ষৰ সৰ্বসন্মত সৰ্বশেষ চূড়ান্ত সমাধান। 

এই দ্বি-জাতি তত্ত্বই ইজৰাইল-পেলেষ্টাইন সংঘাতৰ চূড়ান্ত সমাধানৰ এটা সুযোগ দিছিল ১৯৯৩ চনৰ অচলো চুক্তিৰ মাধ্যমত। এই চুক্তিৰ আৰম্ভণিৰ পৰা শেহলৈ মাৰ্কিন যুক্তৰাষ্ট্ৰ জড়িত আছিল। এই চুক্তি সম্পাদিত হৈছিল ইজৰাইল আৰু পি এল ’ (পেলেষ্টাইন লিবাৰেচন অৰ্গেনাইজেচন) মাজত। এই চুক্তিৰ মাজেদি উভয় পক্ষই পৰস্পৰক আনুষ্ঠানিকভাৱে স্বীকৃতি দিয়াৰ বিষয়টো মানি লয় আৰু প্ৰতিশ্ৰুতিবদ্ধ হয় যে তেওঁলোকৰ মাজত দশক দশক ধৰি চলা ভূখণ্ডত দ্বন্দ্বৰ অৱসান ঘটাব। এই চুক্তিৰ অৰ্থ আছিল ইজৰাইলৰ লগতে পেলেষ্টাইনৰ ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰা। দ্বি-জাতি তত্বতো এই দাবী আছিল যে ইজৰাইল পেলেষ্টাইনৰ জাতীয় সাৰ্বভৌমত্বৰ দাবীৰ প্ৰতি যাৱতীয় নেতিবাচক ধাৰণা পৰিহাৰ কৰিব। 

অচলো চুক্তি এটা শান্তি চুক্তিয়েই নাছিল, ইয়াৰ মাধ্যমত এখন অন্তৱৰ্তী প্ৰশাসন ব্যৱস্থাও প্ৰতিষ্ঠা হৈছিল। এই চুক্তি অনুযায়ী দুখন ৰাষ্ট্ৰৰ প্ৰতিষ্ঠাৰ কাম ১৯৯৯ চনত শেষ হোৱাৰ কথা আছিল। অচলো চুক্তি অনুসৰী পেলেষ্টাইন কৰ্তৃপক্ষ গঠন কৰি পেলেষ্টাইনৰ প্ৰধান প্ৰধান চহৰ, পশ্চিম তীৰ আৰু গাজা উপত্যকা ইজৰাইলী সেনাৰ পৰা মুক্ত কৰি এইবোৰৰ নিয়ন্ত্ৰণভাৰ পেলেষ্টাইনী কৰ্তৃপক্ষৰ হাতত তুলি দিয়া হয়। এই কৰ্তৃপক্ষ আছিল এটা অন্তৱৰ্তীকালীন কমিটী, যাৰ দায়িত্ব আছিল উক্ত অঞ্চলসমূহৰ প্ৰশাসন আৰু নিৰাপত্তাৰ বিষয়সমূহ চোৱা-চিতা কৰা। আশা কৰা হৈছিল যে এই পথেৰেই স্বাধীন পেলেষ্টাইনৰ সপোন পূৰ যাৰ ৰাজধানী জেৰুজালেম। কিন্তু ইজৰাইলৰ নেতিবাচক আচৰণ আৰু নিৰপেক্ষ মধ্যস্থতাকাৰী হিচাপে মাৰ্কিন যুক্তৰাষ্ট্ৰৰ আন্তৰিকতাৰে ভূমিকা পালনত ব্যৰ্থতাই অচলো চুক্তিৰ কোনো সুফল আজিলৈ উপভোগ কৰিব নোৱাৰিলে। অচলো চুক্তি ৰূপায়ণৰ ক্ষেত্ৰ মাৰ্কিন যুক্তৰাষ্ট্ৰই সদায় ঋণাত্মক ভূমিকা পালন কৰিছে। অচলো চুক্তিৰ দ্বাৰা প্ৰতিশ্ৰুত স্বাধীন পেলেষ্টাইন ৰাজ্য আজিও প্ৰতিষ্ঠা নোহোৱা, জেৰুজালেমৰ একাংশ ইজৰাইলৰ ৰাজধানী আৰু  একাংশ পেলেষ্টাইনৰ ৰাজধানীৰ মৰ্যাদা নোপোৱাৰ আঁৰত বৃহৎ কাৰণ। আমেৰিকাৰ ৰাষ্ট্ৰপতি নাল্ড ট্ৰাম্পে এইবোৰ আওকাণ কৰি মাৰ্কিন প্ৰশাসনত ক্ৰমান্বয়ে ইজৰাইলী লবীক শক্তিশালী কৰি তুলিছে। ইয়াৰ সাম্প্ৰতিক পদক্ষেপ হৈছে সমগ্ৰ বিশ্বৰ ঐক্যমতক অৱমাননা কৰি জেৰুজালেমক ইজৰাইলৰ ৰাজধানী হিচাপে আনুষ্ঠানিকভাৱে স্বীকৃতি জনোৱা। সমসাময়িকভাৱে তেল আবিবৰ পৰা মাৰ্কিন দূতাবাস জেৰুজালেমলৈ স্থানান্তৰিত কৰা। ট্ৰাম্পৰ এই ঘোষণাই সমগ্ৰ বিশ্বত ব্যাপক ক্ষোভৰ উদ্গীৰণ ঘটাইছে

এইখিনিতে উল্লেখ কৰিব পাৰি যে ট্ৰাম্পৰ এই ঘোষণাত আশ্বৰ্য প্ৰকাশ কৰিবলগীয়া একো নাই। কাৰণ ট্ৰাম্পে তেওঁৰ নিৰ্বাচনৰ পূৰ্বে প্ৰকাশ্যভাৱে ইহুদিবাদীৰ লগত মিলাপ্ৰীতি অক্ষুণ্ণ ৰাখিছিল। মাৰ্কিন ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ পিছত ইহুদীবাদী লবী দ্য আমেৰিকান ইজৰাইল পাব্লিক এফেয়াৰ্চ কমিটীত বক্তব্য প্ৰদান কৰে। নিৰ্বাচনী প্ৰচাৰ অভিযানৰ অংশ উক্ত বক্তব্যৰ লক্ষ্য আছিল ইহুদীসকলৰ সমৰ্থন আদায় কৰা। ট্ৰাম্পে তাত প্ৰতিশ্ৰুতি দিছিল যে তেওঁ তেল আবিবৰ পৰা মাৰ্কিন দূতাবাস জেৰুজালেমলৈ হস্তান্তৰ কৰিব। এই কথাও উল্লেখ কৰিছিল যে পেলেষ্টাইনীসকলে মনত ৰখা ভাল যে মাৰ্কিন যুক্তৰাষ্ট্ৰ আৰু ইজৰাইল পৰম বান্ধৱ। ট্ৰাম্পে কেৰাবাৰো ঘোষণা কৰিছে যেটু ষ্টেট থিঅৰী ইজ অভাৰ, টু নেচন থিঅৰী ইজ ডেড।’ 

ইজৰাইলৰ সকলো অপকমৰ্ক প্ৰকাৰন্তৰে সমৰ্থন জনাই আহিছে আমেৰিকাই। ইজৰাইলৰ নীতিত এই কথা স্পষ্টকৈ উল্লেখ কৰা আছে যে পেলেষ্টাইনী ভূখণ্ডত ইহুদী বসতি স্থাপন আন্তৰ্জাতিক আইন মতে অবৈধ। কিন্তু মাৰ্কিন যুক্তৰাষ্ট্ৰৰ সকলো চৰকাৰে চাৰি দশক ধৰিশান্তি স্থাপন নামত ইহুদী বসতি স্থাপনৰ ক্ষেত্ৰত সহযোগিতা কৰি আহিছে। ইজৰাইলক দি আহিছে বৃহৎ পৰিমাণৰ আৰ্থিক সাহাৰ্য। ট্ৰাম্পে তেওঁৰ এই ঘোষণাৰ দ্বাৰা আমেৰিকাক সমগ্ৰ বিশ্বৰ পৰা বিচ্ছিন্ন কৰি পেলাইছে। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সদস্য ৰাষ্ট্ৰ সমূহে তেওঁৰ এই ঘোষণাক কঠোৰ সমালোচনা কৰিছে। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ জৰুৰী সভা আহবান কৰিছে যদিও আনুষ্ঠানিকতা বাকী আছে। কাৰণ মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ভেটো দিয়াৰ ক্ষমতা আছে।  ট্ৰাম্পৰ এই ঘোষণাৰ ফলত বিশ্বৰ মুছলমানসকলে বিক্ষোভ প্ৰদৰ্শনেৰে প্ৰতিক্ৰিয়া জনাইছে। ইছলামী সহযোগিতা সংস্থা চমুকৈ আই চিৰ এক গুৰুত্বপূৰ্ণ সভাত জেৰুজালেমক পেলেষ্টাইনৰ ৰাজধানী হিচাপে ঘোষণা কৰে। আই চিৰ বৈঠকত ট্ৰাম্পৰ উক্ত ঘোষণাই মধ্যপ্ৰাচ্যৰ শান্তি প্ৰতিক্ৰিয়াক বাধাগ্ৰস্ত কৰিব বুলি উদ্বেগ প্ৰকাশ কৰা হয়। এই ঘোষণাৰ পিছত আমেৰিকাৰ মুছলিম, আন্তঃধৰ্মীয় সম্প্ৰদায় আৰু মানৱাধিকাৰ দল-সংগঠনসমূহে হোৱাইট হাউছৰ সন্মুখত সংবাদমেলৰ দ্বাৰা প্ৰতিবাদ সাব্যস্ত কৰে। সমগ্ৰ বিশ্ব আজি ট্ৰাম্পৰ বিৰুদ্ধে। ট্ৰাম্পে বুজা উচিত জেৰুজালেম ইজৰাইলৰ নহয়, ইজৰাইলে দখল কৰা ভূখণ্ডতহে। সেয়ে বিশ্ব জনমতক সন্মান জনাই ট্ৰাম্পে তেওঁৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰা উচিত। ট্ৰাম্প আজি বহুতৰ মনত মাৰ্চেণ্ট অৱ ডেথহিচাপে খ্যাত আৰু আমেৰিকা যুদ্ধ অৰ্থনীতিৰ দেশ। প্ৰকৃত যুদ্ধৰ দ্বাৰা যুদ্ধ অৰ্থনীতিৰে আজি আমেৰিকা বিশ্ব শান্তিৰ বাবে ভয়ংকৰ। 

ফোন ৯৪০১২৪৮৫১০

 

No comments